বেনাৰ (অমিতাভ মহন্ত)

“হে মহান শিল্পী, আপোনাৰ আকস্মিক প্ৰয়াণত আমি শোকাহত।” —নবোদয় সংঘ।

চাৰিআলিটোত সকলোৰে চকুত পৰাকৈ এখন বগা বেনাৰত সেই মহান শিল্পীৰ ছবি সহ এই বাক্যশাৰী ট টকৈ জিলিকি আছে। বেনাৰখনক অৱশ্যে এতিয়া আৰু বগা বুলি ক’ব নোৱাৰি। ধূলি-বালি পৰি কিবা এক অদ্ভুত ৰং হৈছে। নহ’বনো কিয়, নাই নাই কৈ কম দিন ধৰি ওলমি থকিলনে এইখন। দিন গৈ কেতিয়াবাই মাহত পৰিলগৈ, লাহেকৈ মাহৰ পৰা বছৰ….।

সেইদিনা দুপৰীয়া খবৰটো শুনাৰ লগে লগে নবোদয় সংঘৰ সম্পাদক দেবুই দুঘণ্টাৰ ভিতৰতে এই বেনাৰখন ক’ৰ পৰা যে ইমান কম সময়ত যোগাৰ কৰিছিল সি হে জানে। সংঘৰ সকলোৱে উৎসাহেৰে চাৰিআলিটোতে সেইখন টানি সেই কেইদিন মহান শিল্পীজনাৰ গুণ গৰিমা প্ৰচাৰ কৰাত ব্যস্ত হৈ থাকিল। দিনে ৰাতিয়ে বন্তি, মমবাতি জ্বলি থাকিল, ৰাণাৰ চনীৰ মিউজিক চিষ্টেমটোত সেই কেইদিন অহৰহ সেই মহান শিল্পীজনাৰ গান বাজি থাকিল। তেখেতৰ শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলীৰ লগতে সাংগীতিক সন্ধ্যাৰো আয়োজন কৰা হ’ল।

তাৰপাছত……। তাৰপাছত আৰু কি! দিন, মাহ, বছৰ বাগৰি যায়, বেনাৰখন তেনেকৈয়ে ওলমি থাকে। এফালৰ ৰচীডাল ছিগি গৈছে, ৰ’দে-বৰষুণে বেনাৰৰ আখৰবোৰ অস্পষ্ট কৰি দিছে, শিল্পীৰ ছবিখন চিনি নোপোৱা হৈ গৈছে। কিন্তু বেনাৰখন খোলাৰ কথা কাৰো মনত নপৰে।

সদায় ঘৰৰ পৰা ওলোৱা-সোমোৱা কৰোঁতে কলিতাই এবাৰ বেনাৰখনলৈ চায়। মনটোৱে উচপিচ কৰে। বয়স অলপ কম হ’লে আৰু এই বেমাৰবোৰে সঙ্গ নিদিয়া হ’লে কলিতাই চাগে নিজেই এই বেনাৰখন খুলি দিলেহেঁতেন।

– খুৰা, আজি এইখনৰ ব্যৱস্থা কৰিম ৰ’ব।

কলিতাই আজি পুৱাই পুৱাই আকৌ চকু ডাঙৰ ডাঙৰ কৰি মেলি বেনাৰখনৰ পিনে চাই থকা দেখি বিকীয়ে মাত লগালে।
বেনাৰখন লগোৱাৰ এমাহ পিছটো সেইখন খোলাৰ বাবে কাৰো উমঘাম নেদেখি কলিতাই এই বিকী, দেবু, ৰনী যাকে দেখা পাই তাকেই এই বিষয়ে কোৱা আৰম্ভ কৰিছিল।

– বোপাহ’ত, এই বেনাৰখন খোলাৰ ব্যৱস্থা কৰিবৰ হ’ল আৰু, অনেক শ্ৰদ্ধা জ্ঞাপন হ’ল কিন্তু।

– অ’ অ’ খুৰা, এই দুই এদিনতে খুলিমেই আৰু…। আচলতে কামৰ হেঁচাত একেবাৰে সময়েই পোৱা নাই।

প্ৰতিবাৰে এই একেই উত্তৰ। এই দুই এদিন কেতিয়া আহিব হয়তো কোনেও নাজানে। কৰিবলৈ একো নাই কলিতাৰ। এইফালে প্ৰয়াত শিল্পীৰ ওপৰত ৰ’দ বৰষুণৰ অত্যাচাৰ। শেষত কলিতায়ো ল’ৰাহঁতক কোৱা বাদ দিলে। কৈ কি লাভ।

কলিতাই চশমাৰ আঁৰেৰে বিকীৰ ফালে এবাৰ চালে। বেছি কথা কোৱাৰ মন নগ’ল। এটা দীৰ্ঘশ্বাস এৰি লাহেকৈ ক’লে—
‘চোৱা তোমালোকৰ যদি সময় হয়! তোমালোকৰটো বহুত কাম, এই বেনাৰ খোলাটো আকৌ কিবা কাম হ’ল নেকি!’

বিকী গুছি গ’ল। কলিতাই আকৌ এবাৰ বেনাৰখনৰ ফালে চালে, ওপৰৰ ৰচীডাল চিঙি গৈ শিল্পীৰ মুখৰ একাংশ ঢকা গৈছে। কলিতাৰ ভাব হ’ল শিল্পীয়ে চাগে লাজতে নিজেই নিজৰ মুখখন ঢাকি লৈছে।

তাৰপিছত কলিতা পাৰ্কলৈ ওলাল। তেওঁৰ বয়সৰ অনেক লোক ৰাতিপুৱাই পাৰ্কলৈ আহে, লাফিং ক্লাবলৈ। ইয়ালৈ অহা বেছিভাগৰে জীৱনত হাঁহিবলৈ কোনো কাৰণ নোহোৱা হৈ গৈছে। তেওঁলোকে ইয়ালৈ হাঁহিবলৈ আহে, এনেই হাঁহে। প্ৰাণ খুলি নহ’লেও ডিঙি খুলি!

পাৰ্কত সোমায়েই গগৈৰ মুখত এটা দুঃসংবাদ শুনিলে কলিতাই। অসমীয়া সংগীত জগতৰ আন এক মহীৰুহ কল্যাণ বৰুৱাৰ মৃত্যুৰ খবৰ। সকলো শোকাস্তব্ধ। তেওঁৰ বিষয়ে বহু দেৰিলৈ চলিল আলোচনা, পুৰণি স্মৃতি ৰোমন্থন। ঘৰলৈ ঘুৰি আহি টিভিটো লগাই দিলে কলিতাই। অসমীয়া চেনেলকেইটাতো কেৱল তেওঁৰেই খবৰ।

শিল্পীৰ মৃত্যুত শোক প্ৰকাশ কৰি সকলো প্ৰতিষ্ঠান, অফিচ, বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ঘৰত বহি বহি বিৰক্তি লাগিল কলিতাৰ। চাৰিআলিলৈ ওলাই আহিল।

চাৰিআলিত এটা অহেতুক ব্যস্ততা। দেবুই দুজন হাজিৰা কৰা মানুহৰ দ্বাৰা বেনাৰখন নমাই আছে। ৰনী মিউজিক চিষ্টেমটো লৈ ব্যস্ত।

মনে মনে হাঁহিলে কলিতাই। আজি আকৌ এখন নতুন বেনাৰ লগোৱা হ’ব। ধকধকীয়া বগা বেকগ্ৰাউণ্ডত প্ৰয়াত কল্যাণ বৰুৱাৰ ছবিখন জিলিকি থাকিব। চাকি, কেণ্ডেল, ফুলেৰে চাৰিআলিটো জিলিকি থাকিব।

কিন্তু……. কিন্তু কিমানদিন…

(আলম লৈ)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

tamam rupa da