বেঙেনা তিলেৰে কাৱৈ মাছৰ জোল —প্ৰণীতা দাস

উপকৰণ – কাৱৈ মাছ
বেঙেনা এটা,
গুৰি কৰা তিল ২ চামুচ,
পিয়াঁজ ১ টা,
কেঁচা জলকীয়া ৪টা,
আদা এডোখৰ,
নহৰু ১টা,
জিৰা গুড়ি এচামুচ,
ধনীয়া গুড়ি এচামুচ,
সৰিয়হৰ তেল, নিমখ, হালধি

প্ৰণালী – কাৱৈ মাছ কেইটা কাটি ধুই তেলত ভাজি উঠাই থৈ দিলোঁ, ৰৈ যোৱা তেলত কুটি লোৱা পিয়াঁজ, নহৰু বটা, জলকীয়া দি ভাজি কাটি লোৱা বেঙেনা দি ভাজিছো, ভালকৈ ভজাৰ পিছত গৰম পানী দি উতলিবলৈ দিলোঁ, আৰু মাছকেইটা দিলোঁ, আদা বটা, জিৰা গুড়ি, ধনীয়া গুড়ি দি ভাজি গুৰি কৰি লোৱা তিলৰ গুড়ি দিলো, ভালকৈ উতলাত নমাই থলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক