বেলিটো ডুব যায় – প্ৰশান্ত সাগৰ চাংমাই

বেলিটো ডুব যায়
কেতিয়াবা দুটা পাহাৰৰ মাজত
কেতিয়াবা সাগৰৰ বুকুত
মোৰ ইয়াত সাগৰ নাই
কেতিয়াবা পথাৰখনৰ সিটো মূৰত
যিসকলৰ ঘৰ মৰুভূমিৰ মাজত
বেলিটো ডুব যোৱা দেখে বালিৰ পাহাৰৰ মাজত
মোৰ ইয়াত মৰুভূমি নাই
মোৰ বাবে লুইততেই বেলি ডুব যায়

বেছি কথা নাছিল
বেলিটোৰ স’তে দেউতাও ডুব গৈছিল৷
তেতিয়াৰ পৰা সূৰ্যাস্ত চাবলৈ মানুহ এজন কমি থাকিল
কথা ইমানেই
এদিন বেলিটোৰ স’তে ডুব যাম
নাৱৰীয়াজনক জানিব নিদিয়াকৈ
তেওঁ চাগৈ ভাবিব
মানুহজনক বহুদিন দেখা নাই
সূৰ্যাস্ত চোৱা আৰু এজন মানুহ কমিল
সকলো মানুহেই ইয়াত নৈৰ পাৰত বহে
সকলো মানুহেই নৈৰ পাৰত এবাৰ কান্দে
দুখৰ কাৰণ যিয়েই নহওক
তাতোকৈ বৰ বেছি একো কথা নাই
সূৰ্যাস্তৰ ৰূপ প্ৰতিদিনেই নতুন
নৈয়ে গোৱা গানটো সকলো মানুহেই বুজি পায়
বৰ অপৰূপ সূৰ্যাস্তৰ ৰূপ ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments