বেজবৰুৱাৰ কবিতাত ভাৱৰ প্ৰকাশশৈলী : মধুস্মিতা দাস

লক্ষ্মীনাথ বেজবৰুৱা, অসমীয়া সাহিত্যৰ জোনাকী যুগৰ নেতৃত্ব বহন কৰা এজন বিদগ্ধ সাহিত্যিক। জোনাকী কাকতৰ যোগেদি অসমীয়া সাহিত্যৰ কঠিয়াতলীত নতুনৰ কঠিয়া গুঁজি যুগান্তৰ অনাসকলৰ ভিতৰত ৰসৰাজ আছিল সৰ্বাগ্ৰণী। পুৰণি যেন লগা পৃথিৱীখনক নতুন দৃষ্টিৰে চাই বেজবৰুৱাদেৱে অসমীয়া ভাষা-সাহিত্যক নতুন ধাৰাৰে সজাই থৈ গৈছে। এই ক্ষেত্ৰত তেখেতৰ কবিতা সৰ্বাধিক আলোচ্য বিষয় হ’ব পাৰে বুলি নুই কৰিব নোৱাৰি।
তেওঁৰ কবিতা সৃষ্টিৰ উৎস হিচাবে প্ৰাচীন ভাৰতীয় সংস্কৃত কাব্য বা সমসাময়িক ইংৰাজী কাব্যক ধৰিব পৰা যায়; সেই কবিতাৰ বিষয় লাগিলে ৰোমান্স হওক বা ব্যংগ্যাত্মক হওঁক। অসমৰ প্ৰচলিত ৰোমাণ্টিক ধাৰাৰ কবিতাৰ বাটকটীয়া হিচাপে লক্ষ্মীনাথ বেজবৰুৱা সৃষ্ট কবিতাসমূহত থকা বহুৰঙী বৈশিষ্ট্য উল্লেখযোগ্য৷ সেয়ে চাগৈ বেজবৰুৱাই “মোৰ জীৱন সোঁৱৰণ”-ত উল্লেখ কৰিছে- ‘‘মোৰ মনৰ বহল পথাৰখন বাইৰণৰ কবিতাই কোমলালে, শ্যেলীৰ কবিতাই হাল বালে, কীটছৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰ কবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰটো কথাই নাই বিহমনা কোটকৰা পথৰুৱা বিহলঙনি আৰু চোঁৰাতকে আদি কৰি যিহৰে গুটি হওঁক পাৰিলেই সিয়েই ভৰভৰ কৰি গজি ‘মোক চা’ ‘মোক চা’কে উঠিব৷”
অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰাটোৰ এইজন জন্মদাতাই চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ দৰে পণ্ডিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ৰোমাণ্টিক কবিতাৰ কঠিয়াতলীখন চহালে। এইসমূহক নতুন ৰূপত পাঠকসমাজলৈ উলিয়াই দিয়াৰ মানসেৰে তেওঁৰ প্ৰথমখন কবিতা পুথি হিচাবে “কদম কলি” প্ৰকাশ পায় ১৯১৩ চনত। বহুমুখী প্ৰতিভাসম্পন্ন বেজবৰুৱাদেৱৰ সাহিত্য সাধনাৰ মূল উদ্দেশ্য আছিল দুটা। ইয়াৰে প্ৰথমটো হ’ল- দেশৰ জাতীয় ঐতিহ্যৰ উজ্জ্বল চানেকীবোৰ অসমীয়াৰ আগত দাঙি ধৰি সেইবোৰৰ অনুপ্ৰেৰণাৰে অসমীয়া জাতিটোক জগাই তোলা আৰু আগুৱাই নিয়া আৰু দ্বিতীয়টো উদ্দেশ্য হ’ল- সভ্য জাতিবোৰৰ ভাষা, সাহিত্যবোৰক আনি অসমীয়া সাজ-সজ্জাৰে সজাই-পৰাই নতুনকৈ ভাষা-সাহিত্যৰ সৌধ স্থাপন কৰা যাতে ইয়াৰ মাধ্যমেৰে জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিব পৰা যায়। বেজবৰুৱাদেৱৰ লিখনিত প্ৰেমৰ নিদৰ্শন সুস্পষ্টভাৱে প্ৰকাশ পাইছিল। তেওঁৰ দৃষ্টিক্ষেত্ৰ সুগভীৰ আছিল যাৰবাবে তেওঁৰ কবিতাত পৰম্পৰাগত অসমীয়া লোকগীত, বিহুগীত, আইনাম, ধাইনাম, দেহবিচাৰ গীত ইত্যাদিৰ প্ৰভাৱ সততে পৰিলক্ষিত হয়।
ছন্দবদ্ধতা কবিতাৰ প্ৰাণ। ই লয় আৰু তালৰ সৃষ্টি কৰি পাঠকৰ মনত আনন্দৰ ৰস দিয়ে। বেজবৰুৱাদেৱৰ কবিতাত অলংকাৰ ৰূপত ছন্দৰ প্ৰয়োগ পৰিলক্ষিত হয়। অসমীয়া বিহুগীত, বনগীত, দেহবিচাৰ গীত ইত্যাদিসমূহত ছন্দৰ প্ৰভাৱ দেখা পোৱা যায়। তদুপৰি বিখ্যাত বাঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ, মাইকেল মধুসুদন দত্তৰ কবিতাৰ ছন্দৰ প্ৰভাৱো তেওঁৰ কবিতাত পৰিলক্ষিত হয়। তেওঁৰ তৰা, অৱশেষ, প্ৰেম এই কবিতাসমূহ ইংৰাজী চনেট কবিতাৰ আধাৰত ৰচিত কবিতা।
এক অৰ্থত তেখেতৰ কবিতাৰ সংজ্ঞা হ’ল অনুভুতি আৰু উপলব্ধি। ধুনীয়া ফুল এপাহৰ সৌন্দৰ্য অনুভুতিৰ দ্বাৰাহে উপভোগ কৰা হয়। “কবিতা” নামৰ কবিতাটোত বেজবৰুৱাদেৱে কবিতাৰ সৌন্দৰ্য সুন্দৰভাৱে প্ৰকাশ কৰিছে।
শোকৰ সংগীত সিটি, বিষাদৰ সুৰ,
অতুৰৰ হুমুনিয়া লোতক চকুৰ!
বেজাৰৰ ক’লাৰেখা তৃষ্ণা তৃপিতৰ,
বিধবাৰ বুকুফটা যাতনা কাতৰ।
ছায়ামায়া সুখৰ সি খন্তেকীয়া হাঁহি,
সুৰভি বিলাই যোৱা গোলাপৰ পাহি।
(কবিতা)

তেওঁৰ মতে কবিতা হ’ল কবিৰ মনৰ পৰা স্বতঃস্ফুতভাবে প্ৰকাশ পোৱা শোকৰ গীত, বিষাদৰ সুৰ, খন্তেকীয়া সুখৰ হাঁহি। তেওঁ “কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক”বুলি লিখা কবিতাবোৰ ‘কদমকলি’ কবিতাপুথিৰ অন্তৰ্গত। তেওঁৰ কবিতা পুথি “কদমকলি”ৰ প্ৰতিটো কবিতা কবিতাৰ শাৰীত সংজ্ঞাৰে বান্ধিব নোৱাৰি। এই পুথিৰ কেইটামান কবিতাৰ বাহিৰে বাকী সকলোবোৰকে গীত বা সাধাৰণ পদ্য বুলিহে কোৱা দেখা যায়। অৱশ্যে যিকেইটি কবিতাত কাব্যৰ পৰশ পৰিছে সেইকেইটি সোণপানীৰে ছপাই বন্ধাই থ’বলগীয়া।
বেজবৰুৱাদেৱৰ কবিতাবোৰৰ সৰহভাগেই ব্যক্তিনিষ্ঠ। ব্যক্তিনিষ্ঠ গীতিকবিতাবোৰক স্বদেশপ্ৰেমমূলক, ভক্তিমূলক, প্ৰকৃতিবিষয়ক, প্ৰেমমূলক আৰু ছনেট আদি ভাগত ভগাব পাৰি। অৱশ্যে মালিতা, ব্যঙ্গ কবিতা, পেৰ’ডী আদিকো বস্তুনিষ্ঠ কবিতাত অন্তৰ্ভূক্ত কৰিব পাৰি।
তেওঁৰ কবিতাৰ সুৰ হ’ল স্বদেশ আৰু স্বজাতিৰ অনুৰাগ। সৰল আশাবাদ তেওঁৰ কবিতাৰ অন্যতম বিশেষত্ব। অসমসংগীত, বীণবৰাগী, মোৰ জন্মভূমি, ব্ৰক্ষ্মপুত্ৰ ইত্যাদিসমূহ তেওঁৰ স্বদেশপ্ৰেমমূলক তথা শ্ৰেষ্ঠ কবিতাৰ উদাহৰণ। বীণবৰাগী কবিতাটিত কবিৰ দেশৰ প্ৰতি থকা প্ৰেম আৰু সন্মান সুন্দৰভাৱে প্ৰকাশ পাইছে। তদুপৰি সীতা, সাৱিত্ৰী, দ্ৰৌপদী, সতী জয়মতীৰ যন্ত্ৰনাক এনেদৰে প্ৰকাশ কৰিছে যেন তেওঁ নিজে দুখত মগ্ন হৈ আছে। ইয়াৰ উপৰি অসমৰ বীৰ পুৰুষসকল যেনে ভগদত্ত, বীৰ চিলাৰায়, লাচিত বৰফুকন, ৰুদ্ৰসিংহ, নৰকাসুৰ, ভীষ্মক, ভাস্কৰ বৰ্মন ইত্যাদিসকলে দেশৰ হকে কেনেধৰণৰ অৱদান দি থৈ গ’ল তাৰ সুন্দৰ বিৱৰণ দাঙি ধৰিছে। “বীণ বৰাগী” কবিতাৰ শেষৰ স্তৱকটোত বেজবৰুৱাদেৱৰ সংস্কাৰকামী মনোভাৱ প্ৰকাশ পাইছে।
নতুন প্ৰাণৰ ন চকুযুৰি
দীপিতি ঢালি দে তাত,
পুৰণি পৃথিৱী ন কৈ চাই লওঁ
হে বীণ এষাৰি মাত।
(বীণ বৰাগী)

কবিৰ কাব্যিক ভাৱ প্ৰকাশৰ এক সমল হ’ল প্ৰতীক। প্ৰতীকৰ ব্যৱহাৰে ভাষাৰ মাধুৰ্য বঢ়ায়। বেজবৰুৱাদেৱৰ ‘প্ৰিয়তমা’ আৰু ‘প্ৰিয়তমাৰ সৌন্দৰ্য’ নামৰ কবিতা দুটিত প্ৰতীকৰ ব্যৱহাৰে কবিতা দুটিত কাব্যিক ৰস বৃদ্ধি কৰিছে।
সৰল আশাবাদ বেজবৰুৱাদেৱৰ কবিতাৰ এক অন্যতম বিশেষত্ব। তদুপৰি তেওঁৰ গম্ভীৰ কবিতাসমূহে তেওঁৰেই সুন্দৰ স্বৰূপটো দাঙি ধৰিছিল। ৰোমাণ্টিক কবিতাৰ অনুভুতিশীলতা, ভাৱপ্ৰৱণতা আৰু প্ৰকাশত নতুনত্বৰ ৰস আদিসমূহ গুণ তেওঁৰ কবিতাসমূহত দেখা পোৱা যায়। সেয়ে কাব্যজগতে তেখেতৰ কবিতাক কেৱল কবিতা বুলি নলৈ ফুলৰ পাপৰি বা সুবাসৰ সৈতে তুলনা কৰে।

প্ৰসংগ পুথি:
১/ অসমীয়া কবিতা (কৰবী ডেকা হাজৰিকা)
২/ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (সত্যেন্দ্ৰনাথ শৰ্মা)
৩/ অসমীয়া কবিতাৰ কাহিনী (ভবানন্দ দত্ত)
৪/ বেজবৰুৱাদেৱৰ কবিতাৰ ওপৰত বিভিন্নজনে লিখা কিছুসংখ্যক লেখা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক