বৄন্দাবনৰ প্ৰেম ৪-কাৰাগাৰৰ মধ্যে ভৈল অৱতাৰ(প্ৰতিম প্ৰতাপ বৰুৱা)

বৄন্দাবনৰ প্ৰেম ৪-কাৰাগাৰৰ মধ্যে ভৈল অৱতাৰ(প্ৰতিম প্ৰতাপ বৰুৱা)

শ্ৰীকৄষ্ণৰ বাল্যকালচোৱাৰ ৰস পান কৰাৰ আগতে ৰাম-লক্ষ্মণৰ মাতৃ কৌশল্যা আৰু সুমিত্ৰাৰ বিষয়ে দুষাৰ কথা জানি লওঁ |

সুমিত্ৰাৰ দৰে মাতৃ আন কোন আছে ? সন্তানহীন ৰজা দশৰথক ঋষিয়ে আশীৰ্বাদ দিছিল – “এই ফল লৈ যোৱা, তোমাৰ ৰাণীক খাবলৈ দিবা | সন্তান হ’ব |” দশৰথে ফলটো দুটুকুৰা কৰি কৌশল্যা আৰু কৈকেয়ীক খাবলৈ দিলে | সুমিত্ৰাৰ ভাগত নপৰিল | কৌশল্যা আৰু কৈকেয়ীয়ে নিজৰ নিজৰ ভাগৰ পৰা এটুকুৰাকৈ কাটি সুমিত্ৰাক খাবলৈ দিলে | সুমিত্ৰাই দুইটুকুৰা ফল লৈ ক’লে – “এই ফলৰ প্ৰভাৱত মোৰ দুটি সন্তান জন্ম হ’ব | কিন্তু মোৰ সন্তান মোৰ হৈও মোৰ নহ’ব | চিৰদিন মোৰ এটা সন্তানে কৌশল্যাৰ সন্তানৰ আৰু আনটো সন্তানে কৈকেয়ীৰ সন্তানৰ সেৱা কৰিব |” কি মহান সেই নাৰী | দুটুকুৰা ফলৰ বিনিময়ত নিজৰ হবলগীয়া সন্তানৰ ভাগ্য নিৰ্ধাৰণ কৰি দিলে | সেয়ে লক্ষ্মণে ৰামৰ লগত আৰু শত্ৰুঘ্নই ভৰতৰ লগত চিৰজীৱন ছাঁৰ দৰে লাগি থাকিল | বিনিময়ত কৌশল্যাই কি কৰিলে ? ৰাম-ৰাৱণৰ যুদ্ধত মেঘনাদৰ বাণাঘাটত লক্ষ্মণ মৃতপ্ৰায় | হনুমানে সঞ্জীৱনী ঔষধ চিনি নাপাই গোটেই গন্ধমাদন পৰ্বতটোকে উঠাই আকাশীপথেদি ধাপলি মেলিছে | হনুমানে আকাশমাৰ্গেদি পাহাৰ উৰুৱাই লৈ যোৱা সেই অদ্ভুত দৃশ্য দেখা পালে ভৰতে | সেই সময়ত ভৰতে শ্ৰীৰামৰ পাদুকাযোৰকে সিংহাসনত থৈ ৰামৰ নামত অযোধ্যা শাসন কৰি আছিল আৰু নিজে বনৱাসীৰ দৰে জীৱন যাপন কৰিছিল | কোনোবা শত্ৰু বুলি ভাবি ভৰতে হনুমানক কাঁড়েৰে আঘাট কৰিলে আৰু হনুমান আহি তলত পৰিলহি | হনুমানৰ মুখে সকলো শুনি ভৰত তুৰন্তে সাজু হ’ল অযোধ্যাৰ সেনা লৈ ৰামৰ লগ লাগি ৰাৱণৰ সৈতে যুদ্ধ দিবলৈ | কিন্তু কৌশল্যাই ভৰতক বাধা দিলে আৰু হনুমানক ক’লে – “যোৱা হনুমান, মোৰ পুত্ৰ ৰামক ক’বা – সীতা আৰু লক্ষ্মণৰ দায়িত্ব অকল ৰামৰ ওপৰত | এই দুজনৰ এজনৰো যদি কিবা এটা হয় তেন্তে ৰাম অকলে অযোধ্যালৈ ঘূৰি আহিব নালাগে | ইয়াৰ পৰা যাওঁতে তেওঁলোক তিনিজন আছিল, ঘূৰি আহোতেও তিনিওজন থাকিব লাগিব |” লক্ষ্মণ আৰু সীতাৰ মৰমত কৌশল্যাই নিজৰ পুত্ৰ ৰামকে ত্যাগ কৰিব খুজিছিল |

ইয়াৰ তুলনাত আমি আৰু আমাৰ সমাজ কোনদিশে ? ভক্তিহীন, প্ৰেমহীন, ক্ষমাহীন এখন কঠোৰ সমাজৰ বাসিন্দা আমি | আজি আমাৰ সত্য আৰু ভগৱত্‍ প্ৰেমৰ কথা একেলেথাৰীয়ে দহমিনিট শুনিবলৈ ধৈৰ্য্য নাই, কিন্তু অবৈধ সন্তান, কুচক্ৰান্ত, বিবাহোত্তৰ প্ৰেম, শাহু-বোৱাৰীৰ কাজিয়া আদিৰে ভৰা টিভি চিৰিয়েলবোৰ ঘণ্টাৰ পিছত ঘণ্টা চাই থাকিব পাৰো | এবাৰ চাই হপাহ নপলায়, দিনে দুবাৰকৈ চাব পাৰো | টিভি চিৰিয়েল নিৰ্মাতাসকলক মোৰ সুধিবৰ মন যায় – নাতিয়েকৰ বয়স ২০ বছৰ হোৱাৰ পিছতো বুঢ়ী আইতাকৰ বিবাহোত্তৰ অবৈধ প্ৰেম দেখুৱাই ভাৰতীয় সমাজ আৰু সংস্কৃতিক তোমালোকে কোন দিশে লৈ যাব খুজিছা ?

শ্ৰীমদ্ভাগৱতৰ কথা আৰম্ভ কৰি কথাৰ লাচত আহি কৰ’বাত পালোহি | পুনৰ ঘূৰি যাওঁ শ্ৰীকৃষ্ণৰ কথালৈ |

কংসৰ কাৰাগাৰৰ এটা কোঠাত বন্দী বসুদেৱ আৰু দৈৱকী | কাষৰে আন এটা কোঠাত বন্দী মহাৰাজ উগ্ৰসেন | ইতিমধ্যে ছটি সন্তানক বসুদেৱ-দৈৱকীৰ চকুৰ আগতে কংসই কাৰাগাৰৰ বেৰত আচাৰি হত্যা কৰিছে | সপ্তম সন্তানক সংকৰ্ষণ প্ৰক্ৰিয়াৰে দৈৱকীৰ গৰ্ভৰ পৰা আনি বসুদেৱৰ আনগৰাকী পত্নী ৰোহিনীৰ গৰ্ভত স্থাপন কৰা হৈছে | ৰোহিনীয়ে আশ্ৰয় লৈছে বসুদেৱৰ মিত্ৰ নন্দ-যশোদাৰ ঘৰত গকুলত | অষ্টমবাৰৰ বাবে দৈৱকী সন্তানসম্ভৱা হৈছে | ইফালে কংসৰ অৱস্থা নাই – চিন্তাত, ভয়ত শুবও নোৱাৰা হ’ল | অলপ টোপনি আহিলেই সপোনত দেখে এটা শ্যাম বৰণীয়া সৰু লৰাই বুকুত বহি লৈ ডিঙিত চেপা মাৰি ধৰে | ইয়াৰ আগলৈকে বসুদেৱ-দৈৱকীক বন্দী কৰি থোৱা কাৰাগাৰৰ প্ৰহৰীৰ সংখ্যা আছিল দহহাজাৰ | ভয়তে কংসই প্ৰহৰীৰ সংখ্যা চৌধ্যহাজাৰলৈ বঢ়াই দিলে |

অৱশেষত বসুদেৱ-দৈৱকীৰ পৰম আকাঙ্খিত সেই দিনটো আহিল | ধৰ্ম্মৰ গ্লানি হোৱা দেখি, সাধুৰ পৰিত্ৰানাৰ্থে, দুষ্কৃতিক বিনাশ কৰিবলৈ, আৰু ধৰ্ম্মৰ পুনৰ সংস্থাপনাৰ্থে বসুদেৱ-দৈৱকীৰ অষ্টম সন্তানৰূপে শ্ৰীকৃষ্ণই অৱতাৰ ললে | সেইদিনা আছিল বুধবাৰ | সুৰদাসে গাইছে –

“কৃষ্ণপক্ষৰ অষ্টমী, অৰ্ধৰাত্ৰি বুধবাৰ |

কাৰাগাৰৰ মধ্যে ভৈল কৃষ্ণ অৱতাৰ ||”

অন্ধকাৰ কাৰাগাৰ এনেদৰে উজলি উঠিল যেন একেলগে এহেজাৰ সূৰ্য্যহে উদয় হৈছে  | দেৱকীয়ে কেচুৱাটো বুকুত সুমুৱাই লৈছেহে মাত্ৰ – এনেতে আকাশবাণী হ’ল – “এই সন্তানক এতিয়াই ইয়াৰপৰা নি যমুনা পাৰ কৰি গকুলৰ নন্দৰ ঘৰত থৈ আহাঁগৈ |”  বসুদেৱে ক’লে – কেনেকৈ যাম ? হাত ভৰিত শিকলি বন্ধা, কাৰাগাৰৰ বন্ধ দুৱাৰ, চৌপাশে প্ৰহৰী | কথাষাৰ শেষেই নহ’ল – বসুদেৱ-দৈৱকীৰ হাত ভৰিৰ শিকলি সুলুকি পৰিল, কাৰাগাৰৰ বন্ধ দুৱাৰ খোল খাই গ’ল আৰু চৌধ্যহাজাৰ প্ৰহৰী একেলগে গভীৰ নিদ্ৰাত পৰিল | কাষৰ কোঠাৰ পৰা মহাৰাজ উগ্ৰসেনে ক’লে – যোৱা বসুদেৱ, পলম নকৰিবা | দৈৱকীয়ে এটা পাচিত এখন মাত্ৰ কাপোৰ মেৰিয়াই শুৱাই দিলে সদ্যজাত কেচুৱাটো আৰু বসুদেৱে পাচিটো মুৰত তুলি ললে | আটাহ পাৰি উঠিল দেৱকী – “এবাৰ মাত্ৰ মোক কেচুৱাটো ভালকৈ চাই লব দিয়া |” পাচিটো মূৰত লৈ সেই মাজনিশা বসুদেৱ ওলাই গ’ল | পিছফালৰ পৰা চাই থাকিল দৈৱকীয়ে – কান্দি কান্দি চকুপানী শেষ হৈ গৈছে, নিজৰ ছটা সন্তানৰ মৃত্যু দেখি বুকু শিল হৈ গৈছে |

বসুদেৱ বাহিৰ ওলাইছেহে মাত্ৰ, আৰম্ভ হৈ গ’ল গাজনি-বিজুলী-ধুমুহা-বৰষুণ | কাৰণ প্ৰকৃতিয়ে জানিছিল – আজি এই ধৰাত কোনে অৱতাৰ লৈছে | শ্ৰীহৰিৰ মুখ দৰ্শন কৰিবলৈ প্ৰকৃতি উত্ৰাৱল হ’ল | বিজুলীয়ে উজলালে চৌদিশ, যাতে তাৰে পোহৰত প্ৰকৃতিয়ে শ্ৰীহৰিক দৰ্শন কৰিব পাৰে | ধাৰাষাৰ বৰষুণে অভিশেষ কৰিলে শ্ৰীহৰিক | বসুদেৱৰ সন্মুখত সেয়া যমুনা নদী | যমুনায়ো জানিছিল আজি সেয়া কোন আহিছে | বসুদেৱে শ্ৰীহৰিক মুৰত লৈ যমুনা পাৰ হৈছে | বৰষুণৰ পৰা শ্ৰীহৰিক ৰক্ষা কৰিবলৈ বিশাল ফণা মেলি আগবাঢ়ি আহিল নাগৰাজ | ইফালে শ্ৰীহৰিক স্পৰ্শ কৰিবলৈ উন্মাদিনী হৈ পৰিল যমুনা | ফেনে-ফোটোকাৰে বাঢ়ি আহি বসুদেৱক বাৰে বাৰে আঘাট কৰিলে | শেষত বসুদেৱৰ অৱস্থা দেখি শ্ৰীহৰিয়ে নিজেই পাচিটোৰ পৰা এটা ভৰি ওলোমাই দিলে আৰু সেই শ্ৰীচৰণ স্পৰ্শ কৰি যমুনা শান্ত হৈ পৰিল |

ইফালে গকুলত নন্দই যেন বাটহে চাই আছিল | বসুদেৱ গৈ পালতে নন্দৰজাই ওলাই আহি হাত পাতি ললে বসুদেৱৰ সন্তানত | দুয়ো মিত্ৰৰ মুখত মাত নাই, নন্দৰ মুখত হাঁহি আৰু বসুদেৱৰ চকুত ধাৰাসাৰ পানী | অৱশেষত বসুদেৱে নিজৰ সন্তানটি এবাৰ স্পৰ্শ কৰি কোনোমতে ক’লে – মই যাওঁ মিত্ৰ | নন্দই ক’লে – ৰবা বসুদেৱ | শুদা হাতে কেনেকৈ যাবা ? এইমাত্ৰ যশোদাই এটি কণ্যা সন্তান জন্ম দিছে | বেচেৰী যশোদা অচেতন হৈ আছে | সন্তানৰ মুখ দেখাই নাই | মোৰ এই কণ্যা সন্তানটি তুমি লৈ যোৱা আৰু কাইলে ৰাতিপুৱা যেতিয়া কংস আহিব তুমি মোৰ সন্তানটিকে কংসৰ হাতত তুলি দিবা | জগতৰ মংগলৰ বাবে কৰা নন্দৰ এই কামৰ তুলনা নাই |

 

..আগলৈ…..

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments