বৃন্দাবন (নিলোৎপল শৰ্মা)

স্কুলৰ প্ৰকাণ্ড বাৰাণ্ডাখনৰে চেণ্ডেলযোৰ চৰপ চৰপকৈ চোঁচৰাই যোৱাজন কোন বুলিলে প্ৰথম শ্ৰেণীত নতুনকৈ নাম লগোৱা ল’ৰাটোৱেও ক’ব সেয়া- নবীন মাষ্টৰ । বগা চাহাবেও পাত্তা নোপোৱা আৰু সততে গাঁৱৰ বুঢ়ী আইতাহঁতৰ তামুলী চুমাই গাল ৰঙা কৰা নবীন মাস্তৰ গাওঁখনৰ প্ৰায়বোৰ জীয়ৰি থকা বাপেক মাকৰে প্ৰিয় । ক’লা ইষ্ট্ৰি কৰা পেন্টটোৰ সৈতে চুট নকৰাকৈ পিন্ধা পাতল আকাশী ৰঙৰ চোলাটোৰ সৈতে যেতিয়া ৰঙা কাপোৰৰ মোনাটো চাইকেলৰ আগত আৰি ৰাস্তাৰে স্কুললৈ গৈ থাকে, তেতিয়া বহুতেই হয়তো মাস্তৰক গোপনে লক্ষ্য কৰে । হেম মণ্ডলৰ আধাতে স্কুল এৰা জীয়েক তিনিজনী, ফটিক উকিলৰ জীয়েক কাকলি, উৰ্মিলা পেহীৰ ভতিজাকজনী, এই সকলোৰে মন মগজুত তেতিয়া কি চলে সেই কথা নবীন মাস্তৰে জানে, বুজে, কেতিয়াবা অতিষ্ঠ হোৱাৰ দৰেও অনুভৱ কৰে, আনকি মন্টু দোকানীৰ বিধৱা পত্নী হেমলতাৰ মনৰ মাজতো মাস্তৰৰ প্ৰতি কি আছে সেই কথাও নবীন মাস্তৰে ভালদৰেই বুজি পায় । আনৰ লগত কাটা পোৰাপুৰি নিমিলালৈকে বস্তু দিব নোখোজা হেমলতাই নবীন মাস্তৰক দাইল, আটা, চেনী আদি কাটা নোচোৱাকৈয়ে দি পঠিয়াই, বস্তুকেইপদ দিয়াৰ সময়ত মিচিকিয়া হাঁহি এটা মাৰি যিটো চাৱনিৰে তাই মাস্তৰলৈ চায় আৰু আঙুলিৰে মাস্তৰৰ হাতদুখন চুই চাব খোজে, মাস্তৰৰ নিজকে কিবা এক অদ্ভুট পৰিবেশৰ মাজত আৱদ্ধহৈ পৰা যেন লাগে । কাষে পাজৰে কোনোবাই কথাটোলৈ মন কৰিছে নেকি চায় লৰালৰিকৈ দোকানৰ পৰা বাহিৰ হয় । একেখন গাঁৱৰে মানুহ, তাতে হেমলতা বিধৱা লগতে গাভৰুও । তাইৰ মনত কি আছে সেইকথা মাস্তৰেহে বুজে, আনেতো বুজিব নোৱাৰে, গতিকে এনেকুৱা অৱস্থাত নিজকে আঁতৰত ৰখোৱাই মঙ্গল । বদনামৰ এঠা মানে জীৱনটোৱে ব্যেথা । সেয়ে এইবোৰ বাটৰ বিপদ ঘৰৰ আলহী কৰাৰ পৰা নবীন মাস্তৰ সদায় সাত যোজন দূৰত । কিন্তু এই নবীন মাস্তৰে যেতিয়া জোনালীৰ কাষেৰে পাৰহৈ যায়, ক’ব নোৱাৰে কিয় মানুহটোৰ উশাহ বন্ধহৈ যোৱাৰ উপক্ৰম হয় । জোনালী নবীন মাস্তৰৰ সৈতে একেখন স্কুলতে শিক্ষকতা কৰে । দেউতাক ঢুকোৱাৰ পিছত তাই দেউতাকৰ পদতে চাকৰিটো পালে, ঘৰত বিধৱা মাক আৰু ভায়েকৰ সৈতে তাইৰ সৰু পৰিয়াল । জোনালী এইখন স্কুলত সোমোৱা প্ৰায় দুবছৰেই হ’ল, অথচ প্ৰয়োজন নহ’লে মাস্তৰ আৰু তাই দুয়ো এটা শব্দও বেছিকৈ নাপাতে । মাথো দূৰৰ পৰা নবীন মাস্তৰে প্ৰায়ে জোনালীলৈ আঁৰ চকুৰে চায়, কিবা এটা যে আছে এই ছোৱালীজনীৰ যিয়ে নবীন শইকীয়াৰ দৰে সুন্দৰ সুঠাম যুৱক এজনক বাৰে বাৰে তাইৰ প্ৰতি আকৰ্ষিত কৰে । কিন্তু সেই কিবাটো কি মাস্তৰে বুজি নাপায় । তথাপি তাইলৈ চাই থাকিয়েই এক অপাৰ সুখ অনুভৱ কৰে । সেয়ে কেতিয়াবা মনৰ মাজতে হিচাপ এটা কৰি চায়- চুলিবোৰ আৰু কিমান ইঞ্চি দীঘল হ’লে তাইৰ বেণীডাল ককাললৈকে পৰিব ! ভাবে- কাজল ল’লে কেনেকুৱা দেখিব বাৰু তাইক ! হাঁহিলে বাওঁকাষে বেৰীয়া দাঁতটো সামান্য নোলোৱা হ’লে তাইক বাৰু হাঁহিলে ইমান ধুনীয়া লাগিল হয় নে ! মুঠতে জোনালীৰ প্ৰতি এশ এবুৰি প্ৰশ্নবোধকে মনটোক উগুল থুগুল লগাই যায় প্ৰায়ে । কিয়, তাৰ কোনো উত্তৰ নাই । অথবা উত্তৰ আছে, যি উত্তৰ জোনালীয়ে নাজানে কিন্তু নবীন মাস্তৰে প্ৰতি মূহুৰ্ততে অনুভৱ কৰে । হয়তো জোনালীৰ সান্নিধ্য লাভৰ আশা এটাই মনৰ মাজতে লাহে লাহে পুখা মেলিছে । জোনালীয়ে কলমেৰে কিবা এটা লিখি থকা দেখিলে, আজিকালি মাস্তৰে দূৰৈৰ পৰাই তাইৰ কোমল আঙুলিবোৰৰ পৰশ এটা অনুভৱ কৰিব ধৰিছে, তাই হাঁহি হাঁহি কথা পাতি থকা দেখিলে শব্দবোৰে কাণৰ মাজেৰে সুৰৰ লহৰ তোলা যেনো অনুভৱ কৰা হৈছে । ব্লাউজৰ ওপৰৰে ওলাই থকা পিঠিৰ এচোৱা নবীন মাস্তৰে চকুৰেই চুই চাই এক অবুজ মাদকতাত আপোন পাহৰা হ’ব পৰা হৈছে । আচলতে কাকো একো নোকোৱাকৈয়ে, কোনেও একো নজনাকৈয়ে লাহে লাহে জোনালী নবীন মাস্তৰৰ খুবেই আপোন হৈ পৰিছে ।
স্কুলৰ পৰা ঘৰলৈ আহিয়ে জোনালীয়ে বেগটো বিছনালৈ ডলিয়াই পেলালে, প্ৰথমে বিছনাৰ কাষতে অলপ সময় ফোপাই ফোপাই থিয় হৈ থাকিল, তাৰ পিছত একে চাতে বেৰত ওলমাই থোৱা আইনাখনৰ ওচৰলৈ গৈ প্ৰচণ্ড ক্ৰোধ আৰু ক্ষোভত নিজকে একেথৰে চাই থাকিল । তাই স্কুলৰ পৰা আহিলে সদায় একেলগে ভাত খাবলৈ ৰৈ থকা মাক মনোৰমাৰ বাবে তাইৰ এই কাণ্ডটো একেবাৰে সহজ নাছিল । “কি হ’ল অ’… আকৌ ৰলি যে, কপোৰ সলাই মুখ-হাত নুধুৱ কিয়” বুলি মাকৰ মাততো তাইৰ ক্ষোভ মাৰ নগ’ল । মাক মনোৰমাইও আৰু একো নক’লে । তেওঁ জানে জোনালী কিছু অকৰা, কিছু জেদী । সময় হ’লে নিজে নিজে সকলো চিজিল লাগিব ।

কিন্তু নালাগিল । মনোৰমাই ভবাৰ দৰে সময়ত সকলো ঠিক নালাগিল । বৰং কথাবোৰ বেছিহে পাক লাগিবলৈ আৰম্ভ কৰিলে । সেই যে খেলিমেলিহৈ পৰি থকা ঊলবোৰৰ পৰা এটা মূৰ বাছি মেৰিয়াব খুজিলে এফালে টানিলে আনফালে যোঁট লাগে ঠিক তেনেকুৱাই হ’ল । যিমানে মাকে জোনালীৰ পৰা কাৰণবোৰ জানিবলৈ ইচ্ছা কৰিছে সিমানেই তাই বেছি অস্থিৰ হ’বলৈ ধৰিছে । মনোৰমাই কথাবোৰ প্ৰথমে বৰ বিশেষ গুৰুত্ব দিয়া নাছিল, কিন্তু যোৱা কিছুদিন ধৰি জোনালীৰ মনৰ অস্থিৰতা মনোৰমাই বাৰুকৈয়ে মন কৰিছে । শান্ত, স্থিৰ অমায়িক জোনালীৰ এনে অস্থিৰ মনোকষ্টই মাক মনোৰমাকো বৰকৈ অস্বস্তিত পেলাইছে । সুধিছে, তেওঁ জোনালীক কথাবোৰ কেইবাদিনো সুধিছে । সুধিলে তাই একো নাই হোৱা বুলি কৈ থয় ।

চাৰিজন শিক্ষক কৰ্মচাৰী থকা স্কুল খনত সেইদিনা এজন শিক্ষক কিবা কাৰণত অনুপস্থিত আছিল । স্কুলত আছিল নবীন মাস্তৰ, জোনালী আৰু চকিদাৰ হৰমোহণ । সেইদিনা স্কুলো কিছু সোনকালে ছুটি হ’ল । ছমহীয়া পৰীক্ষাৰ ৰিজাল্টৰ বাকী থকা কামখিনিকলৈ জোনালী ব্যস্ত হৈ আছিল কিবা কিবি লিখা মেলাত । খুব মনোযোগেৰে তাই ল’ৰা-ছোৱালীবোৰৰ নাম, নম্বৰ আৰু প্ৰাপ্তস্থানবোৰ দীঘল দীঘলৈকৈ আঁচ টানি ঘৰ বনাই লোৱা কাগজখনত টুকি আছিল । এটা নাম বা নম্বৰ ইফাল সিফাল হ’লেই বিপদ । এনেকুৱা কামত মনোযোগ কিমান দৰকাৰ হয়, জোনালীয়ে বুজে । কিছুমান কাম হয়তো মনোযোগ নিদিয়াকৈ হ’লেও কৰিব পাৰি । তাইৰ মাকেছোন তাই আৰু ভায়েকলৈ চুৱেটাৰ গুঠি থাকিলে সিহঁতৰ লগত আন কথাহে পাতি থাকে, ইফালে আকৌ হাতখনোতো সমানে চলিয়ে থাকে । নোচোৱাকৈ, নভবাকৈ, মনোযোগ নিদিয়াকৈ মাকে অভ্যাসতে চুৱেটাৰ একোটা গুঠি শেষ কৰি দিয়ে । অথচ সেই চুৱেটাৰ গুঠা কামটোকে তাই আজিলৈকে কিমান বাৰ চেষ্টা কৰিও শিকিবগৈ পৰা নাই । কিন্তু কিছুমান কথাত মনোযোগ নিদিয়াকৈ কৰিবলৈ গ’লে বিপদ হয়, সেইদিনা মনোযোগ দি বেজীটো দিয়া হ’লে হয়তো দেউতাক আজি সিহঁতৰ মাজত থাকিল হয় । দেউতাকৰ অৱস্থা বেয়াহৈ গৈছিল, মাক আৰু জোনালীৱে বলীয়াৰ দৰে ডাক্টৰ,ফাৰ্মাচি বিচাৰি টাউনলৈ দৌৰা-দৌৰি কৰিছিল । ইমানৰ পিছতো অলপ মনোযোগৰ অভাৱত ভুলকৈ দিয়া এটা বেজীয়েই যেতিয়া প্ৰাণ কাঢ়ি নিছিল দেউতাকৰ, ক’বলৈ, কৰিবলৈ আৰু একোৱে বাকী নাছিল তাইৰ । আজিৰ দৰেই সেইদিনাও স্কুল সোনকালে ছুটী হ’ল, জাকে জাকে লৰা-ছোৱালীবোৰে জোনালীহঁতৰ চোতাল ভৰি পৰিল । মাক মনোৰমা বাউলী হোৱাদি হ’ল । জোনালীকো লগৰ ছোৱালীবোৰে ধৰি ৰাখিব লগা হৈছিল । ভায়েক তন্ময়ে চুক এটাত নিস্তব্ধ হৈ বহি পৰিছিল আৰু মাজে মাজে এক অজান বেদনাত সি ফেকুৰি উঠিছিল…।

চকুযোৰ তাইৰ সেমেকি উঠিল, কথাবোৰ ভাবি থাকোতে তাইযে দুডাল আঁচ বেছিকৈ পাৰিলে মনেই কৰা নাছিল, আঁচ দুডালটো বাৰু সৰু কথা পিছে তাইনো ইমান মনোযোগেৰে কামবোৰ কৰিছিল নে অথবা পুৰণি কথাবোৰত এনেকৈৱে সোমাই পৰিছিলনে যে কাষৰ চকীখনত কেতিয়ানো আহি নবীন মাস্তৰ বহিলহি গমেই নাপালে । সেমেকা চকুযোৰ মাস্তৰৰ পৰা লুকুৱাবলৈকে ডাঙৰকৈ মেলি দুবাৰমান পিৰিকিয়াই ল’লে তাৰ পিছত মাস্তৰলৈ চকু ঘুৰাই ক’লে- “আৰু পাঁচজনৰ নাম ভৰাবলৈ বাকী আছে, এইখিনি হ’লেই কালিলৈ ৰিজাল্ট উলিয়াই দিব পাৰিম ।” নবীন মাস্তৰে কিন্তু তাইৰ কথাবোৰলৈ সিমান এটা গুৰুত্ব নিদিলে, মাথো চকুটিপ নমাৰাকৈ জোনালীলৈ চাই থাকিল । মাস্তৰৰ এনে অদ্ভুট আচৰণে কিন্তু একমূহূৰ্তৰ বাবে জোনালীৰ অন্তৰ আত্মাক জোকাৰি গ’ল । মাস্তৰে তাইক তেনেকৈ তধা লাগি চাইছে কিয় ! কোনোদিনটো তেনেকৈ চোৱা নাছিল তাইলৈ । লগে লগে তাই তলমূৰ কৰি টেবুলৰ ওপৰতে এনেই ইফালে সিফালে চাই থাকিল । এক অদ্ভুট উত্তেজনা অনুভৱ কৰিলে তাই, ভৰিৰ বুঢ়া আঙুলি এটাই অজানিতে পিন্ধি থকা চেণ্ডলযোৰত জোৰকৈ হেঁচা এটা মাৰিলে । লিখি থকা ল’ৰা-ছোৱালীবোৰৰ নামবোৰৰ চকুৰ আগতে নিজৰে নতুন নতুন লাগিল । ঠিক তেনেকুৱা এটা সময়তে তাইক হতবাক কৰি মাস্তৰে তাই বাওঁহাতখন খামুচমাৰি ধৰিলে । পাঁচপাত খাৰুৰ এপাত মাস্তৰৰ তলুৱাৰ তলত সোমাই গ’ল আৰু বাকী চাৰিপাত দুফালে দুপাতকৈ বাহিৰ ওলাই থাকিল । চাট মাৰি তাই থৰহৈ মাস্তৰৰ চকুলৈ চালে, মুখেৰে কোনো কথা কোৱাৰ বা মনৰ মাজত কিবা কথা ভবাৰ আগতেই নবীন মাস্তৰে একেটা উশাহতে জোনালীক বিয়াৰ প্ৰস্তাৱ দি দিলে । মাস্তৰৰ এনে অস্বভাৱিক কৰ্ম-কাণ্ডৰ বাবে জোনালী মুঠেও প্ৰস্তুত নাছিল । ৰিজাল্টৰ কামখিনি কৰি থাকোতে এশ এবুৰি প্ৰশ্নই তাইক আমনি লগাইছিলহি অথচ সেই এশ এবুৰি প্ৰশ্নৰ মাজতো এবাৰলৈ তাই বিয়াৰ কথা চিন্তা কৰা নাছিল । উত্তৰলৈ আশাৰে বাট চোৱাৰ কথাকৈ মাস্তৰ তাইৰ ওচৰৰ পৰা আঁতৰি গ’ল । মাথো একে ঠাইতে বহি ৰ’ল জোনালী । কি ঘটি গ’ল, একো ধৰিবই নোৱাৰিলে । এক অবুজ অস্বস্তি অনুভৱ কৰিলে তাই । কিন্তু লাহে লাহে তীব্ৰ অভিমানত তাই বিৰক্ত হৈ উঠিল । বহুপৰ কোঠাটোৰ চুক এটালৈ থৰহৈ চাই থাকি এবাৰত উঠি কাকো একো নোকোৱাকৈ কাগজ কলমবোৰ যেনি তেনি সামৰি তাই স্কুলৰ পৰাই ওলাই গুচি গ’ল । ৰাস্তাৰে তলমূৰকৈ খোজ কাঢ়ি গৈ থাকোতে তাই কি ভাবিলে নিজেই একো নুবুজিলে, বাৰে বাৰে ভাবিও মাস্তৰৰ এই অপৰিচিত ব্যক্তিত্বটোৰ ওপৰত তাই কোনো এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনিত হ’ব নোৱাৰিলে । ঘৰলৈ আহিয়ে সেয়ে জোনালীয়ে বেগটো বিছনালৈ দলিয়াই পেলালে, প্ৰথমে বিছনাৰ কাষতে অলপ সময় ফোপাই ফোপাই থিয় হৈ থাকিল, তাৰ পিছত একে চাতে বেৰত ওলমাই থোৱা আইনাখনৰ ওচৰলৈ গৈ প্ৰচণ্ড ক্ৰোধ আৰু ক্ষোভত নিজকে একেথৰে চাই থাকিল । আইনাখনৰ আগত থিয়হৈ তেনেকৈ নিজৰ মুখখন চাই থাকোঁতেই লাহে লাহে তাইৰ ক্ষোভ, খং, অভিমানবোৰ কমি আহিবলৈ ধৰিলে । নিজৰ মুখখনত তাই যেন আজি এক ব্যতিক্ৰমী ৰূপ অনুভৱ কৰিছে । যি ৰূপ তাই আগতে কেতিয়াও দেখা নাছিল, হয়তো চাবলৈ যত্নও কৰা নাছিল । আজি তাইৰ বিয়াৰ কথা ওলাইছে, হাতত ধৰি কোনোৱাই তাইক বিয়াৰ প্ৰস্তাৱ দিছে, বিয়া হ’ব পৰাকৈযে তাই ডাঙৰ হৈছে তাইচোন কোনোদিনেই ভবা নাছিল । আকৌ এবাৰ আইনাখনত তাই নিজকে চালে । দিনে দিনে তাই সেন্দুৰীয়া হৈ আহিছে, গাল দুখন, ডিঙিটো হয়তো আগতকৈ পুৰঠ হৈছে, পিন্ধি থকা ব্লাউজটো দেখি মনত পৰিছে যে একমাত্ৰ টান হৈ যোৱাৰ অজুহাততে যোৱা দুটা বছৰে তাই পোন্ধৰ ষোল্লটাকৈ ব্লাউজ পিন্ধিব নোৱাৰা হৈ পৰিছে । অথচ এইবোৰলৈ তাইৰ খবৰেই নাছিল, আজি নবীন মাস্তৰে এইজনী জোনালীক উদ্ধাৰ নকৰা হ’লে তাই চাগে নিজকে চাবলৈৱে সময় নাপালে হয় । তাই বাৰু ধুনীয়ানে ! নিশ্চয় ধুনীয়া ! অৱশ্যে দেখিবলৈ তাই কেনেকুৱা কাৰো মুখত তাই আজিলৈকে নিজে শুনা নাই । আনকি মাকৰ মুখতো তাই যে গাভৰু হ’ল, কোনোবাই বিয়াৰ প্ৰস্তাৱ দিব পৰাকৈ যে ডাঙৰ হ’ল সেইলৈও কোনো উদ্বিগ্নতা তাই দেখা নাই । ইমান দিনে তাইৰ মুখত আছিল কেৱল চকু, চেলাউৰি, ওঁঠ, এডাল দীঘল বেণী…. অথচ এইবোৰ আজি তেনেই সাধাৰণ বস্তু হৈ থকা নাই, তাইৰ সেইযোৰি চকুকলৈৱে কোনোবাই কবিতাৰ পংক্তি গাব, ৰামধেনুৰ সৈতে তাইৰ চেলাউৰিৰ তুলনা হ’ব, ওঁঠৰ পাহিত ব্ৰহ্মাণ্ডৰ সমস্ত প্ৰেম বৰশীব, দীঘল বেণী খুলি কাৰোবাৰ দুষ্ট আঙুলিবোৰ চঞ্চল হৈ উঠিব….আস্… কি যে এক অবুজ আসক্তি এয়া, যেন নিৰপৰাধ হৃদয়ৰ গোপন মায়া । সেইদিনা গোটেই ৰাতি তাই শুব পৰা নাছিল । নবীন মাস্তৰে খামুচ মাৰি ধৰা বাওঁহাতৰ খাৰুকেইপাত তাই সোঁহাতেৰে লিৰিকি-বিদাৰি বাৰে বাৰে চাইছিল ।

নবীন মাস্তৰে প্ৰস্তাৱটো জোনালীহঁতৰ ঘৰ পোৱালেহি । মাক মনোৰমাৰ বাবে ছোৱালীজনীৱে ঘৰৰ একমাত্ৰ আৰ্থিক সকাহ, কেৱল সেইবাবেই যে তাইক গাঁৱতে বিয়া দিব পাই সন্তুষ্টি পাইছে তেনে নহয় নবীন মাস্তৰ ল’ৰাটোও হেজাৰত এটা । গতিকে কথা-বতৰাবোৰ অলপ অচৰপকৈ আগবাঢ়িল । গহীন,গম্ভীৰ জুখি মাখি কথা কোৱা, কোনোবাই বিয়া-বাৰুৰ কথা উলিয়ালে নিজে আন কথা উলিওৱা নবীন মাস্তৰে কি দেখিলে তাইৰ গাত তাকে ভাবি আচৰিত হয় জোনালী । অথচ মানুহটোৰ কোনো কথাই তাইৰ বেয়া নালাগে । এদিন যি নবীন মাস্তৰে প্ৰয়োজন নহ’লে এটা কথাও তাইৰ লগত বেছিকৈ নাপাতিছিল সেই নবীন মাস্তৰেই এতিয়া আগফালে চোতালত দহে দেখাকৈ জোনালী বা মনোৰমাৰ সৈতে ঘন্টাৰ পিছত ঘন্টা অনৰ্গল কথা পাতিব পাৰে । জোনাক নিশা চোতালত বহি কথা পাতি থকাৰ চলেৰে সেইদিনা কাগজৰে মেৰিয়াই থোৱা টোপোলা এটা জোনালীলৈ উলিয়াই দিলে । “এইটো আকৌ কি” বুলি জোনালীৱে লওঁ নলওঁকৈ টোপোলাটো লৈ খুলি চাই দেখে পাতৰ মেখেলা চাদৰ এযোৰ । জোনৰ পোহৰতে মেখেলা খন দীঘলে দীঘলে ভাঁজটো খুলি তাই বুকুৰ পৰা তললৈ ওলমাই দীঘটো ঠিকেই আছে নে নাই চালে, চাদৰখনৰো ফুলবোৰ হাতৰ আঙুলিৰে লিৰিকি বিদাৰি চাই মিচিকিয়া হাঁহি এটা মাৰি নবীন মাস্তৰৰ চকুলৈ এপলক থৰহৈ চালে । মুখেৰে একো নামাতিলে, তাকে দেখি ওচৰতে বহি হ’ব লগা ভিনিহিয়েকৰ মুখৰ পৰা ইমান পৰে তিৰাশীৰ আন্দোলনৰ ৰোমাঞ্চকৰ কাহিনীবোৰ শুনি থকা তন্ময়ে “বৰ গৰম লাগিছে বিচনী এখন আনোগৈ” বুলি ভিতৰলৈ উঠি গ’ল । সেই কাপোৰযোৰ একেবাৰে বিয়াতে চিলাবলৈ দিম বুলি তাই আলমাৰিটোৰ মাজৰ খাপটোত ভৰাই থ’লে । মাস্তৰক কিন্তু নক’লে । পৰিয়ালৰ বাহিৰৰ কোনোবাই কিবা উপহাৰ দিয়া তাইৰ জীৱনত এয়াই প্ৰথম । উপহাৰ ল’ব পৰাকৈ এনেকুৱা ঘনিষ্ঠতা তাই আগতে পোৱাও নাছিল, হ’লেও কিবা এটা ভাল লাগিছে, তাইও ভাবে নবীন মাস্তৰক তাই নিজেও কিবা এটা দিব লাগে । কিন্তু কি দিব, কেতিয়া দিব, ক’ৰ পৰা দিব সেইবোৰহে ভাবি একো উৱাদিহ নাপায় । ঘনিষ্ঠতা লাহে লাহে আৰু বাঢ়িল, মাস্তৰ এদিনলৈ সন্ধিয়া জোনালীহঁতৰ ঘৰলৈ নাহিলেও জোনালীয়ে অশান্তিত সময় পাৰ কৰিব লগা পৰিবেশ এটাও লাহে লাহে আৰম্ভ হ’ল । এই ঘনিষ্ঠতা কিন্তু গোপনে নহয়, দহে দেখাকৈ । আজিকালি নবীন মাস্তৰে তিনি মাইল দূৰত মুকলি বিহু চাই দিন দুপৰতে চাইকেলত বহোৱাই জোনালীক ঘৰত থৈ যাব পাৰে । তাইও মাস্তৰক এতিয়া আপোন হোৱাৰ অধিকাৰত কথা ক’ব পাৰে । নহ’লেনো চৰপ চৰপকৈ চেণ্ডেলযোৰ চোচৰাই খোজ নাকাঢ়িবলৈ তাই তাগিদা দিব পাৰে নে ! মাস্তৰেও বেয়া নাপায়, তাইৰ কথাত হাঁহে । আপোন কৰাৰ অধিকাৰতে কাপোৰযোৰ নিচিলালাই বুলি অকৰা অভিমান এটাত মাস্তৰে মুখখন উফণ্ডাই দিয়ে । থিয়েটাৰ, ভাওঁনা চাই মাজনিশা ৰাস্তাৰে ঘৰলৈ আহি থাকোতে গজেন দলৈ ঘৰৰ পৰা ৰজনীহঁতৰ ঘৰলৈ মানুহ দুনুহ নোহোৱা এই বাটচোৱাত নবীন মাস্তৰে জোনালীৰ হাতত এতিয়া খামুচ মাৰি ধৰিব পাৰে আৰু ইচ্ছা কৰিলে মাস্তৰে তাইৰ সেন্দুৰীয়া গালখনত চুমাৰে ওপচাইও দিব পাৰে…. একান্ত বিশ্বাস আৰু একান্ত আত্মীয়তাত যে বাধাহীন চেনেহে উকমুকাই সেয়া জোনালীয়ে আজিকালি প্ৰতিমূহুৰ্ততে অনুভৱ কৰে ।

মিটিংখন ফটিক উকিলৰ ঘৰতে বহিছিল । এজন দুজনকৈ প্ৰায় বিশ- বাইশজন মান মানুহ গোট খালে । পৰিচালনা কমিটিৰ সভাপতি মহেন্দ্ৰ হাজৰিকাও আহিছিল । ইয়াৰ মাজতে তিলক মাস্তৰে উপাটো উলিয়ালে- “সেইখন স্কুলতে মই ওৰেতো জীৱন চাকৰি কৰিলো, অৱসৰো ল’লো । কিন্তু স্কুলৰ শৈক্ষিক পৰিৱেশ এনেকৈ বিনষ্ট হোৱা কাম কেতিয়াও নিজেও কৰা নাছিলো, আনকো কৰিব দিয়া নাছিলো । বিয়া হয়, কিবা হয় হৈ থাকক কিন্তু মোৰ বোধেৰে নবীনক দূৰলৈ বদলি কৰি দিলেই লেথা শেষ ।” প্ৰথমে কথাটো হেম মণ্ডলেই সন্মতি জনালে আৰু পিছলৈ সকলোৱে তাকে হয়ভৰ দিলে । ফটিক উকিলে সেই ছেগতে নিজৰ চিনাকী কিমান দূৰলৈকে আছে আৰু এনেকুৱা কাম যে তেওঁৰ বাবে তেনেই সাধাৰণ সেই কথা উনুকিয়াবলৈ নাপাহৰিলে ।

নবীন মাস্তৰক বদলি কৰি দূৰৰ স্কুল এখনলৈ পঠিয়াই দিয়া গ’ল । কথাটোৱে জোনালী আৰু মাক মনোৰমাক বৰকৈ অস্বস্তিত পেলালে । জোনালীৱে এক প্ৰকাৰ তাগিদাৰ সুৰতে নবীন মাস্তৰক ক’লে- “এনেকৈ আৰু কিমান দিন ? এনেকৈ থাকি লাভেই বা কি ! গতিকে ঘৰত কথা পাতক, বিয়া কৰাবলৈ যদি ইচ্ছা আছে সোনকালে দিন বাৰ থিক কৰক ।”

ইয়াৰ পিছত ঘৰত কি কথা পাতিলে নবীন মাস্তৰে সেয়া জোনালীয়ে নাজানিলে, কিন্তু দূৰৰ স্কুলখনৰ পৰা ঘৰ আহি পাওঁতে পলম হোৱাৰ অজুহাত এটা লৈ নবীন মাস্তৰে যে জোনালীহঁতৰ ঘৰলৈ অহাঁতো কমালে সেয়া অৱশ্যে জোনালীয়ে ঠিকেই ধৰিব পাৰিলে । লগ পালেও কোপোৰযোৰ কিয় চিলোৱা নাই তাৰ খতিয়ান ল’বলৈও এৰিলে । লাহে লাহে মাস্তৰৰ জোনালীহঁতৰ ঘৰলৈ অহাটো একেবাৰেই কমি গ’ল । পিছত এদিন ভায়েক তন্ময়ে আহি জোনালীক খবৰটো দিছিল- মাস্তৰৰ ঘৰত হেনো বিয়াৰ যো-জা চলিছে । ছোৱালী হেনো বহুত দূৰৰ । মাস্তৰে বোলে সন্মতি দিয়া নাছিল, পিছত সকলোৱে জোৰ কৰি ধৰাত বিয়ালৈ ৰাজী হৈছে । জোনালী মৌন হৈ ৰৈ গৈছিল । “সকলোৱে জোৰ কৰি ধৰিলে…” কথাটোৱে মনৰ মাজত খুন্দিয়াই থাকিল বহুদেৰিলৈকে । কিমান জোৰ কৰিলে এখন বিয়ালৈ কোনো আপত্তি নকৰাকৈ সন্মতি দিব পাৰি তাই নাজানে । কিমান জোৰ কৰিলে আনৰ বুকু এখন গচক মাৰি ভাগি দিব পাৰি সেয়াও তাই নাজানে । আনকি এতিয়া তাই কিমান জোৰেৰে লুকুৱালে তাইৰ অন্তৰ হেঁচা মাৰি ধৰা শোকটোক চকুপানীহৈ ওলাই নহাকৈ ৰাখিব পাৰি সেয়াও তাই অনুমান কৰিব নোৱাৰিলে । তথাপিও কান্দিলে…নিজৰ মুখখন আইনাত চাই ফেকুৰি ফেকুৰি নিশব্ধে, সংগোপনে বহু ৰাতি তাই কান্দিলে । আৰু যিদিনা জোনালীহঁতৰ আগফালৰ বাৰাণ্ডাখনত থিয়হৈ নবীন মাস্তৰৰ মাকে সৰু শৰাই এখনত তামোল পাণ এখনি মনোৰমালৈ আগবঢ়াই অনুনয়ৰ সুৰত ক’লে- “ল’ৰাৰ বিয়া, যাব ! ইহঁত দুটাকো ক’ব ।” সেইমূহুৰ্তত মনোৰমাইতো নিৰ্বিকাৰভাবে কথাবোৰ শুনি গৈছিল, কিন্তু কথাবোৰ শুনি যন্ত্ৰণাত চটফটাইছিল বেৰৰ সিপাৰে থকা জোনালীয়ে । নিশ্চলহৈ চোফাখনত বহি ৰৈছিল, দূৰৰ বেৰখনলৈ থৰহৈ চায় ৰৈছিল তাই, দুগালেৰে চকুপানীবোৰে বৈ আছিল, নিঃশব্দে… সেইসময়ত বেৰত ওলমাই থোৱা কেলেন্দাৰখনত জেঠি এটাই কিবা অচিন পোক এটাক গো-গ্ৰাসে গিলিবলৈ যত্ন কৰি আছিল । জোনালীৰ এনে লাগিছিল যেন এইমাত্ৰ এখন হৃদয়ক কোনোবাই আহি মুখাগ্নি কৰি গ’ল ।

তাৰ পিছত বহু বছৰ পাৰ হৈ গ’ল । হেম মণ্ডল, তিলক মাস্তৰহঁতৰ দৰে গাৱঁৰ কেইবাটাও মানুহো মৰিল, ডাঙৰবোৰতো বাদেই কেইবাজনীও বয়সত জোনালীতকৈ সৰু ছোৱালীৰো বিয়া হৈ গ’ল, হৰমোহন চকীদাৰৰ ল’ৰাটোও স্কুল যাব পৰা হ’ল, গাঁৱৰ ৰাস্তাটোও পকা হৈ আহিল লাহে লাহে । মাক মনোৰমাৰো কেটেৰেকৰ অপাৰেচন হৈ গ’ল, ইমানবোৰ পৰিৱৰ্তন হ’ল অথচ একে থাকিল কেৱল জোনালী । অৱশ্যে একেনো থাকিল কত ! পৰিৱৰ্তনচোন তাইৰো হৈছে, পয়ত্ৰিছৰ দেওনা পাৰ হওঁ হওঁ । চিন্তা আৰু বয়সৰ আচোঁৰত তাই আগতকৈ শুকাল, ক’লাও পৰিল, আইনা চাবলৈ এৰা নিচিনাই হ’ল, সেই সেন্দুৰীয়া গাল আৰু পুৰঠ বুকুৰ অহংকাৰ কেতিবাই নুমাল । কঠুৱা হৈ পৰা হাত বা আঙুলিৰ গাঠিবোৰ আৰু তৰতৰকৈ জিলিকি থকা হাতৰ আৰু ডিঙিৰ কাষৰ হাড়বোৰ দেখিলে তাইৰ আজিকালি এনে লাগে যেন সেয়া তাই নহয় ৰাস্তাৰ কাষত থিয়হৈ থকা লাইট পষ্টটোত জোনৰ পোহৰ পৰি দীঘল হৈ পৰা এটা ছাঁ হে । মুখৰ পুৰণি শালমনৰ দাগবোৰেও তাইক আজিকালি বৰকৈ উপলুঙা কৰে, অলপ অলপকৈ চুলি সৰি ডাঙৰহৈ পৰা কঁপালখনেও তাইক যেন বাৰে বাৰে সুৱঁৰাই দিয়ে ধুনীয়াযে তাই কোনোকালেই নাছিল । নবীন মাস্তৰ আছিল কেৱল কাহানিও পুৰ নোহোৱা এটা সপোনহে । বিয়াৰ বহুদিন পিছলৈকে মাস্তৰে খুৱ ধুনীয়া ছোৱালী এজনী পালে বুলি গাঁৱত বহুতেই কোৱা কুই কৰিছিল । নতুন কইনাক তাইৰ কিন্তু চাবলৈ সাহস হোৱা নাছিল । এদিন স্কুলৰ বাটেৰে শাহুৱেকৰ সৈতে পাৰহৈ যাওঁতে দূৰৰ পৰা হৰমোহণে দেখুৱাই দিছিল সেইজনীয়ে মাস্তৰৰ ঘৈনীয়েক বুলি । তাই খিৰিকিৰে জুমি চাইছিল । হয়, ঠিকেই, মানুহবোৰে কোৱাৰ নিচিনাই ধুনীয়া । সেইদিনা বাৰু তাই ঈৰ্ষাৰ জুইকুৰাত জাহ গৈছিল নেকি ! ক’ব নোৱাৰে, কিন্তু গোটেই দিনটো তাই কিবা এটা ভাল লগা নাছিল, ইচাত-বিচাত কৰিয়ে সময়বোৰ বৰ কষ্টৰে পাৰ কৰিছিল সেইদিনা । ইয়াৰ পিছত তাই বহুবাৰ নবীন মাস্তৰৰ ঘৈনীয়েকক দেখিছে, মুখে মুখে পৰিলে হাঁহো নাহাঁহোকৈ মিচিকিয়াই হাঁহি এটা মাৰিছে, অথচ কোনো দিন মানুহগৰাকীৰ লগত তাই কথা পতা নাই, কাকো মাস্তৰৰ বিষয়েও কোনোদিন একো খবৰ বাতৰি সুধা নাই । এতিয়া সেই পুৰণি কথাবোৰে তাইক একো আমনিও নকৰে । একেবাৰে সহজ হৈ পৰিছে নিজৰ জীৱনটোত । কিন্তু দেহাটোৱেহে বৰকৈ অস্বস্তিত পেলোৱা হৈছে তাইক । কি জানো হৈ থাকে, কেতিয়াবা মূৰটো ঘুৰাই, কেতিয়াবা আকৌ অত্যন্ত মূৰ বিষাই, কেইবাদিনো তাই স্কুলৰ পৰা সোনকালে গুচি গুচি আহিছে । ফাৰ্মাচি এখনৰ পৰা দৰবো খাইছে, ভাল পোৱা নাই । ডাক্টৰক ভালকৈ দেখুৱাব লাগিব বুলি বহুবাৰ ভাবিছে, এইবাৰ গৰম বন্ধতে টাউনলৈ গৈ ভালকৈ চেক-আপ এটা কৰি আহিব লাগিব বুলিও মনতে থিক কৰি থৈছে । তীব্ৰ ৰদত স্কুলৰ পৰা ওভতি আহি থকোতে হেমলতাৰ দোকানখনৰ ওচৰ পাওঁতেই স্কুটি এখন চলাই নবীন মাস্তৰ তাইৰ কাষেৰে পাৰহৈ গ’ল । বিয়াৰ অত বছৰৰ পিছত আজিহে মানুহটোক তাই ইমান ওচৰৰ পৰা দেখিছে, আগৰ সেই আকৰ্ষিত চেহেৰাটো নাই, বগা চাহাবেও পাত্তা নোপোৱা গাল দুখনো কলা পৰিল, ক্ষীণালেও নেকি ! নিশ্চয় মানুহটো চিন্তাতে এনেকুৱা হৈছে, হয়তো ঘৈণীয়েকজনীৰ পৰা সুখী হ’ব পৰা নাই, হয়তো সংসাৰ ঠিকমতে চলা নাই… হয়তো… এক মূহুৰ্ততে কত কথা তাইৰ মগজুৰে পাৰহৈ গ’ল । তেনেকুৱা একো নহ’বওতো পাৰে । মাস্তৰ ইতিমধ্যে পাৰহৈ বহুদূৰ পালেগৈ । তাই অজানিতে এবাৰ পিছলৈ ঘুৰি চালে, নবীন মাস্তৰ মীৰা খুড়ীহঁতৰ বাটো পাৰ হৈ গ’ল । হয়তো স্কুটিখনৰ আইনাত মাস্তৰেও তাইক চাই চাই গৈছে । কথাটো ভাবি মনটো কেনেকুৱা লাগিল তাই থিক ধৰিব নোৱাৰিলে, মূৰটো ঘূৰাই যাবলৈ খোজোতেই তাই মন কৰিলে দোকানৰ ভিতৰৰ পৰা হেমলতাই তাইলৈ চাই আছে, তাইৰ নিজকে সহজ কৰিবলৈ হেমলতালৈ চাই হাঁহি এটা মাৰিলে, কিন্তু পিছমূহুৰ্ততে তাইৰ মনত পৰিল মাকে কিবা দুটামান বস্তু নিয়াৰ কথা কৈছিল, দোকানৰ ওচৰ পাইছোৱে যেতিয়া একেবাৰে লৈ যোৱাই ভাল হ’ব বুলি তাই দোকানৰ ভিতৰলৈ সোমাই গ’ল । এইখন এতিয়া হেমলতাৰ দোকান । আজিকালি মানুহে মন্টু দোকান বুলি নোকোৱাই হৈছে, মন্টু দোকানী ঢুকোৱাৰ পিছত হেমলতাই বৰ সুন্দৰকৈ দোকানখন চলাই নিছে, দোকানখন আগতকৈ ডাঙৰো হ’ল, ফ্ৰিজ এটা আনি কলড্ৰিকংছ ৰখাও কৰিছে, তাতেই দিনত গৰমত ল’ৰাবোৰে কলড্ৰিকংছ খাই আৰু সন্ধিয়া বিভিন্ন বিষয়ত আড্ডা মাৰিবলৈ একগোট হয় । সেইদিনা মালবোৰ বান্ধি দিয়াৰ সময়ত হেমলতাই তাইক ভৰিৰ পৰা মূৰলৈকে চাইছিল । এক অদ্ভুট চাৱনিৰে তাই কি বুজাব খুজিছিল জোনালীয়ে অনুমান কৰিব নোৱাৰিলে । তাইৰ এনে লাগিল যেন হেমলতাই তাইক ক’ব খোজিছে বিধৱাৰ বন্দীশালত সোমাইও হেমলতা যেন তাইতকৈ বহুত বেছি সুখী । লগত প্ৰতি মূহূৰ্তত নিজৰ বুলিবলৈ হওঁকে নহওঁকে মন্টু দোকানীৰ স্মৃতি আছে অথচ গভৰু মনৰ চঞ্চলতাক বগা কাপোৰেৰে মেৰিয়াই থবও তাই নোখোজে, সেয়ে সন্ধিয়া হ’লেই আড্ডা মাৰিবলৈ গোটখোৱা জাক জাক ডেকা ল’ৰাৰ লগত সুবিধা বুজি মুখ চুপতি মাৰি সময় কটাবলৈও আমোদ পায় । অথচ জোনালীৰনো কি আছে, যিমানলৈকে ডিঙি মেলি নাচাওক কিয় জীৱনত খহি পৰা যৌৱন আৰু প্ৰতাৰণাৰ মেতমৰা স্মৃতিৰ বাহিৰে আছেনো কি ! হঠাৎ মূৰটো ঘুৰুৱা যেন লাগিল জোনালীৰ । মালখিনি লৈ তাই ঘৰলৈ উভতি আহিল । আহিয়ে টিভি থকা টেবুলখনতে তাই প্লাষ্টিকৰ মোনাটোৰ সৈতে বস্তুখিনি থ’লে আৰু চিধাই আইনাখনৰ ওচৰলৈ গ’ল । মূৰ ঘূৰুৱা অনুভৱ তল পৰিছিল সেইমূহূৰ্তত । একেথৰে বহুপৰ আইনাখনলৈ চালে । তাৰ পিছতে কি ভাবি জানো আলমাৰিটো খুলিলে, মাজৰ খাপটোৰ পৰা নবীন মাস্তৰে সেই জোনাক ৰাতি চোতালত দিয়া কাপোৰযোৰ ওলিয়াই চাদৰখন গাত মাৰিয়াই ল’লে আৰু যেতিয়া নিজকে চাদৰখনৰ ফুলবোৰৰ মাজত আইনাখনত এবাৰ চালে, দেখিলে চেহেৰাটো তাইৰ বেছিহে খহি পৰিছে, তাই আৰু শুকান হৈ গৈছে, তাইতকৈ চাগে হেমলতাৰ শৰীৰটোতে বহু বেছি যৌৱনে তগবগাই আছে । তথাপি তাইৰ নিজকে চাইয়ে থাকিব মন গ’ল । কিন্তু বৰ বেছিদেৰি তেনেকৈ চাই থাকিব নোৱাৰিলে, মূৰটো খুব বেছিয়ে ঘূৰাবলৈ ধৰিলে তাইৰ । কাপোৰযোৰ বিচনালৈ দলিয়াই দিবলৈ তাইৰ ইচ্ছা নগ’ল… গাত মেৰিয়াই লোৱা চাদৰখনেৰেই তাই বিচনাত শুই পৰিল । থৰহৈ তাই চাই আছে ওপৰৰ ফেনখনলৈ, ফেনখনে তাইলৈ…

জোনালী স্কুলৰ পৰা আহিলে সদায় একেলগে ভাত খাবলৈ ৰৈ থকা মাক মনোৰমাই যেতিয়া জোনালী আহিল বুলি গম পাই তাইৰ কোঠালৈ আহিল, তেতিয়া তাই পাতৰ কাপোৰযোৰ ডিঙিত মেৰিয়াই নবীন মাস্তৰে ইচ্ছা কৰিলেও ঢুকি নোপোৱা উচ্চাতাত নতুন কইনা এজনী দৰে ওলমি আছিল । চাদৰখনৰ অজস্ৰ সৰু সৰু অথচ ধুনীয়া ফুলবোৰৰ মাজত জোনালীও এপাঁহ ফুলহৈ জিলিকি আছিল । তাইৰ ভৰিদুখন মনোৰমাই জোৰেৰে বুকুত সাৱতি চিঞৰিব পাৰিছিল নে নাই নাজানে, কেৱল বাউলী মন এটাৰে তাইৰ ভৰিখনত পাৰে মানে চুমা খাইছিল । কিমান উচ্চাতাত থাকিলে নবীন মাস্তৰৰ প্ৰতাৰণাই তাইক ঢুকি পাব নোৱাৰে সেয়া চাবলৈকে চাগে তাইৰ মূৰটো তেতিয়া তললৈ ওলমি আছিল । পিন্ধি থকা বাওঁহাতৰ খাৰু পাঁচপাত হাতৰ মুঠিটোৰ ওপৰ অংশত থুপ খাই পৰিছে, তাৰে এপাত এদিন নবীন মাস্তৰৰ তলোৱাৰ তলত সোমাইছিল । টেঙাৰে ধুই খাৰুকেইপাতৰ কঁহটো চাফা কৰিম বুলিও নকৰিলে । গৰম বন্ধত চেক-আপ এটা কৰালৈ তাই ৰ’ব নোখোজিলে । লাহে লাহে মানুহবোৰ এটা এটাকৈ গোট খাইছিল, মনোৰমাৰ কান্দোনৰ চিঞৰ ৰাস্তালৈকে শুনা গ’ল । বলীয়াৰ দৰে চটফটাই থকা ভায়েৰ তন্ময়ক কেইবাটাও লগৰ ল’ৰাই জুম কৰি ধৰি ৰাখিছে । থিক তেনেকুৱা এটা পৰিবেশৰ মাজতে কাৰো চকুত নপৰাকৈ মানুহৰ মাজে মাজে আগবাঢ়ি আহি নবীন মাস্তৰে জোনালীৰ আধা মেলা চকুযোৰলৈ এপলক থৰহৈ চালে, তাৰ পিছত আকৌ কাৰো চকুত নপৰাকৈ গুচি গ’ল ।

যাওঁতে আনে মন নকৰিলেও, জোনালীয়ে বুজিলে আজি নবীন মাস্তৰে চেণ্ডেলযোৰ কিন্তু চৰপ চৰপকৈ চোঁচৰাই খোজকঢ়া নাই ।***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments