বৃন্দাবনৰ প্ৰেম (৯) : প্ৰতিম প্ৰতাপ বৰুৱা

বৃন্দাবনৰ প্ৰেম (৯)

প্ৰতিম প্ৰতাপ বৰুৱা

দুষ্টক দমন সন্তক পালন

(যোৱা সংখ্যাৰ পিছৰপৰা)

শুকদেৱে মহাৰাজ পৰীক্ষিতক ক’লে –
সেই সময়ত কৃষ্ণৰ বয়স ১১-১২ বছৰ। এবাৰ নন্দৰাজে কৃষ্ণ-বলৰাম আৰু গোপ-গোপী সমন্বিতে সৰস্বতী নদীৰ পাৰত থকা দেৱী অম্বিকাৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। দৰ্শনৰ অন্তত সকলোৱে সেইদিনা সৰস্বতী নদীৰ পাৰতে ৰাতিটো কটাইছিল। সেই সময়তে এডাল বিশাল অজগৰ সাপে নন্দক কামুৰি ধৰি এফালৰ পৰা গিলিব ধৰিলে। কৃষ্ণই আহি অজগৰডালক ভৰিৰে হেঁচা মাৰি ধৰিছিল। পৰমেশ্বৰ কৃষ্ণৰ চৰণ স্পৰ্শত সেই অজগৰ সাপে এজন সুদৰ্শন বিদ্যাধৰৰ ৰূপ লৈছিল। কৃষ্ণক সেৱা কৰি তেওঁ কৈছিল– “হে নাৰায়ণ, তুমি সৰ্বজ্ঞ যদিও মই তোমাৰ আৰু ব্ৰজবাসীৰ ওচৰত নিজৰ চিনাকি দিছোঁ। মোৰ নাম সুদৰ্শন। মই বিদ্যাধৰসকলৰ ৰজা। ধন-সম্পদৰ গৰ্বত অহংকাৰী হৈ মই এবাৰ আংগিৰস ঋষিক তেওঁৰ কুত্‍‍চিত বেশ দেখি হাঁহিছিলো। সেই ঋষিয়ে ক্ৰোধিত হৈ মোক অজগৰ সৰ্প হবলৈ অভিশাপ দিছিল। আৰু আজি এয়া তোমাৰ চৰণ স্পৰ্শত মই মোৰ পূৰ্বৰূপ ঘূৰাই পাইছোঁ। হে নাৰায়ণ, মোক আশীৰ্বাদ কৰি স্বৰ্গলৈ যাবলৈ অনুমতি দিয়া।” এই সকলো দেখি নন্দ প্ৰমূখ্যে ব্ৰজবাসী আচৰিত হৈছিল আৰু তীৰ্থযাত্ৰাৰ পৰা উভতি আহোঁতে সকলোৱে কৃষ্ণৰ গুণ-কীৰ্ত্তন কৰি অহিছিল।
ইয়াৰ পিছত কৃষ্ণই শংখচূড় যক্ষক বধ কৰিছিল। শংখচূড় আছিল কুবেৰৰ অনুচৰ। এবাৰ শৰত কালৰ নিশা ৰাসক্ৰীয়া চলি থাকোতে এই শংখচূড়ে আহি এগৰাকী গোপীক হৰণ কৰি মহাবেগে দৌৰি পলাইছিল। কৃষ্ণ-বলৰামে শংখচূড়ক খেদি যাওঁতে কথা বিষম দেখি শংখচূড়ে গোপীগৰাকীক এৰি থৈ পলাইছিল। বলৰামক গোপীগৰাকীৰ সুৰক্ষাৰ বাবে থৈ কৃষ্ণই খেদি গৈ শংখচূড়ক আক্ৰমণ কৰি বধ কৰিছিল। শংখচূড়ৰ শিৰত লাগি থকা মহা-মূল্যবান ৰত্নৰ মণিটো কৃষ্ণই আনি বলৰামক দিছিল।

কৃষ্ণই শংখচূড় যক্ষক বধ কৰাৰ পিছত অৰিষ্ট নামৰ এক দৈত্যই কৃষ্ণক বধ কৰিবলৈ আহিছিল । শুকদেৱে মহাৰাজ পৰীক্ষিতক কৈছিল –
কৃষ্ণই ৰাসলীলা কৰি থকাৰ সময়ত স্বৰ্গৰ দেৱীসকলেও আহি ৰাসত অংশ গ্ৰহণ কৰিছিল। মহাদেৱে গোপীৰ ৰূপ ধৰি কৃষ্ণৰ লগত নাচিছিল। কৃষ্ণই ৰাসলীলা কৰা সময়ত গন্ধৰ্বসকলে আনন্দত মতলীয়া হৈ গকুল-বৃন্দাবনত নৃত্য-গীত কৰিছিল। সেই আনন্দমুখৰ উত্‍সৱ দেখি অৰিষ্টৰ মনত ক্ৰোধ উত্‍পন্ন হ’ল। অৰিষ্টই এটা বিশাল ষাড় গৰুৰ ৰূপ ধাৰণ কৰি গকুলত এফালৰ পৰা সকলো মহতিয়াই নিবলৈ ধৰিলে। কৃষ্ণক দেখি অৰিষ্টই পোনে পোনে খেদা মাৰি আহিল। কৃষ্ণই ষাড়ৰূপী অৰিষ্টক শিং দুটাত ধৰি মাটিত বগৰাই পেলাইছিল। তাৰ পিছত শিং দুটা উভালি অৰিষ্টক বধ কৰিছিল।

কৃষ্ণই অৰিষ্টক বধ কৰাৰ পিছত দেবৰ্ষি নাৰদ কংসৰ ওচৰলৈ গৈ কৈছিল– “মহাৰাজ কংস, তুমি ইয়াত নিশ্চিন্ত মনে বহি আছা। ইফালে কৃষ্ণই ব্ৰজধামত তোমাৰ অনুচৰসকলক বধ কৰি আছে। তুমি জানানে নাজানা যে তুমি যিগৰাকী যোগমায়াক কাৰাগাৰৰ বেৰত আচাৰি মাৰিব খুজিছিলা সেইগৰাকী প্ৰকৃততে যশোদাৰহে কন্যা আছিল। বলৰাম আৰু কৃষ্ণ বসুদেৱ দৈৱকীৰহে পুত্ৰ। দৈৱকীৰ সপ্তম গৰ্ভ বলৰামক যোগমায়াই বসুদেৱৰ আনগৰাকী পত্নী ৰোহিনীৰ গৰ্ভলৈ সলনি কৰিছিল। অষ্টম পুত্ৰ কৃষ্ণক বসুদেৱে নন্দৰ ঘৰত যশোদাৰ কাষত ৰাখি যোগমায়াক দৈৱকীক আনি দিছিল। তুমি এইখিনি কথা নাজানা। দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু ঘটিবই। তুমি এতিয়া যি ভাল দেখা কৰা ।”

নাৰদৰ কথা শুনি খঙত একো নাই হৈ কংসই বসুদেৱকে হত্যা কৰিবলৈ উদ্যত হ’ল। কংসক বাধা দি নাৰদে ক’লে– “তুমি বসুদেৱক হত্যা কৰিলে কৃষ্ণ-বলৰামক দেখা পোৱাৰ তোমাৰ সৌভগ্য নঘটিব। প্ৰথমে তুমি কৃষ্ণ-বলৰামক বধ কৰাহে উচিত হ’ব। তাৰ পিছত তুমি বসুদেৱক যি কৰা কৰিব পাৰিবা।”

নাৰদৰ উদ্দেশ্য বুজি নাপাই কংসই নিজৰ দুৰ্ধৰ্ষ সেনাপতি কেশীক আদেশ দিলে– “তুমি গকুললৈ গৈ কৃষ্ণ-বলৰামক বধ কৰাগৈ।”
আদেশ পাই কেশী গকুললৈ গ’ল। কৃষ্ণই হাঁহি হাঁহি সাধাৰণ সৈনিকৰ লগত যুদ্ধ কৰাদি কেশীৰ লগত নানা ধৰণে যুদ্ধ কৰি শেষত কেশীক পৰাস্ত কৰি বধ কৰিলে।
কেশীক হত্যা কৰাৰ খবৰ পোৱাৰ পিছত কংসই পৰাক্ৰমী মল্লযোদ্ধা চানুৰ, মুষ্টিক, সল্ল আৰু তোসল্লক মতাই আনি ক’লে– “হে যোদ্ধাসকল, অহা চতুৰ্দশী তিথিত ধনুযজ্ঞৰ আয়োজন কৰা হব। সেই যজ্ঞলৈ গকুলৰ কৃষ্ণ-বলৰামক আমন্ত্ৰণ জনোৱা হ’ব। সেই যজ্ঞত সকলোৰে সন্মুখত তোমালোকে কৃষ্ণ-বলৰামক হত্যা কৰিবা।”
কংসৰ আদেশ লৈ মল্লযোদ্ধাসকল আঁতৰি গ’ল আৰু কংসই অক্ৰুৰক ৰাজসভালৈ মতাই পঠালে।
(ক্ৰমশ:)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments