বৃন্দাবনৰ প্ৰেম (৬) – ব্ৰহ্মাণ্ড দৰ্শন (প্রতিম প্রতাপ বৰুৱা)

বৃন্দাবনৰ প্ৰেম (৬) ব্ৰহ্মাণ্ড দৰ্শন

প্রতিম প্রতাপ বৰুৱা

গকুলত নন্দ-যশোদাৰ ঘৰত কৃষ্ণ লাহে লাহে আঢ়ৈবছৰীয়াটি হৈ উঠিল। মহা দুষ্ট। ইমানেই দুষ্ট যে মাতৃ যশোদাৰ কেতিয়াবা খঙত নিজৰে কান্দোঁ কান্দোঁ লাগে। কিন্তু লীলাধৰ কৃষ্ণৰ অসীম লীলা। এবাৰ দুষ্টামি ইমানেই বেছি হ’ল যে যশোদাই কৃষ্ণক উৰাল এটাত ৰছীৰে বান্ধি থলে। বান্ধিবলৈ লওঁতেও বহুত কষ্ট হ’ল, প্ৰতিবাৰে ৰছীডাল দুআঙুল চুটি হয়। জগতৰ ঈশ্বৰ কৃষ্ণই মাতৃৰ প্ৰেম বন্ধনত বন্দী হৈ উৰালতো বান্ধ খাইছিল।

কৃষ্ণক বান্ধি থৈ মাতৃ আঁতৰ হোৱাৰ লগে লগে কৃষ্ণই উৰালটো চোচৰাই টানি টানি বান্ধিথোৱা অৱস্থাতে ঘৰৰ বাহিৰ ওলাল। ঘৰৰ সন্মুখতে দুজোপা যমজ অৰ্জ্জুন গছ আছিল। কৃষ্ণই গছদুজোপাৰ মাজেৰে পাৰ হ’বলৈ ধৰোঁতে উৰালটো গছৰ ফাঁকত লাগি ধৰিলে। কৃষ্ণই জোৰেৰে টান মাৰি দিয়াত ভীষণ শব্দ কৰি দুইজোপা গছ উভালি পৰিল আৰু গছ দুজোপাৰ পৰা দুজন দেৱতা ওলাই আহি কৃষ্ণক প্ৰণাম কৰিলে।

এই দুয়োজন দেৱতা প্ৰকৃততে কুৱেৰৰ দুই পুত্ৰ মণিগ্ৰীৱ আৰু নলকুৱেৰ আছিল। ধনৰ গৰ্বত গৰ্বিত হৈ এবাৰ দুয়োজনে সোমৰসৰ ৰাগীত মতলীয়া হৈ দেৱৰ্ষি নাৰদক তুচ্ছজ্ঞান কৰি অপমান কৰিছিল। নাৰদে দুয়োকে অভিশাপ দিছিল – “পৃথিৱীত বৃক্ষৰূপ ধাৰণ কৰি থাকাগৈ। বৃক্ষ হ’লেহে তোমালোকৰ অহঙ্কাৰ আঁতৰিব। শতেক বছৰ বৃক্ষৰূপে থকাৰ পিছতপৰমেশ্বৰ কৃষ্ণই তোমালোকক এই অভিশাপৰ পৰা মুক্তি দিব।” মুক্ত হৈ দুয়োজন দেৱতাই কৃষ্ণক তুতি কৰিছিল আৰু কৃষ্ণই আশীৰ্বাদ দি দুয়োকে বিদায় দিছিল।

ইফালে গছদুজোপা উভালি পৰাৰ শব্দ শুনি নন্দ-যশোদা আৰু গকুলবাসী দৌৰি আহিছিল। কেনেকৈ কৃষ্ণ সেই ঠাই পাইছিলগৈ কোনেও বুজিব পৰা নাছিল। মাতৃয়ে কৃষ্ণৰ বান্ধোন খুলি কোলাত তুলি লৈছিল। এয়া কোনো ৰাক্ষসৰ কাম বুলি নন্দৰ মনত ভয় সোমাইছিল।

ইফালে গকুলত কংসৰ অত্যাচাৰ আৰু বাঢ়ি আহিছিল। অৱশেষত কৃষ্ণৰ তিনিবছৰ হওঁতে নন্দৰাজে সকলোকে লৈ গকুল ত্যাগ কৰিলে আৰু নন্দগাঁওত নতুনকৈ বসতি স্থাপন কৰিলে। নন্দগাঁৱত যশোদাৰ আঁচলৰ ধন লহপহকৈ বাঢ়িবলৈ ধৰিলে। কৃষ্ণই মাখন খাই খুব ভাল পায়। মাকক মাতে ‘মাইয়া’ বুলি। কৃষ্ণৰ মৰমত যশোদাই সকলো পাহৰে। কৃষ্ণই ভাবিলে – “আজলী মাতৃ মোৰ। মোক চিনিয়েই নাপায়। একোৱেই নাজানে। কোন সতেৰে এইজনী মাতৃক এৰি থৈ যাম। কিন্তু যাবতো লাগিবই। সেয়ে মই কোন তাৰ আভাস এটা এতিয়াই দি থোৱা ভাল।” কৃষ্ণই বাহিৰত গৈ মাটি খোৱাত লাগিল। সৰু সৰু আঙুলিকেইটাৰে মাটি অকণমান বুটলি লয় আৰু মুখত লৈ চুপি থাকে। কাণ্ডটো দেখি গোপী এজনীয়ে যশোদাক চিঞৰিলে – “যশোদা, ওলাই আহা। কানায়ে মাটি খাইছে।” যশোদা উধাতু খাই ওলাই আহি কৃষ্ণক সোধে –“কানাই, তই মাটি খাইছ ?” কৃষ্ণই কয় – “মই মাটি নাই খোৱা।”

–  মুখ খোল, এতিয়াই খোল।

– মই মটি নাইখোৱা। এয়া চোৱা।

কৃষ্ণই মুখ মেলি দিলে আৰু যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত বিশ্ব-ব্ৰহ্মাণ্ড দেখিলে। বেচেৰী ভয়তে অচেতন হ’ল। পিছত যেতিয়া চেতন আহিল দেখিলে যে কৃষ্ণই কোচত বহি মুখলৈ চাই আছে। চুমা এটা খাই যশোদাই কৃষ্ণক বুকুত সুমুৱাই ল’লে আৰু মৰমৰ ভৰত পাহৰিয়ে থাকিল অলপ আগতে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখি অচেতন হৈছিল।

 

লাহে লাহে কৃষ্ণ আৰু ডাঙৰ হ’ল আৰু নন্দগাঁৱত নিজৰ দল গঠন কৰিলে। বল, সুবল, দাম, সুদাম, শ্ৰীদাম, শ্যামসখা আদি অনেক লগৰীয়া। সকলোৱে মিলি গৰু চৰাবলৈ যায়। দলৰ নেতা কৃষ্ণ আৰু বলৰাম। বলৰামক কৃষ্ণই মাতে ‘দাউ’ বুলি।

 

শ্যামসখাৰ কথা বেলেগে ক’ব লাগিব। শ্যামসখা জন্মান্ধ আছিল। আগতে নাম বেলেগ আছিল। লগৰ ল’ৰাবোৰে কৃষ্ণৰ লগত খেলিবলৈ যায়, সখাই অকলে অকলে বহি থাকে। অন্ধ কাৰণে কোনেও লগ নিদিয়ে। কিন্তু হৃদয়ত কৃষ্ণৰ প্ৰতি অসীম প্ৰেম। ভগৱানে ভক্তক সদায় ওচৰ চপাই লয়। কৃষ্ণই অন্ধ লৰাটোক হাতত ধৰি লগৰীয়াবোৰৰ লগলৈ লৈ আহিল, সম্বোধন কৰিলে সখা বুলি। কৃষ্ণৰ সখা কাৰণে লগৰীয়াবোৰে মাতে শ্যামসখা বুলি। কেৱল ইমানেই নহয়, এবাৰ সখাই মন মাৰি বহি থকা দেখি কৃষ্ণই সুধিলে – “কি হ’ল সখা ? কিয় এনেকৈ আছা ?” শ্যামসখাই উত্তৰ দিলে – “কৃষ্ণ, মই যে অন্ধ সেয়াই মোৰ দুখ।” কৃষ্ণই ক’লে – “পৃথিৱীৰ সকলো মানুহেই অলপ অলপ অন্ধ। যিটো চাব লাগে সেয়া নাচায়, যিটো চাব নালাগে সেয়া চায়। বাৰু কোৱাচোন, তুমি কি চাব বিচাৰা ?” সখাই একে উশাহে ক’লে – “তোমাক, মাত্ৰ তোমাক।”  কৃষ্ণই ক’লে – “বাৰু কোৱাচোন মই দেখিবলৈ কেনেকুৱা ?” উত্তৰত সখাই হৃদয়ৰ চকুৰে অনুভৱ কৰি কৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিলে – “সূৰ্য্যৰ দৰে উজ্জল মুখ, চকুৰ ৰং অমাৱস্যাৰ দৰে আন্ধাৰ, মূৰত ময়ুৰ পাখিৰ মুকুট, পীতাম্বৰ পিন্ধি আছা, বাঁহীটো ককালত বান্ধি থোৱা আছে, সোঁ ভৰিৰ তলুৱাত মৃগ নয়ন। কিন্তু কৃষ্ণ, তোমাৰ সোঁহাতৰ আঙুলিত সেইটো ঘূৰি থকা চক্ৰ কিয় আছে ?” কৃষ্ণই উত্তৰ দিলে – “এই বিষয়ে পিছত কেতিয়াবা ক’ম।” অন্ধ শ্যামসখাৰ প্ৰেমৰ বন্ধনত বন্দী হৈ কৃষ্ণই সেই তেতিয়াই নিজৰ ঐশ্বৰিক ৰূপ সখাক দেখুৱালে।

 

লগৰীয়াৰ লগত গৰু চৰাই থাকোতে কৃষ্ণই বাঁহী বজায়। বাঁহী নহয় যেন সৰগৰ অমিয়া সুৰ। বাঁহীৰ মাত শুনি ব্ৰজৰ গোপীসকলে নিজকে পাহৰে। গোপীসকলে কৃষ্ণক মাতি লৈ যায়। কয় – “কানহা, আমাক বাঁহী বজাই শুনোৱা। তোমাক মাখন খাবলৈ দিম।” প্ৰেমৰ বন্ধনত বন্দী ঈশ্বৰে সাধাৰণ এজনী গোপীকো বাঁহী বজাই শুনায়।

 

(আগলৈ)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক