‘বেটুপাতৰ আঁৰৰ কথা’ (সমুদ্ৰ কাজল শইকীয়া)

সমুদ্ৰ কাজল শইকীয়া


শৰৎ বুলিলে যি চিকুণ চিকুণ কোমলতা আৰু সৰলতাৰ কথা মনলৈ আহে, যি শুধ বগা কঁহুৱানিৰ কথা মনলৈ আহে, যি নিফুট জোনাকৰ কথা মনলৈ আহে তাৰ লগে লগেই এবেলি আৰু বহু কথা মনলৈ আহিছে। সিদিনা কিমান ঘৰ জ্বলিল? কিমান ঘৰ এতিয়া পানীত বুৰিল? তথাপি শৰৎ আহিছে। হয়, সমুখত এখন ফৰকাল আকাশ দেখা পাইছোঁ। হাজাৰ বাৰ শুনিও হেঁপাহ নপলোৱা ভূপেন হাজৰিকাই গোৱা পার্বতি প্রসাদৰ গান দিনে নিশাই মনতে গুণ-গুণাই আছোঁ। ভূপেন দা আছিল শৰতৰ প্রেমিক। পার্বতি প্রসাদো। কলীয়া ডাৱৰৰ চকুপানী টোকা কান্দোনৰ ওৰ পৰিবলৈকে তেওঁ বাট চাই আছিল। দিখৌ নৈৰ বুকুলৈ অহা শেহতী বানৰ মাজতো তেওঁ বিচাৰি পাইছিল আশাৰ সম্বাদ। হয়, “আজি আকাশৰ শেষ হ’ব পায় শেষ বাৰিষাৰ গান…” এই গানটোৰ কথাকেই কৈছোঁ। সম্ভৱতঃ অসমীয়া ভাষাত আজিকোপতি ৰচিত সমস্ত গানৰ ভিতৰত এইটো এটা অন্যতম নিটোল গান। ভাবে ভাষাই নিটোল। কেৱল শৰৎ বন্দনা নহয়। নহয় কেৱল বতৰৰ পৰিৱর্তনৰ এটা নিচক বর্ণনা মাত্র। একান্তই সৰল ভাব ভাষাৰ মাজত লুকাই আছে এটা বৈপ্লবিক অভিবাদন। “ডাৱৰৰ যুঁজতে সূৰুজ জিকিলে এন্ধাৰ ক’ৰবালে’ গ’ল, পোহৰৰ কাঁড়েৰে ডাৱৰ সৰকালে বতৰ ফৰকালে হ’ল” – বৈপ্লবিক অভিনন্দন এইখিনিতেই। কবিত্বৰ কি অভিনৱ দৃষ্টান্ত! “ডাৱৰ সৰকালে” আৰু “বতৰ ফৰকালে”ৰ কি আপুৰুগীয়া ছান্দিক সৌন্দর্য! পাছলৈ নাচাই সন্মুখলৈ চাই আছোঁ- ডাৱৰৰ যুঁজত সূৰুজ জিকক। এন্ধাৰ ক’ৰবালে’ যাওক। পোহৰৰ কাঁড়েৰে ডাৱৰ সৰকাওক। বতৰ ফৰকাল হওক। বতৰ ফৰকাল হওক।

এইবাৰৰ সাহিত্য ডট্‌ অর্গৰ সম্পাদকে শৰৎ সম্পর্কীয় ছবিৰ কথা কৈছিল। কিন্তু চৌদিশে যি দেখিছোঁ শুনিছোঁ জোনাক আঁকিবলৈ গৈ বাৰে বাৰে এন্ধাৰে আবৰি ধৰিছে। আজিৰ তাৰিখত নিফুট জোনাক আঁকিব নোৱাৰিলোঁ। কিন্তু সন্মুখত পোহৰ দেখিছোঁ…।


 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

কবলৈ এটাই শব্দ আছে-“মনোমহা”। বেটুপাতৰ লগতে অনুভৱখিনিয়ে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত শৰতৰ আগমণে কিদৰে চৌদিশ পোহৰাব খুজিছে তাক ধুনীয়াকৈ বুজাই দিছে।