বেণুধৰ শৰ্ম্মাদেৱৰ এখন কিতাপৰ কথাৰে (- মৃণাল কুমাৰ বৰা)

দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা । দে’তাৰ লগত পুৰণা ঘৰলৈ গৈছিলোঁ, মানে ককা-আইতাৰ ঘৰলৈ । দে’তাহঁতে বহি কথা পাতি থকাৰ সময়ত মই এটা এটাকৈ কোঠালিবিলাক তহিলং কৰি ঘুৰি ফুৰোঁ । উদ্দেশ্য ? কিজানি কোনোবা এটা কোঠাত কিবা এখন কিতাপ পাই যাওঁ, কিজানি পেহীৰ কোঠাত ৰং-পেনছিল দুডাল মান পাই যাওঁ, কিজানি সৰুজন খুৰাৰ কোঠাত নিগনি ধৰাৰ ফান্দ এখন পাই যাওঁ । একেবাৰে শেষত ককাৰ কোঠালিটোত প্ৰৱেশ কৰোঁহি । ককাৰ কোঠালিটোত পুৰণা লাংখা-লিংখি বস্তু থকা আলমিৰা এটা আছিল । লাংখা-লিংখি বস্তু মানে কি আৰু পুৰণা তিনিবেটেৰীৰ টৰ্চ-লাইট এটা, পুৰণা অস্পষ্ট ফ’ট’ কিছুমান, টকা-পইছাৰ হিচাপ থকা কাগজ কেইখিলামান, লেতা(লেটা) গুটি দুটামান (আগতে পেলু নহ’বলৈ বুলি ককাই আমাক লেটা গুটি পটাত পিহি বা থেতেলিয়াই খুৱাইছিল ।), মাছমৰীয়া জালত লগোৱা লোহা দুটুকুৰামান (এই লোহাকেটুকুৰাক কি বুলি কয় নাজানোঁ মই), পুৰণা কিতাপ দুখনমান, ভগা-ছিগা ঢকুৱাৰ বিচনী দুখনমান, ডাঙৰ ৰেডিঅ’ এটা ইত্যাদি ।

সেইটো আলমিৰাত থকা কিতাপবিলাক সাধাৰণতে মই নাচাইছিলোঁ । পুৰণা, মূগাবৰণীয়া কিতাপবিলাক মই আচলতে মই পঢ়িবপৰা কিতাপ নহয় বুলিয়েই ভাবি আছিলোঁ । সেইদিনাখন আকৌ মোৰ মন গ’ল কিতাপৰ জাপটো লুটিয়াই-বগৰাই চাবলৈ । চাই থাকোঁতেই এখন কিতাপত মোৰ চকু ৰৈ গ’ল – “ৰাংপতা”, লেখক- বেণুধৰ শৰ্ম্মা । তেতিয়া কিতাপ এখন পঢ়িম নে নপঢ়িম থিৰাং কৰিবলৈ মাজৰ দুটামান পৃষ্ঠা লুটিয়াই চাইছিলোঁ আৰু তাত যদি বেছি নীৰস যেন লিখনী থাকে তেন্তে সেইখন তাতে সামৰি থৈছিলোঁ । ৰাংপতাখন মেলি লৈ মাজৰ পৃষ্ঠা এটা লুটিয়াই চাওঁতেই দেখা পালোঁ “জঞ্জাল নগৰী” নামৰ লিখনী এটা । দুটামান বাক্য পঢ়িয়েই মই থিক কৰি পেলালোঁ যে আজি ককাৰ ঘৰলৈ অহাটো সাৰ্থক হ’ল মোৰ । এইখন লৈ যাম মই । দে’তাক দেখুৱালোঁহি কিতাপখন ।
“অ’, এইখন দেখোন ৰাংপতা । অ’ পঢ়াগৈ যোৱা এইখন । ভাল কিতাপ ।”

তেতিয়াই তাতে মই জঞ্জাল নগৰী নামৰ কাহিনীটো পঢ়ি পেলালোঁ । কাহিনীটো মই পাহৰিছোঁ এতিয়া । আচলতে আমি এখন কিতাপ সৰু থাকোঁতেই পঢ়ি পেলাওঁ, পাছৰ বয়সত কেতিয়াবা কিতাপখন হাতত পৰিলেও আগতে পঢ়ি থোৱা বুলি সেইখন পঢ়া নহয় । অলপ অলপকৈ মনত আছে যে মানুহ এজন কিবা কাৰণত এই জঞ্জাল নগৰীত সোমাইগৈ । তাত তেওঁ য’ত-ত’ত ঠগন খায়, পাছত তেওঁ তেওঁলোকৰ কায়দাতে তেওঁলোকক এসেকা দিয়েগৈ। দুটা ঘটনা আছিল এনে ধৰণৰ । এবাৰতেওঁ কচাইৰ দোকানত গৈ কৈছে যে তেওঁক দোকানত থকা গোটেইবিলাক মূৰ লাগে । কচাইজনে তেওঁক ঠগিছিল কিবা কথাত আগতে । কচাইয়ে মূৰ দিলে গোটেইকেইটা । তেন্তে কচাইৰ সৰু ছোৱালীজনীয়ে দুৱাৰৰ চুক এটাৰপৰ জুমি কিবা এটা চাইছিল । এতিয়া এওঁ নাচোৰবান্দা সেইটো মূৰো লাগে তেখেতক । কাৰণ দোকানৰ গোটেইকেইটা মূৰ কিনিছে তেওঁ । আৰু এটা ঘটনাত আকৌ কিবা কথাত লাগি তেওঁ চৰ্তত হাৰিল নে কিবা এটা হ’ল । মানুহ এজনে তেওঁৰ ঘৰলৈ আহিব আৰু প্ৰথমে যি বস্তুতে হাত দিব সেইটোৱেই তেওঁৰ হৈ যাব । কি উপায় এতিয়া । শেষত আমাৰ নায়কে কৰে কি ঘৰৰ গোটেইবিলাক বস্তু চাং এখনত উঠাই চাংখনলৈ উঠিব পৰাকৈ জখলা এডাল থৈ দিয়ে তলত । ইজন আহক এতিয়া চৰ্তমতে বস্তু নিবলৈ বুলি । এওঁ বোলে তাতে মোৰ গোটেইবোৰ সম্পত্তি আছে, তোমাৰ যি ভাল লাগে নিয়া । ৰঙতে ইজনে জখলাডাল পোনাই চাঙত উঠিবলৈ ভৰি দাঙোতেই নায়কে হুকুম দিয়ক, “খবৰদাৰ । আৰু উপৰলৈ নুঠিবা । তুমি জখলাত হাত দিছা প্ৰথমতে, গতিকে দস্তুৰমত জখলাডাল লৈ ইয়াৰপৰা আঁতৰ হোৱা ।”
আৰু ঘটনা আছিল কাহিনীটোত, পাহৰিছোঁ মই ।

আৰু এটা লিখনি আছিল আলহীৰ ওপৰত । লিখনিটোৰ নামটো পাহৰিছোঁ । আলহী হেনোঁ চাৰিপ্ৰকাৰৰ । এবিধ ওফোৰাজেং, এবিধ ব্ৰজলেপ আৰু দুটা প্ৰকাৰৰ নাম পাহৰিছোঁ মই এতিয়া । তাত উদাহৰনসহ বিৱৰণ দিয়া আছিল কেনেকুৱা আলহীক কি বুলি কোৱা হয় । হঠাতে ওলোৱা আলহী, ফুৰিবলৈ আহি ঘুৰি যাবৰ নাম ল’বই নিবিচৰা আলহী ইত্যাদি আলহীৰ ৰসাল বৰ্ণনা অাছে আলহীৰ প্ৰকাৰৰ ওপৰত থকা এই লিখনিটোত । ধৰক এজন মানুহ আপোনাৰ ঘৰলৈ আহোঁ বুলি অহা নাছিল কিন্তু কিবা সকামত বেলেগ ঠাইলৈ আহি বেলি ভাটী দিয়াত আপোনাৰ পদূলিমুখটো দেখি তাতে ৰাতিটো কটোৱাৰ চিন্তা কৰি যদি সোমায়হি তেন্তে সেই “গধূলিৰ অতিথি সাখ্যাত দামোদৰ” জনক আমি ওফোৰাজেং বুলিও ক’ব পাৰোঁ, মানে ওফৰি আহি ওলালহি আপোনাৰ ঘৰত ।

” দৈৱাসন তল গ’ল” নামৰ লিখনিটোৰ কাহিনীভাগ একেবাৰে মনত নাই । লিখনিটোৰ নামটো এইবাবেই মনত থাকিল যে বহুতদিনৰ পাছত ৰঞ্জু হাজৰিকাদেৱৰ কোনোবা এখন কিতাপত এটা বাক্য লিখিছিল এনেদৰে যে, “চেঃ । বেয়া কথা হ’ল বৰ । এই ভৰ-দুপৰীয়া কোনো মানুহো নাথাক ৰাস্তাত, সৌ গুমটিখনৰ সমূখত দুজনমানে তাচ খেলাত নিমগ্ন হৈ বহি আছে অৱশ্যে । পিছে সেইকেইজন যে এতিয়া দৈৱাসন তল গ’লেও উঠি নাহে সেইটো খাটাং ।”
(অলপ শব্দৰ অদলি-বদলি হ’ব পাৰে দেই )

আন এটা লিখনিৰ নাম আছিল আকৌ “ভেকোঁ ককা মোকো নিয়া” । দেশত অন্যায়-অনিয়ম বাঢ়ি আহিল দিনক-দিনে, মানুহবোৰ দুৰাচাৰী হৈ পৰিল, কোনেও কাকো সন্মান নকৰা হ;ল, সকলোৱে নিজৰ স্বাৰ্থসিদ্ধিৰ চিন্তাতে ব্যস্ত থকা হ’ল । ভেকোঁ ককা নামৰ মানুহজনে সকলোকে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ কথাত কোনেও গুৰুত্ব নিদিয়ে, সকলো একো একোজন নপতা ফুকন । হঠাৎ এদিন প্ৰলয় আহিল । ভেকোঁ ককাৰ বাহিৰে কোনো বাচি যাব নোৱাৰিলে সেই প্ৰলয়ৰ পৰা । সকলোৱে মাথোঁ তেতিয়া ভেকোঁ ককাক কাকূতি কৰিবলৈ আৰম্ভ কৰিলে যে “ভেকোঁ ককা মোকো নিয়া” ।

এটা লিখনি আছিল আকৌ স্বৰ্গদউ শিৱসিংহৰ মাদৈ ফুলমতী কুৱঁৰীক লৈ । ফুলমতী কুৱঁৰীয়েই পাছলৈ ফুলেশ্বৰী নাম গ্ৰহণ কৰিছিল । পাছলৈ বোধহয় ফুলেশ্বৰী ৰাণীৰ নামেই প্ৰমতেশ্বৰী দেৱী ৰাখিছিল । ফুলমতী ৰজাৰ জীয়ৰী নাছিল । ৰাণী হৈ অহাৰ পাছতো ফুলমতীৰ মাকৰ ঘৰলৈ মনত পৰি থাকিছিল হেনো । পিছে এতিয়া হ’ল ৰজাঘৰীয়া মানুহ । গতিকে স্বৰ্গদেৱে হঠাতে নিদিয়ে মাকৰ ঘৰলৈ যাবলৈ । কিন্তু কুৱঁৰীৰ মনে নামানে । মাকৰ ঘৰলৈ মনত পৰি থাকে । এতিয়া কি কৰা যায় । শেষত উপায় এটা উলিয়ালে কুৱঁৰীয়ে । এদিন ৰজা ৰাজসভালৈ যোৱাৰ সুযোগতে দুপৰীয়া সময়ত কুৱঁৰী মনে মনে লুকাই-চুৰকৈ লিগিৰী এজনীৰ ভেশ ধৰি গৈ ওলালগৈ মাক-দেউতাকৰ ঘৰ । ঘৰত আকৌ সেইটো সময়ত মানুহ-দুনুহ নাই । ভৰ দুপৰীয়া সময় । বোধহয় পথাৰ বা অইন ক’ৰবালৈ গৈছে মাক-দেউতাক । পিছে ইমান কষ্ট অথলে যাবনে কুৱঁৰীৰ ? ওহোঁ, কেতিয়াও নহয় । পাছফালৰ দুৱাৰৰ দাংডাল কিবা কায়দাত খুলি কুৱঁৰী সোমাল ঘৰৰ ভিতৰত । ভাতৰ চৰুৰ ওচৰ পালেগৈ । বোধহয় ঢেঁকীয়া শাকৰ উল্লেখ আছিল । যিকণ লাগি আছিল চৰুৰ তলিতে কুৱঁৰীয়ে গোটেইখিনি টকালি পাৰি পাৰি হেঁপাহ পলুৱাই খাই থৈ আহিল । এতিয়াহে যেন কুৱঁৰীৰ মনটো শাঁত পৰিল । পাছত অৱশ্যে কোনোবা সখীয়েকৰ আগত গোটেই ঘটনাৰ বিৱৰণ দি থাকোঁতে কুৱঁৰী ধৰা পৰিল স্বৰ্গদেৱৰ আগত । স্বৰ্গদেৱেও কুৱঁৰীক ধেমালিতে কাট মাৰি কথা এষাৰ কোৱাত বাহিৰে আন একো নক’লে ।

আন এটা লিখনিত শিৱসাগৰৰ আহোম ৰাজত্বৰ গৌৰৱোজ্বল অধ্যায় এজন পৃতিৰ মুখেৰে তেওঁৰ চতূৰ্থ শ্ৰেণীত পঢ়ি থকা পুত্রৰ আগত বৰ্ণণাৰ কথা বিৱৰণ কৰা হৈছে । নোমল চতূৰ্থ শ্ৰেণীৰ ছাত্র । বৃত্তি পৰীক্ষা দিবৰ কাৰণে দেউতামৰ লগত চহৰলৈ যাবলৈ ওলাইছে । সৰু ল’ৰা, বাটত ভোক লাগে বুলি মাকে দেউতাকৰ হাতৰ টোপোলা এটাতে কোমল চাউল, চিৰা, মালভোগ কল আদি বান্ধি দি পঠিয়াইছে । দেউতাকৰ লগত খোজ মিলাই নোমল আগবাঢ়িছে । বাটত গৈ থাঁকোতে সেইদিনা নোমলে কেনেকৈ বহুত নতুন কথা শিকিব পাৰিলে আৰু নতুন বস্তু দেখিবলৈ পালে তাৰ সৰস বৰ্ণণা ডাঙি ধৰিছে শৰ্ম্মাদেৱে লিখনিটোৰ জৰিয়তে । বাটত দেখা পোৱা কাৰেংঘৰ, তলাতলঘৰ আদিৰ কথা দেউতাকক সোধে নোমলে আৰু দেউতাকেও ৰস লগাকৈ পুতেকক কৈ যায় পুৰণি বৰ অসমৰ সেই ঐতিহ্যৰ কথাবোৰ । নোমলে মন দি শুনে । ইয়াত পিতা-পুত্রৰ সম্বন্ধ, বৰ অসমৰ ঐতিহ্হ্য, পুৰণি অসমীয়া সমাজৰ এক ছবি সকলোবোৰ ফুটি উঠিছে ।

“মনিছালৰ বেপাৰ” নামৰ এটা লিখনিত আকৌ মনিছাল গছৰ গুটিৰ উপকাৰিতাৰ ওপৰত কোৱা হৈছে কাহিনীৰ মাধ্যমেৰে । মুদৈ এজনে নাৱত মনিছালৰ গুটি এসোপামান লৈ বনিজলৈ ওলাই গৈ বেলেগ এখন ঠাইত কেনেকৈ সেই গুটিৰ বেপাৰ কৰেগৈ তাৰ কথা আছিল বোধকৰোঁ ।

মুঠৰ ওপৰত এখন অতি ব্যতিক্ৰম তথা ৰসাল গ্ৰন্হ ৰাংপতা, অন্ততঃ মোৰ বোধেৰে । অতি দুখেৰে তথা লাজেৰে জনাবলগীয়া হৈছে যে কিতাপখন মোৰ ওচৰত নাই বৰ্তমান । ক’ত, কেতিয়া, কেনেকৈ হেৰাল কিতাপখন মই নাজানোঁ । কিতাপখনৰ মূল্য মই বুজি পোৱাৰ আগতেই কিতাপখন মই হেৰুৱাই পেলালোঁ । বোধহয় মোৰ কিতাপৰ আলমিৰাটোৰ দায়িত্ব মোৰ সৰু বয়সত মাৰ হাতত দিয়াহ’লে এনেকুৱা হ’বলৈ নাপালেহেঁতেন । মই তেতিয়া মইবৰ ওলাই “মোৰ কিতাপ, মই ৰাখিম ভালকৈ, তহঁতৰ হাতত পৰিলে হেৰাব কিতাপ” জাতীয় ভাৱ এটা মনলৈ আনি মোৰ দায়িত্বত ৰাখোঁতে কেইবাখনো কিতাপ হেৰাল । কেনেকৈ হেৰাল মই নাজানোঁ ।

[বি. দ্ৰ. : মই লিখা কথাখিনি সম্পুৰ্ণ শুদ্ধ নহ’বও পাৰে । প্ৰায় পোন্ধৰ বছৰ আগতেই পঢ়া কিতাপ এখনৰ কথা, তাকো মই তেতিয়া সৰু আছিলোঁ যথেষ্ট, গতিকে ভুল-ভ্ৰান্তি হ’বও পাৰে । এই গোটৰ কোনো ব্যক্তিৰ হাতত যদি কিতাপখন আছে তেন্তে তেওঁ যেন ভুলকেইটা শুধৰাই দিয়ে আৰু কিতাপখন সংৰক্ষণৰ ব্যৱস্হা কৰে । কোনোবাই যদি কিতাোখন পঢ়িছে তেওঁ যদি কিতাপখনৰ বিষয়ে দুআষাৰ লিখে তেন্তে নথৈ আনন্দিত হ’ম।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments