বৃন্দাবনৰ প্ৰেম (৩) – প্ৰেম সকলোতকৈ ওপৰত (প্ৰতিম প্ৰতাপ বৰুৱা)

বৃন্দাবনৰ প্ৰেম (৩) – প্ৰেম সকলোতকৈ ওপৰত (প্ৰতিম প্ৰতাপ বৰুৱা)

যোৱা চাৰিবছৰে প্ৰতিমাহে এবাৰ ব্ৰজধামলৈ গৈ থাকি আৰু বৄন্দাৱনৰ সন্তসকলৰ বাণী শুনি শুনি কিছুমান কথা জানিছো | টুকুৰা টুকুৰি, সানমিহলি, সকলোৱে জনা কথা |

এটা কথা পৰিষ্কাৰ হৈ গৈছে যে প্ৰেম আৰু ভক্তি সকলোতকৈ ওপৰত | প্ৰেম আৰু ভক্তি জ্ঞানতকৈও ওপৰত | শ্ৰীহৰিক পাবলৈ জ্ঞানতকৈ প্ৰেম, ভক্তি আৰু সমৰ্পণৰ বেছি প্ৰয়োজন | গুৰু অবিহনে, গুৰুৰ আশীৰ্বাদ নহলেও ভগৱান প্ৰাপ্তি নহয় | এই ক্ষেত্ৰত আমাৰ সমান ভাগ্যৱান কোনো নাই | মহাপুৰুষ দুজনা আমাৰ গুৰু | দুয়োজনা গুৰুৱে সুৰত সুৰ মিলাই কৈছে – “কৃষ্ণ নামেই নাম” | গুৰুদুজনাৰ শ্ৰীমুখেদি ওলোৱা এই তিনিটা শব্দৰ পৰিধি ইমানেই বিশাল যে তাৰ মাজত শ্ৰীমদ্ভাগৱত, গীতা, বেদ, উপনিষদ, পুৰাণ, চাৰিওধাম, সকলো তীৰ্থস্থান আৰু সকলো পুণ্য এক হৈ গৈছে |

প্ৰেম আৰু ভক্তি সকলোতকৈ ওপৰত | বহুযুগ আগতেই শ্ৰীৰামচন্দই ভক্তৰ প্ৰেমৰ বন্ধন দেখুৱাই গৈছে | শবৰীয়ে শ্ৰীৰামক ফল খুৱাইছিল | শ্ৰীৰামক দিয়াৰ আগতে ফলটোত নিজে একামোৰ মাৰি খাই চাইছিল – মিঠা হয়নে নহয় | তৃপ্তিত, সুখত দুচকুত চকুপানী পাৰ ভাগি বৈ আহিছিল | প্ৰেমৰ বন্ধনত  বন্দী শবৰীয়ে শ্ৰীৰামে  আধাখোৱা ফল তৄপ্তিৰে খাইছিল | আৰু শ্ৰীকৃষ্ণই ? সুৰদাসে গাইছে – “দুৰ্য্যোধনৰ ৰাজমহলৰ সুখ ত্যাগ কৰি কৃষ্ণই বিদুৰৰ ঘৰত শাক-ভাত খাই, প্ৰেমৰ বন্ধনত বন্দী হৈ ভগৱান ভক্তৰ ৰথৰ সাৰথি হয় |”

নিজেই দেখিছো – বৃন্দাবনত বাঙ্কে বিহাৰী মন্দিৰত, ইস্কন মন্দিৰত ৰাধা-কৃষ্ণৰ সন্মুখত থিয় হৈ ভক্তই হুকহুককৈ কান্দি দিয়ে | ৰাধা-কৃষ্ণৰ ভজনৰ সুৰৰ তালে তালে জাক জাক মানুহে নাচে | এইদৰে নাচি থকা দেখিলে অনুভৱ কৰিব পাৰি – প্ৰেম সকলোতকৈ ওপৰত |

কৃষ্ণৰ দৰে কোনোবা আছেনে ? জগতৰ ঈশ্বৰ, অথচ ব্ৰজধামত গৰু চৰাই ফুৰে | পুতনা, অঘাসুৰ, কেশী আদি দানৱক মাৰিব পাৰে, কালী নাগৰ ফণাত উঠি নৄত্য কৰিব পাৰে, ইন্দ্ৰৰ মান ভংগ কৰি সাতদিন-সাতৰাতি গোবৰ্ধন পৰ্ব্বত নিজৰ আঙুলিত ধাৰণ কৰিব পাৰে, অথচ খেলত বৃন্দাবনৰ সাধাৰণ গোৱালবালকৰ হাতত হাৰি থাকে | প্ৰেমৰ বন্ধনত বন্দী হৈ গোপীৰ ঘৰৰ মাখন চুৰি কৰি খায়, ইমানেই দুষ্টামি কৰে যে মাতৃ যশোদাই ঘৰৰ খুঁটাত ৰচীৰে বান্ধি থব লগা হয় | এই কৃষ্ণৰে বাল্যকালচোৱাৰ ৰস পাণ কৰাবলৈ চেষ্টা কৰিছো |

শ্ৰীকৃষ্ণকথাৰ আগতে ভাগৱতত বৰ্ণিত ধ্ৰুৱ আৰু প্ৰহ্লাদৰ বিষয়ে কিছু কথা জনা উচিত |

মহাৰাজ মনুৰ পুত্ৰ উত্তানপাদৰ প্ৰথমা পত্নী সুনীতিৰ পুত্ৰ ধ্ৰুৱ | সুনীতি উত্তানপাদৰ প্ৰিয়তমা পত্নী নহয় | এবাৰ ছয়বছৰীয়া ধ্ৰুৱ পিতাকৰ কোলাত বহিবলৈ যাওঁতে উত্তানপাদৰ দ্বিতীয়া পত্নীয়ে ধ্ৰুৱক তুচ্ছ-তাছিল্য কৰি বাহিৰ কৰি দিলে | কান্দি কাতি ধ্ৰুৱ মাকৰ ওচৰ পালেহি আৰু মাকক ক’লে – এই জীৱনৰ কোনো অৰ্থ নাই | মই ভগৱানক সুধিম কিয় তোমাৰ আৰু মোৰ এই অৱস্থা | ঘৰৰ পৰা ওলাই আহিল ধ্ৰুৱ আৰু তপস্যাত বহিল | তপস্যাত বহাৰ আগতে দেৱৰ্ষি নাৰদে নিজে আহি ধ্ৰুৱক লগ কৰিলে আৰু “ঔম নমো ভগৱতে বাসুদেৱায় নম:” এই গুৰুমন্ত্ৰফাঁকি দিলে | এই মন্ত্ৰফাঁকিকে লৈ ছয় বছৰীয়া বালক ধ্ৰুৱই কঠোৰ তপস্যা কৰিলে | ধ্ৰুৱই ছয় মাহ তপস্যা কৰি নাৰায়ণক সন্তুষ্ট কৰিলে | নাৰায়ণ আহি বালক ধ্ৰুৱৰ সন্মুখত উপস্থিত হ’লহি, ধ্ৰুৱক পুত্ৰ  বুলি সম্বোধন কৰিলে আৰু বৰ বিচাৰিবলৈ ক’লে | ধ্ৰুৱই চকু মেলি নাৰায়ণৰ ৰূপ দেখি একো কব নোৱাৰা হ’ল, মাত্ৰ নাৰায়ণক চায়েই থাকিল | অৱশেষত থোকাথোকি মাতেৰে কোনোমতে ক’লে – “হে প্ৰভু, তোমাক দেখাৰ আগলৈকে ভাবিছিলো যে তোমাৰ পৰা এখন সাম্ৰাজ্য বিচাৰিম, যিখন মোৰ পিতাৰ সাম্ৰাজ্যতকৈ বিশাল হ’ব, যাতে তাৰ পিছত কোনেও মোক আৰু মাতৃক তাচ্ছিল্য কৰিব নোৱাৰে | কিন্তু এতিয়া তোমাক দেখাৰ পিছত মোক একোৰে প্ৰয়োজন নোহোৱা হ’ল | যদি দিবই খুজিছা তেন্তে মোক তোমাৰ ভক্তি দিয়া |” নাৰায়ণক দেখাৰ পিছত নাৰায়ণৰে সৃষ্টি সাম্ৰাজ্যৰ প্ৰতি ধ্ৰুৱৰ কোনো আকৰ্ষণ নাথাকিল | ধ্ৰুৱই ভগৱানৰ পৰা ভগৱানকে বিচাৰিলে | বিনিময়ত নাৰায়ণৰ প্ৰিয়পাত্ৰ হৈ পৰা ধ্ৰুৱই কি পালে ? কেইবাহাজাৰ বছৰ পৃথিবীত ৰাজত্ব কৰাৰ পিছত মৃত্যুৰ শিৰত ভৰি থৈ দৈৱৰথত আৰোহন কৰি ধ্ৰুৱ বিষ্ণুলোকলৈ গতি কৰিলে | ধ্ৰুৱ গৈ পোৱাৰ পিছত বিষ্ণুলোকৰ নাম ধ্ৰুৱলোক হ’ল |

দানৱৰাজ হিৰণ্যকশিপুৰ পুত্ৰ ভক্ত প্ৰহ্লাদ | দেৱতাৰ বৰপ্ৰাপ্ত, অত্যাচাৰী হিৰণ্যকশিপুৱে কেৱল নাৰায়ণক ভক্তি কৰাৰ দোষতেই নিজ পুত্ৰ প্ৰহ্লাদক অত্যাচাৰ কৰিছিল, হত্যা পৰ্য্যন্ত কৰিব খুজিছিল | কিন্তু “ৰাখে হৰি মাৰে কোনে ?” পৰ্ব্বতৰ পৰা দলিয়াই দিছিল, নাৰায়ণে হাত পাতি ধৰিলে | জুই লগাই দিছিল – জুই লগোৱা কেইটা জ্বলি গ’ল, কিন্তু অগ্নিয়ে প্ৰহ্লাদৰ চুলি এডালো নুচুলে |

ভক্তক জুই লগোৱা ঘটনা এটা ত্ৰেতা যুগতো ঘটিছিল | ৰামভক্ত হনুমানে লংকাত সীতাক বিচাৰি যাওঁতে ৰাৱণৰ সেনাই বন্দী কৰি নেজত জুই লগাই দিছিল | কিন্তু হনুমানৰ দৰে ভক্তই সাধাৰণ জুই একুৰাৰ ভয়ত প্ৰভুৱে দিয়া কাম নকৰাকৈ থাকিবনে ? গোটেই শৰীৰ জ্বলি শেষ হৈ যাওঁক, কোনো কথা নাই, এনেয়েও প্ৰতিক্ষণে ক্ষয়প্ৰাপ্ত এই অস্থায়ী শৰীৰৰ কোনো মূল্য নাই | কিন্তু প্ৰভু ৰামচন্দ্ৰই দিয়া কাম সম্পূৰ্ণ কৰিবই লাগিব | গোটেই লংকা জ্বলাই চাৰখাৰ কৰাৰ পিছতহে হনুমানে নিজৰ নেজৰ জুই নুমুৱাবলৈ সময় পাইছিল |

প্ৰহ্লাদক হত্যা কৰিব নোৱাৰি হিৰণ্যকশিপুৱে প্ৰহ্লাদকে সুধিলে ক’ত তোৰ ভগৱান ? পিছৰখিনি সকলোৱে জনা কথা | ঘৰৰ খুঁটাৰপৰাই নৰসিংহ ৰূপত ভগৱান প্ৰকট হ’ল আৰু হিৰণ্যকশিপুক বধ কৰাৰ আগত যিকেইটা বৰৰ গৰ্বত হিৰণ্যকশিপুৱে নিজকে অমৰ বুলি, নিজকে ভগৱানৰ সমকক্ষ বুলি ভাবিছিল সেইকেইটা এটা এটাকৈ সোঁৱৰালে – “তোৰ মৃত্যু আকাশতো নহয়, পৃথিৱীতো নহয় | এয়া চাই ল, তই আকাশতো নাই, পৃথিৱীতো নাই | তই মোৰ উৰুৰ ওপৰত | তোৰ মৃত্যু কোনো দেৱ-দেৱী, মানুহ, গন্ধৰ্ব, জন্তুৰ হাতত নহয় | এয়া চা, মই মানুহো নহয়, জন্তুও নহয় | তোৰ মৃত্যু ঘৰৰ ভিতৰতো  নহয়, ঘৰৰ বাহিৰতো নহয় | এয়া চা, তই ঘৰৰ ভিতৰতো নাই, বাহিৰতো নাই, তই দুৱাৰদলিত | তই দিনতো নমৰ, ৰাতিও নমৰ | এয়া চা, এতিয়া দিনো নহয়, ৰাতিও নহয় | তোৰ মৃত্যু কোনো অস্ত্ৰৰ আঘাটত নহয় | এয়া চা, তোক মই নখেৰে ফালি হত্যা কৰিম |” হিৰণ্যকশিপু নিধন হ’ল |

হিৰণ্যকশিপুৰ ক্ষমতা, বীৰত্ব আৰু অধিকাৰৰ তুলনাত আজিৰ মানুহ একোৱই নহয় | কিন্তু আজিৰ মানুহৰ গৰ্ব, অহংকাৰ হিৰণ্যকশিপুতকৈ বেছিহে | বৈষয়িক লোভত আমি ভগৱানৰ পৰা আঁতৰি গৈছো | কলিযুগত মাত্ৰ ভগৱানৰ নাম ললেই মুক্তি পায় | অজামিল উপাখ্যানে আমাক তাকেই শিকাইছে | অথচ আমাৰ ভগৱানৰ নাম লবলৈকো সময় নাই | এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে আমাৰ নিজা একো নাই | অন্যটো বাদেই এই শৰীৰটোও আমাৰ নিজা নহয় | সকলো ইয়াতেই থাকি যাব, লগত মাত্ৰ যাব নিজ কৰ্ম্মৰ দ্বাৰা অৰ্জন কৰা পাপ বা পুণ্যখিনি |

এটা সুন্দৰ উপমা মনলৈ আহিছে। ধৰি লওক মই আপোনাৰ পৰা এদিন এশ টকা ধাৰলৈ ল’লো | পিছদিনা যেতিয়া আপুনি মোক এশ টকা ঘূৰাই বিচাৰিলে তেতিয়া মই যদি কওঁ – “মই যেতিয়া আপোনাৰ পৰা টকা ধাৰলৈ লৈছিলো তেতিয়া মই নীলা চোলা পিন্ধি আছিলো | আজি মই বগা চোলা পিন্ধি আছো, গতিকে আপোনাৰ ধাৰ শেষ।” কথাষাৰ আপুনি মানি লবনে ? কেতিয়াও নলয় | আপুনি ক’ব – “চোলাৰ ৰঙৰ লগত কি কথা আছে ? ধাৰ ললে ঘূৰাই দিবই লাগিব” | আমাৰ সকলোৰে লগত কথা সেই একেটাই | আমি ধাৰণ কৰি থকা শৰীৰটো এটা চোলাতকৈ বেছি একো নহয় | যেতিয়া সময় হব তেতিয়া আমাৰ আত্মাই এই শৰীৰৰূপী চোলাটো ত্যাগ কৰি অন্য এটা চোলা পৰিধান কৰিব | এই শৰীৰে কৰা ভাল-বেয়া সকলো কামৰ ফল আমি ভোগ কৰিবই লাগিব | লাগিলে এই শৰীৰতেই হওঁক বা ইয়াৰ পিছত আমি ধাৰণ কৰিবলগীয়া শৰীৰতে হওঁক | শৰীৰৰূপী চোলাৰ ৰংৰ লগত ভোগ কৰিবলগীয়া কৰ্ম্মফল কম বা বেছি নহয় |

(মানুহে যেনেকৈ জৰাজীৰ্ণ কাপোৰ ত্যাগ কৰি নতুন কাপোৰ লয়, আত্মায়ো সেইদৰে জৰাগ্ৰস্ত দেহ ত্যাগ কৰি নতুন দেহত আশ্ৰয় গ্ৰহণ কৰে | – শ্ৰীমদ্ভাগৱতগীতা ).. আগলৈ…..

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments