বেমাৰ হোৱাটো ভাল!ঃ বিক্ৰম জ্যোতি বৰদলৈ

বেমাৰ হোৱাটো ভাল, বেমাৰত পৰিব লাগে।
হয়, ঠিকেই পঢ়িছে। মাজে মাজে কেইবছৰমানৰ মূৰে মূৰে আমি বেমাৰত পৰাটো আজিৰ দিনত খুবেই জৰুৰী হৈ পৰিছে। বেমাৰ মানে মই কোনো মাৰাত্মক দূৰাৰোগ্য বেমাৰৰ কথা কোৱা নাই, কিন্তু চাৰি পাঁ‌চদিনমানৰ বাবে বিছনাত পৰা জ্বৰ, পানী লগা জাতীয় বেমাৰৰ কথাহে কৈছোঁ।
আজিকালি এই যান্ত্ৰিক যুগত আমিবোৰ ইমানেই যন্ত্ৰ হৈ পৰিছোহক যে আনৰ লগত বাদেই দিলোঁ‌, নিজৰ লগতো এষাৰ কথা পাতিবলৈ সময়ৰ অভাৱ হৈ পৰিছে। আৰু নিজৰ মাজত অকণমান সময় যিয়ে বিচৰণ কৰিব নোৱাৰে বা নকৰে সি প্ৰকৃতাৰ্থতে যন্ত্ৰলৈ ৰূপান্তৰিত হয়।
আগৰ দিনত মানুহে খেতি – খোলা সামৰি বা অইন প্ৰয়োজনীয় কাজখিনি কৰি অঁ‌টাই বাহিৰৰ চোতালতে বা জুহালৰ কাষত বহি সমনীয়াৰ লগত সুখ দুখৰ কথা পাতিছিল আৰু অকলশৰীয়া অৱস্থাত সুবিশাল আকাশৰ মাজত নিজৰ অৱস্থিতি বিচাৰিছিল। এই অভ্যাসৰ বাবেই তেওঁলোকৰ মনবোৰ বহল হৈছিল, মানবীয় গুণবোৰৰ বিকাশ ঘটিছিল।
মাজে মাজে যদি আপুনিও আকাশৰ ফালে একোবাৰ চোৱাৰ অভ্যাস কৰে দেখিব আপোনাৰ মনৰ পৰাও অহংকাৰ ভাব নাইকিয়া হৈছে, আপুনি বুজি উঠিব কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ আপুনি আৰু তাতোকৈ ক্ষুদ্ৰ আপোনাৰ অহংকাৰ।

বৰ্তমানৰ যুগত আগতেই কৈ অহাৰ দৰেই আকাশ চোৱা বাদেই, নিজৰ বিষয়ে ভাবিবলৈও কাৰো আহৰি নাই। নিজৰ লগতে যি কথা নাপাতে বা পাতিব নাজানে সি আকৌ আনৰ লগত কি কথা পাতিব বা আনৰ বিষয়ে কি ভাবিব ?
ৰাতিপুৱাৰ পৰা মাজনিশালৈকে যন্ত্ৰৰ দৰে ঘূৰি ফুৰা আৰু যন্ত্ৰৰ মাজত বিচৰণ কৰি ফুৰা আমিবোৰৰ সকলো থাকিলেও সময় নাই। আৰু ঠিক সেই বাবেই কৈছোঁ – মাজে সময়ে আমাৰ দুই চাৰিদিনমান বিছনাত পৰাকৈ সৰু সুৰা বেমাৰ হোৱাটো খুবেই জৰুৰী।

এই বেমাৰত পৰা সময়খিনি আত্মোপলব্ধিৰ সময়। দাপোনত নিজৰ মুখ চোৱাৰ সময়, আত্মানুসন্ধানৰ সময়। এইখিনি সময়তে আপুনি গম পাব কিমান ঠুনুকা আপোনাৰ অহংকাৰ, আপোনাৰ গৌৰৱ।
পেটৰ বিষত আপুনি কেঁ‌কাই আছে, ডাঙৰ ডাঙৰ ডাক্তৰৰ লগত আপোনাৰ ঘনিষ্ঠতা আছে, ক’লা বগা টকাৰ বাণ্ডিল আছে। কিন্তু উপশম নাই!
জ্বৰত আপুনি প্ৰলাপ বকিছে। ডাক্তৰে চাই চিতি ঔষধ দি কৈ গৈছে ভাইৰেল এটেক, দুই- চাৰিদিন জ্বৰ থাকিবই।
আপুনি কিন্তু ডাঙৰ মানুহ, আপোনাৰ ফোনটোতে চেভ হৈ আছে একডজনমান ডাঙৰ বিষয়া, মন্ত্ৰী, মন্ত্ৰীৰ চামচাৰ ফোন নম্বৰ, কামত আহিবনে?
BP high, sugar high তেনেকুৱাতে আপোনাক এনেকুৱা এটা বেমাৰে লম্ভিলে যিটোৰ উপশমৰ দৰৱ আছে কিন্তু আপোনাক দিব নোৱাৰে, আপোনাৰ উপৰ্যুক্ত সেই ৰক্তচাপ আৰু শৰ্কৰাযে বেছি!
আপোনাৰ কিন্তু ল’ৰা-ছোৱালী পঢ়িবলৈ পঠাইছে নামী দামী স্কুলত, আপোনাৰ চাৰি পাঁ‌চটামান ফ্লেটেই আছে। এইবোৰে আপোনাক সকাহ দিছেনে?
কি ক’লে ? উপশম পোৱা নাই? সেয়াই!

এতিয়া কওকচোন আগৰ দৰেই আপোনাৰ গৌৰৱ অহংকাৰ আছেনে?
ওহোঁ নাই, থাকিবই নোৱাৰে।

এইযে আপুনি বহুত দিনৰ মূৰত এনেকৈ বিছনাত পৰি জীৰাই আছে, আপুনি জীৱনটো নতুনকৈ উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। বহুদিনৰ পুৰণি কথাবোৰ মনলৈ আহিছে। আপুনি নিজৰ লগত কথা পতা আৰম্ভ কৰিব, নিজৰ মাজত আপুনি বিচৰণ কৰিব, আৰম্ভ হব আত্মানুসন্ধান।
আপোনাৰ মনত পৰিব শৈশৱৰ কথা, সৰুতেই এৰি থৈ অহা পুৰণি লগৰীয়াৰ কথা, প্ৰথম প্ৰেমৰ কথা। সুস্থ অৱস্থাত নভবা বা ভাবিবলৈ আহৰি নোপোৱা বহুতো স্মৃতিয়েই দেখিব আপোনাক হেঁ‌চা মাৰি ধৰিব।
ডিস্ক’ত বহি বা দামী পাবত বহি দামী সুৰাৰ গিলাচ হাতত লৈ ‘ডিজে’ৰ কাণৰ পৰ্দা ফালি পেলাব পৰা উচ্চস্বৰৰ পশ্চিমীয়া সংগীত শুনাত অভ্যস্ত আপোনাৰ কাণ দুখনত দেখোন আজি ভাহি আহিছে সৰুতেই ৰেডিঅ’ত শুনা লোকগীত, দেহবিচাৰ গীতৰ অমিয়া সুৰ। ‘দেহৰ ভৰসা নাই…’ গীতৰ সুৰৰ মাজতেই বিচাৰি পাইছে আপুনি জীৱনৰ এক অনন্য মাত্ৰা, সেই সুৰৰ মূৰ্চনাতেই আপোনাৰ ঘুমতি আহিছে আৰু ভাগিছে।
বিদেশী ব’ডী স্প্ৰেৰ সুগন্ধত অভ্যস্ত আপোনাৰ নাসিকাত ক’ৰপৰা জানো উৰি আহি লাগিবহি বনৰীয়া ফুলৰ সুবাস!
ক’ৰবাত বিয়া খাবলৈ যাওঁতেযে সৰুতেই আপোনাৰ আয়ে পেৰাৰ পৰা উলিয়াই পিন্ধা কাপোৰযোৰৰ পৰা ওলোৱা সেই সুমধুৰ সুগন্ধ আজি ক’ৰপৰা ভাহি আহিব গমেই নাপাব।
নামী দামী পাৰ্ফিউমৰ লগত অভ্যস্ত আপোনাৰ নাকত হঠাৎ লাগিবহি কেতেকী, চম্পাৰ সুঘ্ৰাণ, মনেট পাৰ্ফিউমৰ সুগন্ধ। ক’ত পাইছিলোঁ এই সুগন্ধ, এই চিন্তাই আপোনাক বিভোৰ কৰি তুলোতেই মনলৈ আহিব -কেলেই, এইয়া জানো তাহানিৰ ফুৰিবলৈ ওলাওঁ‌তে বা বিহুৰ বতৰত মা দেউতাৰ কাপোৰৰ পৰা ওলোৱা সেই সুগন্ধিয়েই নহয় !
কিয় বা কেনেকৈ আজি এই পুৰণি সুগন্ধ আপোনাৰ নাকত লাগিল, যুক্তিৰে বিচাৰি হাবাথুৰি খাব, উত্তৰ কিন্তু নাপাব।

আপুনি উপলব্ধি কৰিব পাৰিব যে ইমান দিনে যিবোৰক লৈ আপুনি গৰ্ব, অহংকাৰ কৰি ফুৰিছিল সেইবোৰৰ মূল্য প্ৰকৃততে একোৱেই নাই।
আপুনি যে ভাবি আহিছিল আপোনাৰ ১০ মিনিট অবিহনে আপোনাৰ অফিচটো বা ব্যৱসায় বা পৃথিৱীখনেই অচল হৈ পৰিব, সেয়া জানো প্ৰকৃততে হৈছে ?
ওহোঁ নাই হোৱা; অফিচ, ব্যৱসায় পৃথিৱী একেদৰেই চলি আছে।

বিছনাত পৰি পৰি আপোনাৰ কিছুমান কথাত দেখিব হাঁহিহে উঠিব অথচ দুদিন আগলৈকে সেইকেইটা কথায়েই আপোনাৰ নিদ্ৰা হৰণ কৰিছিল। এতিয়াহে আপুনি উপলব্ধি কৰিব পাৰিব যে কথাবোৰ ইমানো জটিল নাছিল !
ইমান দিনে ভাবি থকাৰ দৰে আপোনাক মানুহে দেখোন ইমান বেয়াও নাপায়। সৌ সিদিনা মাত্ৰ কুকুৰে কাঁইট নোখোৱাকৈ আপুনি গালি পৰাজনো দেখোন আজি আপোনাৰ কাষত, আপোনাৰ আশু আৰোগ্য কামনাৰে।

বিছনাতে পৰি পৰি ভাবি ভাবি আপুনি কৃত্ৰিমতা, যান্ত্ৰিকতাৰ মামৰ গুচাই বিচাৰি উলিয়াব পাৰিব পাৰে মৃতপ্ৰায় আপোনাৰ নিজস্বটোক। আচৰিত হব আপুনি নিজেই নিজকে পুনৰ আৱিষ্কাৰ কৰি, কেতিয়া ইমান সলনি হ’ল?
নাজানে, কিন্তু আনন্দ হলে পাব, হেৰাই পোৱাৰ।

আৰু যিদিনা আপুনি কেইবাদিনৰ মূৰত সুস্থ হৈ বাহিৰলৈ ওলাব, আপোনাৰ পৃথিৱীখন আগতকৈ অধিক সুন্দৰ যেন লাগিব। নীলাভ মনটোৱে সেউজীয়াখিনি বিচাৰি পাব। মনটো পাতল লাগিব, সকলোবোৰ সহজ যেন অনুভৱ হব।

লাহে লাহে আপুনি পুনৰ আগৰ ৰুটিনত সোমাই পৰিব, আপুনি লাহে লাহে ব্যস্ত হৈ পৰিব। মুখৰ কোমল হাঁহিটো লুকাই যাব, ৰুক্ষৰ পৰা ৰুক্ষতৰ হৈ পৰিব, পুনৰ আপুনি আগৰ গৰ্ব, অহংকাৰেৰে ভৰপূৰ সেই যন্ত্ৰটোলৈ ৰূপান্তৰিত হব।

সেয়েহে কৈছোঁ “বেমাৰ হোৱাটো ভাল”।

——————————————————————–
©

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments