বৃন্দাবন উতলা কৰা শ্যামৰ বাঁহী – লম্বোদৰ গগৈ

বাঁহী৷ দুটি অক্ষৰৰ এই ফুৎকাৰ বাদ্য-যন্ত্ৰটি একে সময়তে প্ৰেম আৰু প্ৰলয়, জীৱন আৰু মৃত্যুৰ প্ৰতীক৷
যমুনাৰ তীৰত যিদৰে এজন মুৰুলীধৰ বাঁহীবাদক বসবাস কৰিছিল—যাৰ বাঁহীৰ শব্দত নৰ-নাৰীৰ হৃদয়ত প্ৰেম-বিৰহৰ ধুমুহা বৈছিল, তেনেদৰে আন এজন বাঁহী-বাদকো আছিল–যাৰ বাঁহী বাজি উঠিলে প্ৰলয়-আতঙ্কত সকলোবোৰ ধ্বংস হৈ উঠিছিল৷ তথাপিও বাঁহী বাঁহীয়েই৷ বাঁহী বৰ প্ৰিয়, বৰ আদৰৰ ধন৷
ৰজা-প্ৰজা, ধনী-দুখীয়া, চোৰ-সাধু–এক কথাত সকলোৰেই প্ৰিয় এই বাঁহী৷ সেই তাহানিৰ কোনো ইতিহাসৰ অন্ধকাৰ যুগতেই প্ৰথম বাঁহী বাজিছিল, তাৰপিছত মহাকাব্যৰ পথ ধৰি কত জনা-অজানা, শ্যাম-নীৰোৰ হাত বাগৰি সেই বাঁহী আজিও বাজি আছে প্ৰসাদত, বাজি আছে জীৰ্ণ কুটীৰত, বাজি আছে ৰাজপথত, বাজি আছে সুৰৰ আসৰত, বাজি আছে মানুহৰ জন্ম-মৃত্যু-বিবাহত, বাজি আছে মেলা-উৎসৱ-পাৰ্বণত, বাজি আছে বাটত-ঘাটত৷
বাঁহীৰ প্ৰসঙ্গ আহিলেই মনৰ পৰ্দাত ভাঁহি আহে তিনিটা নাম৷ তেওঁলোক হৈছে হেমিলনৰ বংশীবাদক, গ্ৰীচৰ অৰফিউছ আৰু গৰখীয়া-ৰজা শ্ৰীকৃষ্ণ৷ এওঁলোকৰ বাঁহীৰ সুৰ-মাধুৰ্য ইমানেই আকৰ্ষণীয় আৰু চিত্তাকৰ্ষক যে, ঘৰৰ চাৰি দেৱালয়ত বন্দী মুগ্ধ শ্ৰোতাই নিজকে ঘৰত আবদ্ধ কৰি ৰাখিব নোৱাৰিছিল৷
এসময়ত হেমিলনৰ গোটেই চহৰতে এন্দুৰৰ বৃদ্ধি আৰু অত্যাচাৰ ইমানেই বাঢ়ি গৈছিল যে শেষ-পৰ্যন্ত এই মূষিক-কুলক সৰ্বংশে নিৰ্মূল কৰিবৰ বাবে চহৰৰ মেয়ৰে পুৰস্কাৰ ঘোষণা কৰিলে৷ এনে ঘোষণা পাই বিচিত্ৰ পোচাক পৰিহিত বংশীবাদকে তেওঁৰ বাঁহী হাতত লৈ হাজিৰ হৈছিলগৈ চহৰৰ মেয়ৰৰ ওচৰত৷ মেয়ৰে পাৰিশ্ৰমিক দিয়াৰ দৃঢ় অঙ্গীকাৰ ব্যক্ত কৰাত বংশীবাদকে ৰাষ্টালৈ আহি তেওঁৰ বাঁহীত অপূৰ্ব মোহনীয় সুৰ বজাবলৈ ধৰিলে৷ বাঁহীৰ সুৰত মতলীয়া হৈ য’তেই যিমান এন্দুৰ আছিল আটাইবোৰে দলে-দলে ৰাষ্টালৈ নামি আহিছিল আৰু হেমিলনৰ বংশীবাদকে সিহঁতক নদীত পেলাই মাৰিছিল৷ হেমিলনবাসীয়ে স্বস্তিৰ নিঃশ্বাস পেলাইছিল; কিন্তু সেই নিঃশ্বাস বেছিদিন স্থায়ী হ’বলৈ মেয়ৰে নিদিলে৷ কাৰণ তেওঁ বংশীবাদকক উপযুক্ত পাৰিশ্ৰমিক দিবলৈ অস্বীকাৰ কৰিলে৷ ক্ষুদ্ধ বংশীবাদকে পুনৰ বাঁহীত সুৰ তুলিলে৷ তেওঁৰ বাঁহীৰ সুৰে ইমানেই পাগল কৰি তুলিছিল যে শেষ-পৰ্যন্ত চহৰৰ কণ-কণ ল’ৰা-ছোৱালীহঁতে বংশীবাদকৰ পিছে পিছে দৌৰিবলৈ লাগিল আৰু নদীৰ পানীত এন্দুৰবোৰৰ দৰেই সিহঁতৰো সলিল সমাধি ঘটিল৷
এতিয়া আহোঁ আন এজন বংশীবাদক অৰফিউছৰ কথালৈ৷ তেওঁৰ বাঁহীৰ সুৰত প্ৰকৃতিও স্তব্ধ হৈ গৈছিল, নদ-নদীৰ স্ৰোত থমকি গৈছিল৷ সেই অৰফিউছে বিয়া কৰিছিল এক সুন্দৰী তৰুণীক৷ অসম্ভৱ ভাল পাইছিল অৰফিউছে তেওঁক৷ এদিন তেওঁৰ স্ত্ৰী ইউৰিডাউছ সৰ্পাঘাতত মৰা পৰে৷ স্ত্ৰী-বিহীন তেওঁৰ জীৱনটো অসহ্য যন্ত্ৰণাকাতৰ আৰু অৰ্থহীন যেন লাগিবলৈ ধৰিলে৷ স্ত্ৰীক পাবৰ বাবে তেওঁ যমৰাজ প্লুটোৰ দৰবাৰত হাজিৰ হ’ল৷ সেইদিনা অৰফিউছে মনোমোগ্ধকৰ বাঁহীৰ সুৰ শুনাই যমৰাজক আনন্দ দিছিল৷ বাঁহীৰ সুৰত মুগ্ধ হৈ দেৱতাই অৰফিউছৰ স্ত্ৰীক মৰ্ত্যলৈ ঘূৰাই অনাৰ আবেদন মঞ্জুৰ কৰিলে৷ প্লুটোৱে ক’লে, “তোমাৰ স্ত্ৰীক তুমি ঘূৰাই পাবা৷ কিন্তু এটা চৰ্ততহে৷ সেয়া হৈছে যমৰ দুৱাৰ পাৰ নোহোৱা পৰ্যন্ত তুমি পিছলৈ ঘূৰি চাব নোৱাৰিবা৷ অৰফিউছে তেওঁৰ স্ত্ৰীৰ প্ৰতি ইমানেই পাগল আছিল যে, যমৰ দুৱাৰ পাৰ হোৱাৰ আগতেই নিজক চম্ভালিব নোৱাৰিলে৷ ভাবে, ইউৰিডাইছ দেখোন পিছে পিছে আহিছেই৷ মুহূৰ্ততে তেওঁ পিছলৈ ঘূৰি চালে আৰু চৰ্তভঙ্গৰ অপৰাধত ইউৰিডাইছ অদৃশ্য হৈ যায়৷ বুকুভঙা আৰ্তনাদ কৰি উভতি আহে অৰফিউছ৷ বেদনাৰ এক অদৃশ্য বাঁহীৰ সুৰে আৱৰি ধৰে অৰফিউছক৷
শ্ৰীচৈতন্যদেৱে ষোড়শ শতাব্দীত যি ভাৱ-বন্যাৰ সৃষ্টি কৰিছিল তাৰ অভিঘাত ঘটে চণ্ডীদাসদেৱৰ লেখা “শ্ৰীকৃষ্ণ কীৰ্ত্তন“ গ্ৰন্থত৷ এই গ্ৰন্থৰ “বংশীখণ্ড“ টিত চকু ৰাখিলেই ভাব হয় শ্ৰীকৃষ্ণ যেন “মহাভাৰত“ ৰ কালতো বিদ্যমান আছিল৷ তেওঁ বৃন্দাবনৰ গৰখীয়া ৰজা৷ “শ্ৰীকৃষ্ণ কীৰ্ত্তন“ত বাঁহীৰ সুৰত আকুল হয় শৰীৰ, ব্যাকুল হয় মন, হৰণ হয় প্ৰাণ৷ বাঁহীৰ সুৰত অকাৰণতে সৰে গোপিনীৰ নয়নৰ জল৷ দাসী হৈ বংশীবাদকৰ পদতলত নিজকে সমৰ্পণ কৰিব খোজে তেওঁ৷ কৃষ্ণৰ মোহন বাঁহীৰ সুৰত বিমোহিত হয় জগত-সংসাৰ, খণ্ডিত হয় সকলো আপদ-বিপদ৷ এই বাঁহীৰ মায়াত ঈৰ্ষান্বিত ৰাধাই তাক চুৰ কৰাত কৃষ্ণই তাক উদ্ধাৰৰ বাবে হৈ উঠে পাগলপ্ৰায়৷ “শ্ৰীকৃষ্ণ কীৰ্ত্তন“ত লৌকিক জীৱাত্মা-প্ৰেমিকা ৰাধা আৰু পৰমাত্মা-প্ৰেমিক শ্ৰীকৃষ্ণৰ ৰাগ-অনুৰাগ, বিৰহ-বিচ্ছেদৰ পালত বাঁহীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়৷
সৃষ্টিৰ উৎসৰ পৰাই বাঁহীয়ে কান্দোনৰ কথা, তাৰ বিৰহৰ কথা কৈ আহিছে৷ বাঁহীৰ সুৰ দি বেদনা আৰু চেতনাক একেই ক্ষেত্ৰত গ্ৰন্থিত কৰা যায়৷ বাঁহীৰ সুৰৰ সৈতে বেদনাৰ উপলব্ধি আৰু চেতনাৰ বহিৰ্প্ৰকাশ দুয়োৰেই কোনো পাৰ্থক্য নাই৷ বাঁহীৰ সুৰে ৰূঢ় বাস্তৱক পাহৰাই দিব পাৰে আৰু এক স্বপ্নময়, ছাঁয়াময়, মোহময় জগতত উত্তৰণ ঘটাব পাৰে৷ বাঁহীৰ কাণ আছে৷ বুকুৰ ভিতৰৰ যি কথাটি আন কাৰোবাক ক’ব পৰা নাযায় সেয়া ক’ব পৰা যায়৷ অৰ্থাৎ বাঁহীৰ সুৰত সেই নোকোৱা কথাটি ফুটি উঠে৷ এইভাৱেই এটি ভাবনাৰ পৰা আন এটি ভাৱনাৰ সৃষ্টি হয়৷ মনত ভাব হয় বাঁহী নাৰীৰ প্ৰতিচ্ছবি হৈ চকুৰ সন্মুখত থিয় দি আছে৷ কিন্তু আমাৰ লোক-জীৱন এতিয়া যন্ত্ৰ-দানৱৰ চকাত পিষ্ট, যমুনাৰ ঘোলা বালিত হেৰুৱাই পেলাইছে অঙ্গ-সৌৰভ৷ প্ৰকৃতি আৰু ভয়ংকৰ মাৰণাস্ত্ৰৰ অবিশ্বাস্য বিস্তাৰৰ ফলত বাঁহীৰ সুমধুৰ ধ্বনি শুনাৰ আৰু অৱকাশ নাই৷ এই অৱস্থাত কোনো প্ৰেমিকৰ বাঁহীৰ সুৰ নিঃসঙ্গ, যন্ত্ৰণা-দগ্ধ কোনো প্ৰেমিকাৰ মনৰ দুৱাৰত নহলেও কাণৰ দুৱাৰেও প্ৰৱেশ নকৰে৷ তাৰপিছতো কবলগীয়া হয়, বাঁহী ভালপোৱাৰ প্ৰতীক, জীৱনৰ আৰতি৷ পৃথিৱীৰ সকলো জৰাজীৰ্ণকে পিছ পেলাই গাঁৱে গাঁৱে, চহৰে-বন্দৰে, পথে-ঘাটে বাজি উঠক বাঁহীৰ সুমধুৰ সুৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments