বৃন্দাবনৰ প্ৰেম (৫) – নন্দৰজাৰ আনন্দ ভৈল ( প্ৰতিম প্ৰতাপ বৰুৱা )

বৃন্দাবনৰ প্ৰেম (৫)

নন্দৰজাৰ আনন্দ ভৈল

প্ৰতিম প্ৰতাপ বৰুৱা

 

নন্দৰজাৰ সন্তানটি লৈ বসুদেৱ উভতি গ’ল কংসৰ কাৰাগাৰলৈ। নন্দই শ্ৰীহৰিক আনি শুৱাই দিলেহি অচেতন যশোদাৰ বুকুত।
পিছদিনা নন্দৰ ঘৰত উত্‍সৱ হ’ল। গোটেই গকুল আহি উবুৰি খাই পৰিলহি নন্দৰ ঘৰত। কেচুৱাটো কোলাত ল’বলৈ গকুলৰ নাৰীসকলৰ মাজত উথপথপ লাগিল। নন্দৰজাই সেইদিনা নিজৰ ভাণ্ডাৰ খুলি দিলে আৰু ক’লে – “যাক যি উপহাৰ লাগে লৈ যোৱা”। কিন্তু কোনেও একোতে হাত নিদিলে। সকলোকে মাত্ৰ কেচুৱাটো এবাৰ চাবলৈ লাগে। পাৰ্থিৱ সম্পদ তেতিয়ালৈকেহে ভাল লাগে যেতিয়ালৈকে কৃষ্ণৰ দৰ্শন নহয়। সুৰদাসে সুন্দৰকৈ গাইছে –
” নন্দৰজাৰ আনন্দ ভৈল
কানহায়ালালৰ জয়।”
কিছুদিনৰ পিছত যশোদা আৰু ৰোহিনী দুয়োৰে পুত্ৰদ্বয়ৰ নামাকৰণ অনুষ্ঠান হ’ল। ঋষি গৰ্গই দুয়োৰে নামাকৰণ কৰিলে – ৰোহিনীপুত্ৰই নাম পালে বলৰাম আৰু যশোদাৰ শ্যামবৰণীয়া পুত্ৰই নাম পালে কৃষ্ণ। যশোদাই মৰমতে মাতে কাণ্হা আৰু নন্দই মাতে লাল্লা বুলি। জন্মৰ মাত্ৰ আঠ দিনৰ পিছতেই কৃষ্ণই দুষ্টক দমনৰ কাম আৰম্ভ কৰিলেই। কেনেকৈ ?
দৈৱকীৰ অষ্টম গৰ্ভত কণ্যা সন্তান জন্ম হোৱা দেখিও কংসৰ দয়া নহ’ল। সেই সন্তানক হত্যা কৰিবলৈ লওঁতে হাততে নাইকিয়া হৈ যোগমায়া ৰূপে কংসক সোৱঁৰাই থৈ গ’ল – “তোমাক নিধন কৰিবলৈ তেওঁ ইতিমধ্যে জন্ম গ্ৰহণ কৰিছে”। উন্মাদ হৈ কংসই কঠোৰ আদেশ জাৰী কৰিলে – যোৱা কিছুদিনত জন্ম গ্ৰহণ কৰা সকলো সন্তানক হত্যা কৰা। কংসৰ ইচ্ছা পুৰণ কৰিবলৈ ওলালহি এগৰাকী নাৰী – কংসৰ পাতিলোৱা ভগ্নী পুতনা। এই পুতনা আগৰ জন্মত মহাৰাজ বলিৰ পুত্ৰী আছিল। যেতিয়া শ্ৰীহৰিয়ে বামন ৰূপ লৈ বলিৰ ওচৰলৈ আহিছিল, তেতিয়া এই পুত্ৰীয়ে বামনক চাই আছিল। বামনৰ ৰূপ দেখি বলিপুত্ৰীৰ অন্তৰত মাতৃপ্ৰেম জাগি উঠিল আৰু মনতে ভাবিলে – “এই সুন্দৰ বালকটিক এবাৰ কোলাত লব পৰা হলে”। শ্ৰীহৰিয়ে ক’লে – “তথাস্তু”। পিছত যেতিয়া বামনৰূপী নাৰায়নে বিৰাট ৰূপ লৈ বলিক ছলনা কৰিলে তেতিয়া বলিপুত্ৰীয়ে মনতে ভাবিলে – “এইবুলি জনা হ’লে এই বালকক বিহ খুৱাই মাৰিলোহেতেঁন”। শ্ৰীহৰিয়ে পুনৰ ক’লে – “তথাস্তু, চেষ্টা কৰি চাবা”। এই বলিপুত্ৰীয়েই পিছৰ জন্মত পুতনা হ’ল।
মহাৰাজ বলিৰ বিষয়ে দুষাৰ কথা কবই লাগিব। গুৰু শুক্ৰাচাৰ্য্যৰ চৰম বিৰোধিতা স্বত্বেও বলিয়ে বামনক তিনিপদ ভূমি দিবলৈ মান্তি হ’ল। দানতকৈ দানী মহান। দুপদ খোজেৰে স্বৰ্গ আৰু মৰ্ত্ত্য আগুৰি যেতিয়া বামনে তৃতীয়পদ থবলৈ ঠাই বিচাৰিলে, মহাৰাজ বলিয়ে নিজৰ মূৰটো আগবঢ়াই ক’লে – “হে প্ৰভু, দুটা খোজেৰে তুমি স্বৰ্গ আৰু মৰ্ত্ত্য উদ্ধাৰ কৰিছা। তৃতীয় খোজেৰে তুমি মোক উদ্ধাৰ কৰা।” এই দানৰ বিনিময়ত মহাৰাজ বলিৰ স্বৰ্গপ্ৰাপ্তি হ’ল। বহুতে নাজানে – দেৱৰাজ ইন্দ্ৰ কোনো এজন বিশেষ দেৱতা নহয়। ইন্দ্ৰ এটা পদৱীহে। যিয়ে দেৱতাৰ ৰজা হিচাপে স্বৰ্গৰ সিংহাসনত অধিস্থিত হয় তেৱেঁই দেৱৰাজ ইন্দ্ৰ নামেৰে জনাজাত হয়। বৰ্তমানৰ ইন্দ্ৰজনৰ কাৰ্য্যকাল শেষ হোৱাৰ পিছত মহাৰাজ বলি দেৱৰাজ ইন্দ্ৰ হিচাপে স্বৰ্গৰ সিংহাসনত অধিস্থিত হ’ব। এয়াই দানৰ মহিমা।
কংসৰ আদেশত পুতনাই এজনী সুন্দৰী গাভৰুৰ ৰূপ লৈ, নিজৰ স্তনত কালসৰ্পৰ বিষ সানি সাজু হ’ল – উদ্দেশ্য যোৱা কিছুদিনত জন্ম গ্ৰহণ কৰা সকলো কেচুৱাকে হত্যা কৰা। ইফালে যশোদাৰ কোলাত শুই শুই কৃষ্ণই ভাবিলে – “কথাটো গণ্ডগোল। পুতনাই এতিয়া মোৰ খেলৰ লগৰীয়াবোৰকে হত্যা কৰিব।” ফলত এনেকুৱা হ’ল যে পুতনা চিধাই আহি গকুল পালেহি। পিছৰখিনি সকলোৱে জনা কথা। পুতনা নিধন হ’ল।
কিছুদিনৰ পিছত কংসই পুনৰ এটা অসুৰ পঠিয়ালে। কৃষ্ণই মাতৃৰ কোলাত টোপনিৰ ভাও জুৰি আছিল। কৃষ্ণৰ টোপনি গ’ল বুলি যশোদাই কৃষ্ণক বিচনাত শুৱাই যেই আঁতৰি গ’ল অসুৰটোৱে আহি কৃষ্ণক উৰুৱাই লৈ গ’ল। হুৱাদুৱা লাগিল। ইফালে কৃষ্ণই ভাবিলে – “ভাল কথা। কংসমামাই এইটো বঢ়িয়া বস্তু পঠালে। মইতো এনেয়েও বেছিদিন গকুল নন্দগাঁওত নথাকো। সময় আহিলে মথুৰালৈ যাবই লাগিব। গতিকে ইয়াৰ পিঠিতে উঠি গকুল, নন্দগাঁও, বৃন্দাবনৰ আলি-পদুলি ভালকৈ চাই লোৱা যাওক। পিছত কামত আহিব।” অসুৰটোৱে যিমানেই কৃষ্ণক লৈ মথুৰাৰ ফালে যাব বিচাৰে সিমানেই কৃষ্ণই তাৰ ডিঙিত টেপি গকুলৰ ফালে লৈ যায়। যেতিয়া কৃষ্ণই দেখিলে যে – “গকুল-নন্দগাঁও-বৃন্দাবন ভালকৈয়ে ফুৰা হ’ল। গতিকে এতিয়া ইয়াৰ গতি লগাব লাগে। কিন্তু আকাশতে যদি কামটো কৰা হয় তেন্তে ইয়াৰ লগতে গৈ তলত পৰিবগৈ লাগিব। দুখ পাব পাৰো।” সেয়ে প্ৰথমতে কৃষ্ণই অসুৰটোক প্ৰথমতে ডিঙিত টেপি মাটিলৈ নমাই ললে আৰু তাৰ পিছত তাৰ গোবিন্দাই নম:।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments