'বৈচিত্র্যৰ মাজত ঐক্য'ৰ পথ কোনফালে? (টুৱাৰাম দত্ত)

‘অনৈক্যৰ মাজত ঐক্য’ অথবা ‘বৈচিত্র্যৰ মাজত ঐক্য’ আদি কথাবিলাক শুনিলে মন ভাল লাগি যায়। কিন্তু বাস্তবিক দৃষ্টিভংগীৰে বিচাৰ কৰিলে এনে লাগে যেন ইবিলাক কিতাপৰ পাততেই আৱদ্ধ হৈ থকা একো একোটা নিৰৰ্থক সংজ্ঞা, যাৰ কোনো প্রায়োগিক মূল্য নাই। সৰ্বভাৰতীয় পটভূমিলৈ নোযোৱাকৈ অসম বা উত্তৰ-পূৱৰ পটভূমিতেই কথাবিলাক আলোচনা কৰোচোন।
আমাৰ অসমৰ বাৰেৰহনীয়া বিভিন্ন জনগোষ্ঠীৰ কথাকেই ভাবোচোন। অজস্র অনৈক্য আৰু বৈচিত্র্যৰ মাজত বিভিন্ন জনগোষ্ঠীৰ মাজৰ পাৰস্পৰিক ঐক্য আজিৰ সময়ৰ অতিশয় প্রয়োজনীয় আৰু প্রধান দাৱী। কিন্তু তাৰ বিপৰীতে এতিয়া পৰস্পৰৰ মাজত সন্দেহ, সংশয় আৰু অবিশ্বাসৰ পয়োভৰ। ১৯৪৭ চনৰ অসম টুকুৰা-টুকুৰ হৈ তাৰ পূৰ্বৰ আয়তনৰ দহ ভাগৰ এক অংশমান হ’ল। আজি তাকো পুনৰ খণ্ডিত কৰিবলৈ দাৱী উঠিছে। বড়ো, কাৰ্বি, মিছিং আদিৰ লগত কোঁচ, টাই-আহোম ইত্যাদিৰ ভাষা বিষয়ক, জনজাতিকৰণ বিষয়ক আদি কথা লৈ ভুল-বুজাবুজি, মত-বিৰোধ, ভেদাভেদ আদি তুংগত।
আচলতে আমাৰ মূল সংকটটো হ’ল বিশ্বাসৰ সংকট। বিশ্বাসৰ সংকটে সৃষ্টি কৰা ভয় আৰু শংকাই আমাক নিৰাপত্তাৰ আশাত আন্দোলনৰ পথ লবলৈ বাধ্য কৰিছে। সকলোৰে এতিয়া বেলেগে থকাৰ ইচ্ছা, আঁতৰি যোৱাৰ প্রৱণতা। প্রকৃত সত্যটো হ’ল জনগোষ্ঠীবোৰে আজি সমন্বয়ৰ প্রয়োজনকে নস্যাৎ কৰিছে।
ভালদৰে চালে দেখিব, আজি বিভিন্ন জনগোষ্ঠীৰ মাজত বিবাদ হ’লে আমি দিল্লীৰ মুখলৈ সমাধানৰ সহায় আশা কৰি থাকো। কথাবিলাক কিমান স্পৰ্শকাতৰ হ’লে, আমাৰ মাজৰ ব্যৱধান কিমান গভীৰ হ’লে দিল্লীয়ে হস্তক্ষেপ কৰিবলগীয়া পৰিবেশ হয় সি আজিৰ দিনত সকলো পক্ষৰ বাবে চিন্তনীয় হোৱা উচিত।
আমি কি কৰিব পাৰো বা কি কৰা উচিত।
আমাৰ সাহিত্য, আমাৰ কথাছবি, আমাৰ কাকত-পত্র আদিয়ে এই বিষয়ত কি ভূমিকা লব পাৰে? আমাৰ ৰাজ্যখনৰ বাতৰি কাকত কেইখনলৈকে চাবচোন। ত্রিপুৰা, অৰুণাচল, নগালেণ্ড, মণিপুৰ আদিৰ বাতৰি কিমান, কেনেকৈ, কেনেকুৱা গুৰুত্বৰে প্রকাশ পায়। নাগালিম মানচিত্রত যে অসমৰ অংশ সোমাইছে বা মাজে মাজে অসম-নগালেণ্ড সীমা সমস্যাৰ সৃষ্টি হয় তাৰ বাবে নগালেণ্ডৰ জনতাৰ মনৰ ভাৱক লৈ কেতিয়াবা কিবা লেখা প্রকাশ পাইনে? কোনোবাই ডিমাপুৰ, কহিমালৈ গৈ তাৰ নাগৰিকৰ মাজত সোমাই কিবা তথ্যভিত্তিক লেখা বা ৰিপোৰ্ট তৈয়াৰ কৰি পাইছেনে? বৃহৎ নদী বান্ধক লৈ আমি তীব্র আন্দোলন কৰাৰ সময়ত অৰুণাচল বাসীৰ মনৰ খবৰ কি আমি জানিব বিচাৰিচোনে?
আমাৰ কাকত-পত্রত বিভিন্ন জনগোষ্ঠী, উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ খবৰ, মতামত গুৰুত্ব সহকাৰে প্রকাশ পাবই লাগিব। অন্যথা এতিয়াৰ গতিত আমি আমাৰ উগ্র জাতীয়তাবাদী উন্নাসিক মনোভাৱ প্রকাশ কৰি থাকিলে সমন্বয় সুদুৰ-পৰাহত হৈয়েই থাকিব। আমাৰ বাতৰি কাকত বিলাকে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত আৱাসিক সাংবাদিকৰ ব্যৱস্থা কৰিব লাগিব।
গৌতম বৰাই কাৰ্বি ভাষাত ‘ৱশ্ববিপু’ কথাছৱি নিৰ্মাণ কৰিছিল। বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ক লৈ চিনেমা নিৰ্মাণ এতিয়া প্রয়োজনীয় হৈ পৰিছে। আমাৰ চিনেমা জগতৰ বৰ্তমান বেয়া দিন চলি আছে বুলি কয় থকা হৈ যদিও বাৰেভচহু টুলুঙা বিষয়ৰ চিনেমা কিন্তু নিৰ্মাণ হৈয়ে আছে।
আমাৰ সাহিত্য, আমাৰ সংগীত, আমাৰ কথাছবি সকলো মাধ্যমে উত্তৰ-পূবৰ বিভিন্ন জনগোষ্ঠীৰ ভুল-বুজাবুজি, ভেদাভেদ, উচ্চ-নীচৰ চেতনা দূৰ কৰি সমন্বয় সাধন কৰিবই লাগিব। শিল্প, অৰ্থনীতি, ব্যৱসায় আদিত যোগাযোগ, সহযোগিতা থাকিব লাগিব। আমাৰ সকলোৰে মনবিলাক বহল কৰিব লাগিব। আমি ব্রতী হব লাগিব ‘বৈচিত্র্যৰ মাজত ঐক্য’ৰ সাধনাত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments