বেবেৰিবাং -(১): ৰুদ্ৰ নাৰায়ণ বৰকাকতি

৷৷ বিদ্যুতৰ নাটনি আৰু আধুনিক লেখক ৷৷

যোৱা কালিয়েই ভাবি থৈছিলো, আজি কিবা এটা লিখিম৷ ৰাতিপুৱা ৬ বজাত শুই উঠিয়েই লেপটপটো অন কৰি, ইন্টাৰনেটৰ সংযোগটো লগাই, দুখন দৈনিক কাকতৰ ৱেবচাইট ব্ৰাউজ কৰা আৰম্ভ কৰিলোঁ। দুয়োখনৰ দেওবৰীয়া আলোচনীলৈ দুটা লেখা পঠিওৱাৰ ওপৰিও এখনৰ সম্পাদকীয় পৃষ্ঠালৈ এটা লেখা প্ৰেৰণ কৰা আছে। এখন কাকতৰ ৱেবপেজত সোমাব পাৰিলোঁ, তাত প্ৰকাশ পোৱা নাই। আনখনৰ আজিৰ সংখ্যা আপল’ড কৰাই নাই, শনিবাৰৰ কাকত খন ভাঁহি আছে। লিখা-মেলা কৰাটো মোৰ অৱসৰ বিনোদন, এক নিচা। প্ৰকাশ পালেও কিমানে পঢ়ে গম নাপাওঁ। শুনাপাওঁ আজিকালি বোলে পঢ়ুৱৈ কমিছে। খৱৰ কাকত কিনি বাতৰি পঢ়াতকৈ মানুহে টি.ভি.তে চাই ভাল পায়। তথাপি লিখাই লিখি আছে, সম্পাদকে প্ৰকাশ কৰি আছে, প্ৰকাশকে নতুন কাকত উলিয়াই আছে। প্ৰৱন্ধ, গল্প, কবিতা আৰু সম্পাদকলৈ চিঠি মিলাই কিজানি ডেৰশৰ ওপৰৰ লেখা ইতিমধ্যে ছপা হৈছে, সেইকাৰণে ছপা আখৰত মোৰ নিজৰ নাম দেখি এসময়ত যি শিহঁৰণ অনুভৱ কৰিছিলোঁ, এতিয়া আৰু সেই অনুভৱ নাহে বুলি ফিতাহি মাৰি দুদিনমান আগতে মই মোৰ বন্ধু এজনৰ আগত কৈছিলোঁ। তথাপিও মই কিয় কাকতৰ পৃষ্ঠাবোৰ ঘুকটি আছোঁ। নিজৰ নামটো ভাল কথাত ছপা আখৰত দেখাৰ দুৰ্বলতা বোধহয় প্ৰত্যেকজন মানুহৰ থাকে, যিমানেই ওপৰলৈ নাযাওক। নাজানো মই ভুল হ’বও পাৰোঁ। আত্মপক্ষৰ সমৰ্থনত অৱশ্যে মই ক’ম,- মোৰ লেখাবোৰ শৃংখলাবদ্ধকৈ সংগ্ৰহৰ বাবেহে মই শুই উঠিয়েই মুখ-হাত নোধোৱাকৈ কাকতৰ পৃষ্ঠা তল ওপৰ কৰি আছোঁ। দেখা গ’ল তিনিটা শিতানৰ গোটেই কেইটাতে মোৰ লেখা অপ্ৰকাশিত হৈ ৰ’ল। তথাপি মনটো ক্ষান্ত নহয়। কিবা এটা আজি মুঠতে লিখিম।
ৰাতিপুৱাতেই আকৌ কাৰেন্ট গ’ল। এইকেইদিন তিনিঘন্টামানৰ মুৰে মুৰে এঘন্টা মানৰ বাবে বিদ্যুৎ পোৱা গৈছে। এই সময়খিনিতেই লিখাৰ সমল বিচাৰি খোজকাঢ়ি বাহিৰলৈ ওলাই গ’লো। আগতে লিখকৰ বাবে কলম এটা আৰু কাগজ এনুৰাই যথেষ্ট আছিল। তাতেই জ্ঞানপীঠ আৰু সাহিত্য একাডমীৰ উপযুক্ত লেখা সৃষ্টি হৈছিল। এতিয়াতো এটা অসমীয়া চফ্টৱেৰযুক্ত লেপটপ হ’লেই হৈ যায়। অহৰহ লিখি যাব পাৰি। লেখাবোৰো ই-আলোচনীলৈ প্ৰেৰণ কৰিব পাৰি। খাদ্যনে অখাদ্য সেয়া বিচাৰ কৰিবলৈও বেছি অপেক্ষা কৰা নিস্প্ৰয়োজন। এটা বুটাম টিপি পঢ়ুৱৈয়ে কৈ দিব পাৰে সকলোখিনি। কিহৰ বিষয়ে লিখিম ভাবি থাকোতেই মনলৈ আহিল এই কথাখিনিকেইচোন লিখিব পাৰোঁ। কিন্তু লিখিবৰ বাবেতো এতিয়া ছাগৈ কাৰেন্ট অহাই নাই। ইনভাৰ্টাৰ এটা কিনি ল’লে হয়তো এই অসুবিধা আঁতৰিব। কিন্তু তেতিয়া ছাগৈ বাহিৰত সমল বিচাৰিও হাবাথুৰি খাবলৈ ইচ্ছা নহ’ব। মানুহৰ প্ৰয়োজনৰ পাৰাপাৰ নাই। বেটাৰী বেকআপ দিব নোৱাৰা এটা ১৫ ইঞ্চিৰ লেপটপেই এই মন্দ লেখকৰ সম্বল। এতিয়া মই কাৰেন্ট নোহোৱাৰ অজুহাতত লিখাৰ প্লট বিচাৰিবলৈ সময় পাইছোঁ। কিন্তু যদি আখৰ দেখিবৰ সুবিধাৰ বাবে ৪২ ইঞ্চিৰ মনিটৰ এটা, নন ষ্টপ কাৰেন্ট, ঘৰতে হাৰ্ডকপি ল’ব পৰাকৈ এটা ভাল প্ৰিন্টাৰ থাকিল হয়, তেন্তে হয়তো টি.ভি., চিনেমাতেই সময় পাৰ হ’ল হয়, প্ৰিন্টাৰতো এলান্ধু পৰিল হয়। একো নথকাৰ পাছতো কিবা অলপ থকাৰ বাবেই মই সুখী আৰু প্ৰৱল আশাবাদী। অভাৱে সৃষ্টিক বাট দেখুৱায় ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক