বৃন্দাবনৰ প্ৰেম (৭) – মাখনচোৰ (-প্রতিম প্রতাপ বৰুৱা)

নন্দ-যশোদা প্ৰকৃততে কোন আছিল ?”

ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কৈছিল – “পূৰ্ব জন্মত নন্দ ৰজাদ্ৰোণ নামে এজন বসু আছিল | যশোদা তেতিয়া ধাৰা নামে দ্ৰোণৰ ভাৰ্য্যা আছিল | তেওঁলোক দুয়োকো গকুলত জন্মগ্ৰহণ কৰিবলৈ ব্ৰহ্মাদেৱে নিৰ্দেশ দিছিল | ব্ৰহ্মাৰ বৰত দ্ৰোণ আৰু ধাৰা পৰম বিষ্ণুভক্ত হৈছিল আৰু দুয়ো বিষ্ণুকপুত্ৰৰূপে পাবলৈ আৰাধনা কৰিছিল | এই জন্মত দ্ৰোণ-ধাৰা নন্দ-যশোদা হৈ জন্মলাভ কৰিছে | ব্ৰহ্মাৰ অনুৰোধ ক্ৰমে কৃষ্ণই এই জন্মত নন্দ-যশোদাৰ পালিতপুত্ৰ হৈছে | এই জন্মতো নন্দ-যশোদাৰূপী দ্ৰোণ-ধাৰা পৰম বিষ্ণুভক্ত হৈছে | সেইবাবেই পৰম দয়ালু কৃষ্ণই যশোদাক দুবাৰ বিশ্বৰূপ দৰ্শন কৰাইছিল |”

পুনৰ কৃষ্ণকথালৈ ঘূৰি আহিছো |

 

ব্ৰজবাসীয়ে মথুৰাৰ ৰজা কংসক কৰ হিচাপে সদায় ৰাজকোষলৈ মাখন পঠাব লাগে | কৃষ্ণই ভাবিলে – “যি ৰজাই প্ৰজাক সুৰক্ষা দিয়াতো দূৰৰে কথা, প্ৰজাৰ ওপৰতঅত্যাচাৰ কৰে, সেই ৰজাৰ কৰ লোৱাৰ অধিকাৰ নাই | গতিকে এটা কাম কৰিব লাগিব |” বচ্‌, আৰম্ভ হৈ গ| লগত সখাৰ দল অনবৰতে সাজু থাকেই | কোনোবা এজনী গোপীযমুনাৰ পৰা পানী আনিবলৈ যায়, কৃষ্ণই দলবল লৈ চুপচাপ গোপীৰ ঘৰত সোমাই মাখনচুৰ কৰে | বলে পৰা খিনি খায়, থাকি যোৱা খিনি বনৰ বান্দৰক খাবলৈ দিয়ে | মাখনৰ কলহ ভাঙি তহিলং কৰে | আহোঁতে গৰু পোৱালীবোৰ খুলি থৈ আহে | মাখনৰ কলহওপৰত ধুকি নোপোৱাকৈ ওলোমাই থৈও লাভ নাই, কৃষ্ণৰ দলে ইটোৰ কান্ধৰ ওপৰত সিটোউঠি মাখনৰ কলহ নমাই আনে | যাৰ ঘৰত মাখন চুৰি হয় সেইজনী গোপীয়ে আহি যশোদাকগোচৰ দিয়েহি – “তোমাৰ লৰাই মোৰ ঘৰত মহা উপদ্ৰৱ কৰি মাখন খাই পলাইছে |” কৃষ্ণই মাকক কয় – “মাইয়া নুশুনিবা | আচলতে এইজনী গোপীয়ে বুদ্ধি কৰি মোকচাবলৈ আহিছে |” কেতিয়াবা গোচৰ বেছি হলে অতিষ্ঠ হৈ যশোদাই কৃষ্ণক মাৰিবলৈহাত দাঙে | তেতিয়া যিজনী গোপীয়ে গোচৰ দিবলৈ আহিছিল সেইজনীয়েই গৈ কৃষ্ণকআবৰি ধৰেগৈ | উপায়হীন হৈ যশোদাই কৃষ্ণক খুউব খং কৰে – “কিয় ইমান উত্‍পাতকৰ’ ? ঘৰত মাখন নাইনেকি ? মই যতনাই খাবলৈ দিলে সুখ নালাগে | আনৰ ঘৰত চুৰকৰি খালেহে হয় | নিজে খাই, বন্ধুবোৰক খুৱাই তাৰ পিছত মাখনৰ কলহ ভাঙিবান্দৰক খুৱালেহে তোৰ সুখ লাগে |” কৃষ্ণই মনে মনে ভাবে – “আৰে মাইয়া, তুমিকি বুজিবা | চুৰ কৰি খোৱা মাখনৰ সোৱাদেই বেলেগ | আৰু মই মাখন বান্দৰক খুওৱানাই | মই তেওঁলোকৰ ঋণ সুজিছো | এসময়ত এওঁলোকে মোৰ লগত গৈ সাগৰ লংঘিভোকে-পিয়াহে, নিস্বাৰ্থ ভাৱেৰে লংকাত ৰাবণৰ লগত যুদ্ধ দিছিল | মোৰ বাবেআত্মবলিদান দিছিল |”

 

দুজনী গোপী লগ হলে কথা পাতে – “আজি কানাই আহিছিলনে ?”

নাই, মোৰ ঘৰলৈ নাই অহা | তোমাৰ ঘৰলৈ ?

নাই, মোৰ ঘৰলৈও নাহিল | আহিব বুলি মাখন থৈ দিছিলো | কিয় জানো নাহিল | অন্য কৰোবাৰ ঘৰত খাইছেগৈ ছাগে |

 

এজনী গোপীয়ে জীয়েকেক কয় – “শুন, এইখিনি মাখন ভালকৈ লুকুৱাই থ’ | নহলেকানায়ে আহি খাই যাব | মই পানী আনিবলৈ যাওঁ | জীয়েকে উত্তৰ দিয়ে – “মা, তোৰকথা মই একো বুজি নাপাওঁ | মাখন লুকুৱাই থবলৈ কৈছ, অথচ কানাই নাহিলেও তইব্যাকুল হৈ পৰ’ |” মাকে কয় – “তই সেইবোৰ বুজি নাপাবি |”

 

এয়াই প্ৰেম | নিষ্পাপ, নিষ্কাম প্ৰেম | ভগৱানৰ প্ৰতি ভক্তৰ প্ৰেম | নন্দগাওঁৰ গোপীসকলে বিশ্বাস কৰে যিদিনা তেওঁলোকৰ ঘৰত কৃষ্ণই মাখন চুৰ কৰিখায় সেইদিনা গাইকেইজনীয়ে গাখীৰ বেছিকৈ দিয়ে | চিত্ত হৰণকাৰী কৃষ্ণ অহালৈগোপীসকল বাট চাই থাকে |

 

প্ৰেমেৰে, বাঁহীৰ সুৰেৰে সকলোৰে চিত্ত হৰণ কৰা কৃষ্ণৰ নিজৰে চিত্ত কোনেহৰণ কৰিছিল ? কাৰ বাবে কৃষ্ণই বাঁহী বজাইছিল ? নাচিছিল ? ৰাধাৰ বাবে | সুৰদাসে সুন্দৰকৈ গাইছে

ৰাধা নথকাহলে বৃন্দাবন বৃন্দাবন নহলহেঁতেন

কৃষ্ণই বাঁহী নবজালেহেঁতেন

ৰাসলীলা নহলহেঁতেন

কৃষ্ণই নানাছিলেহেঁতেন

ৰাধাৰ বাবেই বৃন্দাবন বৃন্দাবন হৈছে |”

 

পৰিণয় নোহোৱাকৈয়ে প্ৰেমৰ পূজাৰীনী ৰাধা শ্ৰীকৃষ্ণৰ পাটৰাণীৰ আসনতঅধিস্থিত | কৃষ্ণৰ নামৰ লগত ৰাধা নাম সংযুক্ত হৈ ৰাধাকৃষ্ণবাৰাধেশ্যাম| বৃন্দাবনত ৰাধা আৰু কৃষ্ণক বেলেগ বেলেগ বুলি ভবা হোৱানাই | ৰাধাই কৃষ্ণ আৰু কৃষ্ণই ৰাধা বুলিহে ভবা হৈছে | ইয়াৰ প্ৰমাণবৃন্দাবনৰ শ্ৰীবাঙ্কে বিহাৰী মন্দিৰ |

 

ইয়াৰ পিছত কৃষ্ণই কালীয় নাগক দমন কৰে, পুলম্বাসুৰ, কেশী আদি দানৱক শেষ কৰে |

তাৰ পিছত ইন্দ্ৰৰ মান ভংগ কৰে |

 

 

 

বৃন্দাবনৰ প্ৰেম (৭) মাখনচোৰ (প্রতিম প্রতাপ বৰুৱা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক