বেলিফুলৰ দৰে – ৰূপাঞ্জলি চেতিয়া

প্ৰকাণ্ড কোঠালিটোত সোমোৱা আহল-বহল দুৱাৰখন কাণিদুৱৰীকৈ জপোৱা আছিল৷ মাৰোঁ-নামাৰোঁকৈ দুৱাৰখনত হেঁচুক এটা মাৰি চালে সেউতীয়ে৷ দুৱাৰখন খুলিবলৈ হেঁচুকটো মাৰিলে যদিও একেসময়তে তাই মনে-প্ৰাণে কামনা কৰিলে যাতে দুৱাৰখন খোল নাখাওক৷ কিন্তু তাইৰ দৰে মানুহৰ জীৱনবোৰত নিবিচৰাবোৰহে সহজে ঘটে৷ অলপো জোৰ নিদিয়াকৈ মৰা ঠেলাটোতেই প্ৰকাণ্ড দুৱাৰখন নিঃশব্দে খোল খাই গ’ল৷ কিবা কাগজ দুখনমান মৌজাদাৰক দিবলৈ লৈছিল আলধৰা লগুৱা বুধেশ্বৰে৷ দুৱাৰখন খোলা দেখি একেসময়তে দুৱাৰৰ পিনে চালে মৌজাদাৰ আৰু বুধেশ্বৰে৷ ঘামি উঠিল সেউতী৷ চাদৰখনৰ আগতো টানি মুখখন মচি ল’লে তাই৷ তাৰপিছত লাহে-লাহে খোজ আগবঢ়াই কোঠাটোৰ মাজভাগত থিয় দি ৰ’ল৷

“ক’চোন কি হ’ল?” সন্মুখৰ টেবুলখনত পৰি থকা ফাইল এটা মেলি মৌজাদাৰে তাইৰ পিনলৈ নোচোৱাকৈয়ে সুধিলে৷ মৌজাদাৰৰ ইংগিত পাই বুধেশ্বৰ লাহেকৈ কোঠাৰ বাহিৰ ওলাই গ’ল৷

কেইবাদিনৰ আগৰ পৰাই গাটো অলপকৈ বেয়া লাগি আছিল ধনৰ৷ পেটটো বিষায়, বমি বমি ভাব এটা আহি থাকে হেনো অনবৰতে৷ খোৱা-বোৱাতো অনীহা৷ চিন্তাত পৰি সেউতীয়ে মৌজাদাৰণীক কৈছিল কথাষাৰ৷ কামকৰাৰ বাবদ পোৱা টকাকেইটাৰ লগতে দুটকামান সৰহকৈ খুজিছিল৷ গাঁৱৰে চৰকাৰী হস্পিতেলখনতে দেখুৱাই দৰৱ দুটামান কিনিম বুলি৷ পিছে মৌজাদাৰণীয়ে নিজে নিদি কথাষাৰ মৌজাদাৰলৈ ঠেলিলে৷ পুতৌ উপজিছিল সেউতীৰ৷ পৃথিৱীৰ বেছিভাগ পত্নীৰে চাগে প্ৰায় একেই অৱস্থা৷ তাইৰ দৰে মানুহবোৰৰ কথা বাদ দিলেও, আনৰ চকুত অগাধ সম্পত্তিৰ মালিকনী মৌজাদাৰনীৰো যে দুটামান টকাও নিজৰমতে কাৰোবাক দিয়াৰ অধিকাৰ নাই, সেই যন্ত্ৰণা এজনী নাৰী হৈ ভালকৈ বুজি পায়৷ এনেয়ে মৌজাদাৰৰ আগত ওলাবলৈ সত্‌ নাযায় তাইৰ৷ পিছে আজি উপায়হীন হৈ কথাষাৰ মৌজাদাৰক নিজে ক’বলগীয়াত পৰিল৷

“ফাঁকি মাৰিছ’ নেকি আক’? বিশ্বাস কৰিব নোৱাৰি নহয় তহঁতক৷” কলমটো আঁতৰাই মৌজাদাৰে তাইৰ গাটো তলৰ পৰা ওপৰলৈকে চিকাৰীৰ দৰে তীক্ষ্ণ চাৱনি এটাৰে চাই গহীনাই ক’লে৷ কাণ-মূৰ গৰম হৈ আহিল সেউতীৰ। তাইৰ কথা মৌজাদাৰে কিমান শুনিলে, কিমান বুজিলে ধৰিব নোৱাৰিলে৷ টকা নিদিলেও নাই, কোনোমতে মৌজাদাৰৰ চকুৰ আগৰপৰা নিজক আঁতৰ কৰিব পাৰিলেই যেন বাচে! চাদৰখনেৰে টানি-টুনি গাটো আৰু অলপ ভালকৈ ঢাকি ল’লে তাই৷ পিছে ঘূৰিবলৈ লওঁতেই মৌজাদাৰৰ মাত শুনিলে, “হোঁ ল’৷” তাই নিজৰ কাণকেই বিশ্বাস নকৰিব যেনিবা! লাহেকৈ আগুৱাই গৈ আগবঢ়াই দিয়া টকাকেইটা ল’বলৈ হাত মেলোতেই আকৌ ক’লে মৌজাদাৰে, “তোৰো কিবা অসুখ হোৱা নাইতো? ইমান শুকাইছ’৷ ভৰ যৌৱনতে এনে হ’ব লাগেনে? বেছি কষ্ট পালে মোক ক’বি৷ আছোঁ নহয় মই৷” এইবাৰৰ মাতষাৰ মৌজাদাৰৰ নিজৰ নহয় যেন লাগিল তাইৰ৷ ইমান কোমল আৰু মিহি!

মনৰ খবৰ নৰখা মানুহৰ শৰীৰৰ খবৰ ৰখাৰ অধিকাৰ নাথাকে৷ জোৰকৈ সেই অধিকাৰ ল’ব খুজিলে খং উঠে৷ সেউতীৰো তেনেই হ’ল৷ সেই খঙৰ লগত ঘিণমিহলি ভাব এটা লগ হৈ বিক্‌চিনা লাগিল তাইৰ৷ তথাপিও ধনৰ মুখখনলৈ মনত পেলাই টকাকেইটা হাতপাতি ল’লে৷ মৌজাদাৰৰ হাতৰ আঙুলিকেইটা তাইৰ হাতত লাগিল৷ সেয়া ইচ্ছাকৃত নে অজ্ঞানবশতঃ সেউতীয়ে ধৰিব নোৱাৰিলে পিছে৷ শিয়ঁৰি উঠিল তাই৷ টকাকেইটা লৈ কোনোমতে কোঠাটোৰ বাহিৰ ওলাইহে যেন উশাহটো ল’লে৷

সেই টকাকেইটাৰে ধনক হস্পিতেলত দেখুৱালে৷ লিভাৰৰ অলপ দুৰ্বলতাৰ বাবে তেনে হোৱা বুলি ক’লে ডাক্তৰে৷ ক’বলৈহে চৰকাৰী হস্পিতেল, বিনামূলীয়াকৈ একোৱেই নাপায়৷ কিবাকিবি পৰীক্ষা কৰি দৰৱ-পাতি কিনোতেই মৌজাদাৰৰ পৰা অনা টকাকেইটা প্ৰায় শেষ। কি কৰিব ভাবি নাপাই বাকী থকা টকাকেইটাৰে সেউতীয়ে চাউল এক কিলো ল’লে৷ তাই যেনেতেনে থাকিব ভোক সামৰি, কিন্তু কণমান ল’ৰাটোৱেনো কেনেকৈ থাকিব? সেয়ে চাউলখিনি ধনৰ বাবে কেইসাঁজ জুৰিব সেইমতে হিচাপ কৰি থ’লে৷ স্কুলত নতুনকৈ ইংৰাজী লিখিবলৈ শিকাইছে৷ বাইদেৱে চাৰিটা শাৰীৰ বহীত ইংৰাজী লিখি শিকিবলৈ কৈছে৷ সেয়ে তেনেকুৱা বহী এখনৰ বাবে কুটুৰি আছিল ধনে৷ বাকী থকা টকাকেইটাৰে তেনেকুৱা বহী এখনো কিনি ল’লে সেউতীয়ে৷

**

“ঐ সেউতী, সেউতী! কি হ’ল? কামলৈ যোৱা নাই যে তই কেইবাদিনো? খাবলৈ বেছিকৈ পাইছ’ হ’বলা৷” গামোচাৰ ফটা টুকুৰা এটাৰে টিপচাকিটোৰ শলিতা এডাল বটি বটি আকাশ-পাতাল ভাবি আছিল সেউতীয়ে৷ তেনে সময়তে বাহিৰত কাৰোবাৰ মাত শুনি উচপ্‌ খাই উঠিল৷ লাহেকৈ থিয় হৈ দুৱাৰমুখৰ পৰা ভুমুকিয়াই বাহিৰলৈ চালে৷ জপনামুখত মৌজাদাৰৰ আলধৰা লগুৱা বুধেশ্বৰ ৰৈ আছে৷ তাইক দেখি সি আকৌ চিঞৰিলে, “মৌজাদাৰ দেউতাই খবৰ ল’ব কৈছিল তোৰ৷ কেলেইনো কামলৈ যোৱা নাই বুলি৷ বেলেগ ক’ৰবাত কাম কৰি বেছিকে’ পইছা পাইছ’ নেকি আক’? সেইষাৰো সুধিব কৈছিল৷” তামোল-চাধাৰ পিকৰ ৰঙে লেতেৰা কৰি পেলোৱা দাঁতকেইটা উলিয়াই সি তাতোকৈ লেতেৰা হাঁহি এটা মাৰিলে৷ দুদিনীয়া লঘোণত টিংটিঙাই থকা মূৰটো আচন্দ্ৰাই উঠিল সেউতীৰ৷

“গা বেয়া মোৰ৷” চমুৱাই উত্তৰটো দি তাই আকৌ সোমাই গ’ল ভিতৰলৈ৷

“অঃ! কি হ’ল আক’ হঠাতে গা বেয়া কৰিবলৈ৷ ধন, মায়েৰক চাবি৷ গা বেয়া হেনো৷” চোতালত খেলি থকা ধনক উদ্দেশ্যি চিঞৰটো মাৰি বুধেশ্বৰে আগলৈ খোজ ল’লে৷ বুধেশ্বৰৰ চিঞৰত কিছুপৰ তবধ মাৰি ৰ’ল ধন৷ তাৰপিছত আকৌ খেলাত মন দিলে৷

ভিতৰলৈ সোমাই মূৰটো হাতেৰে খামুচি পীৰা এখনত বহি পৰিল সেউতী৷ বেলি পৰিবৰ সময় হৈছে৷ অলপকৈ আন্ধাৰ হ’ব ধৰা ঘৰটোৰ ভিতৰখন তাই জলক-তবক দুচকুৰে আৰু বেছি আন্ধাৰ যেন দেখিলে৷ বহি থকাৰ পৰা হঠাতে ঠিয় হৈ দিয়াৰ বাবে মূৰৰ বিষটো বাঢ়ি আহিল তাইৰ৷ হাতেৰে ঢুকি পোৱাতে শলিতা বনোৱা ফটা গামোচাখনৰ অৱশিষ্ট টুকুৰাটো পাই মূৰত টানকৈ গাঁঠি এটা মাৰি ল’লে৷ তাইৰ দৰে অভাৱী মানুহবিলাকৰ কাপোৰৰ ফটা টুকুৰাবোৰো যে কি কি কামত আহে! ভোকত হোৱা পেটৰ বিষত পেটত গাঁঠি, মূৰৰ বিষ নিৰাময়ত মূৰত গাঁঠি, টিপচাকিৰ শলিতা আৰু যে কত কি! কিমান যে মূল্য সামান্য কাপোৰৰ টুকুৰাৰ! ভাবি অলপকৈ হাঁহি উঠিল সেউতীৰ৷ তাইৰ মোলচোন কাপোৰৰ এই ফটা টুকুৰাটোৰ মানো নাই৷ ঘৰৰো এলাগী, গিৰিয়েকৰো এলাগী৷ আনহে নালাগে বুকুৰ জীউকণৰ পেটৰ ভোক গুচাবলৈ দিনে-নিশাই কৰা অসফল চেষ্টাত তাই নিজৰ চকুতো এলাগী!

কথাবোৰ ভাবি ভাবি শলিতাডাল ভৰাই চাকিটোত তেল এচাকি ভৰালে৷ দুই এদিনতে কেৰাচিন তেলো শেষ হ’ব৷ কি যে কৰিব তাৰ পিছত! কামলৈ যাব নোৱাৰাৰ বাবে পাবলগীয়া পইচাতো নায়েই, ওলোটাই দুদিনমান বেছিকৈ কাম কৰি ধাৰ সুজিবহে আছে৷ কেৰাচিন তেলৰ গোন্ধ পাই পেটটো পাকমাৰি ধৰি ওপৰলৈ উজাই আহিল৷ হাতেৰে মুখত সোপা দি খৰধৰকৈ ঘৰৰ বাহিৰলৈ ওলাই পিৰালিতে বহি হলহলাই বমি কৰি দিলে তাই৷ হালধীয়া পিতপানী এসোপা পানীপতাৰ সৰু নলাটোৰে বৈ গ’ল৷ খাদ্যৰ নামত দুদিন অকল পানীকে খাই থকা পেটটোৰ পৰা আৰু ওলাবনো কিটো?

“কি হৈছে মাই? কি হৈছে তোৰ? বমি কৰিছ’ যে? পেটটো বেছিকৈ বিষাইছে নেকি?” চোতালত কঁঠালপাতেৰে বনোৱা উৰাজাহাজখন দৌৰি দৌৰি উৰুৱাই থকা ধন একেলৰে সেউতীৰ কাষ পালেহি৷

“একো হোৱা নাই৷ চিন্তা নকৰিবি তই৷ বমি হৈছে যে ভালেই হৈছে, বেয়া বস্তুবোৰ ওলাই গ’ল৷ ভাল হৈ যাব এতিয়া৷ তই হাত-ভৰিকেইটা ধুই ল’ গৈ যা৷” মাকৰ কথাত সি মুখেৰে ‘ভোঁ-ভোঁ’ কৈ মাত এটা উলিয়াই কঁঠালপাতৰ উৰাজাহাজখন উৰুৱাই কুঁৱাটোৰ পিনে দৌৰি গ’ল৷ সি যোৱাৰ পিনে চাই সেউতী বেৰখনত ভেঁজা দি থিয় হ’ল কোনোমতে৷ ভিতৰলৈ সোমাব খুজিও আকৌ ৰ’ল৷ থৰক-বৰক খোজেৰে দুৰ্বল দেহটো কোনোমতে চোঁচৰাই পদূলিৰ পিনলৈ আগবাঢ়ি গ’ল তাৰপিছত৷ জপনাখন মাৰি নথ’লে কাষতে থকা মৌজাদাৰৰ ঘৰৰ ছাগলী কেইজনীয়ে পুৱাতে তাইৰ বাৰীৰ বেলিফুল কেইজোপাৰে মুখ বহনি কৰিবহি৷ মৌজাদাৰৰ সেইহেন বিয়াগোম বাৰীৰ ঘাঁহ-পাতেৰে সিহঁতৰ পেট আৰু মন একোকে নভৰে যেনিবা! ছাগলীকেইটাও একেই, কুকুৰাকেইটাও একেই৷ তাইৰ ঘৰ-বাৰী নুলুৰুকিলে যেন সিহঁতৰ আৰু খাবলৈ একোৱেই নাই৷ কুকুৰাকেইটা যে আৰু এখোপ চৰা৷ তাইৰ চৰুৰ নাইকিয়া ভাতকেইটাও খুঁচৰি খাবহি যেন! আৰু মানুহকেইটা!? সেইকেইটা জানো কম? বাপেকৰ চকুৰ চাৱনি চাবা নে পুতেকৰ! তাই সিহঁতৰ ঘৰত কাম কৰি থাকোঁতে মৌজাদাৰনীৰ চকুৰ আঁৰত চেগবুজি কিহৰ ইংগিত দিব খোজে তাই জানো নুবুজাকৈ আছে! উপায় নাই বাবেহে তাই কাম কৰিবলৈ যায় সিহঁতবোৰৰ ঘৰত৷ পৰাহ’লে! জপনাখন জোৰেৰে খামুচি দাঁত কৰচি উঠিল সেউতী৷

জপনাখনৰ শলখাডাল মাৰি ফলাখৰি এডালেৰে ঠেকা দিলে৷ আকৌ এবাৰ বাহিৰৰ পিনে হাতখন দি ঠেলা মাৰি চালে টানকৈ৷ নাই, ছাগলীয়ে ঠেলি খুলিব নোৱাৰে৷ ধনে ক’ৰবাৰ পৰা আনি বৰ হেঁপাহেৰে ৰুইছেহি এই বেলিফুলকেইজুপি৷ পুৱা-গধূলি সদায় চায় ফুলিছে নেকি বুলি৷ কলি এটি ফুটিছে আজি; দুই-এদিনতে ফুলো ফুলিব৷ এতিয়া যদি কেনেবাকৈ ছাগলীৰ মুখ লাগিবলৈ হয়, তেন্তে সেইজোপা আৰু উধাব নোৱাৰে৷

“মাই৷” ধনৰ মাতত সম্বিত ঘূৰিল তাইৰ৷

“তই যাচোন, প্ৰাৰ্থনা কৰি কিতাপখন মেলগৈ৷ মই গাটো তিয়াই যাওঁ৷ চাকিটো জ্বলাই ল’বি৷” দুৰ্বল মাতেৰে কথাষাৰ কৈ লাহে লাহে কুঁৱাটোৰ পিনে আগবাঢ়ি গ’ল তাই৷

~~~~~

খুটুং-খাটাঙকৈ হোৱা কিবা এটা শব্দত চকু মেলিলে সেউতীয়ে৷ ঘৰৰ বাহিৰে-ভিতৰে পোহৰ তেতিয়ালৈ৷ ৰাতি দেৰিকৈ টোপনি আহিছিল তাইৰ৷ চকুদুটা চম্‌চমাই পুৰি আছে এতিয়া৷ হাতৰ তলুৱাৰে চকু-মুখ মোহাৰি শব্দটো অহাৰ পিনলৈ চাই পঠিয়ালে বিছনাৰ পৰাই৷ মহাজনৰ কুকুৰা এটাই খালী চৰুটোৰ ঢাকোনত খুঁটিয়াই আছে৷ সেউতীৰ পুতৌ জন্মিল কুকুৰাটোলৈ৷ মানুহে খাবলৈকে নাই, তালৈনো ক’ৰপৰা ৰাখিব!? প্ৰায়েই আহে এই কুকুৰাটো৷ বেৰৰ তলত দুচিটামান কামি পচি ধোন্দ এটাৰ দৰে হৈছে৷ তাই ৰাতিপুৱা দুৱাৰ খুলিবলৈ নাপায়েই, তাৰ আগতে সেইপিনেদি সোমায়হি ই৷ ধনে বাহী ভাত দুটামান খাবলৈ দি খেলে তাৰ লগত প্ৰায়ে৷

আধালৈকে মাটিৰে লিপা বেৰৰ জলঙাইদি কেৰেচিয়াকৈ বেলিৰ পোহৰ সোমাই তাঁহাতৰ বিছনাতো পৰিছেহি৷ বেলিৰ পোহৰকণৰ সমান নিৰপেক্ষ চাগে আৰু একোৱেই নাই। খাল-বাম, পানী-মাটি সকলোতে সমানেই পৰে৷ মানুহৰ দৰে ভাল-বেয়া, ধনী-দুখীয়া বাচি নাথাকে৷ কথাবোৰ ভাবি ওপৰমুৱাকৈ পৰি ৰ’ল তাই বিছনাখনতে৷ ধনে টোপনিতে মুখেৰে কিবা এটা বিৰবিৰাই বাগৰ সলালে৷ তাই কাটি হৈ ধনৰ পিনে হাউলি চুমা এটা খাই তাৰ মুখলৈ চাই ৰ’ল৷ সাইলাখ বাপেকৰ চেহেৰা পাইছে সি৷ সকলোৱে একেমুখে কয়৷ আগতে ভাল পাইছিল তাই৷ বুকুখন গৌৰৱত উফন্দি উঠিছিল৷ কমতো ধুনীয়ানে তাইৰ মানুহটো! ওখ-পাখ গায়ে-গাঁৰিয়ে তেজগোৰা চেহেৰা৷ মানুহে ‘চাহাব’ বুলি মাতোতে মাতোতে তাৰ নাম ‘চাহাব’ হৈয়েই থাকি গৈছিল৷

সেউতীয়েও তাৰ চেহেৰাত ভোল গৈয়েই গুচি আহিছিল কেইদিনমানৰ চিনাকীতে৷ প্ৰথমতে ঠিকেই চলিছিল সংসাৰ৷ পিছে তাৰ সেই তেজগোৰা চেহেৰাই কাল হ’ল তাইৰ বাবে৷ ৰঙৰ মিস্ত্ৰী হিচাপে কামকৰা চাহাবে বিয়াৰ পিছত প্ৰথমতে তাহাঁতৰ গাঁওখনৰ কাষৰীয়া দুই-এঘৰত কাম কৰিছিল যদিও পিছলৈ আন দুজনমানৰ লগ হৈ আঁতৰৰ টাউনতো কাম কৰিবলৈ ল’লে৷ প্ৰথমতে পুৱাতে ওলাই গৈ আবেলিলৈ ঘৰলৈ ঘূৰি আহিছিল যদিও লাহে লাহে দুই-তিনিদিনমানৰ মূৰতহে অহা হ’ল সি৷ ক্ৰমান্বয়ে সেই দুই-তিনিদিনৰ ব্যৱধান দুই-তিনি সপ্তাহলৈ বাঢ়িল৷ থুপুক-থাপাককৈ খোজ দিবলৈ শিকা ধনৰ ধুনুক-থানাক মাতেও তাক বান্ধি ৰাখিব নোৱাৰিলে৷ ধনৰ মুখত ‘দেউতা’ মাতষাৰ ফুটেমানে চাহাবে টাউনৰে ছোৱালী এজনীৰ লগত বেলেগ এখন সংসাৰ তৰি গজগজীয়া হ’লগৈ৷

অনাথ যেন হৈ পৰা সেউতীয়ে পেন্দুকনা ল’ৰাকণক বুকুত সাৱটি অথাই সাগৰতহে পৰিল যেনিবা! ঘৰৰ কথা নুগুণি নীহকুলীয়া চাহাবৰ লগত পলাই অহাৰ শাস্তিস্বৰূপে তাইক মৃত বুলি ইতিমধ্যে চৰু পেলাই চুৱা গুচোৱা পৰিয়ালৰ মাজলৈ উভতি যোৱাৰ বাট বন্ধ হৈছিল তাইৰ৷ ঘৰৰ ভেটিটো নিজৰ হৈ আছিল বুলি তাতেই থাকি গ’ল সেউতী আৰু ধন৷ কাষতে থকা মৌজাদাৰণীয়ে দয়া কৰি ইখন-সিখন কৰাৰ বাবদ দিয়া টকাকেইটাৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলিব ধৰিলে তাইৰ দুজনীয়া সংসাৰ৷ বেছিভাগ সময় সুদা ভাতকেইটা খায়েই দিন পাৰ কৰা সেউতীৰ গাটোৰ পৰা মঙহবোৰ নাইকিয়া হ’বলৈ ধৰিলে লাহে লাহে৷ ঢিলা হৈ পৰা পুৰণি ব্লাউজকেইটা সোলোক-ঢোলোক হৈ পৰিল৷ চাদৰখনেৰে কোনোমতে গাটো ঢাকি ৰাখে বুলিহে৷ তাকো কেতিয়াবা অসতৰ্ক মুহুৰ্তত ওলাই পৰে৷ সেইখিনি সময়ত মৌজাদাৰণীৰ গল হেকাৰি নাইবা মৌজাদাৰৰ চেণ্ডেলজোৰ চোঁচৰোৱাৰ শব্দটোৱে সজাগ কৰি তোলে তাইক৷ তেনেকৈয়ে ধনক বুকুত সাৱটি সাহসকেই লক্ষী কৰি সাতটা বছৰ পাৰ কৰিলে৷

টোপনিতে ফেঁকুৰি উঠিল ধন৷ তাইৰ বুকুখন মোচোৰ খাই উঠিল তাৰ মুখলৈ চাই৷ কিমানদিন যে ভালকৈ ভাত এসাঁজ খুৱাব পৰা নাই তাক! যোৱা দুদিনতো জ্বৰৰ বাবে তাই কামলৈ যাব নোৱাৰাত সুদা নিমখ-ভাতকেইটাহে খাবলৈ পাইছে সি৷ আনকালে দুপৰীয়া সি স্কুলতে দুপৰীয়াৰ ভাতকেইটা খাই আহে আৰু তাই মৌজাদাৰৰ ঘৰত৷ কিন্তু যোৱা দুদিন ধৰি তায়ো কামলৈ যাব পৰা নাই৷ ইপিনে ধনহঁতৰ স্কুলৰ ৰান্ধনীজনীও হেনো কিবা বেমাৰ হৈ ঢুকাল৷ এতিয়া নতুন ৰান্ধনী নহালৈকে সিহঁতৰ স্কুলৰ মধ্যাহ্ন ভোজনো বন্ধ৷ তাহাঁতৰ দৰে মানুহৰ জীৱনলৈ বিপদবোৰোচোন জাকপাতি আহে!

“মাই, তই নেখাৱ নেকি?” যোৱা দুদিন ধৰি ধনে ভাতৰ পাতত এই প্ৰশ্নটোকে সুধি আহিছে৷ আৰু মাকে একেটা উত্তৰকে দি আহিছে, “মোৰ পেট বিষাইছে অ’৷ খাবলৈ মনেই যোৱা নাই৷” তাৰপিছত ধন আঁতৰ হ’লে পানী সৰহকৈ খাই তাই পেট ভৰাইছে৷

পেটটো কলমলাই উঠিল তাইৰ৷ উঠি গৈ পীৰা এখনত বহি মাটিৰ কলহটোৰ পৰা পানী লৈ একেলগে দুবাতি ঘটঘটাই পি ল’লে৷ পানীৰে পেট ভৰাই অলপ দেৰি নিজকে ফুচুলাই ৰাখিব খুজিলে যেন৷ কুকুৰাটোৱে তেতিয়াও চৰুটোৰ ঢাকোনখন খুঁটিয়ায়েই আছে৷ ভাবিছে চাগে চৰুটোৰ ঢাকোনখন উদঙাব পাৰিলে কিবা খোৱাবস্তু পাব বুলি৷ হাঁহি উঠিল সেউতীৰ৷ কিছুমান মানুহৰো চিন্তা যে একেবাৰে এই জীৱ-জন্তুবোৰৰ দৰেই৷ ঢাকোন দি থোৱা দেখিলে সিহঁতৰ খক্‌টো বাঢ়ি যায়৷ মৌজাদাৰেও চাগে ভাবে তাইৰ আবুৰ হৈ থকা গাটোতো মৌজাদাৰণীৰ গাটোতকৈ বেছি সুখ বিচাৰি পাব বুলি৷ সেইবাবে সময়-অসময়ে এনেবোৰ আমনি৷

চৰুটো খুঁটিয়াই ফুৰা কুকুৰাটোলৈ চকু গ’ল৷ কুকুৰা মাংসৰ চুৰুহা অকণ ধনকো খুৱাব পৰা হ’লে!? কিমানদিনযে হ’ল মাংসৰে ভাত এসাঁজ নোখোৱা! মাংসৰে কি, সাধাৰণ দাইল-ভাতেই নাইকিয়া হৈছেগৈ তাহাঁতৰ কপালত৷ আজি ধনে শুই উঠি যদি মাংসৰ জোলেৰে ভাত খাবলৈ পায়, কম আনন্দ পাবনে! হঠাতে কিবা এটাই মনটোত ডোলা দি গ’ল সেউতীৰ৷ পীৰাখনত বহি থকাৰ পৰা লাহেকৈ হাউলি আপোনমনে চৰু খুঁটিয়াই থকা কুকুৰাটো পিছপিনৰ পৰা ধৰি পেলালে তাই৷ কক্‌ কক্‌কৈ কিবা মাত এষাৰ উলিয়াব খোজোতেই খৰাহি এটাৰ তলত কুকুৰাটো ভৰাই বহি থকা পীৰাখন ওপৰত দি থ’লে৷ কোঠাটো আৰু চোতালখন সাৰি লৈ গাটো তিয়াই কুকুৰাটো কাটি-বাচি ভাত আৰু কুকুৰাৰ মাংস ৰান্ধিব৷ কথাখিনি ভাবি-গুণি শুই থকা ল’ৰাটোৰ মুখখনলৈ এবাৰ চাই কোঠাটো সাৰিবলৈ ধৰিলে তাই৷

‘সি যদি সোধে মাংস ক’ত পালোঁ বুলি কি ক’ম? পাপ নালাগিবনে মোৰ!? তাক সৎ হ’বলৈ শিকাই মই মাকজনীয়ে অসৎ কাম এটা কৰিবলৈ ওলাইছোঁ৷ হে প্ৰভূ, যি কৰিছো, এজনী মাক বাবেহে কৰিব ওলাইছো৷ দায়-দোষ মৰিষণ কৰিবা প্ৰভূ! মৌজাদাৰৰ ঘৰত লাগিলে দুদিনমান এনেয়ে কাম কৰি দিম৷’ মনৰ দুঃচিন্তাবোৰ মুখেৰে কথা হৈ ওলাল তাইৰ। বিৰবিৰাই বিৰবিৰাই কথাবোৰ নিজৰ স’তে পাতি চোতালখন সাৰি কুঁৱাৰ পাৰত গাটো তিয়াই কাপোৰসাজ সলাবলৈ ঘৰৰ ভিতৰ সোমাল৷

“মাই, তই ৰঙাইক কেলে’ ঢাকি থৈ দিছিলি? মোৰ লগত খেলিবলৈ বুলি ন’?” ধনৰ মাতত উচপ খাই উঠিল সেউতী৷ সি কেতিয়ানো সাৰ পাই মাটিতে লেপেটা কাঢ়ি বহি কুকুৰাটো কোলাত লৈ মৰম কৰি আছিল তাই গমকে নাপালে৷ কি ক’ব ভাবি নাপাই তালৈ চাই থাকিল৷ আস্‌! কি যে সহজ-সৰল আৰু নিষ্পাপ এই চকুযুৰি! এই সৰলতাক তাই বাৰু ধ্বংস হ’বলৈ দিয়ে কেনেকৈ? হওক, শুদা নিমখ-ভাত খুৱায়েই ডাঙৰ কৰিব তাক৷ কিন্তু সততাৰ হাত কেতিয়াও নেৰে৷ তাৰ নিষ্পাপ মনটোক কেতিয়াও কলূষিত নকৰে৷

“অঁ ধন৷ তই খেলিবি বুলিয়েই বান্ধি থৈছো তাক৷ নহ’লে একো খাবলৈ নাপাই সি গুচি যাবগৈ পাৰে যে! তই এতিয়া মুখ-হাতৰ লগতে গাটোও তিয়াই আহগৈ যা৷ মই ভাতকেইটা বহাওঁ৷ আজি সোনকাল কৰিবি৷ তহঁতৰ স্কুললৈ আজি ময়ো যাম৷” কাপোৰসাজ সলাই সেউতীয়ে থাপনাত মূৰটো দোৱালে৷ মাকৰ কথাত ফূৰ্তি পাই ধনে কুকুৰাটো তাতেই এৰি গামোচা এখন হাতত লৈ কুঁৱাৰ পাৰলৈ দৌৰ দিলে৷

“তই মোক ক্ষমা কৰি দিবি দেই৷” মানুহক কোৱাদি কথাষাৰ কৈ সেউতীয়ে চাউল কেইটামান কুকুৰাটোক খাবলৈ দি জুই ধৰি চৰুটো বহাই দিলে৷ ধনলৈ ভাতকেইটা গৰমে গৰমে বাঢ়ি নিমখ ছটিয়াই লাডুৰ দৰে বনাই দি সেউতীয়ে চাদৰখন সলাই মূৰটো আঁচুৰি খোপা এটা বান্ধি ল’লে৷ ইমান বছৰে একেদৰেই চুলি আঁচুৰোতে আঁচুৰোতে তাইৰ সেওঁতাটো পকী আলিবাটহেন হৈ পৰিছে৷ আৰু এই সেওঁতাটোৱে বহন কৰি আছে তাই সধৱা হোৱাৰ চিন৷ সকলোৱে কয় মানুহটোৱেই তাইৰ হৈ থকা নাই৷ তেনেস্থলত তাই সেইটো মানুহৰ নামত ফোঁট-সেন্দুৰৰ বোজা কিয় কঢ়িয়াব লাগিছে!? আচল কথা তাইহে জানে৷

বেৰত ওলোমাই থোৱা কণমানি আইনাখনত মুখখন চাই শিৰত দীঘলকৈ সেন্দুৰৰ ৰেখা এডাল টানিলে৷ কপালতো আঁকি ল’লে তগবগ্‌ সেন্দুৰৰ ফোঁট এটা৷ হওক! মানুহে যি কয়, যি ভাবে ভাবক! বৈধতাৰ এই চিনকণে যদি মৌজাদাৰহঁতৰ দৰে মানুহবোৰৰ পৰা তাইৰ দেহটো ৰখিবলৈ জপনাৰ দৰে কাম কৰে তেন্তে সেয়াই হওক৷

ঘৰৰ বাহিৰ ওলাই দুৱাৰখন বান্ধিলে সেউতীয়ে৷ ধনে কিতাপৰ মোনাখন লৈ জেওৰাত ভেঁজা দি অলপকৈ ফুলিবলৈ ধৰা বেলিফুলপাহলৈ চাই আছিল একমনে৷

“কি চাইছ’ ধন? ব’ল দেৰি হ’ব নহ’লে৷” চাদৰখনৰ আঁচলটো আগলৈ আনি গাটো ঢাকি লৈ ক’লে তাই৷

“মাই, তোক যে মোৰ কেতিয়াবা একেবাৰে বেলিফুলপাহৰ দৰেই লাগে৷” ফুলপাহৰ পৰা চকু আঁতৰাই মাকৰ মুখলৈ চাই ক’লে ধনে৷ সেউতীৰ মনৰ আঁহ-পাহ যেন মুকলি কৰি তুলিলে ধনৰ কথাই৷ মন বান্ধি ল’লে তাই৷ ঠিকেইতো! বেলিৰ মুখলৈ চাই জীৱন জীওৱা বেলিফুল হ’ব লাগিব তাই৷ তাইৰ মুখলৈ চাই থকা ধনক মৰমেৰে আকোঁৱালি লৈ চুমা এটা খাই ক’লে, “ওম৷ মই বেলিফুলেই৷ আৰু তই মোৰ বেলি৷”

তাৰপাছত জপনাখন আঁটি আঁটি জপাই ধনৰ হাতত ধৰি আগবাঢ়ি গ’ল সেউতী৷ ধনহঁতৰ স্কুলত প্ৰয়োজন হোৱা ৰান্ধনীৰ কামটোৰ বাবে হে’ডছাৰক খাটিবগৈ তাই৷ প্ৰয়োজন হ’লে তেওঁৰ ভৰিতো ধৰিব৷ সততাৰ ভাত খুৱাই ধনক ডাঙৰ কৰিবলৈ হ’লে তাইক এনে এটা কামৰ বৰ প্ৰয়োজন৷ বেলিফুল হ’বলৈ বেলিটো যে উজলাই ৰাখিব পাৰিবই লাগিব তাই!

**

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক