বেজবৰুৱাৰ নাটকত গীতৰ প্ৰভাৱ: এটি আলোচনা (অঞ্জল বৰা)

পুৰণি কালৰ পৰা নাটকত গীত এটা বিশেষ উপাদান হিচাপে অন্তৰ্ভুক্ত হৈ আহিছে৷ প্ৰাচীন অসমীয়া সাহিত্য মূলতঃ আছিল ছন্দ বা ৰাগ-তালত ৰচিত৷ অংকীয়া নাটসমূহৰ মাজত গীতক চৰিত্ৰ একোটাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ইয়াৰোপৰি চৰিত্ৰসমূহৰ মুখত দিয়া বিভিন্ন বিলাপসমূহৰ মাজেৰেও চৰিত্ৰসমূহৰ মনৰ অৱস্থাৰ বৰ্ণনা কৰা হৈছিল৷ সূত্ৰধাৰেও বহু সময়ত গীতৰ মাধ্যমেৰে নাটকৰ কাহিনী আগবঢ়াই নিছিল৷ কিন্তু প্ৰকৃতাৰ্থত নাটকৰ মাজত গীতৰ নতুনত্বৰ প্ৰভাৱ আৰম্ভ হয় জোনাকী যুগৰ পৰা৷ জোনাকী যুগৰে অন্যতম নাট্যকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আটাইকেইখন নাটকতে তেওঁ বিভিন্ন ধৰণৰ গীতৰ ব্যৱহাৰ কৰিছে৷ কিন্তু নাটকসমূহৰ বিষয়বস্তু আৰু সম্ভৱতঃ বেজবৰুৱা সাহিত্যৰ হাস্যৰসাত্মক আৰু ব্যঙ্গাত্মক ৰচনাসমূহে সাধাৰণ পাঠকক অধিক আকৰ্ষণ কৰাৰ বাবেই গীতিকাৰ বেজবৰুৱাই বিশেষ প্ৰকাশ লাভ কৰিব নোৱাৰিলে৷ সেয়ে তেওঁৰ গীতৰ কথা আৰু বিষয়বস্তুৰ বিষয়ে একেবাৰে আলোচনা হোৱা নাই৷ আমাৰ এই আলোচনাত কেৱল তেনে গীতসমূহ আলোচনাৰ মাজলৈ অনা হৈছে, সমালোচনা বা বিশ্লেষণ আগবঢ়োৱা হোৱা নাই৷

লক্ষ্মীনাথ বেজবৰুৱাৰ সময় আছিল পুৰণি ধ্যান-ধাৰণাৰ পৰিৱৰ্তন হৈ নতুন ধ্যান-ধাৰণাৰ আগমণৰ সময়৷ বৃট্ৰিছৰ আগমনে অসমীয়া সমাজ আৰু সংস্কৃতিলৈ ইতিমধ্যে ব্যাপক পৰিৱৰ্তন কঢ়িযাই আনিছিল৷ বেজবৰুৱাই এই সময়তে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল৷ কলিকতাৰ পৰিৱেশ আৰু বৈবাহিক সূত্ৰে ৰৱীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ লগত সম্পৰ্ক আছিল বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ মাইলৰ খুটি৷ বেজবৰুৱাৰ সংগীত চৰ্চ্চাৰ পৰিৱেশ সৰুতেই ঘৰতে গঢ় লৈ উঠিছিল৷ মহাপুৰুষ শংকৰ-মাধৱদেৱৰ কীৰ্ত্তন-নামঘোষা, বৰগীত, ভটিমা আৰু বিহুনাম, বনগীত, বিয়ানামৰ মাজত ডাঙৰ দীঘল হোৱা বেজবৰুৱাৰ মনৰ মাজত সংগীতৰ কথা আৰু সুৰ জীপাল হৈ উঠিছিল৷ পিছল ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি ৰচনা কৰা কিছুমান কবিতাৰ শেষত তেওঁ ‘গীত’ বুলি লিখি ৰাখিছিল৷ আনকি বহু তেনে গীতি-কবিতাত সুৰ-তালো বান্ধি দিছিল৷ নাটকসমূহৰ মাজতো তেওঁ অসমৰ বিভিন্ন লোক-সংগীতক স্থান দিয়াৰ লগতে নিজস্ব ব্যঙ্গাত্মক শৈলীত অনেক ‘কীৰ্ত্তন-নামঘোষা’ৰ পদৰ আৰ্হিত গীত ৰচনা কৰিছিল৷ “তথাপি গীতিকাৰ বেজবৰুৱাক চিনি পাবলৈ সময় লাগিছিল৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে অসমীয়া গীত-মাতৰ নৱজন্ম দিয়াৰ আগতে আৰু জয়মতী কুঁৱৰী নাট মঞ্চস্থ হোৱাৰ পিছত ডালিমীয়ে ৰূপালী পৰ্দাত ৰাইজক গীত গাই শুনোৱাৰ আগতে লক্ষ্মীনাথৰ গীতত থকা কালিকাৰ কথা আমাৰ মানুহে তৎ ধৰিব পৰা নাছিল” (বেজবৰুৱা-গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড, জোৰণি, পৃষ্ঠা-১)৷
বেজবৰুৱাই নাটকৰ মাজত ৰচনা কৰা গীতিসমূহক আমি প্ৰয়োগৰ স্থান আৰু গীতৰ কথালৈ লক্ষ্য ৰাখি আমি প্ৰধানত বিদ্ৰুপাত্মক গীত আৰু হাস্যৰসাত্মক গীত এই দুটা ভাগত ভাগ কৰিলেও ইয়াৰে বহুতো গীতৰ মাজত অসমীয়া লোক-সংগীতৰ প্ৰভাৱ দেখা পোৱা যায়৷ বেজবৰুৱাই প্ৰধানকৈ সোৰোপা, উদ্যমহীন অসমীয়া জাতীক উন্নতিৰ পথত অগ্ৰসৰ কৰিবলৈ অহোৰাত্ৰি চেষ্টা কৰিছিল৷ সেয়ে তেওঁ নাটকসমূহৰ মাজতো গীতৰ মাধ্যমেৰে অসমীয়া জাতিৰ উদ্যমহীনতাক ব্যঙ্গ কৰিছিল৷ ইয়াৰ বাবে তেওঁ নাটকৰ মাজত কিছুমান ব্যঙ্গাত্মক ভাৱৰ গীতি ৰচনা কৰি অসমীয়া জাতীৰ মনত আত্মশুদ্ধিৰ ভাৱ জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল৷ এনে বেছিভাগ গীতেই বৰগীত আৰু কীৰ্ত্তনৰ পদৰ আৰ্হিত ৰচিত৷
বেজবৰুৱাই তেওঁৰ ‘বেলিমাৰ’ নাটকখনৰ মাজতো বৰগীতৰ আৰ্হিত এটা
ব্যাঙ্গাত্মকভাৱৰ গীত ব্যৱহাৰ কৰিছে৷ সেইটো হ’ল-
“উঠা উঠা বাপু কানীয়া হে
ৰাতি পৰভাত ভৈল৷
উখহা-নয়ন বুলি ঘনে ঘনে
বৰ আয়ে মাতিবে লৈল৷৷
মোৰ প্ৰানধন কানীয়া বাপুকণ
গামূৰি দি ত্যঁজ নিন্দ৷৷
কানীয়া ভকতে শিৰত তুলি লয়
কানিৰ পদ অৰবিন্দ৷৷ (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)
বৈষ্ণৱ সাহিত্যৰ গাম্ভীৰ্যপূৰ্ণ ৰচনাৰীতিৰ পৰা আঁতৰি আহি বেজবৰুৱাই পোন-প্ৰথমবাৰৰ বাবে সঠিক অৰ্থত সাহিত্যৰ মাজেৰে বিমল হাস্যৰসৰ সোৱাদ দিছিল৷ তেওঁৰ ব্যঙ্গাত্মক ৰচনাসমূহ বাহ্যিক দৃষ্টিত হাঁহি উঠা হ’লেও তাৰ অন্তৰালত এক গভীৰ স্বদেশপ্ৰেম আৰু সামাজিক দায়বদ্ধতাই ক্ৰিয়া কৰিছিল৷ কিন্তু কোনো কোনো সময়ত বেজবৰুৱাই কেৱল বিমল হাস্যৰসৰ বাবেই কিছুমান ৰচনা লিখিছিল৷ ইয়াৰ ভিতৰত হাস্যৰসাত্মক গীতিসমূহ অন্যতম৷
‘চক্ৰধ্বজ সিংহ’ নাটকৰ মাজত তেওঁ ‘টকৌ’, ‘গজপুৰীয়া’ আৰু ‘ৰূপহী’ চৰিত্ৰ কেইটাৰ মুখত সৰু-বৰ একাধিক গীত ব্যৱহাৰ কৰিছে৷ তলত এনে গীতৰ প্ৰথম অংশ উল্লেখ কৰা হ’ল৷ যেনে-
(১) “পুহমহীয়া পকা আঙঠা কাৰো ভাগ্যত হয়৷ কাৰো ভাগ্যত আঠীয়া
কল, চেঁচা পানী বয়” (পৃ. ১৪)৷
(২) “সাগৰৰ পানী জাক বান্দৰে, দিনে-ৰাতিয়ে খায়৷ সগৰ ৰজাৰ তথাপি
সাগৰত পানী চপচপায়” (পৃ. ১৫)৷
(৩) “মৰমৰ চিন চেলেকা-চেলেকি, (তাৰ) সৰু ভায়েক চুমা, চুমা মৰিল
বিঘিনিত পৰি, দদায়েক আহিল শুঙা” (পৃ. ১৭)৷
(৪) ভিনিহি ঐ লৈ যা মোক৷ ফুলৰ হাঁচটি বৈ দিম তোক৷৷ ফুলৰে
হাঁচটি মাজতে ফটা৷ ভিনিহিৰ নাকটো গুৰিতে কটা” (পৃ. ৬৬)৷
‘জয়মতি কুঁৱৰী’ নাটকত ‘খুহুটীয়া’ৰ মুখত দুই-এটা ধেমেলীয়া গীত ব্যৱহাৰ কৰিছে৷ যেনে-
“হুকি মাৰি সুধিলো সৰ্গদেৱ ৰজাই,
ভেকুৰি এথোপে থোপ, এই পাঁজি-
পুথিত কিনো কৈছে ভাঙি কথা কোৱা মোক” (পৃ. ৭৪)৷
‘বেলিমাৰ’ নাটকৰ মাজত বেজবৰুৱাই ব্যৱহাৰ কৰা এনে গীত হ’ল-
(১) “মঞি সোৰোঁহো ফটিকা চৰণ দুজা৷ কাহে কৰোহোঁ হামু আৱৰ
পূজা” (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)৷
(২) “ৰজা-প্ৰজা খৰিভাৰী ফুকন ডাঙৰীয়া, প্ৰেম-প্ৰয়াগত চুলি খুৰাই
সকলো বলিয়া” (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮৩)৷
বেজবৰুৱাই ৰচনা কৰা নাটককেইখনৰ মাজত একাধিক গীত ব্যৱহাৰ কৰিছে৷ গীতসমূহৰ মাজত অসমৰ সোণসেৰীয়া লোকগীতৰ বাচকবনীয়া অংশবোৰ ব্যৱহাৰ কৰিছে বা লোকগীতৰ আৰ্হিত নিজে ৰচনা কৰিছে৷ বেজবৰুৱাই পোন-প্ৰথমবাৰৰ বাবে অসমীয়া বৈষ্ণৱ সাহিত্যৰ বিভিন্ন পদ আৰু লোকগীতৰ আৰ্হিত নিজস্ব শৈলীৰে অসমীয়া গীতি-সাহিত্যত ন ন পৰীক্ষা চলাই আৰু নব্য শিক্ষিতৰ দৃষ্টি আকৰ্ষণ কৰে৷
“জয়মতী কুঁৱৰী” নাটকৰ মাজত বিভিন্ন প্ৰকাৰৰ লোকগীতৰ আৰ্হিত ৰচিত গীত দেখা পোৱা যায়৷ তলত এনে গীতৰ প্ৰথম অংশ উল্লেখ কৰা হ’ল৷ যেনে-
(১) সখী হে! কি কম দুখৰ কথা, অমৃত মথোঁতে/বিষ উপজিল/মিঠা মৌ
হ’ল তিতা (পৃ. ১১)৷
(২) “বৰচ’ৰাৰ মুখতে/বকুল ফুল ফুলিছে, নিতৌ তিনিপাহ সৰে৷ সৰ্গদেউৰ
চকুলৈ/চাবকে নোৱাৰি, হীৰা কি মুকুতা জ্বলে”(ধাইনাম),(পৃ. ৩০)৷
(৩) “গা হেলিমেলি কৰিছে বোপাদেওৰ, হলে শয়নৰে বেলি৷ চকু
তিৰেবিৰে কৰিছে বোপাদেওৰ, লোৱাঁহি পাটীতে লেটি” (নিচুকনি গীত), (পৃ. ৪৩)৷
(৪) “পৰ্বতৰ ঢেকীয়া/লিহিৰিপতীয়া, বতাহতে হালেজালে৷ ক’লা
আকাশত/বগে জাক পাতি/উৰা মাৰে কৰবালে” (বিহুগীত),(পৃ. ৪৬)৷
(৫) “ল’ৰা বুঢ়া কাক কয়/ডালিমী নুবুজে তাক৷ পৰ্বতে হাঁহে, নৈয়ে নাচে,
উৰিছে পখিলাজাক” (শিশুগীত),(পৃ. ৪৭)৷
“চিকৰপতি নিকৰপতি” নাটকৰ মাজত বিয়ানামৰ আৰ্হিত ৰচিত দুটা গীত আছে-
(১) “তুলিতে তলিচা, বহিছে আইদেউ, শৰাই লৈ মেলিছে চুলি হে ৰাম”
(বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১০৬৪)৷
(২) “চন্দ্ৰও চিকুণ এ, সূৰুযো চিকুণ এ, চিকুণ সৰগৰে তৰা হে ৰাম”
(বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১০৬৫)৷
“বেলিমাৰ” নাটকৰ মাজত বেজবৰুৱাই বহুতো চুটি চুটি গীত ব্যৱহাৰ কৰিছে৷ গীতসমূহৰ মাজত কেইবাটাও সুখপাঠ্য আৰু গভীৰ ভাৱব্যঞ্জক গীত আছে৷ ইয়াৰে দুই-এটা গীত বেজবৰুৱাই বৰগীতৰ আৰ্হিতো ৰচনা কৰিছে৷ তলত গীতসমূহৰ প্ৰথম শাৰী তুলি দিয়া হ’ল-
(১) “বৰঘৰৰ মূঁধতে/লোকাপাৰ যুৰি, ইটিয়ে সিটিলৈ চাই, হিয়াত
সাঁচতীয়া/মৰমবোৰ ঢালিছে মুখতে মুখ লগায়” (প্ৰথম অঙ্ক, চতুৰ্থ দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৮২)৷
(২) “হায়! জীৱনটো জলৰ ৰেখ, এটি হুমুনিয়া, একেটি কান্দোন, চকুলো
এটুপিৰ লেখ” (দ্বিতীয় অঙ্ক, দ্বিতীয় দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১১৯৮)৷
(৩) “আৰু কাকো নোবোলোঁ পিতা/তেজ-মঙহক পিতা বুলি, গোটেই হিয়া
হ’ল তিতা” (তৃতীয় অঙ্ক, পঞ্চম দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২০৫)৷
(৪) “কায়াতে লাগিয়েই ছায়াটি থাকিব, দুইৰো এৰা-এৰি নাই, গোলাপৰ
লগতে হাঁহিটি থাকিব কোনে কাক এৰি যায়?” (চতুৰ্থ অঙ্ক, তৃতীয় দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২১১)৷
(৫) “অতি হেঁপাহেৰে ৰচিলোঁ শয্যা, কোমল কুসুম পাতি, আঁহা প্ৰিয়তম!
আহা বন্ধু মোৰ! নিদ্ৰাত কটাম ৰাতি” (চতুৰ্থ অঙ্ক, তৃতীয় দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২১১)৷
(৬) “হায়! ইকৰাৰ মৰণ৷ দুই ম’হৰ যুঁজ লাগে, জোল হ’ল বন”
(চতুৰ্থ অঙ্ক, চতুৰ্থ দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২১৪)৷
(৭) “মেলি দে নাও নাৱৰীয়া কাই৷ লুইতৰ সোঁত ধীৰে বলি যায়”
(পঞ্চম অঙ্ক, পঞ্চম দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২২৪)৷
(৮) “সখা সুশীতল জল- জুলীয়া ফটিক চোৱাঁ কৰে টলমল” (পঞ্চম
অঙ্ক, অষ্টম দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২২৬)৷
(৯) “কোনে কয় নুপুৱাই আঁউসীৰ ৰাতি? আঁউসীয়ে আগবঢ়ায় পূৰ্ণিমাৰ
ৰাতি” (পঞ্চম অঙ্ক, দশম দৰ্শন), (বেজবৰুৱাৰ গ্ৰন্থাৱলী-দ্বিতীয়, পৃ. ১২২৯)৷
অসমীয়া সংগীতৰ লগত বেজবৰুৱাৰ সম্পৰ্ক আছিল শৈশৱ কালৰ পৰাই৷ অসমত বাংলা ভাষা প্ৰচলনৰ দৰে বাঙালী সংস্কৃতিয়েও এটা সময়ত গোটেই অসমযুৰি প্ৰভাৱ বিস্তাৰ কৰিছিল৷ আনকি অসমীয়া সত্ৰসমূহৰ গোঁসাই, মহন্তসকলেও গুৰুসকলৰ নাট-গীত-মাত পৰিহাৰ কৰি আধা কেচেলুৱা বঙালীৰে যাত্ৰা-গান ৰচনা কৰি তিথি-সংক্ৰান্তিয়ে অভিনয় কৰিছিল৷ বেজবৰুৱাৰ এই বিষয়ে ‘মোৰ জীৱন সোঁৱৰণ’ত নিজেই উল্লেখ কৰিছিল যে “আমি শিৱসাগৰলৈ যোৱাৰ কিছুদিনৰ আগতে হেনো বৰপেটাৰ বিখ্যাত তিথিৰাম বায়নে তেওঁৰ বঙ্গলা ‘যাত্ৰা-গানৰ-পালা’ লৈ উজনি দিগ্বিজয় কৰি ফুৰিছিল৷…বঙ্গলা ভাষা, বঙ্গলা গান, বঙ্গালীৰ নিচিনাকৈ চুলি কটা, চুৰিয়া-চোলা পিন্ধা, মুঠতে বঙ্গালী ‘ফেশ্যন’ (fashion) আৰু everything Bengali অৰ্থাৎ যি-কি নহওক সকলো বঙ্গালী আমাৰ অসমীয়াতকৈ যে শ্ৰেষ্ঠ, এই ৰোগে তেতিয়াৰ ডেকা তৰপৰ গাত ভালকৈয়ে ধৰিছিল (পৃষ্ঠা- ৪২)৷” কিন্তু বেজবৰুৱাই এই ঢৌত উটি নগৈ কীৰ্ত্তন-নামঘোষা-বৰগীতৰ আদৰ্শৰে নিজৰ লগতে অসমীয়া সাংগীতিক জগতখনকো উজ্বলাই তুলিছিল৷ বেজবৰুৱাৰ স্বদেশপ্ৰেমমূলক গীত কেইটাৰ বাহিৰে অন্যান্য প্ৰায়কেইটা গীতেই কীৰ্ত্তন-নামঘোষা-বৰগীতৰ লগতে অসমীয়া লোক-সংগীতৰ সুৰ শুনা যায়৷ তেওঁ মহাপুৰুষ শংকৰদেৱৰ “উঠৰে উঠ বাপু গোপালহে নিশি পৰভাত ভৈল” গীতটোক “উঠহে উঠ বোপা অসমীয়াহে, নিশি পৰভাত হ’ল” ৰূপত ব্যঙ্গ কৰিছিল৷ একেদৰে “তেজৰে কমলাপতি পৰভাত নিন্দ” বৰগীতটোক “এৰ অসমীয়া কাই ৰাতিপুৱা নিন্দ৷ তোৰ উখহা মুখ চাওঁ উঠ হেৰ ঢোদ” হিচাপে ব্যঙ্গ কৰি সুপ্ত সমাজখনক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল৷ তেখেতে অসমৰ সোণসেৰীয়া লোক-সংগীতৰ সুৰ আৰু শব্দচয়ন বুটলি আনি নিজস্ব ষ্টাইলেৰে তাক প্ৰকাশ কৰিছিল আৰু নৱ্য-শিক্ষিতৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ উদাহৰণ স্বৰূপে “জয়মতী কুঁৱৰী” নাটকৰ মাজত ব্যৱহাৰ কৰা “সখী হে! কি কম দুখৰ কথা, অমৃত মথোঁতে/বিষ উপজিল/মিঠা মৌ হ’ল তিতা৷” গীতটোৰ কথাখিনিলৈ মন কৰিলে দেখা যায় যে তাৰ শাৰীকেইটাৰ মাজতো বৰগীতৰ সুৰ শুনা যায়৷ গীতটোৰ “কি কম দুখৰ কথা” শাৰীকেইটা “আলো মাই, কি কহবো দুখ” হৈ ধ্বনিত হয়; তাত ৰোমাণ্টিকতাৰ আৱেশ নাই (লক্ষ্মীনাথ বেজবৰুৱা, ভৱেন বৰুৱা, পৃষ্ঠা-৪৯)৷ বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ৰ মাজত নিজেই “অসমত প্ৰচলিত পুৰণি ৰাগ-ৰাগিণীৰে সৈতে অসমীয়া সংগীত পুনৰ্জ্জীৱিত হৈ উঠাটো দেখি গ’লে মোৰ জীৱন ধন্য হ’ব বুলি…” (পৃষ্ঠা-২৩২) উল্লেখ কৰিছিল৷ বেজবৰুৱা পেচাত গীতিকাৰ নাছিল কিন্তু তেওঁৰ গীত আৰু সংগীতৰ প্ৰতি এটা এৰাব নোৱাৰা টান আছিল৷ সেয়ে তেওঁ সামাজিক দায়বদ্ধতাৰ এক অংশ হিচাপেও সংগীতক বাচি লৈছিল৷ গীতৰ মাজেৰেই তেওঁ স্বদেশপ্ৰেমৰ পৰা আৰম্ভ কৰি ব্যঙ্গলৈকে সকলো ক্ষেত্ৰতে এজন সম্ভাৱনাপূৰ্ণ গীতিকাৰ হিচাপেও নিজৰ পৰিচয় দিব পাৰিছিল৷ এই বিষয়ে অধিক বিশ্লেষণ, গৱেষণা হোৱাৰ প্ৰয়োজন আছে৷
প্ৰসঙ্গ পুথি:
(১) নাথ, কুমাৰ প্ৰফুল্ল (সম্পা.): চক্ৰধ্বজ সিংহ, বাণী মন্দিৰ, (২০০৪)
(২) নাথ, কুমাৰ প্ৰফুল্ল (সম্পা.): জয়মতী কুঁৱৰী, বাণী মন্দিৰ, (২০০৪)
(৩) বেজবৰুৱা, লক্ষ্মীনাথ: মোৰ জীৱন সোঁৱৰণ, বাণী মন্দিৰ, (২০০৫)
(৪) শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পা.): লক্ষ্মীনাথ বেজবৰুৱা, অসম প্ৰকাশন পৰিষদ, (১৯৮১)
(৫) শইকীয়া, নগেন (সম্পা.): বেজবৰুৱা ৰচনাৱলী, তৃতীয় খণ্ড, (২০১০)
(৬) হাজৰিকা, অতুল চন্দ্ৰ (সম্পা.): বেজবৰুৱা গ্ৰন্থাৱলী (প্ৰথম খণ্ড), সাহিত্য প্ৰকাশন, (১৯৬৮)
(৭) হাজৰিকা, অতুল চন্দ্ৰ (সম্পা.): বেজবৰুৱাৰ গ্ৰন্থাৱলী (দ্বিতীয় খণ্ড), সাহিত্য প্ৰকাশ, (১৯৭০)
(৮) বৰা, অঞ্জল: প্ৰান্তিক (প্ৰবন্ধ: বেজবৰুৱাৰ গীতিকবিতা আৰু তেখেতৰ কবিতাত লোকসংগীতৰ প্ৰভাৱ), ৩২শ বছৰ, ১৮শ সংখ্যা, ১৬-৩০ জুন (২০১৩)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments