বেবেৰিবাং -(৩)-(ৰুদ্ৰ নাৰায়ণ কাকতি)

বেবেৰিবাং -(৩) ৰুদ্ৰ নাৰায়ণ কাকতি গৰমৰ আবেলি, গৰম চাহ আৰু কিছু নষ্টালজিয়া ****************** এই গেলা গৰমত চাহ একাপ খামনে নাখাম ভাবি থাকোতেই, প্লেট এখনত চাহ একাপ আৰু বিস্কুট কেইটামানৰ সৈতে মা মোৰ কাষলৈ আহিল ৷ অলপ আগলৈকে বিজুলী পাংখাৰ তলত বহি চেনেল সলাই সলাই টেলিভিশ্যনৰ বিভিন্ন অনুষ্ঠান চাই আছিলোঁ যদিও বিদ্যুৎ কৰ্তনৰ কাৰণে এতিয়া বাহিৰলৈ ওলাই আহিছোঁ ৷ হাতেৰে বিচনি মাৰি মাৰি, শেষত মাৰ কৃপাত বাৰাণ্ডাত বহি এজাক বতাহৰ অপেক্ষাত চাহত চুমুক দিয়া আৰম্ভ কৰিলো ৷ পছোৱা বতাহ ৰিব ৰিবকৈ বয় ৷ এই কথাখিনি অনুভৱ কৰিবলৈ চকু দুটা মুদি দি লাহে লাহে শৈশৱৰ এটা মধুৰ মুহূৰ্তলৈ ঘুৰি গ’লো ৷ দ্বিতীয়মান শ্ৰেণীত থাকোতে স্কুলৰ পৰা আধা ছুটি লৈ ঘৰলৈ দৌৰি দৌৰি আহিছোঁ ৷ বতৰটো গোমা, বতাহ বলিছে, গছৰ শুকান পাতবোৰ সৰি সৰি পৰিছে ৷ মায়ে বাঢ়নী এডালেৰে পাতবোৰ সাৰি এঠাইত গোটাইছে, দেউতা আহিলেই আমি আজি বিহুৰ কাপোৰ কিনিবলৈ বজাৰলৈ যাম ৷..এই যে গোমা বতৰ, বলি থকা বতাহ, গছৰ সৰা পাত, এই দৃশ্যবোৰ মনত পৰিলে আজিও মনটো পৰিতৃপ্ত হৈ পৰে ৷   ****************** এই প্ৰচণ্ড গৰমত কোনো কোনো জিলাৰ প্ৰশাসনে স্কুল বন্ধ দিব লগাও হৈছে ৷ এনে গৰম আগতে অসমত কেতিয়াও হোৱা নাছিল নেকি ? পৃথিৱী ধ্বংসৰ এয়া আগজাননী নহয়টো ? স্কুলীয়া কালত আগষ্ট মাহত গৰম বন্ধ পাইছিলো, তাৰ আগলৈ পিছুৱাই গ’লে যিমান দূৰ মনত পৰে, আমি পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোতে বহাগবিহুত সাত দিন বন্ধ পাইছিলো৷ বন্ধৰ আগদিনা ৰাতিপুৱা স্কুল হৈছিল ৷ এনে ক্লাছত আমাক বিহুৰ অভিজ্ঞতাৰ বিষয়ে শ্ৰেণী শিক্ষকে প্ৰশ্ন সোধা মনত আছে ৷ গৰম বন্ধত ঘৰত কৰিবলৈ দিয়াৰ দৰে এসোপামান হ’মৱৰ্ক বহাগবিহুৰ বন্ধতো শ্ৰেণী শিক্ষকে দিয়া মনত আছে ৷ ****************** চকু দুটা মুদি কথাবোৰ ভাবি থাকোতেই ক’ৰবাৰ পৰা বিহুসুৰীয়া গানৰ কলি এটা ভাঁহি আহিল ৷ আজিকালি বিহুৰ কোনো নিৰ্দিষ্ট বতৰ নোহোৱা হ’ল ৷ যাৰ যেতিয়াই মন যায় বিহু গাব পাৰে নাচিব পাৰে৷ সুখৰ কথা যে,- আগতে বিহু নাচিবলৈ লাজ কৰা নগৰীয়া সকলেও এই নৃত্যক ভালভাৱে আঁকোৱালি লৈছে ৷ বিহুৰ লগত মোহৰ মাৰি দিয়া গ্লেমাৰে ইয়াক এতিয়া মধ্যবিত্ত সকলৰ বাবে অধিক আকৰ্ষণীয় কৰি পেলাইছে ৷ দুঃখৰ কথা এয়ে যে সুন্দৰ মুগাৰ সাঁজ এযোৰা দৰিদ্ৰ সকলৰ বাবে এতিয়াও দুঃস্বপ্ন হৈ ৰৈছে। লগতে, উদ্বেগৰ বিষয়টো হ’ল,-বিভিন্ন অনুষ্ঠানে আয়োজন কৰা বিহু প্ৰতিযোগিতাৰ বিহুৱতী সকলৰ মাজৰ কেইগৰাকীমানে অসমীয়া পঢ়িব নাজানো বুলি ঘোষণা কৰিবলৈ এতিয়া কুন্ঠাবোধ নকৰে ! ইয়াত আমি কাক দোষ দিমনো ? কথাবিলাক পাগুলি থাকোতেই, পুৰণা স্মৃতি এটা মনলৈ আহিছে ৷ সৰু কালত এবাৰ হুঁচৰি গাবলৈ মন গ’ল ৷ সঁচা অৰ্থত মই তেতিয়া হুঁচৰি গাবলৈ মুঠেই নাজানো কিন্তু মনত তীব্ৰ হেপাঁহ আছে৷ তাতে মই লাজকুৰীয়াও৷ সমবয়সীয়া এজনে ক’লে,-“চিন্তা কৰিব নালাগে, সাত-আঠটা মান ল’ৰাৰ মাজত মুখ মিলাই হাত চাপৰি বজাই থাকিলেই হ’ল ৷” কথামতেই কাম, ঘৰত নজনোৱাকৈ দুৰৈৰ গাঁও এখনত ঘৰে ঘৰে কিবাকিবি গালো, হুঁচৰী হ’লনে নাই নাজানিলো ৷ কোনোবা গৃহস্থই দহ পইচা কোনোবাই পঁচিশ পইচা এনেকৈ সেৱা লৈ আগবঢ়ালে ৷ সাত আঠ ঘন্টামানৰ কঠোৰ পৰিশ্ৰমৰ ফলত ষাঠি টকা মান পালো ৷ আমাৰ হুঁচৰি শেষ হয় মানে নিশা দহমান বাজিল ৷ এতিয়া পইচা ভগোৱাৰ কাম ৷ ইফালে ঘৰত আমাক বিচাৰি হাহাঁকাৰ ৷ মই আকৌ হুঁচৰি মৰাৰ মজাটো লবলৈহে গৈছো, টকা সিমান গুৰুত্বপূৰ্ণ নাছিল ৷ এতিয়া ৰোমন্থন কৰিলে ভাৱ হয়, আমাৰ দলপতিজনৰ মনত দ্বিতীয়টোৱেহে বেছিকৈ প্ৰাধান্য পাইছিল ৷ বন্ধ কৰি থোৱা গেলামালৰ দোকান এখনত লাইট জ্বলি থকা দেখি তাকে টকা ভাগ-বতোৱাৰ কৰিবলৈ উৎকৃষ্ট ঠাই হ’ব বুলি দলপতিয়ে বিবেচনা কৰিলে ৷ দোকানৰ সন্মুখত যথেষ্ট সমান ঠাই থকাৰ পাছতো, খালৰ ওপৰত বাহ পেলাই দলং কৰি লোৱা অংশৰ ওপৰতহে দলপতিয়ে বাছনি কৰি পইচা ভাগ কৰাত লাগিল ৷ আধলি সিকি কেইবাটাও দলপতিৰ হাতৰ পৰা ইচ্ছাকৃতভাৱে নে অনিচ্ছাকৃতভাৱে বাগৰি বাঁহৰ দলঙেৰে সৰকি তলৰ শুকান খালত পৰিল ৷ এতিয়া সেই কথাটো বান্দৰ আৰু মেকুৰীৰ পিঠা ভগোৱা কাহিনী যেন লাগে ৷ অৱশিষ্টখিনি সকলোৰে মাজত ভাগ কৰি ছয়-সাত টকাকৈ কিবা এটা পাইছিলোঁ, ভালকৈ মনত নাই ৷ তেতিয়া অৱশ্যে বুধিও কম আছিল ৷ এতিয়া আজিৰ অভিজ্ঞতাৰে সেই কথা ভাবি হাঁহি হাঁহি তৎ নাপাওঁ৷ কিন্তু আক্ষেপ নাই ৷ সেই নিশা চাগৈ দলপতিৰ টোপনিয়ে নাহিল ৷ পুৱাই পোহৰ হোৱাৰ আগতে দৌৰি দৌৰি গৈ পইচা ভাগ কৰা ঠাইৰ পৰা তললৈ পেলাই দিয়া মুদ্ৰা কেইটা বুটলিছিল ছাগৈ ৷ মই সৰুৰে পৰা বিশ্বাস কৰো পাপৰ ধনেও নাটে, বাপৰ ধনেও নাটে ৷ চিঞঁৰি-বাখৰি মাত ভাঙি যেতিয়া ৰাতি ঘৰলৈ ওভতো, দেউতাৰ পৰা শলাগৰ পৰিৱৰ্তে ককৰ্থনাহে শুনিলো ৷ বিহু বা হুঁচৰিৰ প্ৰতি দেউতাৰ অৱজ্ঞা নাছিল, কিন্তু সংগদোষত পৰি ল’ৰা বনৰীয়া হ’ব বুলি হয়তো ভয় খাইছিল ৷ তেতিয়াৰ পৰা খং আৰু অভিমানত এনেকৈ বাহিৰলৈ নোলাইছিলো ৷ কিন্তু, ঘৰত কৈ মেলি দিনৰ ভাগত বিহুতলীলৈ গৈ খেল-ধেমালি কৰাত কোনো বাধা নাছিল ৷ নগাঁওৰ খুটিকটীয়াৰ আমাৰ ঘৰৰ ওচৰত বৰদৈচিলা বিহু উদযাপিত হৈছিল ৷ এই বিহুতলীৰ এক সুকীয়া মাদকতা আছিল ৷ কালান্তৰত স্থান পৰিৱৰ্তন কৰাৰ ফলত পূৰ্বৰ গৰিমা কিছু লাঘৱ হোৱা বুলি অনুভৱ হৈছে ৷ সৰুকালত আমি এই বিহুতলীত বহু সময় ব্যতিত কৰা মনত আছে ৷এবাৰ মই আৰু ভাইটি মিলি ভেশচন প্ৰতিযোগীতাত, দৰা-কইনাৰ ভেশ ল’বৰ ইচ্ছা কৰিলো ৷ আমাতকৈ আমাক সজাই দিয়া মানুহৰহে উচ্ছাস বেছি দেখা পাইছিলো৷ দৰাৰ সাজ-পোচাকৰ ওপৰিও বকুলফুলৰ মালা আদি কিবাকিবিৰে আমাক সজাই পৰাই প্ৰতিযোগিতালৈ আগবঢ়াই দিছিলে ৷ বিচাৰকে কিছুমান প্ৰশ্ন সুধিছিল, বুজা নুবুজাৰ মাজতে উত্তৰ দিছিলো ৷ এইখিনিতে মই ক’ব খোজো যে বিচাৰকৰ কিছুমান শব্দৰ অৰ্থ বহু বছৰৰ পাছতহে বুজিছিলো ৷ দ্বিতীয় পুৰষ্কাৰ লাভ কৰি অৱশ্যেই গৌৰৱান্বিত হৈছিলোঁ ৷ দশম শ্ৰেণী মানৰ পৰা বিহুৰ সামান্যতম মাদকতাও উপলব্ধি কৰিব পৰা নাছিলোঁ,- কাৰণ পৰীক্ষাৰ আগে-পাছে বা মাজতে বহাগ বিহুটি পৰে ৷ ঘৰলৈ ওচৰ-পাজৰকে ধৰি দূৰ-দূৰণিৰ হুঁচৰিদল আহে ৷ পঢ়াৰ মাজত বাৰে বাৰে উঠি যাবলৈ বিৰক্ত হৈছিলোঁ যদিও, এতিয়া অনুভৱ হয় যে আমাৰ সেই আচৰণ প্ৰকৃতাৰ্থত ভুল আছিল ৷ বিহুটিত যিমান পাৰি সিমান আনন্দ কৰা ভাল ৷ ******************   -“মই এতিয়া বেবেজীয়ালৈ যাম”,- ৰাস্তাৰে গৈ থকা মানুহ দুজনৰ কথোপকথনত বেবেজীয়া নামটো শুনি, বাৰাণ্ডাত বহি বিহুৰ পুৰণি পৃথিৱীত ওপঙি থকাৰ পৰা বাস্তৱলৈ উলটি আহি আকৌ আন এখন চিন্তাজগতত সোমাই পৰিলোঁ ৷ এদিনাখন গোলাঘাটৰ এখন ভিতৰুৱা গাঁৱত প্ৰশিক্ষণ কাৰ্য্যসূচী এটা ৰূপায়ণ কৰিব গৈছো ৷ এগৰাকী মহিলাই প্ৰথম শাৰীত বহি খুব মনোযোগেৰে মোৰ কথাবোৰ শুনি আছে৷ মাজে মাজে মোক কিছুমান প্ৰশ্নও কৰিছে ৷ তেওঁৰ উৎসাহ দেখি বাকী পুৰুষ সকলো যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হ’ল৷ যথাসময়ত প্ৰশিক্ষণ সমাপ্ত কৰি উভটিবলৈ যো-জা কৰিছোঁ, তেনেতে প্ৰথমশাৰীত বহা মহিলা গৰাকী মোৰ কাষ চাপি আহিল ৷ যোৱাকালিৰে পৰা কেইবাবাৰো হেনো তেওঁ ওচৰ-চুবুৰীয়া কেইঘৰক মই আজি সঁচাকৈয়ে ইয়ালৈ আহিম নে নাই সেই কথা সুধি আছে ৷ মোৰ প্ৰতি তেওঁৰ ইমান গুৰুত্ব দেখি মই আপ্লুত হৈ পৰিলো লগতে, কি কাৰণেনো মানুহ গৰাকীৰ বাবে মই ইমান গুৰুত্বপূৰ্ণ হৈ পৰিলো তাকে ভাবি কৌতুহল দুগুণে চৰিল ৷ তেওঁ কিছু আগবাঢ়ি আহি মোক সুধিলে,-“ছাৰ, আপোনাৰ ঘৰ নগাঁওত নহয় জানো ?” – “হয়” – “ক’ত ? বেবেজীয়াত নেকি ?” – “নহয়, খুটিকটীয়াত ..” – “বেবেজীয়াৰ পৰা কিমান দূৰত?” – “মোৰ ঘৰৰ পৰা বেবেজীয়ালৈ সাত কিলোমিটাৰমানৰ দুৰত্ব হ’ব ৷” মানুহগৰাকীৰ বেবেজীয়াৰ প্ৰতি হোৱা কিবা অবুজ উৎকন্ঠাই মোক অসহ্য কৰি তুলিলে ৷ গোটেই নগাঁওৰ ভিতৰত তেওঁ অকল বেবেজীয়াৰ নামহে শুনিছে নেকি?কেবল বেবেজীয়া, বেবেজীয়া৷বিৰক্তিৰে সেইকাৰণে সুধিয়েই পেলালো,-“বাইদেউ, কিয় বেবেজীয়াৰ কথা ইমানকৈ সুধিছে ? ছোৱালী তোৱালী বেবেজীয়ালৈ দিব নেকি ?” মোক আচৰিত কৰি মহিলাগৰাকীয়ে তপৰাই ক’লে,- “হয়, তেনেকুৱাই ৷”মোৰ মনৰ মাজৰ অনুসন্ধিৎসা বিৰক্তিলৈ পৰিৱৰ্তিত হৈ পুনৰাই কৌতুহললৈ ৰূপান্তৰিত হ’বলৈ বেছি পৰ নালাগিল ৷ একো নামাতি মাত্ৰ মহিলাগৰাকীৰ মুখখনলৈ চাই থাকিলো ৷ – “আমাৰ সৰু ছোৱালীজনী চাবলৈ ল’ৰা এজন আহিব, ঘৰ বেবেজীয়াত ৷ মই আকৌ ভাৱিছিলো আপোনি চিনি পাব নেকি ? ” – “নাই বাইদেউ, মই চিনি নাপাওঁ” সঁচাকৈ কিমান আঁকৰী মানুহ ৷ বেবেজীয়াটো দূৰৰে কথা মোৰ নিজৰ থকা ঠাইডোখৰৰ ওচৰ-পাজৰৰ দহঘৰ মানুহৰ নাম ক’বলৈও হয়টো মোক দহমিনিটৰ বেছি সময় লাগিব ৷ হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পাছতেই ঘৰৰ পৰা ওলালো ৷ আমি ল’ৰালিত দৌৰি ঢাপলি থকা পথাৰবিলাকত এতিয়া নতুন নতুন ডিজাইনৰ ওখ ওখ দালান হ’ল৷ কেতিয়াবা ঘৰলৈ আহিলে মই নিজেই আচৰিত হওঁ যে, সঁচাকৈয়ে এইখন তাহানিৰ মোৰ গাঁওখন হয়নে ৷ গাঁওখনৰ উন্নতিৰ আন এটা উদাহৰণ হ’ল, তাহানি আমাৰ ঘৰৰ ওচৰত দূৰ্গাপূজা নহৈছিল, এতিয়া কেইবাখনো দূৰ্গাপূজা উদযাপিত হোৱাৰ ওপৰিও দুৰৈৰ কিছুমান অঞ্চলৰ পৰাও দশমীৰ মূৰ্তি বিসৰ্জন দিবলৈ আমাৰ ঘৰৰ সম্মুখৰ ঘাটলৈকে আহে ৷ ভাওনা-সবাহে আকাশ বতাহ মুখৰিত কৰি থকা নামঘৰ সমূহত আগৰ উচাহ নাই, অৱশ্যে অখণ্ড ভাগৱত পাঠৰ শব্দই ঈশ্বৰৰ বাণী জোৰ কৰি হলেও নুশুনোৱা নহয় ৷   ****************** আজিৰ আবেলিটোৱে নষ্টালজিক কৰি গৰমৰ যাতনাক পাহৰাই ৰাখিবলৈ চেষ্টা কৰোতেই পশ্চিমৰ হেঙুলীয়া বেলিটো অদৃশ্য হৈ আন্ধাৰ এসোপা ছটিয়াই দিলে ৷ সতেজ তেজৰ সন্ধানত এজাক ম’হ উৰি আহি মোক আক্ৰমণ কৰি সপোনৰ ৰাজ্যৰ পৰা দিঠকলৈ স্থানান্তৰিত কৰিলে ৷ জেঠৰ বাৰ খৰে গৰম কৰা আবেলিও যে কেতিয়াবা ইমান মধুৰ হ’ব পাৰে ইয়াৰ আগলৈকে মই কল্পনাই কৰিব পৰা নাছিলোঁ ৷   ******************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments