বেকাৰ হৈ থকা সকললৈ (ফাৰুক আজিজ)

যিমান যি হ’লেও আপোনাৰ

নিজা কিবা এটা আছে;

সময়, অফুৰন্ত সময়

সময় যে অমূল্য ধন।

আপোনাৰ সুখ দুখৰ নিশ্চয়তা নাই মানিছোঁ;

আপুনি যে সদায় আনৰ কৰ্কথনা শুনিব লাগে

কাৰণ তেওঁলোকৰ ভাষাত

আপুনি যে এজন অদৰ্কাৰী অপ্ৰয়োজনীয় পেলনীয়া সামগ্ৰী।

কিন্তু তেওঁলোকেতো নাজানে

আপোনাৰ হাতত আছে অমূল্য ধন;

আপোনাৰ এটা নিজস্ব জীৱন আছে

যাক আপুনি বিচৰাৰ দৰেই উপভোগ(?) কৰিব পাৰে

দিন দুপৰলৈ শুব পাৰে আপুনি

গধূলি বীৰেণৰ পাণ দোকানৰ সম্মুখত

জ্বলাই শেষ কৰি দিব পাৰে এটা ছিগাৰেট (বা এডাল বিড়ি)

কৰিব পাৰে চিন্তা দেশৰ বাবে

দিব পাৰে এটা লেকচাৰ ‘মেৰা গুজৰাট’ বা ‘আম আদমী’ৰ ওপৰত।

 

আপোনাৰ সুখ দুখৰ নিশ্চয়তা নাই মানিছোঁ;

আপুনি যে সদায় আনৰ কৰ্কথনা শুনিব লাগে

তেওঁলোকৰ ভাষাত আপুনি এটা কটা নিধক।

আপুনি হেনো কলেজত পঢ়ি থকা

আপোনাৰ ভণ্টীৰ বিয়াৰ কথা এবাৰো নাভাৱে।

কিন্তু তেওঁলোকেতো নাজানে ভণ্টীক

পঢ়াই শুনাই স্বাৱলম্বী কৰাৰ আপোনাৰ সপোনৰ কথা।

তেওঁলোকেতো নাজানে বাৰে বাৰে ফেইল কৰা

আপোনাৰ ইণ্টাৰভিউবোৰৰ কথা।

 

যিমান যি হ’লেও আপোনাৰ

নিজা কিবা এটা আছে;

এটা স্বাধীন মন

হাতত অফুৰন্ত সময়।

 

আপুনি দেখোঁ বুলিলেই দেখিব পাৰে

এটা ধুনীয়া সপোন;

অনিশ্চিত ভৱিষ্যতৰ এটা কল্লোলিত সপোন

য’ত থাকিব কেৱল আপুনি আৰু ……আৰু

কেৱল মাত্ৰ আপোনাৰ আধৰুৱা সপোনবোৰ।

চাওঁ বুলিয়েই চাব পাৰে এখন ধুনীয়া নাটক

মাৰিব পাৰে এটা কমেণ্ট এইখন অমুকৰ নকল

আপোনাক কোনেও হকা বাধা কৰিব নোৱাৰে

কাৰণ কাৰো হাতত নাই আপোনালৈ

অলপো সময় অলপো সহানুভূতি।

 

আপোনাৰ সুখ দুখৰ নিশ্চয়তা নাই মানিছোঁ;

আপুনি যে সদায় আনৰ চকুৰ কুটা দাঁতৰ শূল।

আপুনি হেনো নিজৰ জীৱনক লৈ অলপো চিৰিয়াচ নহয়

আপুনি হেনো আপোনাৰ মা-দেউতাৰ পৰি অহা বয়সৰ কথা এবাৰো নাভাৱে।

কিন্তু তেওঁলোকেতো নাজানে কিমান সযতনে পুহি ৰাখিছে

আপোনাৰ শিক্ষক পিতৃয়ে দিয়া নৈতিকতা আৰু শিক্ষাৰ পাৰহালক

যাৰ বাবেই হেৰুৱাইছিল আপুনি সোণৰ কণী পৰা হাঁহৰ দৰেই চাকৰিটো।

 

যিমান যি হ’লেও আপোনাৰ

নিজা কিবা এটা আছে;

নিজাকৈ কিছুমান পৰিকল্পনা

নিজকে আৰু আনকো স্বাৱলম্বী কৰাৰ এটা হেপাঁহ।

 

আপোনাৰ সুখ-দুখৰ নিশ্চয়তা নাই মানিছোঁ;

আপুনি যে সদায় বিয়াৰ বজাৰত এজন কুপাত্ৰ এখন নচলা নোট।

আপুনিও পাৰে এটা জাতীয়(?) সংগঠন জন্ম দি

তাৰ সভাপতি হ’বলৈ

চাকৰীয়াল বা অনাঅসমীয়া কোনো ব্যৱসায়ীৰ পৰা চান্দা তুলি

পাতিব পাৰে জাতীয় অভিৱৰ্তন;

আৰু নিদিলে জ্বলাব পাৰে ৰাস্তাত জুমুঠি

দিব পাৰে উদ্দাত্ত ভাষণ কেমেৰাৰ সম্মুখত অসম বিদ্বেষী বুলি;

আৰু এনেকৈয়ে হৈ যাব পাৰে আপুনি এজন জাতীয় নায়ক

বা বিয়াৰ বজাৰত এজন মূল্যবান মহাপাত্ৰ।

 

কিন্তু মই জানোঁ আপুনি নকৰে কাৰণ

যিমান যি হ’লেও আপোনাৰ

নিজা কিবা এটা আছে;

কাৰো ওচৰত বিক্ৰী কৰিব নোৱাৰা এটা বিবেক

আৰু ক’তো নিজৰ স্বাৰ্থৰ খাতিৰত বন্ধকত থব নোৱাৰা এটা চৰিত্ৰ।

 

মই জানো আপুনি এতিয়া পৰিকল্পনাত ব্যস্ত আহিবলগীয়া কাইলৈৰ বাবে

আপুনি সিদ্ধান্ত লৈছে হাতত নাঙল তুলি লোৱাৰ

খেতি কৰাৰ

মাছ পোহাৰ

ব্ৰয়লাৰ ফাৰ্ম খোলাৰ

নাপিত হোৱাৰ

ৰিক্সাচালক বা দৰ্জী হোৱাৰ;

কাৰণ আপুনি পণ লৈছে আপোনৰ লগতে আনকো স্বাৱলম্বী কৰি তোলাৰ।

 

(প্ৰাণজিৎ বৰুৱাদেৱৰ ”চাকৰি কৰি থকা সকললৈ…” আৰু ধনজিৎ কুমাৰ শৰ্ম্মাদেৱৰ “ব্যৱসায় কৰি থকা সকললৈ…” প্ৰত্যুত্তৰ হিচাপে লিখিলোঁ। কথনশৈলী আগৰদুটাৰ দৰেই ৰাখিলোঁ বা নকল কৰিলোঁ বুলিও ক’ব পাৰে।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments