বেদনামুক্ত প্ৰসৱ – ড০ বিপ্লৱ বৰঠাকুৰ

৭ এপ্ৰিল, ১৮৫৩ চন। ইংলেণ্ডৰ ৰাজকাৰেং। মহাৰাণী ভিক্টৰীয়াৰ অষ্টম সন্তান জন্মৰ সময়। প্ৰসৱ বেদনাত
অথিৰ মহাৰাণী। ৰাজকাৰেঙত উপস্থিত হ’লহি এজন চল্লিশ বছৰীয়া ভদ্ৰলোক। হাতত এটা সৰু বটল, আৰু এখন ৰুমাল।
আচলতে, মহাৰাণীৰ স্বামী এলবাৰ্টে এওঁক মাতি পঠিয়াইছে। ভদ্ৰলোক জনৰ নাম জন স্ন’। সেইসময়ত স্ন’ বিখ্যাত হৈছে
লণ্ডনৰ কলেৰা মহামাৰীৰ কাৰণ বিচাৰি তাৰ নিদান উলিওৱা বাবে। স্ন’ৰ আৰু এটা সফলতা সংজ্ঞা হৰণ কৰিব পৰা
ঔষধি সমূহ (Anaesthetic agents)। ১৮৪৭ চনত ডব্লিউ. টি.জি. মৰ্টনে আমেৰিকাৰ মাচাচোছেটেছ চহৰত ইথাৰ
এনেস্থেছিয়া (Ether anaesthesia) ৰ ৰাজহুৱা প্ৰদৰ্শন কৰাৰ পিছত স্ন’য়েও ইথাৰ এনেস্থেছিয়া ব্যৱহাৰ কৰিছে। স্নয়ে
নতুনকৈ পাইছে যে ক্লৰ’ফৰ্ম এবিধ ভাল চেতনা নাশক। চল্লিশবছৰীয়া স্ন’য়ে সেই সময়ত আগ্ৰহ কৰিলে প্ৰসৱ বেদনা দূৰ
কৰিবলৈ ক্লৰ’ফৰ্ম ব্যৱহাৰ কৰিবলৈ। কিন্তু অসম্ভৱ! গীৰ্জা ঘৰৰ অনুমতি নাই। গীৰ্জাই কৈছে “Women, thy salt
bear the child in pain”. কিন্তু যেতিয়া ৰজাঘৰীয়াৰ কথা আহিল, তেতিয়া আৰু কোনে পায়! স্ন’ই ৰাণীক ক্লৰ’ফৰ্ম
দিলে, আৰু যুৱৰাজ লেওপল্ডৰ জন্ম হল, প্ৰসৱ বেদনা নোহোৱাকৈ। আচলতে বেদনা নাই হোৱা বুলি ক’লে ভুল হ’ব, স্ন’ই
Second stage of labour মানে ঠিক গৰ্ভৰ পৰা নৱজাতক প্ৰসৱপথেৰে ওলাই অহাৰ সময় খিনিতহে বেদনা নাশক
ঔষধ দিছিল। কিন্তু সেয়াই আৰম্ভণি। যিহেতু ৰজা ঘৰীয়া কথা আহি পৰিল, সেয়েহে গীৰ্জায়ে বেছি আপত্তি নকৰিলে।
ইংলেণ্ডৰ বাকী সম্ভ্ৰান্ত ঘৰৰ মহিলা সকলেও ইয়াৰ পিছত বেদনাহীন প্ৰসৱৰ বাবে স্ন’ক অনুৰোধ জনাবলৈ ধৰে।
এনেকৈয়ে Labour analgesia বা বেদনামুক্ত প্ৰসৱৰ সূচনা হয়। বেদনামুক্ত প্ৰসৱত মুখ্য ভূমিকা লয় সংজ্ঞাহৰণ বা
এনেস্থেছিয়া বিভাগৰ চিকিৎসকে।
“Women, thy salt bear the child in pain” উক্তিশাৰী শুনাত এক মধ্যযুগীয় ৰক্ষণশীল মনোবৃত্তিৰ
প্ৰকাশ যেন লাগিলেও আচলতে ইয়াৰ অন্তৰালত আছে এক অসহায়তা। যেন পৰিস্থিতিৰ হাতত হাৰ মানি লৈছো,’আমি
নোৱাৰিলোঁ, তোমাৰ এয়াই দশা’ (যেনেকৈ নেহেৰুৱে কৈছিল ১৯৬২ চনত, “Assam, my heart goes to you”).
প্ৰকৃতিৰ নিয়ম এনেকুৱা যে কেৱল নাৰীয়েহে সন্তান জন্ম দিব পাৰে, আৰু সন্তান জন্ম দিয়াৰ এটাই ৰাস্তা প্ৰাকৃতিকভাবে,
আৰু জন্ম দিয়াৰ প্ৰক্ৰিয়াটো বৰ বেদানদায়ক। সাধাৰণতে, প্ৰথমটো সন্তান জন্ম হওঁতে বেছি সময় লাগে, আৰু বিষো
বেছিকৈ হয়, কাৰণ প্ৰথম সন্তানৰ সময়ত প্ৰসৱৰ পথ প্ৰশস্ত হৈ নাথাকে। পিছৰ গৰ্ভাৱস্থাৰ প্ৰসৱৰ সময়ত সময়ো কম
লাগে আৰু বেদনাও কম হয়। বেছিভাগ সময়ত শিশু জন্ম হোৱা প্ৰক্ৰিয়াটো সুকলমে সমাধা হয় যদিও কেতিয়াবা এই
প্ৰক্ৰিয়াত বহুতো জটিলতাৰ সৃষ্টি হব পাৰে, যেনে প্ৰসৱৰ পথ আৰু শিশুৰ আকাৰ সমানুপাতিক নোহোৱাৰ বাবে প্ৰসৱ
নোহোৱা অৱস্থা, গৰ্ভস্থ শিশুৰ মৃত্যু হোৱা, ৰক্তক্ষৰণ, মাতৃৰ ৰক্তচাপ বৃদ্ধি পোৱা ইত্যাদি। যেতিয়া প্ৰাকৃতিক ৰাস্তাৰ
বাদে গৰ্ভস্থ শিশুক বাহিৰ কৰাৰ কোনো অন্য উপায় নাছিল তেতিয়া এনেকুৱা পৰিস্থিতিত সাধাৰণতে শিশু আৰু মাতৃ
দুয়োৰে মৃত্যু হৈছিল। মানুহে কৰিব পৰাকৈ একো নাছিল। সেয়েহে ধৰ্ম ব্যৱস্থাৰ এই কৰুণ উক্তি “নাৰী তুমি বেদনাৰ
মাজেৰেই সন্তান ধাৰণ কৰিব লাগিব”।
প্ৰাকৃতিক প্ৰসৱ পথৰ বাহিৰে আৰু কোনো উপায়েৰে গৰ্ভস্থ সন্তানক বাহিৰ কৰিব পাৰি নেকি সেই সম্পৰ্কে
প্ৰাচীন কালতো চিন্তা চৰ্চা নোহোৱা নহয়। কিন্তু শল্য চিকিৎসাৰ ইমান বিকাশ সেই যুগত হোৱা নাছিল, আৰু আধুনিক
সংজ্ঞা হৰণৰ ব্যৱস্থাসমুহ ১৮৪৭ চনৰ ( মৰ্টন, Ether anesthesia public demonstration, ১৬ অক্টোবৰ- বিশ্ব
এনাস্থেছিয়া দিৱস) আগতে শল্য চিকিৎসাত ব্যৱহাৰ হোৱা নাছিল। সেয়েহে Caesarian section বা পেট কাটি শিশুক
মাতৃ গৰ্ভৰ পৰা বাহিৰ কৰাটো এক প্ৰকাৰ অসম্ভৱ আছিল। ষষ্ঠ আৰু সপ্তম খ্ৰীষ্ট পূৰ্বত ৰোমান লোকসকলৰ ধৰ্মীয়
বিশ্বাস আছিল যে যদি সন্তান সম্ভৱা কোনো মহিলাৰ মৃত্যু হয় তেনেহলে গৰ্ভস্থ সন্তানৰ সৈতে অন্তিম সৎকাৰ কৰা
অনুচিত, সেয়েহে তেনে মহিলাৰ মৃত্যুৰ পিছত তেওঁলোকে মহিলা গৰাকীৰ পেট কাটি সন্তান বাহিৰ কৰি অন্তিম সৎকাৰ
কৰিছিল। বোধকৰোঁ এনে ধৰ্মীয় সংস্কাৰৰ পৰাই এই ধাৰণা আহিল যে এনেকুৱা প্ৰসৱকালীন জৰুৰী অৱস্থাত মহিলাৰ
জীৱিত অৱস্থাতে পেট কাটি শিশু বাহিৰ কৰিলে হয়তো শিশুক জীৱন্তে জন্ম দিব পৰা যাব। কোনো কোনো ক্ষেত্ৰত
এনেকুৱা কৰাও হৈছিল। এই ব্যৱস্থাৰ নাম হৈছিল Caesarian । যিহেতু এই ব্যৱস্থাৰ ফলত মাতৃৰ মৃত্যু নিশ্চিত আছিল
সেয়েহে এই ব্যৱস্থা গৰ্ভাৱস্থাৰ চল্লিশসপ্তাহ পূৰ হোৱাৰ আগতে কৰা অনুচিত বুলি ভৱা হৈছিল, মানে প্ৰাকৃতিক ভাবে
সন্তান জন্মৰ সম্ভাৱনা সমাপ্ত হোৱা বুলি ধৰি লোৱাৰ পিছত। ৰোমান সম্ৰাট জুলিউচ চিছেৰ ( Julius Caesar, 1st
cantury BC) যিজনে খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত ৰোমত শাসন কৰিছিল, তেওঁৰ জন্ম Caesarian পদ্ধতিৰে হোৱা বুলি
উল্লেখ আছে, কিন্তু কথাতো বোধহয় মিছা, কাৰণ Caesar ৰ মাক তাৰ পিছতো সুস্থ শৰীৰে জীয়াই আছিল। উইলিয়াম
চেক্সপীয়াৰে তেওঁৰ নাটক মাকবেথত মাকবেথ চৰিত্ৰটো মাকৰ পেট কাটি জন্ম হোৱা বুলি উল্লেখ কৰিছে। এইদৰে কৰা
Caesarian ৰ পিছতো এগৰাকী নাৰী জীয়াই থকাৰো উদাহৰণ আছে ১৫০০ চনত চুইজাৰলেণ্ডত। সেইটো অস্ত্ৰোপচাৰ
কৰিছিল এজন গাহৰি পালক কৃষকে তেওঁৰ নিজৰ পত্নীৰ ওপৰত । একেদৰেই, ১৭৯৬ চনত আমেৰিকাত এজন
চিকিৎসকে তেওঁৰ পত্নীৰ পেট ফালি শিশু বাহিৰ কৰিছিল, আৰু শিশু আৰু মাতৃ দুয়ো জীৱিত আছিল। এইবোৰ
অস্ত্ৰোপচাৰত চেতনা নাশক প্ৰয়োগ কৰা হোৱা নাছিল, আৰু একেবাৰে উপাই নোহোৱা অৱস্থাত পৰিহে কৰা হৈছিল।
আধুনিক সংজ্ঞা হৰণ বিজ্ঞানৰ আৰম্ভণিৰ পিছত Caesarian section ৰ ওপৰত নতুনকৈ চিন্তা চৰ্চা আৰম্ভ
হয়। কিন্তু শল্য চিকিৎসাৰ সা-সঁজুলি বোৰৰ বিশেষ উন্নতি নোহোৱা বাবে এই অস্ত্ৰোপচাৰ বৰ ভালদৰে কৰিব পৰা
হোৱা নাছিল আৰু ফলাফলো বৰ ভাল নাছিল। ১৮৭০ চন পৰ্যন্ত চিলাই কৰিবলৈ উপযুক্ত সূতা আৰু পদ্ধতি নথকা
হেতুকে অস্ত্ৰোপচাৰ কৰাৰ পিছত ঘাঁ টুকুৰা চিলাই কৰা নহৈছিল, আৰু নিজে নিজে শুকাবলৈ দিয়া হৈছিল। তাৰ ফলত ঘাঁ
শুকাওঁতে বহুত দিন লাগিছিল, আৰু বীজাণু সংক্ৰমণ ইত্যাদি অনেক সমস্যাই দেখা দিছিল। ১৮৬৭ চনত Joseph
Lester য়ে কাৰবলিক এচিড ব্যৱহাৰ কৰি Antiseptic আৰু Aseptic বুলি বীজাণু সংক্ৰমণ বাধা দিয়াৰ দুই পদ্ধতি
উদ্ভাৱন কৰাৰ পিছত সংক্ৰমণৰ সমস্যা কিছু কমিল। ১৮৮২ চনৰ পিছত জাৰ্মান চিকিৎসক এডফ কেহৰাৰ আৰু মাক্স
সঙ্গেৰে শল্য চিকিৎসাত ব্যৱহাৰ হোৱা সূতাৰ প্ৰয়োগ কৰি জৰায়ুৰ পৰা হোৱা ৰক্তক্ষৰণ কম কৰাৰ উপায় আৰু
অস্ত্ৰোপচাৰৰ ঘাঁ চিলাই কৰাৰ উপায় উলিয়ায়।
Caesarian section ৰ ক্ষেত্ৰখনত যেতিয়া এইবোৰ উন্নতি ঘটি আছিল, প্ৰসৱ বেদনা কম কৰিবৰ বাবেও
চেষ্টা চলাই ৰাখিছিল চিকিৎসক সকলে। যদিও এই লেখাৰ প্ৰথম খণ্ডত জন স্ন’ আৰু Queen Victoria ৰ কথা প্ৰথম বুলি
উল্লেখ কৰিছোঁ, আচলতে প্ৰসৱ বেদনা লাঘৱ কৰাৰ প্ৰচেষ্টা বহু আগৰ পৰাই চলি আহিছিল। প্ৰাচীন কালত জৰা ফুকা,
বনৰীয়া গছ লতা ইত্যাদি আৰু তাৰ পিছত Opium (পপী ফুলৰ বীজৰ পৰা পোৱা এবিধ বেদনা নাশক, চিকিৎসা
বিজ্ঞানত বহুল ভাৱে এতিয়াও ব্যৱহাৰ হয়, মৰ্ফিন এই শ্ৰেণীৰ ঔষধৰ উদাহৰণ) ব্যৱহাৰ কৰা হৈছিল। কিন্তু শিশুৰ
ওপৰত পৰা প্ৰভাৱৰ বাবে, আৰু মাতৃৰ শ্বাস প্ৰশ্বাসৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ বাবে এই ঔষধ সমূহ এই ক্ষেত্ৰত বেছি
জনপ্ৰিয় নহ’ল। মহাৰাণী ভিক্টৰীয়াৰ আগতেও আমেৰিকাত ১৮৪৭ চনত বিখ্যাত কবি “Wadsworth Longfellow য়ে
তেওঁৰ পত্নীক, আৰু বিখ্যাত প্ৰকৃতিবিদ Charles Darwin য়ে তেওঁৰ পত্নীক ইথাৰ এনাস্থেছিয়া দিছিল সন্তান জন্মৰ
পিছত। কিন্তু মহাৰাণী ভিক্টৰীয়াক দিয়া বেদনা নাশকে এই প্ৰক্ৰিয়াক বিখ্যাত কৰি তোলে।
Sir William Humprhy, এই মহান বিজ্ঞানী জনে ১৭৯৯ চনত Nitrous Oxide (লাফিং গেছ) ৰ ওপৰত
অধ্যয়ন কৰি পায় যে এই গেছে বিষ দূৰ কৰিব পাৰে আৰু সংজ্ঞা হৰণো কৰিব পাৰে। কিন্তু চিকিৎসা বিজ্ঞানৰ পৰিহাস,
এই গেছৰ চিকিৎসা বিজ্ঞানত ব্যৱহাৰ তাৰ ৪৫ বছৰ পিছতহে আৰম্ভ হয়। কিন্তু এইবিধ গেছে বেদনামুক্ত প্ৰসৱৰ
ক্ষেত্ৰখনৰ ৰূপেই সলাই দিয়ে, আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। ইয়াৰ পিছতেই আৰম্ভ হয় আধুনিক পদ্ধতিৰ বেদনা মুক্ত
প্ৰসৱৰ প্ৰক্ৰিয়া।

নাইট্ৰেছ, স্পাইনেল আৰু এপিদুৰাল ( nitrous, spinal আৰু epidural) – আধুনিক বেদনামুক্ত প্ৰসৱৰ তিনি
স্তম্ভ-(গুৰগুৰি, আৰু পিঠিত দিয়া বেজী)

১৭৯৯ চনত Humphrey Davey য়ে Joseph Preslyৰ আবিষ্কাৰ নাইট্ৰাচ অক্সাইডে (Nitrous Oxide) যে
বেদনা নাশ কৰিব পাৰে সেই কথা মানৱ দেহত প্ৰয়োগ কৰি দেখুৱায় । কিন্তু দুখৰ কথা ১৮৫০ ৰ পিছলৈকে চিকিৎসা
বিজ্ঞানৰ বাবে বহু মূল্যবান এই গেছ বিধৰ সংজ্ঞা হৰণ বা বেদনা নাশৰ বাবে হোৱা নাছিল। এই গেছ বিধ উপযুক্ত
মাত্ৰাত উশাহৰ জৰিয়তে গ্ৰহণ কৰিলে ই মনটো পাতল লগায়, শৰীৰৰ পীড়া নিৰাময় কৰে। সেইবাবে ইয়াৰ নাম দিয়া
হৈছিল লাফিং গেছ, কিয়নো ই মুখত হাঁহি বিৰিঙাব পাৰিছিল। যিহেতু এই লাফিং গেছ এবিধ উদ্যোগিক গেছ, সেয়েহে
ইয়াক সহজতে পোৱা গৈছিল, আৰু মানুহে এই গেছ বিধ সুৰাপান বা ধূম্ৰপান আদিৰ দৰে অন্য এবিধ নিচাৰ দৰে ব্যৱহাৰ
কৰিছিল, আৰু লাফিং গেছ ক্লাব গঢ়ি উঠিছিল ইংলেণ্ডত। উল্লেখযোগ্য যে এই লাফিং গেছ ক্লাব ২০১৫ মানলৈকে চলি
আছিল ব্ৰিটেইনত। ১৮৫০ৰ পিছত এই গেছৰ ওপৰত চিকিৎসকসকলৰ উৎসাহ বাঢ়ে। এই কথা লক্ষ্য কৰা হ’ল যে এই
গেছ কম মাত্ৰাত সেৱন কৰিলে বেদনাহৰণকাৰী, আৰু বেছি মাত্ৰাত চেতনা নাশক। ১৮৮১ চনত এজন জাৰ্মান
চিকিৎসকে এই গেছ স্বাভাৱিক প্ৰসৱৰ সময়ত প্ৰসৱ বেদনা নিৰাময়ৰ বাবে ব্যৱহাৰ কৰে। অৱশ্যে এই গেছ অক্সিজেনৰ
লগত মিলাই দিব লাগে বাবে ৰোগীক দিওঁতে কিছু অসুবিধা হৈছিল, কিন্তু ১৯৩৪ চনৰ পিছত এই গেছ স্বাভাৱিক প্ৰসৱত
প্ৰয়োগ কৰিবৰ বাবে বিশেষ ভাবে নিৰ্মিত গেছ চিলিণ্ডাৰ আৰু গেছ মুখা (Gas Mask) তৈয়াৰ কৰা হয়। তাৰ পিছৰ পৰা
Antonox নামেৰে বিখ্যাত এই আহিলা ব্ৰিটেইনৰ সকলো প্ৰসূতি চিকিৎসালয়ত সহজলভ্য হৈ পৰে। আজিৰ দিনত এই
Antonox ব্ৰিটেইন সকলো চিকিৎসালয়তে প্ৰসূতিক ব্যৱহাৰ কৰিবলৈ দিয়া হয়। Antonox চিলিণ্ডাৰত ৫0% নাইট্ৰাচ
আৰু ৫0% অক্সিজেন থাকে। প্ৰসূতিক হাতত এটা গেছ মুখা বা Mask দিয়া হয়, আৰু যেতিয়াই প্ৰসূতিয়ে পীড়া অনুভৱ
কৰে তেতিয়াই এই মুখাত হোপা মাৰিব লাগে। তেনে কৰিলে চিলিণ্ডাৰত থকা ভাল্ভ এটা খোল খাই যায় আৰু প্ৰসূতিয়ে
এই গেছ সেৱন কৰিব পাৰে। ই প্ৰসৱ কালৰ বেদনা বহু পৰিমানে লাঘৱ কৰে আৰু মাতৃ আৰু শিশুৰ বাবে বহুলাংশে
নিৰাপদ। মোৰ ব্ৰিটেইনৰ ৱেলছৰ কৰ্মস্থলীৰ চিকিৎসালয়তো এই গেছ বহুল ভাৱে ব্যৱহাৰ হয়। গেছ মুখাত হোপা
মাৰিলে গুৰগুৰি টনাৰ দৰে শব্দ হয়, আৰু প্ৰসূতি নিদান কক্ষৰ বাহিৰৰ পৰাই গম পাব পাৰি যে প্ৰসূতিয়ে নাইট্ৰাচ গ্ৰহণ
কৰিছে।

যেতিয়া ইংলেণ্ডত গেছ আৰু ঔষধ লৈ পৰীক্ষা নিৰীক্ষা চলি আছিল, সেই সময়ত আটলান্টিকৰ সিপাৰে
আমেৰিকাত, আৰু ইউৰোপতো চলি আছিল Local Anaesthetic বা বিশেষ কোনো স্নায়ুক অৱশ কৰিব পৰা ঔষধৰ
ওপৰত চিন্তা চৰ্চা। ফৰাচী চিকিৎসক ফ্ৰেদ্ৰিক গদাকে ( Friedrich Gaedcke) ১৮৫৫ চনত কোকেইন নামৰ গছৰ পৰা
নিষ্কাষণ কৰা এবিধ ঔষধিৰ স্নায়ু অৱশ কৰিব পৰা গুণ আবিষ্কাৰ কৰি আৰু চকুৰ অস্ত্ৰোপচাৰত ইয়াক ব্যৱহাৰ কৰি
বুৰঞ্জীত নিজৰ নাম লিখে ( ভিক্টৰীয়াৰ বেদনামুক্ত প্ৰসৱৰ দুবছৰ পিছত)। সেই কথা গম পায় আমেৰিকান স্নায়ুৰোগ
চিকিৎসক লিঅ’নিদ কৰ্নিগে (Leonid Kornig)।কৰ্নিগে ১৮৮৫ চনত এটা ফোঁপোলা বেজিৰে ( আজিকালি শিৰত বেজী
দিবলৈ ব্যৱহাৰ কৰা বেজিৰে দৰে) এজন স্বইচ্ছাই আগবাঢ়ি অহা মানুহৰ পিঠিত ৰাজহাঁড়ৰ মাজত থকা স্নায়ুতন্ত্ৰৰ
চাৰিওফালে থকা পনীয়া পদাৰ্থত কোকেইন প্ৰয়োগ কৰিবলৈ সক্ষম হয়। এই পনীয়া পদাৰ্থক Cerebro Spinal Fluid বা
CSF বুলি কোৱা হয়, আৰু শৰীৰৰ বিভিন্ন অংশলৈ যোৱা স্নায়ুসমূহ এই CSF ৰ মাজেদি পাৰ হৈ যাব লাগে। কৰ্নিগৰ
ধাৰণা আছিল যে এই পানীভাগত যদি কোনো Local Anaesthetic প্ৰয়োগ কৰা হয় তেনেহলে ই তাৰ মাজৰে যোৱা স্নায়ু
বিলাক অৱশ কৰি তুলিব।এই প্ৰক্ৰিয়াক Spinal Anaesthesia বুলি কোৱা হয়। আজিকালি পিঠিত বেজী মাৰি
অপাৰেচন কৰাৰ যি প্ৰক্ৰিয়া, ইয়েই তাৰ আৰম্ভণি। কৰ্নিগে সেই সময়ত পোৱা Local Anaesthetic কোকেইন বাছি
লৈছিল এই পৰীক্ষণৰ বাবে। উল্লেখযোগ্য যে কোকেইন এবিধ মাদক দ্ৰব্য, আৰু আজিকালিও বহু ‘ৰেভ’ পাৰ্টিত কোকেইন
সেৱন কৰে, আৰু পুলিচে দিল্লী, বোম্বে ইত্যাদিত মাজে মাজে এনে ৰেভ পাৰ্টিত তালাচী চলাই থাকে। সেয়া যি কি নহওঁক,
কৰ্নিগৰ পৰীক্ষণত স্বইচ্ছাই ভাগ লোৱাজন এই ভাবি আশ্বস্ত হৈছিল যে কৰ্নিগে তাৰ আগতে এই প্ৰয়োগ কুকুৰ এটাৰ
ওপৰত কৰিছে আৰু কুকুৰটোৰ একো হোৱা নাই। আজিৰ দিনত এনেকৈ পিঠি পাতিবলৈ কোনো নাহে, আৰু এনে পৰীক্ষণ
আইন বিৰুদ্ধও। এই ঘটনাৰ ১৫ বছৰ পিছত জাৰ্মান চিকিৎসক August Bier য়ে ১৮৯৮ চনত প্ৰথম Spinal
এনাস্থেচিয়া ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰ কৰে।
মেৰুদণ্ডৰ মাজৰ CSF থকা ঠাই খিনিৰ বাহিৰৰ ঠাই খিনিৰ নাম এপিদুৰাল স্পেচ। এই স্পেচ বা খালী ঠাই
খিনিত একো নাথাকে। বতাহো নাথাকে। স্নায়ুবোৰ ইয়াৰ মাজৰে পাৰ হৈ আহে। এই স্পেচত লোকেল Anaesthetic
প্ৰয়োগ কৰিও স্নায়ু অৱশ কৰিব পাৰি। ইয়াক এপিদুৰাল এনাস্থেচিয়া বুলি কোৱা হয়। এই পদ্ধতি প্ৰথম প্ৰয়োগ কৰে
স্পেনিছ চিকিৎসক ফিডেল পাগে (Fidel Pages) ১৯২১ চনত। এই দুই উদ্ভাৱনৰ লগে লগে এই দুয়ো ব্যৱস্থাক
প্ৰসৱকালীন বেদনামুক্তি আৰু Caesarin ডেলিভাৰীৰ সংজ্ঞা নাশক ৰূপে ব্যৱহাৰ কৰিবলৈ লয় চিকিৎসক সকলে।
১৮৪৭ ৰ পৰা কুৰি শতিকাৰ দ্বিতীয় দশক পৰ্যন্ত স্বাভাৱিক প্ৰসৱৰ বাবে ইউৰোপ আৰু ইংলেণ্ডত লাফিং গেছ,
ক্লৰফৰ্ম, ইথাৰ আৰু কিছু পৰিমানে পিঠিত বেজী মাৰি Spinal বা এপিদুৰাল এনাস্থেচিয়া কৰা হৈছিল, আমেৰিকাত
লাফিং গেছ বৰকৈ জনপ্রিয় হোৱা নাছিল, বেছিকৈ পিঠিত বেজী মৰা পদ্ধতি হে জনপ্ৰিয় হৈছিল। সেই সময়ত Caesarian
Section ৰ হাৰ বেছি নাছিল| Caesarian section ৰ বাবে সাধাৰণতে জেনেৰেল এনাস্থেচিয়া প্ৰয়োগ কৰা হৈছিল আৰু
তাৰ বাবে ইথাৰ, ক্লৰফৰ্ম, Trilene ব্যৱহাৰ কৰা হৈছিল, আৰু Nitrous গেছ সহযোগী গেছ হিচাপে ব্যৱহাৰ হৈছিল।
মাজে মাজে অৱশ্যে Spinal এনাস্থেচিয়া Caesarian Section কৰিবলৈও ব্যৱহাৰ হৈছিল। সেই সময়ত Caesarian
section ত মৃত্যুৰ হাৰ ৫0% বা তাতকৈ বেছি আছিল, আৰু চিকিৎসক সকলে Caesarian কৰিবলৈ বৰকৈ ইচ্ছা
নকৰিছিল। বেদনামুক্ত প্ৰসৱৰ ব্যৱস্থা চহকী লোক সকলৰ বাবেহে আছিল, আৰু বৰকৈ সহজলভ্য নাছিল।
কুৰি শতিকাৰ দ্বিতীয় দশকৰ পিছত অৱশ্যে দৃশ্যপট সলনি হয়।
কুৰি শতিকাৰ দ্বিতীয় দশকৰ পিছৰ পৰা Caesarian Section ৰ জনপ্ৰিয়তা বৃদ্ধি পায় । ইয়াৰ কেইবাটাও কাৰণ
আছে। ১৯১৪-১৮ চনলৈ চলা বিশ্বযুদ্ধত শল্য চিকিৎসক সকলে বৃহৎ সংখ্যক হতাহত হোৱা লোকৰ চিকিৎসা কৰি শল্য
চিকিৎসাত হাত পকাই লয়। বহু নতুন শল্য চিকিৎসা পদ্ধতি উদ্ভাৱন হয়। Sir Alaxender Flaming য়ে ১৯২৮ চনত
আবিষ্কাৰ কৰে চিকিৎসা বিজ্ঞানৰ সেই সময়ৰ মহৌষধ পেনিছিলিন। ১৯৪০ চনৰ পৰা এই এন্টিবায়টিক বিধৰ
ঔদ্যোগিক উৎপাদন আৰম্ভ হয়। পেনিচিলিন ব্যৱহাৰ কৰি অস্ত্ৰোপচাৰৰ পিছত বীজাণুৰ সংক্ৰমণ বাধা দিব পাৰি। সেই
সময়ৰ ধৰ্ম যাজক সকলেও Caesarian Section ৰ প্ৰতি নৰম মনোভাব লয়, কাৰণ জীৱিত সন্তান জন্ম হলে সেই শিশুক
ধৰ্ম দীক্ষা দিব পৰা যায়। ইংলেণ্ডত অৱশ্যে প্ৰটেষ্টন ধৰ্মই Caesarian ক বৰকৈ লগ দিয়া নাছিল, আৰু সেই বাবে
স্বাভাৱিক প্ৰসৱক সহায় কৰিবলৈ ইংলেণ্ডত ফৰচেপ (Forceps), স্পাকলোম (Spaculum) ইত্যাদি সঁজুলি ওলায়।

স্বাভাৱিক প্ৰসৱৰ বাবে বেদনানাশকৰ ব্যৱহাৰো বাঢ়ি আহে। আমেৰিকাত স্পীনাল আৰু এপিদুৰাল আৰু ইংলেণ্ডত গেছৰ
ব্যৱহাৰ বৃদ্ধি পায়। Caesarian Section ত জটিলতাৰ হাৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰ কমি অহাৰ লগে লগে চিকিৎসক
যেনে Robert Harris (আমেৰিকা), Thomas Radford (ইংলেণ্ড) আৰু Franz Von Winkel (জাৰ্মানী)য়ে মত পোষণ
কৰে যে দীৰ্ঘ সময় অপেক্ষা কৰি স্বাভাৱিক প্ৰসৱ বিফল হলে যদি Caesarian কৰা হয় তেনেহলে ফলাফল ভাল নহয়
কাৰণ প্ৰসূতি তেতিয়ালৈ শাৰীৰিকভাৱে যথেষ্ট ভাগৰি পৰে , কিন্তু প্ৰসৱৰ আৰম্ভণিতে যদি Caesarian কৰা হয়
তেনেহলে বেছি ভাল ফলাফল পাব পাৰি। যুদ্ধৰ সময়ৰ অভিজ্ঞতাৰ পৰা চিকিৎসক সকলে এই কথা শিকিছিল যে যদি
শল্য চিকিৎসাৰ প্ৰয়োজন তেনেহ’লে সোনকালে কৰা উচিত, আৰু Caesarian Section ৰ ক্ষেত্ৰত এই ধাৰণা প্ৰয়োগ
কৰাৰ পিছত প্ৰসূতি আৰু নৱজাত মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পায়।
শল্য চিকিৎসক সকলৰ Caesarian কৰাৰ অভিজ্ঞতা বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে সংক্ৰমণ বাধা দিবলৈ
এচেপচিছ বা বীজানুমুক্ত পৰিবেশ, এন্টিচেপচিছ বা বীজাণুনাশকৰ ব্যৱহাৰ আৰু বেছি ফলপ্ৰসূ শল্য চিকিৎসা পদ্ধতিত
মনোনিৱেশ কৰে। কুৰি শতিকাৰ ৬০ ৰ দশক পৰ্যন্ত Caesarianএটা নিৰাপদ শল্য চিকিৎসা হৈ পৰে।
Caesarian Section ৰ এই জনপ্ৰিয়তাৰ আঁৰত আৰু দুটা কৰক আছিল ঘৰতে হোৱা প্ৰসৱৰ সলনি
Institutional Delivery বা চিকিৎসালয়ত হোৱা প্ৰসৱৰ সংখ্যা বৃদ্ধি পোৱা আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা চহৰৰ
জনসংখ্যা। চিকিৎসালয়ৰ সংখ্যা লেখত ল’বলগীয়াকৈ বৃদ্ধি পায়, আৰু Cared Pregnancy বা চিকিৎসক বা ধাইয়ে
(Midwife) প্ৰতিপাল কৰা গৰ্ভাৱস্থাৰ সংখ্যা আগতকৈ বহুত বৃদ্ধি পায় আৰু প্ৰসূতি নিদানৰ বাবে বহু চিকিৎসালয়ো
খোলা হয়। চহৰৰ জনসংখ্যা বৃদ্ধি পোৱা বাবে ইউৰোপ আৰু আমেৰিকাৰ ঠাণ্ডা দেশবোৰত নতুনকৈ চহৰত থিতাপি
লোৱা জনসংখ্যাৰ বাবে কৃষিজাত সামগ্ৰী যেনে শাক পাচলি আৰু দুগ্ধজাত খাদ্য দুষ্প্ৰাপ্য হৈ পৰে। ত্ৰিশৰ দশকত Vitamin
D আৰু কেলচিয়ামৰ অভাৱত হোৱা হাড়ৰ ৰোগ Ricket আৰু Osteomelacia (অষ্টমলাচিয়া)ৰ হাৰ বহু পৰিমানে বৃদ্ধি
পায় আৰু এই ৰোগত ভোগা ৰোগী যেতিয়া গৰ্ভধাৰণৰ বয়স পায়হি (40 আৰু 50 ৰ দশক) এওঁলোকৰ Caesarian
কৰিব লগা হয় কাৰণ এই ৰোগৰ ফলত কঁকালৰ বান্ধনী (Palvis বা Palvic Girdle, মানে কঁকাল আৰু কমৰৰ হাড়)
বিসংগতিপূৰ্ণ হয় আৰু ফলত প্ৰসৱৰ ৰাস্তা স্বাভাৱিক প্ৰসৱৰ বাবে অসুচল হৈ পৰে। যদিও এই সমস্যা সমাধানৰ বাবে
নিৰাপদ গাখীৰ যোগান ( Safe Milk Programme) আৰম্ভ হয় ( আমাৰ দেশত ১৯৭০ চনত আৰম্ভ হোৱা দুগ্ধ যোগান
আঁচনিৰ দৰে) আৰু তাৰ পিছত এই ৰোগৰ হাৰ যথেষ্ট হ্ৰাস পায়, কিন্তু Caesarian Section ৰ হাৰ বেছি হ্ৰাস নাপায়।
ইয়াৰ কেইবাটাও কাৰণ ব্যাখ্যা কৰা হৈছে। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে এই কথা উপলব্ধি কৰা হ’ল যে উন্নত
প্ৰযুক্তি বিদ্যাই স্বাভাৱিক প্ৰসৱক বেদনামুক্ত কৰিব পাৰিলেও জটিলতা থকা গৰ্ভাৱস্থাক নিৰাপদ কৰিব নোৱাৰে।
অৱশ্যে বেদনামুক্ত প্ৰসৱৰ ব্যৱস্থা কৰি আৰু উন্নত Monitoring বা ৰোগীৰ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ ওপৰত চোকা
নজৰ ৰাখি Trial of Labour বা স্বাভাৱিক প্ৰসৱৰ চেষ্টা কৰি চাব পাৰি। জটিলতাবিহীন প্ৰসৱত অৱশ্যে স্বাভাৱিক
প্ৰসৱেই শ্ৰেয়, যদিহে উপযুক্ত বেদনামুক্তিৰ (প্ৰসূতি সন্তুষ্ট হোৱাকৈ) ব্যৱস্থা কৰিব পাৰি। জটিলতা থকা গৰ্ভাৱস্থাৰ বাবে
Caesarian কৰাটো প্ৰয়োজনীয় হৈ পৰে, আৰু প্ৰযুক্তি বিদ্যাৰ কাৰিকৰী উন্নতিৰ লগতে সংজ্ঞা ধৰণৰ উন্নত পদ্ধতি,
জেনেৰেল এনাস্থেচিয়াৰ সলনি স্পীনাল আৰু এপিদুৰালৰ ব্যৱহাৰ, আৰু উন্নত Monitoring ৰ ব্যৱহাৰে Caesarian বহু
পৰিমাণে নিৰাপদ কৰি তোলে। Caesarian ৰ জনপ্ৰিয়তাৰ আৰু কেইটামান কাৰণ হৈছে Cultural বা সংস্কৃতিগত বা
লোকবিশ্বাস জড়িত, আৰু আইনী আৰু বৃত্তিগত কাৰণ জড়িত। caesarian ডেলিভাৰীৰ চমকপ্ৰদ সাফল্যৰ পিছত
সাধাৰণ ৰাইজেও Caesarian ৰ প্ৰতি বেছি আকৰ্ষিত হল| বৃত্তিগত কাৰণত চিকিৎসকেও জটিল গৰ্ভাৱস্থা এটাত
স্বাভাৱিক প্ৰসৱৰ সলনি Caesarian ডেলিভাৰী কৰাত আগ্ৰহী হৈ উঠিল, কাৰণ সময়ৰ লগে লগে মহিলাৰ গৰ্ভ ধাৰণৰ
হাৰ কমি আহিল আৰু গৰ্ভাৱস্থা আগতকৈ মূল্যৱান হৈ আহিল| গৰ্ভাৱস্থাৰ সফল পৰিসমাপ্তিৰ লগত চিকিৎসকৰ সুনাম
জড়িত হৈ পৰিল (আমাৰ অসমত অৱশ্যে কথাটো সুকীয়া, ফলাফল বেয়া হলে চিকিৎসকৰ জীৱনৰো সংশয়!) আৰু
চিকিৎসা বিজ্ঞান আইনী ব্যৱস্থাৰ আওতালৈ অহাৰ পিছত চিকিৎসকে পুৰণি দিনত দেখুওৱা সাহসৰ সলনি নিৰাপদ
পন্থাহে অৱলম্বন কৰা আৰম্ভ কৰিলে।

বর্তমান সময়ৰ লেখৰ ওপৰত যদি আমি চকু ফুৰাওঁ তেনেহলে Caesarian Section আৰু বেদনামুক্ত প্ৰসৱৰ
হাৰ বিভিন্ন দেশত অসমানুপাতিক ভাবে ভিন্ন। প্ৰথম বিশ্বৰ দেশ যেনে গ্ৰেট ব্ৰিটেইনত ২৫%, আমেৰিকাত ৩২%,
আনহাতে প্ৰগতিশীল দেশ যেনে চীন দেশত ৫০% ত কৈও বেছি, তুৰ্কীত ৪৮%, ৰুমানিয়া ৩৩% ইত্যাদি। আমাৰ দেশত
এইবোৰ লেখ পাবলৈ অসুবিধা। তাৰ এটা কাৰণ হৈছে উপযুক্ত reporting বা পঞ্জীয়নৰ অভাৱ আৰু দ্বিধা বিভক্ত
(চৰকাৰী আৰু বেচৰকাৰী) চিকিৎসা সেৱা। দুয়োটা ব্যৱস্থাৰ Principle বা আদৰ্শ যথেষ্ট সুকীয়া। চৰকাৰী চিকিৎসা
সেৱাৰ লক্ষ্য জনকল্যাণমুখী ৰাষ্ট্ৰ হিচাপে নাগৰিকক সহজলভ্য চিকিৎসা সেৱা আগবঢ়োৱা। জনসংখ্যা হিচাপে চৰকাৰী
খণ্ডৰ চিকিৎসালয়ৰ সংখ্যা এতিয়াও যথেষ্ট কম। চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ বিতৰণ আৰু তাত থকা সা সুবিধাৰ
পৰিমাণ চহৰ অঞ্চল আৰু গ্ৰাম্যাঞ্চলৰ মাজত, আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত যথেষ্ট বৈসাদৃশ্যপূৰ্ণ ।অন্যহাতে
ভাৰতীয় আইন ব্যৱস্থাই বেচৰকাৰী চিকিৎসা সেৱাক ব্যৱসায় বা উদ্যোগ বুলি ধৰিছে, আৰু চিকিৎসাবৃত্তিক গ্ৰাহক
সুৰক্ষা আইনৰ অধীনত ৰাখিছে। এই পার্থক্যৰ বাবে চৰকাৰী খণ্ডত Caesarian ৰ সংখ্যা কম, কাৰণ resource
utilisation বা সা-সুবিধাৰ উপযুক্ত ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি Caesarian section ৰ সংখ্যা কম ৰাখিবলৈ চেষ্টা কৰা
হয়। আনহাতে বেচৰকাৰী খণ্ডত চিকিৎসকে আইনী সমস্যা, বৃত্তিগত সুনাম, প্ৰসূতিৰ অনুৰোধ, নিৰাপদ প্ৰসৱ ইত্যাদি
অনেক কাৰকৰ বাবে Caesarian ডেলিভাৰীৰ প্ৰতি ঢাল খায়। সেই হিচাপে ভাৰতত বেচৰকাৰী খণ্ডত Caesarian
ডেলিভাৰীৰ হাৰ বেছি। এই হাৰ বিভিন্ন ৰাজ্যত বিভিন্ন। অসমত চৰকাৰী খণ্ডত Caesarian ৰ হাৰ ১0%, আৰু
বেচৰকাৰী খণ্ডত ৪১%। বিশ্ব স্বাস্থ্য সংস্থা বা WHO ৰ মতে এখন দেশত নিৰাপদ প্ৰসৱৰ বাবে ১০-১৫% Caesarian
হোৱাটো বাঞ্চনীয়। ইয়াৰ কাৰণ হল এই ১০-১৫% গৰ্ভাৱস্থা জটিলতাপূৰ্ণ, আৰু ইয়াত Caesarian নকৰিলে বিপদ হব
পাৰে। সেই হিচাপে চৰকাৰী খণ্ডত Caesarian ৰ হাৰ উন্নত হোৱা উচিত। আনহাতে, বেচৰকাৰী খণ্ডত Caesarian
অধিক মাত্ৰাত হৈছে। কিন্তু এটা কথা মন কৰিব লগীয়া যে WHO য়ে যি ১০-১৫% Caesarion হ’ব লাগে বুলি কৈছে
সেইয়া এক নূন্যতম সীমাহে, তাতকৈ বেছি হব নালাগে বুলি কোৱা নাই। আনহাতে উন্নত দেশবোৰত Caesarian
ডেলিভাৰীৰ হাৰ ১০-১৫% ত কৈ বহু বেছি। আমাৰ অসমৰ বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত Caesarian Section ৰ
হাৰ উন্নত দেশ বোৰৰ সমানুপাতিক।
Caesarian section এটা নিৰাপদ পদ্ধতি বুলি এটা ধাৰণা আছে। আচলতে Caesarian section অন্য
যিকোনো অস্ত্ৰোপচাৰৰ দৰে এক অস্ত্ৰোপচাৰ। ইয়াৰ ফলত বহুতো সমস্যা হব পাৰে, প্ৰসূতিৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে।
কিন্তু Caesarian মৃত্যুৰ হাৰ আৰু Morbidity বা অস্ত্ৰোপচাৰ জনিত শাৰীৰিক পীড়া আৰু অক্ষমতাৰ হাৰ যথেষ্ট কম।
সেয়েহে ইয়াক যথেষ্ট নিৰাপদ বুলি ধৰা হয়। স্বাভাৱিক প্ৰসৱ আৰু Caesarian ৰ মাজত কোনটোৰ risk বেছি এবাৰতে
কোৱা অসুবিধা। ব্ৰিটিছ অনুসন্ধান মতে যিসকল মহিলাই elective Caesarian বা প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ আগতেই
Caesarian কৰোৱাই তেওঁলোকৰ মাজত প্ৰসৱজনিত মৃত্যুৰ হাৰ আটাইতকৈ কম। আনহাতে, আমেৰিকান গৱেষণা
মতে স্বাভাৱিক প্ৰসৱৰ তুলনাত Caesarian ডেলিভাৰীত প্ৰসূতি মৃত্যুৰ হাৰ বেছি। ইয়াৰ পৰা দুটা কথা অনুভৱ কৰিব
পাৰি যে ১) যি ক্ষেত্ৰত Caesarian কৰাটো জৰুৰী সেই ক্ষেত্ৰত Caesarian নকৰাৰ risk বা বিপদৰ শংকা Caesarian
কৰাতকৈ বহু বেছি আৰু ২) Emergency Caesarian section বা জৰুৰীকালীন Caesarian ৰ risk স্বাভাৱিক
প্ৰসৱতকৈ আৰু নিৰ্বাচিত Caesarian (elective caesarian)ত কৈ বেছি।

এতিয়া বেলেগ প্ৰসংগলৈ আহোঁ, বেদনামুক্ত প্ৰসৱৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰি? অসমত এই ব্যৱস্থা কিয় প্ৰসাৰ হোৱা নাই?

আচলতে প্ৰসৱৰ বেদনামুক্ত কৰিবৰ অন্যান্য বহুতো উপায় চেষ্টা কৰা হৈছে, যেনে পানীৰ মাজত প্ৰসৱ, অকুপাংচাৰ, মালিচ, TENS ( ছালৰ মাজৰে সূক্ষ্ম বৈদ্যুতিক সোঁত প্ৰবাহিত কৰি বিষ প্ৰশমনৰ চেষ্টা) ইত্যাদি। কিন্তু এইবোৰ পদ্ধতিৰ ইমান জনপ্ৰিয়তা নাই, প্ৰসৱ বেদনা লাঘৱৰ মূলত তিনিটা পদ্ধতিয়ে আটাইতকৈ জনপ্ৰিয়। আগতেই উল্লেখ কৰিছোঁ যে সেই তিনিটা হ’ল 1)গেছ 2)স্পীনাল -এপিদুৰাল 3) ৰামিফেণ্টানীল নামৰ শিৰত দিয়া ঔষধ। এতিয়া এই তিনিটা পদ্ধতিৰ লাভালাভ, বিপদ আৰু বেদনা প্ৰশমনৰ বিষয়ে আলোচনা কৰিম।
প্ৰথমেই আহোঁ গেছৰ কথালৈ। আগতেই কৈ আহিছোঁ গেছ মানে নাইট্ৰেছ অক্সিড (nitrous oxide), যিটো অক্সিজেনৰ সৈতে মিহলাই antonox বুলি ব্যৱহাৰ হয়। প্ৰসূতিয়ে বিষ অনুভৱ কৰিলে গেছ মুখাৰ সহায়ত এই গেছ সেৱন কৰিব লাগে।ইয়াক ব্যৱহাৰ কৰা অত্যন্ত সহজ, সংজ্ঞা হৰণ বিভাগৰ চিকিৎসকৰ প্ৰয়োজন নাই, প্ৰসূতিক পৰিচাৰ্য কৰিবলৈ নাৰ্চ বা ধাই থাকিব লাগিব। ইয়াৰ এটা ভাল দিশ হল যে ই patient controlled analgesia বা ৰোগীয়ে নিজে প্ৰয়োজন মতে ল’ব পৰা বেদনানাশকৰ নিচিনা। প্ৰসূতিক ইয়াৰ ব্যৱহাৰে পীড়িতসকলৰ লগতে নিজৰ প্ৰসৱ বেদনাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ থকাৰ ভাব দিয়ে, আৰু ইয়ে প্ৰসূতিৰ মনৰ অসহায় ভাব যথেষ্ট লাঘৱ কৰে।
এই গেছৰ ব্যৱহাৰে গৰ্ভস্থ শিশুৰ একো হানি নকৰে। গেছ ব্যৱহাৰৰ সময়ত মাতৃৰ বমিৰ ভাব আহিব পাৰে। এই গেছৰ এটা মিঠা গোন্ধ আছে, আৰু ই প্ৰসৱৰ গতিৰ ওপৰত একো প্ৰভাৱ নেপেলায় । এই বছৰ ফেব্ৰুৱাৰী মাহত anesthesia &analgesia নামৰ আমেৰিকাৰ বিখ্যাত আৰু বিশ্ব ব্যাপী সন্মানীয় মেডিকেল ৰিচাৰ্চ জাৰ্ণাল খনত প্ৰকাশিত এটা অনুসন্ধানৰ ফল অনুসৰি এই গেছৰ ব্যৱহাৰে যদিও তুলনামূলক ভাবে বেদনা উপশম কম কৰিব পাৰে, কিন্তু প্ৰসূতিৰ সন্তুষ্টি অন্য পদ্ধতিৰ সৈতে সমানেই হয়। ইয়াৰ কাৰণ হিচাপে তেওঁলোকে বাখ্যা কৰিছে যে প্ৰসূতিৰ সন্তুষ্টি বিষ নিৰাময়ৰ উপৰিও আৰু বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই গেছ অৱশ্যে গ্ৰীণ হাউচ গেছ বা পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিব পৰা গেছ হিচাপে চিনাক্ত হৈছে (কিন্তু ইয়াৰ ব্যৱহাৰ অন্য গ্ৰীণ হাউচ গেছৰ তুলনাত তেনেই কম), আৰু প্ৰসূতি নিদান কক্ষত কৰ্মৰত নাৰ্চ বা ধাই সকলৰ শৰীৰত ভিটামিন B12 ৰ অভাৱ ঘটাব পাৰে, সেয়েহে তেওঁলোকে এনে পৰিবেশত অধিক দিন কাম কৰিলে ভিটামিন B12 সেৱন কৰাটো বাঞ্চনীয়। মহিলাৰ প্ৰথমটো গৰ্ভধাৰণৰ প্ৰসৱ বেদনাতকৈ তাৰ পিছৰবোৰ প্ৰসৱত এই গেছ বেছি ফলপ্ৰসূ হয়, কিয়নো প্ৰথম প্ৰসৱ বেছি পীড়াদায়ক হয়।
দুই নম্বৰতে আহোঁ ৰামিফেণ্টানীলৰ কথালৈ। এই ঔষধ বিধক মই মেজিকতকৈ কোনো গুণে কম বুলি নাভাবো। এই ঔষধ শিৰাত প্ৰয়োগ কৰিলে ইয়াৰ প্ৰভাৱ 10 চেকেণ্ডত আৰম্ভ হয়, আৰু দহ চেকেণ্ডত ইয়াৰ বেদনা নাশক তীব্ৰতা শীৰ্ষত উপনীত হয়, আৰু 2 মিনিট পিছত ইয়াৰ সকলো প্ৰভাৱৰ অন্ত পৰে। এই ঔষধ সংজ্ঞাহৰণত বহুল ভাৱে ব্যৱহাৰ হয়, কিন্তু প্ৰসূতিৰ বেদনা ধৰণৰ বাবে ইয়াক এক বিশেষ পদ্ধতিৰে দিয়া হয়। তাৰ বাবে এটা বিশেষ ভাবে নিৰ্মিত পাম্প (pump) ব্যৱহাৰ হয়। এই pump ক PCA বা patient controlled analgesia pump বুলি কোৱা হয়। ঔষধ ভৰ্তি চিৰিঞ্জ এই pump ত সুমুৱাই থোৱা থাকে, আৰু তাক প্ৰসূতিৰ শিৰাত সুমুৱাই থোৱা cannula (কেনুলা) বা বেজিৰ সৈতে সংযোগ কৰা হয়। প্ৰসূতিৰ হাতত এটা switch বা বুটাম দিয়া হয় যিটো টিপিলে এই pump এ প্ৰসূতিক ঔষধৰ এটা পালি বা dose দিব। এনেদৰে প্ৰসূতিয়ে বেদনাৰ আৰম্ভণিতে এই switch  টিপি নিজৰ বেদনা উপশম কৰিব পাৰে। এই আহিলা ব্যৱহাৰ কৰিবলৈ সংজ্ঞা হৰণ চিকিৎসকৰ আৱশ্যক নাই, কিন্তু এই ঔষধ pump ত সংযোগ কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্তলোকৰ প্ৰয়োজন, আৰু ইয়াৰ ব্যৱহাৰ কৰা সময়ত প্ৰসূতিৰ ওপৰত অহৰ্নিশে চকু ৰাখিব লাগে, কিয়নো এই ঔষধে প্ৰসূতিৰ শ্বাস প্ৰশ্বাসৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গৰ্ভস্থ শিশুৰ ওপৰত আৰু প্ৰসৱৰ গতিৰ ওপৰত ইয়াৰ প্ৰভাৱ নাই। ইয়াৰ ব্যৱহাৰ কৰোঁতে বমিৰ ভাব আহিব পাৰে, শৰীৰত খজুৱতি উঠিব পাৰে। কিন্তু এই ঔষধ যথেষ্ট নিৰাপদ বুলি চিহ্নিত হৈছে। ইয়াক nitrous oxide ৰ লগত একেলগেও ব্যৱহাৰ কৰিব পাৰি।
তৃতীয় পদ্ধতিটো হৈছে এপিদুৰাল। ইয়াৰ ব্যৱহাৰ কৰিবলৈ পিঠিত ৰাজহাঁড়ৰ মাজত এটা বেজিৰ সহায়ত এডাল মিহি পাইপ বা নলিকা সুমুৱাই দিয়া হয়। তাৰ পিছত এই নলিকা এটা pump ৰ সংযোগ কৰি তাৰ সহায়ত ঔষধ ৰাজহাঁড়ৰ মাজৰ সেই এপিদুৰাল স্পেচ নামৰ ঠাইখিনিত দিয়া হয়। এই pump nirantar চলি থাকিব পাৰে ( continuous) বা এই pump PCA pump ও হ’ব পৰে, য’ত প্ৰসূতিয়ে বুটাম টিপিব লাগিব। এই ব্যৱস্থা বেদনা উপশমৰ বাবে আটাইতকৈ ফলপ্ৰসূ। ইয়াক ব্যৱহাৰ কৰিবলৈ সংজ্ঞাহৰণ চিকিৎসকৰ প্ৰয়োজন। নিৰন্তৰ প্ৰসূতিৰ ওপৰত চকু ৰখা প্ৰয়োজন। ইয়াৰ ব্যৱহাৰে শিশুৰ ওপৰত প্ৰত্যক্ষ ভাবে একো প্ৰভাৱ নেপেলায়। ইয়াৰ ব্যৱহাৰে instrumental delivery বা ফৰচেপ, ভান্তুছ ( vantouse) আদি আহিলাৰ প্ৰয়োগৰ হাৰ সামান্য বৃদ্ধি কৰে। ইয়াৰ ব্যৱহাৰৰ সময়ত ৰক্তচাপৰ তাৰতম্য ঘটিব পাৰে, মৰ্ফিন জাতীয় ঔষধ ব্যৱহাৰ কৰিলে খজুৱতি , বমি বা শ্বাস প্ৰশ্বাসত প্ৰভাৱ পৰিব পাৰে, সেইবাবে labour room বা নিদান কক্ষত প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মীৰ উপস্থিতি প্ৰয়োজনীয়। যিহেতু এপিদুৰ্লৰ বাবে পিঠিত বেজী দিয়াৰ প্ৰয়োজন, তাৰ ফলত কিছু সমস্যা, যেনে স্নায়ুত আঘাত লগা, বীজাণু সংক্ৰমণ, পিঠিত তেজ গোট মৰা, মূৰৰ বিষ, পক্ষাঘাত ইত্যাদি হ’ব পাৰে। এইবোৰ সমস্যাৰ হাৰ অত্যন্ত কম, কিছুমান সমস্যাৰ হাৰ দহহাজাৰত এজনৰ পৰা আশী হাজাৰত এজনলৈ। এক প্ৰকাৰে ক’বলৈ গলে গাড়ী চলাই না উৰাজাহাজত উঠি কৰাবলৈ যাওঁতে যিমান বিপদৰ সম্ভাৱনা তাৰ সমানুপাতিক।এপিদুৰাল ব্যৱহাৰ কৰা অৱস্থাত caesarian কৰিব লগা হলে বহু ক্ষেত্ৰত এই এপিদুৰালকে caesarian ৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
মোৰ কৰ্মস্থলীত সাধাৰণতে প্ৰসূতিক ante netal visit বা গৰ্ভৱতী অৱস্থাত কৰা স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকে প্ৰসৱ পৰিকল্পনাৰ বাবে সোধে, উপযুক্ত তথ্য দিয়ে, প্ৰসূতিয়ে এপিদুৰাল নে গেছ নে ৰামিফেণ্টানীল বিচাৰিছে সেই কথা আলোচনা কৰে। এটা ব্যৱস্থা সফল নহলে দ্বিতীয় এটা কেনেকৈ ব্যৱহাৰ কৰিব পৰা যাব সেই বিষয়েও আলোচনা হয়। যদি মহিলা গৰাকীয়ে কিবা এটা পদ্ধতি নিবিচাৰে সেইটো লিপিবদ্ধ কৰা হয়। যিকোনো সময়ত যে caesarian কৰিব লগা হব পাৰে সেইটো কথা বুজাই দিয়া হয়, আৰু যদি কমপ্লিকেটেড pregnancy বা গৰ্ভাৱস্থাত কিবা জটিলতা থাকে তেনেহ’লে আগতীয়াকৈ সংজ্ঞা হৰণ বিভাগৰ চিকিৎসকৰ পৰামৰ্শৰ বাবে পঠোৱা হয় যাতে তেওঁলোকে নিজা ববীয়াকৈ পৰিকল্পনা কৰিব পাৰে আৰু প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা কৰাই লব পাৰে।
আমাৰ অসমত এইবোৰ ব্যৱস্থা কৰিব পাৰিনে? নিশ্চয় পাৰি। antonox ৰ ব্যৱস্থা কৰাটো নাৰ্ছিং হোম বা চৰকাৰী চিকিৎসালয়ৰ বাবে বৰ অসুবিধজনক হব নালাগে। এপিদুৰাল বৰ্তমানে থকা সা সজুঁলিৰেও আৰম্ভ কৰিব পৰা যায় , কিন্তু অধিক স্বাস্থ্য কৰ্মী আৰু সংজ্ঞা হৰণ চিকিৎসকৰ প্ৰয়োজন হব। ৰামিফেণ্টানীল বৰ্তমান ভাৰতত নাই, লাইচেঞ্চ পালে ব্যৱহাৰ কৰিব পৰা যাব। বেদনা মুক্ত প্ৰসৱৰ ব্যৱস্থা গুৱাহাটী বা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত নিশ্চয় আছে, স্নাতকোত্তৰ মহলাৰ সংজ্ঞা হৰণৰ ছাত্ৰই সাধাৰণতে এই বিষয়ত আগ্ৰহ দেখুৱায়। বেচৰকাৰী খণ্ডত ডাঙৰ চিকিৎসালয় সমূহত য’ত অহৰ্নিশে সংজ্ঞা হৰণৰ চিকিৎসক থাকে, সেইবোৰত আছে। সৰু চিকিৎসালয় সমূহত এই ব্যৱস্থা নথকাৰ মুখ্য অন্তৰায় হল চিকিৎসকৰ অভাৱ, আৰু আৰ্থিক দিশ। যেহেতু এই কাম যথেষ্ট labour intensive বা কষ্টকৰ, আৰু সংজ্ঞা হৰণ চিকিৎসকে বহু সময় দিব লগা হয়, সেই অনুপাতে পাৰিশ্ৰমিক পোৱাৰ সম্ভাৱনা বৰ কম। তাৰ উপৰি এইবোৰ কাম কৰিবলৈ নিৰাপদ পৰিবেশৰ প্ৰয়োজন, য’ত ৰোগীৰ পৰিচৰ্যা কৰিবলৈ উপযুক্ত প্ৰশিক্ষনপ্ৰাপ্ত স্বাস্থ্য কৰ্মী আছে। তৃতীয়তে, সামাজিক সচেতনতাৰ অভাৱ। প্ৰসূতি বা প্ৰসূতিৰ পৰিয়ালৰ লোকে বহু সময়ত এইবোৰ পদ্ধতিৰ বিষয়ে একোৱে নাজানে, আৰু প্ৰসৱ সদায় বেদনাৰ মাজৰেহে সম্ভৱ বুলি এটা ভ্ৰান্ত ধাৰণা লৈ থাকে। প্ৰসৱৰ বেদনা নিবৃত্তিৰ caesarianয়েই একমাত্ৰ পথ বুলিও বহুলোকে ভাবে।
বেদনামুক্ত প্ৰসৱ ব্যৱস্থাক জনপ্ৰিয় আৰু সুলভ কৰিবলৈ হ’লে চিকিৎসক সকলে আগভাগ লব লাগিব, লগতে ই এটা ‘felt need’ বা ৰাইজে অনুভৱ কৰা অভাৱ বুলি তেওঁলোকে গম পাব লাগিব। তাৰ বাবে লাগিব জন সচেতনতা। আৰু সেই সচেতনতা আহিব যেতিয়া জনসাধাৰণে এই পদ্ধতি বা ব্যৱস্থা বোৰৰ বিষয়ে জানিব। বেদনামুক্ত প্ৰসৱৰ ব্যৱস্থাৰ বাবে যি সাংগঠনিক আন্তঃগাঁথনিৰ প্ৰয়োজন সেই আন্তঃগাঁথনি প্ৰস্তুত কৰাতো অত্যন্ত ব্যয়বহুল প্ৰক্ৰিয়া নহয়।
এই লেখাটোৰ মুখ্য উদ্দেশ্য হৈছে বেদনামুক্ত প্ৰসৱৰ প্ৰতি জন সচেতনতা বৃদ্ধি কৰা। ব্ৰিটেইন বা আমেৰিকাই পৰা কামটো আমাৰ দেশতো নোৱাৰাৰ কোনো কাৰণ নাই। আমি বেদনামুক্ত প্ৰসৱক নাৰীমুক্তি, নাৰী স্বাধীনতা আৰু নাৰীৰ অধিকাৰৰ অংশ বুলি ভাবিব পাৰিব লাগিব। অসমীয়াত এটা কথা আছে , ‘কেঁচুৱাই কান্দ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments