বেজবৰুৱাৰ সাহিত্য – ধাৰা আৰু জনগণৰ সাহিত্য (ৰক্তিম শৰ্মা)

বেজবৰুৱা সম্পৰ্কত এতিয়াও অসমৰ বৌদ্ধিক সমাজত বিস্তৰ চিন্তা চৰ্চাৰ প্ৰসাৰ নোহোৱাটো প্ৰকৃততে আক্ষেপৰ কথাই৷ শেহতীয়াকৈ যিখিনি আলোচনা বিভিন্ন কাকত-গ্ৰন্থত হৈছে সেইখিনিয়ে অসমৰ গৰিষ্ঠ সংখ্যক শিক্ষিতক স্পৰ্শ কৰিব পৰা নাই বুলি কলে কিজানি অত্যুক্তি কৰা নহ’ব৷ অসমৰ ভাষিক সংগ্ৰামৰ ইতিহাসত বেজবৰুৱাৰ অৱদান আৰু বংগীয় নৱজাগৰণৰ পটভূমি যেনেকৈ গুৰুত্বপূৰ্ণ ঠিক তেনেকৈ ভাষা প্ৰতিষ্ঠা কৰিবলৈ তেওঁ যি ধাৰাৰ জন্ম দিছিল তাক জনাটোও সমানেই গুৰুত্বপূৰ্ণ৷
১৮৭২ চনলৈকে অসমত বাংলা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ চলোৱা হৈছিল, অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম বাংলা আছিল৷ বহুতেই এইক্ষেত্ৰত বঙালী পণ্ডিত সকলক জগৰীয়া কৰিব খোজে যদিও প্ৰকৃততে অসমৰ বিদ্যালয়ত বাংলা মাধ্যম চলোৱাৰ পক্ষপাত স্বয়ং ব্ৰিটিছসকলেই আছিল৷ বাংলা ভাষা আৰু কলিকতাক বাদ দি অসমত ইংৰাজী শিক্ষা প্ৰৱৰ্তন অসম্ভৱ বুলিয়ে ভাবিছিল ব্ৰিটিছে৷ অৱশ্যে বঙালী আমোলা সকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্ৰিটিছৰ ভূমিকাৰ সমৰ্থন কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক অস্বীকাৰ কৰা নাছিল বুলিলে সেয়া নিশ্চয় সত্যৰ অপলাপ হ’ব৷ বেজবৰুৱাদেৱ নিজেই ঠাকুৰ পৰিয়ালৰ জোৱাই হোৱা স্বত্বেও বা নিজেই কলিকতা-প্ৰবাসী হোৱা স্বতেও বঙালী পণ্ডিতৰ এনে দৃষ্টিভংগীৰ বিৰুদ্ধে তেওঁ কলমকেই অস্ত্ৰ হিচাপে ধাৰণ কৰিছিল৷

এটা কথা নিশ্চিত যে অসমত ভাষা ভিত্তিক জাতীয়তাবাদৰ প্ৰসাৰ ঘটাইছিল স্বয়ং খ্ৰীষ্টান মিছনেৰীসকলে৷ কিন্তু সেই ভাষাক গ্ৰহণযোগ্য মান্য ভাষাৰ ৰূপ দিয়াৰ আঁৰৰ ব্যক্তিজনেই আছিল বেজবৰুৱা৷ স্থানীয় উপভাষিক উপাদানবোৰৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিয়েই শদিয়াৰ পৰা ধুবুৰীলৈ এটা মান্য ভাষা সৃষ্টিত বেজবৰুৱাই অহোপুৰুষাৰ্থ কৰিছিল৷ কাৰণ বিংশ শতিকাৰ প্ৰথম ভাগতে বাংলা ভাষাৰ প্ৰভাৱ শেষ হৈ যোৱা নাছিল বৰং ঠাই বিশেষে শক্তিশালীভাবে বাংলা ভাষাৰ প্ৰবাহ চলি আছিল৷ এনে দৰে বাংলা ভাষাৰ সম্প্ৰসাৰণে অসমীয়া ভাষাক ভৱিষ্যতে সংকটত পেলাব বুলি ভাবিয়েই বেজবৰুৱাই মান্য ভাষা এটা গঢ় দিয়াত আত্মনিয়োগ কৰিছিল৷এইক্ষেত্ৰত বেজবুৰৱাদেৱৰ সবল নেতৃত্বই তেখেতক অসমীয়া ভাষা-সাহিত্যৰ মহাৰথী কৰি থৈ গ’ল৷

১৯০৭ চনত পদ্মনাথ গোহাঁই বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ঊষা’ত বেজবৰুৱাদেৱে ‘কৃপাবৰ বৰবৰুৱাৰ প্ৰত্যাগমন’ নামৰ এখন ব্যঙ্গাত্মক ৰচনা প্ৰকাশ পোৱাত এংলো ইণ্ডিয়ান সকলক উপলুঙা কৰা বুলি ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰে আৰু চৰকাৰে জবাবদিহি কৰাত পদ্মনাথ গোহাঁই বৰুৱাই ৰজাঘৰক ক্ষমা ভিক্ষা কৰি কয় যে বেজবৰুৱাৰ সৈতে আমাৰ মত নিমিলে৷ এই ঘটনাই বেজবৰুৱাক অপমানিত কৰে আৰু ‘ঊষা’ৰ সৈতে সম্পৰ্ক ছেদ কৰে৷ বেজবৰুৱাৰ কৃপাবৰী ৰচনাত আছিল অৰ্ধশিক্ষিত-ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ নিজকে পাহৰি যোৱা আঢ্যৱন্ত সকলৰ প্ৰতি তীব্ৰ উপসাহ৷ কৃপাবৰী ৰচনাই আছিল বেজবৰুৱা দেৱৰ বাবে এক তীক্ষ্ণ ধাৰাল অস্ত্ৰ৷ যি সময়ত উচ্চশিক্ষিত অসমীয়াক বৰ্ণবাদী চিন্তাই গ্ৰাস কৰিছিল সেই সময়ত বেজবৰুৱাই ধৰ্ম-জাত-পাতৰ উৰ্ধত গৈ সাধাৰণ লোকৰ জীৱনৰ প্ৰতি মানৱীয় সহানুভূতিশীলহৈ সাহিত্যৰ প্ল’ট বাছনি কৰিছিল৷ “….বেজবৰুৱাদেৱেই প্ৰথম পুৰণি মালিতাৰ আৰ্হিত অসমীয়া ভাষাত ধনবৰ ৰতনী, ৰতনীৰ বেজাৰ, আদি মালিতা ৰচনা কৰে৷ ‘ভদৰী’য়েই হওক, বা ‘কন্য’ই হওক বা ‘ৰতনমুণ্ডা’ই বা ‘ভৈৰা’ই হওক এই চৰিত্ৰবোৰৰ প্ৰতি বেজবৰুৱাই অনুভৱ কৰা এক মানৱীয় প্ৰেম আৰু সহানুভূতি লক্ষ্য কৰিবলগীয়া৷ এইটোও লক্ষ্য কৰিবলগীয়া যে বেজবৰুৱাৰ গল্প আৰু কৃপাবৰী ৰচনাত বেজবৰুৱাৰ আক্ৰমণৰ লক্ষ্য হৈছে অৰ্ধশিক্ষিত বা ইংৰাজী শিক্ষাৰে শিক্ষিত এচাম তথাকথিত ডাঙৰীয়া স্তৰৰ মানুহ, লক্ষ্য হৈ পৰিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰাচ্ছন্ন মানুহ৷ তেওঁৰ ৰচনাত ক’তো সাধাৰণ নিৰক্ষৰ মানুহ আক্ৰমণৰ লক্ষ্য হোৱা নাই৷ তেনে মানুহৰ অজ্ঞতাক তেওঁ ঠায়ে ঠায়ে নিৰ্মল হাস্যৰসৰ লক্ষ্য কৰি লৈছে কিন্তু তাতো তেনে চৰিত্ৰৰ গাত দোষাৰোপ কৰা নাই (শইকীয়া নগেন; বেজবৰুৱা ৰচনাৱলী ১ম খণ্ড)৷

সাধাৰণ মানুহৰ মুখৰ ভাষা, ফকৰা-যোজনা, উপমা অলংকাৰ, জতুৱা প্ৰকাশভংগী আদিৰ জৰিয়তে বেজবৰুৱাদেৱৰ ভাষাক অসমীয়া সাহিত্যৰ সৰ্বোত্তম আৰ্হি হিচাপে পৰিগণিত হৈ ৰ’ল৷ যি সময়ত শিক্ষিত উচ্চবৰ্ণই বিহুক ইতৰৰ সংস্কৃতি বুলি ইতিকিং কৰিছিল আনকি গুনাভিৰাম বৰুৱাৰ দৰে আধুনিক মনৰ মানুহেও ইয়াক সহজভাৱে ল’ব পৰা নাছিল সেই লোক সাহিত্য-লোক কাহিনী আদিৰ উপাদানকে বেজবৰুৱাদেৱে সাহিত্যৰ উৎকৃষ্ট বিষয় হিচাপে বাছি লৈছিল৷ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’, ‘জোনাকী’ৰ প্ৰকাশ সকলো স্তব্ধ হৈ যোৱাৰ পিছত একমাত্ৰ বেজবৰুৱাদেৱৰ প্ৰচেষ্টাতেই পুনৰ ঠন ধৰি উঠিছিল ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰাম৷ সেই সংগ্ৰামৰ একমাত্ৰ উদাহৰণ ‘বাঁহী’৷ ১৯১০ চনৰ পৰা ১৯২১ চনলৈ ‘বাঁহী’ আছিল বেজবৰুৱাদেৱৰ এপাত শক্তিশালী অস্ত্ৰ৷ যিয়ে অসমীয়া ভাষাক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ যত্ন কৰিছিল বা অবান্তৰ সমালোচনা কৰিছিল বেজবৰুৱাদেৱে ‘বাঁহী’ত তাৰ চোকা প্ৰত্যুত্তৰ দি মুখ মাৰিছিল৷ ‘বাঁহী’ৰ টোণত তেওঁ ভৰাই লৈছিল অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ যুক্তি-তথ্য লগতে কৃপাবৰী সাহিত্যৰ দৰে ব্যংগৰ ধাৰাল কাঁড়৷ এই সংগ্ৰামত তেওঁৰ সহযোদ্ধা আছিল চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডিম্বেশ্বৰ নেওগ, পদ্মধৰ চলিহা, অমিয় কুমাৰ দাস, যতীন্দ্ৰনাথ দুৱৰা আদি গুণী ব্যক্তিসকল৷

বংগদেশত হোৱা নৱজাগৰণে কেৱল বংগদেশতে নহয় সমগ্ৰ ভাৰততে নতুন চিন্তাৰ এক ঢৌ বিয়পাই দিছিল৷ উনবিংশ শতিকাৰ শেহৰ ফালে কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে এই নৱজাগৰণৰ মাজতে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ পথ বিচাৰি পাইছিল৷এই পথেই আনি দিছিল অসমীয়া ৰমন্যাসিক সাহিত্যৰ আন্দোলন৷ কেৱল বেজবৰুৱাদেৱৰ চেষ্টাৰ মাজেৰেই সেই সময়ৰ শিক্ষিত চিন্তাশীল ব্যক্তিসকলে নিজৰ ভাব প্ৰকাশৰ ক্ষেত্ৰ বিচাৰি পাইছিল আৰু সৃষ্টি হৈছিল অসমীয়া সাহিত্যৰ নৱযুগ৷ মহেশ্বৰ নেওগদেৱে সেইকাৰণে সেই যুগটোক ‘বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰিছে৷ অসমীয়া চুটিগল্পৰ জনক, ব্যংগ সাহিত্যৰ পৰা আৰম্ভ কৰি চিৰিয়াছ প্ৰৱন্ধ, উপন্যাস, সাধুকথালৈকে বেজবৰুৱাদেৱে অসমীয়া সাহিত্যলৈ যি নতুন ধাৰা বোৱাই আনিছিল সেই ধাৰাই আজিলৈকে অসমীয়া সাহিত্যক উত্তৰণৰ বাট দেখুৱাই আহিছে৷ বেজবৰুৱাই যদিও ৰাজশক্তিৰ বিৰুদ্ধে এটা বাক্যও উচ্চাৰণ কৰা নাছিল তথাপিও ‘পৰোক্ষভাৱে হ’লেও অসমীয়া ভাষা-সাহিত্যৰ এই নৱযুগে অসমীয়া মানুহক ৰাজনৈতিক চেতনা আহৰণ কৰিব পৰাকৈ মানসিকভাৱে প্ৰস্তুত কৰি তুলিছিল(শইকীয়া নগেন; বেজবৰুৱা ৰচনাৱলী ১ম খণ্ড)৷

একবিংশ শতিকাত আজি দেখা গৈছে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ সৃষ্ট গোলকীয় পন্য-সংস্কৃতি,  কৰ্পোৰেট ভাষা৷ ইংৰাজী ভাষা আৰু হিন্দীলবীৰ ভাষিক সম্প্ৰসাৰণে অসমীয়া ভাষা-সাহিত্যক গ্ৰাস কৰিবলৈ লৈছে৷ অকল সেয়াই নহয়, নতুন নতুন ধাৰাৰ সৃষ্টিৰে সাহিত্যক জনগণৰ পৰা আঁতৰাই অনাৰ কৌশলো এতিয়া পৰিপক্কহৈ উঠিছে সমাজত৷ সাহিত্য কাৰ বাবে আৰু কিয়, আংশিক হলেওঁ এই প্ৰশ্নৰ সমিধান দিব পাৰে বেজবৰুৱাৰ ৰচনা ধাৰাই৷ সেয়ে অসমীয়া ভাষাৰ উত্তৰণ আৰু প্ৰকৃত জনগণৰ সাহিত্য সৃষ্টিত বেজবৰুৱা দেৱৰ প্ৰাসংগিকতা আজিও আছে সেয়া কোনেও অস্বীকাৰ কৰাৰ উপায় নাই৷ এই চেগতে জ্যোতিপ্ৰসাদ আগৰৱালালৈ লেখা বেজবৰুৱাৰ চিঠিৰ একাংশঃ প্ৰাসংগিক যেন পাই তুলি দিলো৷

“জ্যোতি বোপা,

জয়মতী ৰেকৰ্ড পালোঁ৷ মোৰ হৈ অনুগ্ৰহকৈ চেনোলা কোম্পানীক ধন্যবাদ জনাবা৷
মই nervous হৈ আছিলোঁ৷ পিছে ৰেকৰ্ডবোৰ ridiculous হয় , আৰু বিদেশীৰ আগত আমি হাহিয়াতৰ পাত্ৰ হওঁ৷ কিন্তু শুনাৰ পিছত মোৰ যে nervousness এইযে গল এনে নহয় , বুকু ডাঠহৈ পৰি proud feel কৰিছোঁ৷ …উড়িয়া ৰেকৰ্ডত গান মই যতবাৰ মই শুনিছো , মোৰ ধাৰণা দৃঢ় হৈছে যে সেইবোৰ বঙ্গলা গানৰ উড়িয়া তাঙৰণ— উড়িয়া কথাকেইটাৰ বাহিৰে তাত উড়িয়াত্ব একো নাই…কিন্তু তোমাৰ ৰেকৰ্ডে গতানুগতিক বঙ্গলাৰ খোজে খোজে ভৰি নথৈ প্ৰকৃত অসমীয়া জাতীয় সুৰ আৰু মাত কথাৰ জোঁকাৰ সকলোৰে আগত প্ৰকাশ কৰি দিছে৷ ….তাত মোৰ সম্পৰ্ক আছে বুলি মই এই কথা কোৱা নাই…মই মোৰ ওপৰতে নিৰ্মম critic হবৰ ক্ষমতা মোৰ আছে…!

স্নেহাশীৰ্বাদ৷
শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা৷

প্ৰসঙ্গ পুথি : শইকীয়া নগেন; বেজবৰুৱা ৰচনাৱলী ১ম খণ্ড, প্ৰকাশ: ২০১০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক