বেয়াবোৰ যেতিয়া মিঠা হয় – অঞ্জন কুমাৰ শৰ্মা

 

সৰুতে পঢ়াশালিত যেতিয়া আমি গণিতৰ শিক্ষা লৈছিলোঁ তেতিয়া আমাক সংখ্যাকেইটাৰ সম্যক জ্ঞান দিয়াৰ পাছত মুকলি ঠাইত ৰ’দ বতাহ একাষৰীয়া কৰি চাৰ বাইদেউহঁতে শাৰী পাতি যোগ বিয়োগ পুৰণ, হৰণৰ নেওঁতাবোৰ মুখস্থ কৰিবলৈ দিছিল৷ এই চাৰিওটা চিহ্নৰ সৰল অংকবোৰেই পৰ্য্যায়ক্ৰমে আমাৰ পৰৱৰ্তী শৈক্ষিক কালছোৱাত অংক, জ্যামিতি, ত্ৰিকোণমিতিৰ কিছুমান জটিল উপপাদ্যৰে আমাৰ মন আৰু মগজুৰ বিকাশৰ লগে লগে আগবাঢ়ি গৈ এজন সাধাৰণ তামোল-পাণৰ দোকানী, পকা-কাঠ মিস্ত্ৰিৰ পৰা ডাক্তৰ ইঞ্জীনিয়াৰলৈকে মানুহৰ ব্যৱহাৰিক জীৱন পৰিক্ৰমাত এক এৰিব নোৱাৰা অবিচ্ছেদ্য অংশ হৈ পৰিবলৈ ধৰে৷

বিকাশ আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত আমাৰ অতিকে সহজলভ্য হৈ পৰা উন্নত যান্ত্ৰিক তথা ইলেক্ট্ৰনিক ব্যৱস্থাপনাৰ সমানুপাতে আমাৰ মানসিক পৰিবৰ্তন নঘটাত ধনাত্মক দিশটোৰ পৰিৱৰ্তে আমাৰ উদীয়মান চামৰ ঋণাত্মক দিশটোলৈহে বেছিকৈ ধাউতি বাঢ়বলৈ ধৰিলে৷ পুৱাৰ বাতৰিখন চালে বা টিভিৰ ব্ৰেকিং নিউজবোৰলৈ চকু ফুৰালে সাধাৰণতে আমাৰ চকুত হত্যা, ধৰ্ষণ, লুণ্ঠন, অপহৰণ, ধৰ্ণা, আন্দোলন আদি বিষয়বোৰহে চকুত ধৰা দিয়ে৷ পাঠক বা দৰ্শকৰ এই দুৰ্বলতাৰে সুযোগ লৈ সংবাদ মাধ্যমবোৰেও আমাৰ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ দিশবোৰ সাঙুৰি প্ৰকাশ পাবলগীয়া বাতৰিবোৰ ভিতৰৰ পৃষ্ঠালৈ থৈ বা শেহৰ বাতৰি সজাই মচলাযুক্ত বাতৰিবোৰেৰে জনপ্ৰিয়তাৰ মাপকাঠী নিৰ্ণয় কৰাত গুৰুত্ব দিয়া দেখা যায়৷ বাস্তৱসন্মত বিচাৰ বিবেচনাৰে ৰাজ্যখনৰ বিকাশৰ দিশবোৰক প্ৰাধান্য দি প্ৰকাশ পোৱা বাতৰি বা কোনোবা লিখকৰ কলমেৰে প্ৰকাশ পোৱা গঠনমূলক লিখনিবোৰে কিমানজন যুৱ পাঠকৰ মন চুব পাৰিছে তাত সদায়েই সন্দেহৰ থল থাকে৷ সাধাৰণতে এনে লিখনি প্ৰকাশ হোৱাৰ পাছত ছ’চিয়েল মিডিয়াতেই হওক নতুবা কাকতত, যিসকল পাঠকৰ প্ৰতিক্ৰিয়া কমেণ্ট বা ফোনযোগে আহে, তেওঁলোকৰ সৰহ সংখ্যকেই চল্লিশৰ উৰ্ধৰ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সংবাদ মাধ্যম তথা হাততে পোৱা ছ’চিয়েল মিডিয়াই মূলতঃ পৰিচালনা কৰিবলৈ লোৱা আমাৰ যুৱ মানসিকতাত কিছুমান ঋণাত্মক চিন্তাধাৰাই ক্ৰিয়া কৰিবলৈ লৈছে আৰু এয়া আমাৰ সমাজ ব্যৱস্থা তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে অশনি সংকেত৷

ইয়াৰ বাবে দায়ী কোন? এইয়া সহজে সকলোৰে অনুমেয় যে আমাৰ দেশত এতিয়া এনে এক পৰিবেশে বিৰাজ কৰিছে যে কেতিয়াবা বেয়াবোৰৰ মাজতো যদি আপুনি কিবা এটা ভাল দেখে, তাকো ক’বলৈ গ’লে কিছুমান ৰাজনৈতিক বিষাক্ত চিন্তাধাৰাৰে এচামে আপোনাক বেয়াকৈ গালি পাৰিবলৈ ধৰিব৷ উদাহৰণ স্বৰূপে এ পি এছ চিৰ প্ৰসংগকে উল্লেখ কৰিব খুজিছোঁ৷ হাজাৰ হাজাৰ মেধাৱী যুৱক-যুৱতীৰ তেজপিয়া কেইটামান নৰখাদক সাংগোপাংগ সহিতে জেললৈ যোৱা বাতৰিটোৱে এসময়ত বাতৰিৰ শিৰোনামা দখল কৰিছিল৷ সেয়া নিত্যান্তই আশাব্যঞ্জক বাতৰি আছিল৷ পৰিতাপৰ বিষয় যে সংশোধিত ৰূপত এই স্বতন্ত্ৰ সংস্থাটোৱে শেহতীয়াকৈ সম্পুৰ্ণ নিকাকৈ পৰীক্ষা পাতি ৰাজ্যখনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ এক আশাৰ বতৰা কঢ়িয়াই অনা বাতৰিটো অৱশ্যে কেইখনমান কাকতৰ বাহিৰে বিশেষকৈ ইলেক্ট্ৰনিক সংবাদ মাধ্যম বা ছ’চিয়েল মিডিয়াত ব্ৰেকিং নিউজ হৈ নপৰিল৷ এসময়ত দুৰ্নীতিৰ অধ্যায়বোৰ ফাদিল কৰাত অগ্ৰণী ভূমিকা লোৱা এই সংবাদ সংস্থাবোৰৰ প্ৰশংসনীয় পদক্ষেপবোৰক সকলোৱে শলাগ লৈছিল৷ কিন্তু শেহতীয়া ফলাফলক লৈ ধনাত্মক বাতৰি পৰিবেশন কৰি আমাৰ উঠি অহা মেধাবী ছাত্ৰ-ছাত্ৰীক উৎসাহিত যগোৱাৰ দিশত মাধ্যমবোৰৰ বিশেষ তৎপৰতা চকুত নপৰিল৷ হয়তো দৰ্শকক আমোদ দিব পৰা সাম্প্ৰতিক অসমৰ কিছুমান মচলাযুক্ত বাতৰিৰ বাবেই এইবোৰ বিষয় তল পৰিল৷ বাতৰি পৰিবেশনত ভাল বেয়াৰ দুয়োটা দিশেই চালিজাৰি চাই ধাৰাবাহিকতা অক্ষুণ্ণ নাৰাখিলে ভৱিষ্যতে যে এনে সংস্থাবোৰ পুনৰ বোকা পানীৰে লুতুৰি-পুতুৰি নহব, সন্দেহৰ অৱকাশ থাকে৷

জাতি- মাটি- ভেটি আৰু ভাষাটোক ৰক্ষণাবেক্ষণ দিয়া আমাৰ খিলঞ্জীয়াৰ প্ৰধান কৰ্তব্য৷ সেইবুলি ভেটিটোৰ ৰক্ষাৰ নামত কিছুমান ৰাজনৈতিক মুনাফা আদায় কৰা ব্যক্তিৰ পৃষ্ঠপোষকতাত তথা সামাজিকভাৱে ব্যক্তিত্ব জাহিৰ কৰিব পৰা বুদ্ধিজীৱীৰ তৎপৰতাত নিজৰ বিবেক বিক্ৰী কৰি বছৰটোৰ সৰহভাগ সময় ৰাজপথত চিঞৰি থাকিলে এটা জাতি বা এখন ৰাজ্যৰ সামগ্ৰিক উন্নতিৰ কথা নুবুজায়৷ এখন ৰাজ্যৰ অৰ্থনীতিৰ সবলীকৰণৰ দিশটোহে মূল বিষয় আৰু ইয়াৰ বাবে আমাক প্ৰয়োজনীয় অনুকূল পৰিবেশৰ প্ৰয়োজন৷ দেশৰ স্বাধীনতা আন্দোলনতো মহাত্মাই দেশৰ মানুহৰ স্বাৱলম্বীয়তাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ বছৰ বছৰ ধৰি ভেটি ৰক্ষাৰ নামত আমাৰ ৰাজ্যত চলি অহা আন্দোলনবোৰত উবুৰি খাই পৰা আবেগবিহ্বল খিলঞ্জীয়াৰ দুৰ্বলতাৰ সুযোগ লৈ ইতিমধ্যে বহিৰাজ্যবোৰৰ পৰা আমদানি হোৱা বহুলোকেই কৃষি-ব্যৱসায় বাণিজ্যৰে প্ৰতিষ্ঠা লাভ কৰি, বহু অঞ্চলত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিলেই৷ জিলা ভিত্তিক জনসংখ্যাৰ পৰিগাঁঠনিবোৰ পৰ্যবেক্ষণ কৰিলেই সহজেই এই সত্যবোৰে আমাৰ চকুত ধৰা দিয়ে৷ দুৰ্ভাগ্যৰ বিষয় যে সম্ভৱাপপূৰ্ণ অৰ্থনীতিৰ সমলেৰে পৰিপুষ্ট ৰাজ্যখনত আমাৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ এক জনমুখী অৰ্থনীতি সবলীকৰণৰ সপক্ষে জনজাগৰণ আজিলৈকে নহ’ল৷ এই সংক্ৰান্তত চৰকাৰ, ৰাইজ, সংবাদ মাধ্যম, বুদ্ধিজীৱী তথা চৌদিশ তোলপাৰ লগাই থকা জাতীয় সংঠন তথা কৃষক নেতা সকলোৱে যেন মৌন ব্ৰত ধাৰণ কৰিবলৈ ল’লে৷ যি কেইজন উদ্যমী ব্যক্তিয়ে ইতিমধ্যে গাঁঠিৰ ধন ভাঙি কৃষি, উদ্যোগ বা পশুপালনত আত্মনিয়োগ কৰি স্বাৱলম্বীতাৰ নিদৰ্শন ডাঙি ধৰিছে, তেওঁলোককো উৎসাহিত কৰিবলৈ, সহায় বা ধনাত্মক বাতৰিৰে যুৱচামক আকৰ্ষিত কৰিবলৈ চৰকাৰ তথা সংবাদ মাধ্যমবোৰৰ তৎপৰতা বিশেষ চকুত নপৰে৷

সংবাদ মাধ্যম বা জাতীয় সংগঠনবোৰে চৰকাৰৰ নমামী ব্ৰহ্মপুত্ৰৰ বিলাস বহুল কাৰ্যসূচীৰ বিচাৰ লোৱাৰ পৰিৱৰ্তে আজিৰ যুৱ প্ৰজন্মই চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি জ্বলোৱা গ্লবেল চামিটৰ ফলাফলৰ হিচাপ নিকাচবোৰহে ৰাইজৰ দৃষ্টিগোচৰ কৰাটোতহে প্ৰাধান্য দিব৷ এইক্ষেত্ৰত ৰাজ্যখনত সঘনাই ঘটি থকা উত্তেজনাময় পৰিস্থিতিৰ অৱসান ঘটাই এক অনুকূল পৰিবেশত প্ৰয়োজনত উদ্যোগীকৰণেৰে কেনেকৈ ৰাজ্যৰ ভৱিষ্যত অৰ্থনীতিৰ দিশটো টনকিয়াল কৰিব পাৰি এইবোৰ বিষয়ত মাত মাতক৷ সংবাদ সংস্থাবোৰে জনমুখী জনজাগৰণ সৃষ্টিৰ বাবে বিষয়বস্তুৰ ওপৰত আলোচনাত বহিব পৰাকৈ জ্ঞান থকা যোগ্য সংবাদকৰ্মীক নিয়োগ কৰি কেনেকৈ আমাৰ শিক্ষিত যুৱ প্ৰজন্মক ৰাজ্যখনৰ অৰ্থনীতি সবলীকৰণৰ বিষয়ত আকৰ্ষিত কৰিব পাৰি তাতহে মনোনিবেশ কৰিব লাগে৷ চৰকাৰ, জননেতা, জাতীয় সংগঠন, বুদ্ধিজীৱী সকলোৱে এইবিয়য়ে চিন্তা চৰ্চা কৰাৰ সময় সমাগত৷ গ্ৰন্থমেলাত আমাৰ যুৱপ্ৰজন্ম আলফা সম্বন্ধীয় কিতাপ পত্ৰলৈ আকৰ্ষিত হোৱাৰ বাতৰি পৰিবেশনেৰে ইজনে সিজনলৈ বোকা ছটিওৱাৰ ৰাজনীতি কৰি থাকিলেই নহ’ব৷ কিহৰ বাবে এনে পৰিস্থিতি বিৰাজ কৰিছে, কি পৰিস্থিতিত পুনৰ ইউনিফাইড কামাণ্ডৰ দৰে আৰ্মীৰ অপাৰেছন পুনৰ ৰাজ্যখনত জাপি দিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, এইবোৰ বিষয়ত সকলোৱে সুস্থ মগজুৰে এবাৰ চিন্তা কৰক৷ বিয়োগৰ অংকবোৰকে লৈ অনবৰত বাতৰি পৰিবেশন কৰিবলৈ এৰক৷ সংবাদ মাধ্যম বা ছ’চিয়েল মিডিয়াত ধনাত্মক চিন্তাধাৰাৰে পৰিবেশিত বাতৰিবোৰতো পাঠকে মছলাৰ জুতি ল’বলৈ শিকক৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক