বেলনা মাৰি (অমিতাভ মহন্ত)

০১:

মেচত খানাৰ যোগাৰ চলিছে৷ পঙ্কজে চাকৰি পোৱাৰ ফূৰ্তিতে গাহৰিৰ খানা পাতিছে৷ গৰমত গোটেইকেইটাৰ অৱস্থা নাই৷ উদি-মুদি হৈ বহি আছোঁ৷ মনোজ আৰু আলোকৰ পেটত ইতিমধ্যে ঘুটুং পানী পৰিলেই৷ দুয়ো প্ৰকাণ্ড পেট দুটা উলিয়াই দেৱদাস চিনেমাখনৰ ‘দোলা ৰে দোলা’ গানটোৰ তালে তালে তামাম নাচি আছে৷ আমিও গাহৰি ভাজি আৰু ভাঙৰ ধোঁৱাৰ মাজত দুয়োৰে নৃত্যৰ মজা লৈ আছোঁ৷ নৃত্য, বস্ত্ৰ, ধোঁৱাময় পৰিবেশ, এই সকলোবোৰ মিলি এই ব্যভিচাৰ পৰিবেশ৷

 

০২:

একে জাঁপে গোটেইকেইটা এটেনচন পজিচনত আহি গ’লোঁ৷ দুৱাৰমুখত দেখোন এয়া মিলি৷ ঢিলা ইলাষ্টিকৰ হাফপেণ্টটো টানি টানি পঙ্কজে ক’লৈ দৌৰ মাৰিলে আমি তৰ্কিবই নোৱাৰিলোঁ৷ আলোক, মনোজৰ পেট তেনেকৈ ওলায়েই থাকিল৷ ময়ো কোনোমতে গাটো গামোচা এখনেৰে ঢাকি বেঙা হাঁহি এটা মাৰি লাহেকৈ মাত দিলোঁ,
-ইয়াতে আহি পালা যে??
-তুমি বিৰাট বেয়া৷ ইমান ফোন কৰিছোঁ ৰাতিপুৱাৰ পৰা, ফোন উঠোৱা নাই যে?
-মানে…. এই পাৰ্টীৰ যা-যোগাৰত অলপ লাগি আছিলোঁ৷ আৰু আবেলিতো শ্ৰদ্ধাঞ্জলি কাননলৈ একেলগে যামেই৷
-নাযাওঁ পাৰ্কে-চাৰ্কে৷

গৰজি উঠিল মিলি৷ অলপ সাহস গোটাই লাহেকৈ মাত দিলোঁ৷
-কিয়? কি হ’লনো?
-নাযাওঁ বুলি কৈছোঁ, নাযাওঁ৷ এইফালে মই মৰিছোঁ টেনচনত আৰু তুমি গাহৰি খোৱাত বিজি৷ যিদিনা গৰমত ফুটি মৰিবা সেইদিনাহে গম পাবা৷
-ধেই নমৰোঁ ইমান সোনকালে৷ জিমত গৈ এনেই বডী বনাই আছোনে? বাৰু কি হ’ল কোৱাচোন! একেবাৰে তুফান হৈ আহিছা যে?
-মই ঘৰত নাথাকোঁ আৰু! আজিও সেই শগুণটো আহিছিল৷ দেউতাই তাৰ লগতে মোক বিয়া দিব বোলে৷
-হমমম৷
-কি হমমমম্ মাৰি আছা? মোক নিবা নে নিনিয়া এতিয়াই কোৱা৷ নহ’লে মই…
-ৰ’বাহে৷ চাঞ্চ পালেই গৰম হৈ যোৱা৷ নিনিম আকৌ কিয়? দস্তুৰমত তিনি বছৰ প্ৰেম কৰিছোঁ৷
-তেন্তে ব’লা৷
-ক’লৈ?
-বিয়া পাতিবলৈ৷

 

০৩:

আজি আমাৰ বিয়া৷ এইকেইটাই কি কৰিলে পাত্তাই নাপালোঁ৷ একো ভাবিব সময়েই নাপালোঁ৷ কিডনেপ কৰা দি মোক এইকেইটাই দাঙি আনিছে৷ এতিয়া বহি আছোঁ মন্দিৰত৷ মোৰ মুখ ফুলা, কেনেকৈ আহিলোঁ একো পাত্তা নাপালোঁ কাৰণে৷ মিলিৰ মুখ ফুলা, দৰাটোক লংপেণ্টটো পিন্ধিব সময় নিদিলে এই অসুৰকেইটাই৷ হাফপেণ্ট পিন্ধিয়ে আহি গ’লোঁ৷ বামুণৰ মুখ ফুলা, মাননি যে নাপায় সেয়া সি ঠিক বুজিছে৷ এইফালে শিয়ালকেইটাই মুখ টিপি টিপি হাঁহিব ধৰিছে৷ মনোজে চাগে’ মন্দিৰলৈ অহাৰ আগে আগে বটলৰ বাকীখিনি এবাৰতে মাৰি আহিছে৷ বাহিৰৰ চিৰিত বাগৰি বাগৰি নাগিন ডেঞ্চ কৰাত লাগি গৈছে৷ বেটাহঁতৰ বিয়াত ময়ো বদলা ল’ম৷ মই ৰুমত আনি থৈ দিয়া সেই ভালুককেইটাৰ কচম৷

 

০৪:

ৰিক্সাত কইনা আনি আছোঁ৷ পাছে পাছে কিডনেপাৰ প্লাছ বৰযাত্ৰীৰ দলটো৷ হাজাৰ হ’লেও মিলি ছোৱালী, তাতে আজি কইনা৷ চুৰ্ণীখনকেই ওৰণিৰ দৰে লৈছে৷ ৰিক্সাৱালা তুফান গতিত উৰি গৈছে৷ মিলিৰ মুখত হাঁহি৷ উপায় নাই, ময়ো মিলমিলিয়া হাঁহি দি গৈ আছোঁ৷ ইফালে মনত হাজাৰটা চিন্তা৷ মাহৰ শেষ৷ শিয়ালকেইটাৰ পাল্লাত পৰি এক কেচ ভালুক বধিলোঁ৷ এতিয়া পইচা-পাতি একো নাই লগত৷ মান সন্মান যাব আৰু উপায় নাই৷ এ বাদ দে, তিৰি মোৰ, লাজ কৰিবলৈ কি আছে৷

মেচ পালোঁ৷ মিলিক লাহেকৈ মাত দিলোঁ,
-শুনাছোন৷
-কি?
-ভাৰাটো দি দিয়াছোন, মাহৰ শেষ নহয়৷ টান পৰিছে অলপ৷

 

০৫:

গজেনৰ দোকানত বাকীত তামাম পাৰ্টী চলিছে আজি৷ দালি, ভাত, আলু পটলৰ ডালনা, লাব্ৰা, বিলাহী দি মাছ, বয়লাৰ, নেমু… কি নাই আজি৷ বিয়াৰ পাৰ্টী বুলি পকৰী কমপ্লিমেণ্টেৰী৷ আচলতে দোকানৰ পিছফালে আলোকহঁতে ভালুক খহাইছে৷ তাতে ভাগ পাইছে সি৷ নহ’লে সি কৃপণে ফ্ৰি পকৰী দিবনে?
গধুলিৰ পৰা পাৰ্টী আৰম্ভ৷ গজেনে ক’ৰবাৰ পৰা টেপ এটাও আনিছে৷ বাপ্পা ঐ কি চাউণ্ড! কুমাৰ চানুই চেহাই দিছে একেবাৰে৷

বিয়াৰ পাৰ্টী ভালে ভালে গ’ল৷ বকাসুৰকেইটাই দগৰি খালে৷ সিহঁতৰ অত্যাচাৰত শেষত মই আৰু মিলিয়ে গজেনৰ হেল্পাৰ কেইটাৰ লগত অকল দালি, ভাত আৰু আলু-পটলৰ ডালনা হে খাবলৈ পালোঁ৷ দিনটো ভোকত আছিলোঁ, তাকেই খাই আঠমঙলা খোৱা যেন তৃপ্তি পালোঁ৷

 

০৬:

মেচত মিলি আৰু মই অকলে৷ এইকেইদিন মোৰ বাবে মেচ এৰি দিছে ৰাইজে৷ দিনটো ইমান দৌৰাদৌৰিত কি হ’ল পাত্তাই নাপালো, ল’ৰাৰ পৰা মৰদ হ’লোঁ৷ এতিয়াহে কিবা লাজ লাগিব ধৰিছে৷ মিলি বহি আছে সন্মুখত৷ কি কওঁ ভাবিয়েই পোৱা নাই৷

চক খাই উঠিলোঁ৷ কথা নাই বতৰা নাই, মিলিয়ে মোক সেৱা এটা কৰি দিলে৷ হে ভগৱান, কি কৰে এইজনীয়ে৷ নাৰায়ণ… মোকো সেৱা কৰা মানুহ আছে৷

এতিয়াহে মনত পৰিল, আলোকে মোক মিলিক দিবলৈ কিবা এটা প্ৰেজেণ্ট কিনিব দিছিল, ৰাতি দিবলৈ৷ পাহৰিলোঁ নহয়৷ কি কৰা যায় এতিয়া?
হঠাৎ দেখিলোঁ সিদিনা পঙ্কজে নতুনকৈ কিনি আনি থোৱা বেলনা আৰু মাৰি৷ অলপ ভাবি লাহেকৈ তাকে আনি মিলিক দি ক’লোঁ,
-মিলি শুনাছোন৷ অলপ টান পৰিছে বুলিতো গম পাইছাই চাগে’! বিয়া বুলি এয়াই দিলোঁ দিয়া৷ মানুহটো অলপ এলেহুৱা বুলিতো জানাই তুমি৷ কিবা খং উঠিলে লাহেকৈ মাৰিডালেৰে এক-দুই কোব মাৰিব পাৰিবা বুলিয়ে দিলোঁ দিয়া৷
পাছে এটা কথা, সদায় খুন্দা-খুন্দি লাগিলেও এই দুয়ো কিন্তু লগ নেৰে৷ আমিও সদায় বেলনা আৰু মাৰি হৈ থাকিম দিয়া৷ সদায় একেলগে, নে কি কোৱা…….

-হ’ব দিয়া, পিছত কিন্তু এইডালৰ কোব খালেও বেয়া নাপাবা দেই! মৰমতহে মাৰিম কিবা৷ এতিয়াই কৈ থ’লোঁ দেই!

লাজ লাজকৈ মিলিয়ে তাইৰ মূৰটো মোৰ কান্ধত পেলাই দিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক