বেবেৰিবাং (২): ৰুদ্ৰ নাৰায়ণ বৰকাকতি

চাৰ্লি চেপলিন, গান্ধী আৰু অমল

“এই দূষিত পৃথিৱীত একো বস্তুৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ দুঃখবিলাকো”। ফেচবুকত কিছুসংখ্যক লোকে বিখ্যাত ব্যক্তিৰ কেতবোৰ গুৰুত্বপূৰ্ণ উক্তি শ্বেয়াৰ কৰা পৰিলক্ষিত হয়। ডাঙৰ মানুহৰ উক্তিৰ ক্ষেত্ৰত সৰু কথা এষাৰৰো বিশেষ তাৎপৰ্য ফুটি উঠা পৰিলক্ষিত হয়। পঢ়ি অনুধাৱন কৰি ভাল লাগে। ওপৰত কৈ অহা উক্তিটো আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৌতুক শিল্পী চাৰ্লি চেপলিনৰ। মানুহক উত্তেজিত কৰিব পৰা বক্তৃতা, খং উঠাব পৰা সাহিত্য বা কন্দুৱাব পৰা কথাছবি তৈয়াৰ কৰিবলৈ যিমান সহজ, নিৰ্ভেজাল হাঁহিৰ খোৰাক যোগাব পৰা শিল্প সৃষ্টি কৰাটো বহুত কঠিন কাম। কিন্তু চেপলিনে সেই অসাধ্য সাধন কৰি দেখুৱাইছিল। অৱশ্যে আজিৰ আলোচনাৰ উদ্দেশ্য হাঁহি বিষয়ক নহয়, চেপলিনৰ উক্তিষাৰহে। চেপলিনে কৈ যোৱা কথাখিনি তেওঁতকৈ কেইবাহাজাৰ বছৰৰ আগতে শ্রীমদ্ভাগৱত গীতাৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণই, হাতৰ পৰা গাণ্ডীৱ পেলাই যুদ্ধত্যাগ কৰিবলৈ উদ্যত পাৰ্থক কুৰুক্ষেত্ৰ মহাসমৰৰ প্ৰাকক্ষণত বুজনি দিছিল। মানসিক ভাবে অসুখী হ’লেই মই শ্রীমদ্ভাগৱত গীতা পঢ়ি বা শ্ৰৱণ কৰি প্ৰশান্তি লাভ কৰোঁ। এই গ্ৰন্থত উদ্ধৃত শ্লোক সমূহৰ ভিতৰত মোৰ প্ৰিয় শ্লোক এফাঁকি হ’ল,-“জাতস্য হি ধ্ৰুৱো মৃত্যুধ্ৰুবৎ জন্ম মৃতস্য চ/ তস্মাদ অপৰিহাৰ্যেহৰ্থে ন ত্বং শোচিতুমৰ্হসি” যাক অসমীয়া তৰ্জমা কৰিলে হ’ব,- জন্মিলে মৃত্যু অনিবাৰ্য আৰু মৃত্যু হোৱাজনৰো পুনৰ জন্ম নিশ্চিত, সেয়েহে এনে জীৱনৰ অপৰিহাৰ্য ঘটনাবোৰৰ বাবে দুখ কৰা নিতান্তই অনুচিত। অৱশ্যে, মই এই অংশটো এনেদৰে বুজোঁ,- য’ত সুখ আছে তাৰ পাছত দুঃখো আছে, য’ত আনন্দ আছে তাৰ পাছত বিষাদো আছে, য’ত মিলন আছে তাৰ পাছত বিচ্ছেদো আছে; সেই কাৰণে সুখ, আনন্দ আৰু মিলনৰ সময়তে সমাগত দুখ, বিষাদ আৰু বিচ্ছেদৰ বাবে প্ৰস্তুত হৈ থাকিলে, যথা সময়ত ভ্ৰমিত হ’ব নালাগে।
মুঠৰ ওপৰত এই ধৰাত একো বস্তুৱে চিৰস্থায়ী নহয়। আমি কাৰোবাক প্ৰদৰ্শন কৰা শ্ৰদ্ধা বা মৰম যিদৰে অস্থায়ী, ঠিক সেই দৰে আনে আমাক প্ৰদৰ্শন কৰা শ্ৰদ্ধা বা মৰমবোৰো অস্থায়ী আৰু তেনে আশা কৰাও অনুচিত। যি বস্তুত প্ৰেমৰ উদ্ৰেক ঘটে এদিন তাতে ঘৃণাৰো সৃষ্টি হয়। কোনেও কাকো চিৰজীৱন ভাল পাই নাথাকে, বা বেয়াও হৈ নাথাকে। উদাহৰণ স্বৰূপে, হিন্দু ধৰ্মাৱলম্বীয়ে যিজন মাখনচোৰ কৃষ্ণক নিজৰ শিশু পুত্ৰৰ দেহত দেখা পায়, সেই বালকেই ডাঙৰ হৈ যৌৱনত কৃষ্ণক প্ৰেমিক বুলি বিদ্ৰূপ কৰে আৰু পুনৰ জীৱনৰ শেষ সময়ত কৃষ্ণ ভক্তিত নিমজ্জিত হয়। যিজন গান্ধীয়ে নঙঠা ফকীৰ হৈ খালি ভৰিৰে খোজ কাঢ়ি, দুৰ্বল দেহেৰে অনশন কৰি ব্রিটিছৰ বিৰুদ্ধে যুঁজিলে, তেঁওৰ দুৰ্বল দিশ কিবা আছিল নেকি সেয়া গৱেষণা কৰা মানুহৰো আজিৰ দুনিয়াত অভাৱ নাই। যিসকল বিশ্বমনীষীয়ে বিভিন্ন সময়ত পৃথিৱীৰ বৌদ্ধিক আৰু ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাই গৈছিল তেওঁলোকৰো ভুল ঘোকটা মানুহৰো অভাৱ নাই।
মই আজি যিজন মানুহক এই আলোচনালৈ টানি আনি আলোচনাটি সামৰিব খুজিছোঁ, আপাত দৃষ্টিত, নাম-যশ-ধন-ৰূপ আদি মাপকাঠিৰে যদি জোখা যায় তেন্তে তেওঁ কোনো বিখ্যাত ব্যক্তি নহয়। সৰ্বোপৰি, মই যি সময়ৰ কথা কৈছোঁ, সেই সময়ত মাষ্টাৰৰোলৰ কৰ্মচাৰী এই অমল দাস নামৰ মানুহজনৰ দৰমহা আছিল মাত্ৰ তেইছ শ টকা। যিখিনি টকা বোধহয়, কোনোবা এজন উচ্চ মধ্যবিত্তই এসাঁজ আহাৰ বা এযোৰ জোতা বা এটা জেকেটৰ বাবদ ব্যয় কৰিবলৈও কুন্ঠাবোধ নকৰিব। জন্মৰে পৰা নাকৰ তলতে ওপৰৰ ওঁঠ কাট খোৱা, গেঠেলা শকত এই মানুহজনে সেইকেইটা টকাৰে দুটাকৈ পঢ়ি থকা ল’ৰাৰে সৈতে চাৰিজনীয়া পৰিয়ালটো পোহপাল দিয়াৰ উপৰিও অলপমান ধন সাঁচিবও পাৰিছিল। খাদ্যাভ্যাসৰ ক্ষেত্ৰত, অমল সম্পূৰ্ণ নিৰামিষাহাৰীটো আছিলেই, পিঁয়াজ-নহৰুও তাৰ বাবে অভক্ষ্য আছিল। খাদ্যই হেনো মানুহৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে। খাদ্যৰ প্ৰভাৱতেই নেকি, এক সাত্বিক জীৱন যাপন কৰা কুৎসিৎ চেহেৰাৰ অমলৰ মাজতো এক দিব্য আভা ফুটি উঠা পৰিলক্ষিত হৈছিল। আমি থকা চৰকাৰী আবাসৰ গাতে লাগি থকা বাৰী খনত আম, কঁঠাল, অমৰা আদি বিভিন্ন ধৰণৰ ফলমূলৰ গছ-গছনি আছিল। সেইবোৰ বহু বছৰৰ আগতে কোনোবাই ৰুইছিল বা আপোনা-আপুনি গজিছিল। ফলমূলবোৰ যথেষ্ট সুস্বাদু আছিল। আম লগাৰ বতৰত, ডাঙৰ ধুমুহা বতাহ বলাৰ পাছত, অমলে তাৰ পুতেক এটাক লগত লৈ আম বুটলিবলৈ অহাটো এটা সাধাৰণ দৃশ্য আছিল। সিহঁতে নুবুটলিলেও, হয় অফিছৰ লগত সম্পৰ্ক নথকা ওচৰ-পাজৰৰ মানুহে বোটলে, নহ’লে এইবোৰ এৰাল নিদিয়া গৰু-ছাগলীৰ খাদ্য হয়। এদিনাখন সন্ধ্যাবেলা ডাঙৰ ধুমুহা এজাক অহাৰ পাছত বিৰাট টিলাৰ ওপৰত আম গছে আবৰি থকা আৱাস এটাৰ পৰা অমলে আম বুটলি থাকোতে, অগ্নিশৰ্মা গৃহস্থই কৈছিল, “ঘাঁহ খালেই যদি সাধু হয়, তেন্তে সকলোবোৰ ছাগলীয়েই সাধু।”, যিজন মানুহ এই ঘটনাৰ আগলৈকে অমলৰ সততাৰ প্ৰশংসাত পঞ্চমুখ হৈ আছিল।
সেই কাৰণেই চেপলিনে চাগৈ কৈ থৈ গ’ল “এই দূষিত পৃথিৱীত একো বস্তুৱেই চিৰস্থায়ী নহয়, আনকি আমাৰ দুঃখবিলাকো।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments