বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ মৃত্যুত (মঞ্জিল শইকীয়া)

আমাৰ মাজৰ কিমানজনে গম পায় যে সংবিধানৰ ৫২তম অধ্যায়(ক)ৰ ৪২তম সংশোধনী মতে “বৈজ্ঞানিক মানসিকতা, মানৱীয়তা আৰু অনুসন্ধানশীলতাৰ অনুশীলন কৰা প্ৰত্যেক নাগৰিকৰে এটা কৰ্তব্য”। অৰ্থাৎ, বৈজ্ঞানিক মানসিকতা অৱলম্বন কৰাটো বৰ্তমান সময়ত নিতান্তই প্ৰয়োজনীয় হোৱাৰ উপৰি সংবিধান মতেও ই প্ৰত্যেক নাগৰিকৰ দেশৰ প্ৰতি থকা মৌলিক কৰ্তব্যৰ ভিতৰত পৰে। আৰু ইয়াৰ পিছতো সমাজত এনে কিছুমান লোক ওলায় যি কেৱল এই কৰ্তব্যক অৱমাননাই নকৰে, বৰঞ্চ এনে কথাও উলিয়ায় যে প্ৰাচীন শাস্ত্ৰৰ মতে হেনো অতীজৰ ভাৰতবৰ্ষত আধুনিক যন্ত্ৰ-বাহনৰ প্ৰযুক্তিৰ প্ৰচলন আছিল আৰু সকলোৱে প্ৰাথমিক বিদ্যালয়ত পঢ়ি অহা সূত্ৰ এটাৰ নামকৰণ কৰিবলৈ আমি পাইথোগোৰীয়সকলক সুবিধা কৰি দিছো।

ভাৰতবৰ্ষ এতিয়াও বৈজ্ঞানিক উদ্ভাৱন আৰু গৱেষণাৰ দোমোজাতে ৰৈ আছে। ছাৰ চি ভি ৰমণ, ছাৰ জগদীশ চন্দ্ৰ বসু, ৰামানুজন আদিৰ লেখীয়া মানুহেৰে জিলিকি থকা অতীত এটাকে সাৱটি আমি চলি আছো। সেয়া আছিল ভাৰতীয় বিজ্ঞানৰ সোণালী যুগ। তাৰ পিছত দেশে স্বাধীনতা পালেও প্ৰযুক্তিবিদ্যা, চিকিসাশাস্ত্ৰ অথবা গণিত-বিজ্ঞানৰ কোনো ক্ষেত্ৰতে ভাৰতে তেওঁলোকৰ লগত একে খাপৰ কাকো জন্ম দিবলৈ সক্ষম হোৱা নাই। ভাৰতত বাস কৰি ভাৰতক কৰ্মক্ষেত্ৰ হিচাপে বাছি কাম কৰা কোনো ভাৰতীয়ই বিগত ৮৫ বছৰ ধৰি নোবেল বঁটা অৰ্জন কৰিব পৰা নাই। ক’ৰবাত নিশ্চয় গভীৰ খুঁত ৰৈ গৈছে! নহ’লে শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা বুলি খ্যাতি থকা দেশ এখনত এইটো কেনেকৈ সম্ভৱ হ’বলৈ পালে? নে উত্তৰটো তেনেই সহজ? আমি বিজ্ঞানত কেঁচা?

বিজ্ঞানৰ ক্ষেত্ৰখনত দেশে সুনাম কৰিবলৈ ব্যৰ্থ হোৱাৰ কাৰণবোৰ চালি-জাৰি চাবলৈ বৰ বেছি কঠিন নহয়। সৰুৰে পৰা আমাক বাধ্য কৰোৱা হয় বিদ্যালয়ত শিকিবলগীয়াখিনি মুখস্থ কৰিবলৈ। শিক্ষকে কোৱাখিনিৰ ওপৰত আমি প্ৰশ্ন নোতোলাকৈ মানি লওঁ। হয়তো বহুবছৰ আমাতকৈ সভ্য জাতি এটাৰ শাসনত থকাৰে কুফল সেয়া। হাইস্কুল পোৱা সময়লৈ আমাৰ মনত বহি যায় যে ডাক্তৰ বা ইঞ্জিনীয়াৰ নহ’লে জীৱনত একো নহ’ব। নিজে কি বিচাৰো, সেয়া এবাৰো ভাবি নাচাই আমি প্ৰত্যেকটো ক্ষণ শিক্ষক আৰু অভিভাৱকৰ আমাৰ কাৰণে থকা সপোনবোৰ পূৰাবলৈ লগাই দিওঁ। ভাৰতৰ বিদ্যালয়বোৰ এতিয়া এনেকৈয়ে চলি আহিছে আৰু এই দিশত যদি অচিৰেই সংশোধন অনা নহয় তেনেহ’লে আমি বৰ্তমানৰেই নহয় আমাৰ গৌৰৱোজ্জ্বল অতীতৰো সুনাম হেৰুৱাম। চমু কথাত ক’বলৈ গ’লে ভাৰতত এতিয়া বৈজ্ঞানিক চিন্তা-চৰ্চাৰ পৰিবেশ নাই।

ভাৰতক এতিয়া শিক্ষাকে আদি কৰি সকলো দিশতে নতুন পথ-প্ৰদৰ্শকৰ প্ৰয়োজন। যি নিজে জগতলৈ পৰিৱৰ্তন কঢ়িয়াই আনিও আনৰ প্ৰশংসা কৰি সন্তষ্টি লভিব পাৰে— তেনে ব্যক্তিৰ প্ৰয়োজন। কোনো এখন হলীউডৰ কথাছবিয়ে ৫টা অস্কাৰ বঁটাৰ মনোনয়ন পালে ইণ্টাৰনেটত চিঞৰ-বাখৰ লাগি যায়। কিন্ত “নেচাৰ” বিজ্ঞান-পত্ৰিকাখনে যেতিয়া ২০১৪ চনৰ প্ৰথম ১০ আৱিস্কাৰকৰ তালিকাত এজন ভাৰতীয় বিজ্ঞানীক অন্তৰ্ভুক্ত কৰে, তাৰ খবৰ ৰাখিবলৈ কাৰো আহৰি নাই। আমি যদি বিশ্বাস কৰো যে সমাজত ভৱিষ্যতে বিজ্ঞানী, প্ৰযুক্তিবিদ অথবা গণিতজ্ঞ হ’ব পৰা পঢ়া-শুনাত আগ্ৰহী মানুহৰ প্ৰয়োজন নাই, সি এক চূড়ান্ত মুৰ্খামী হ’ব। আমি সমাজৰ পৰা এবাৰতে সকলো সমস্যা আঁতৰাব পৰা ছুপাৰষ্টাৰৰ প্ৰয়োজন অনুভৱ কৰোঁ, বিজ্ঞ ব্যক্তিসকলক তেওঁলোকৰ প্ৰাপ্য সন্মানখিনি দিবলৈ কিন্তু আমি পাহৰি যাওঁ! গতানুগতিকতাৰ লগত আমি ইমানেই অভ্যস্ত হৈ পৰিছো যে যেতিয়া প্ৰকৃত জিনিয়াছ এজন আহি আমাৰ সন্মুখত দেখা দিয়ে আমি হয়তো তেওঁক চিনিবও নোৱাৰিম। আনকি কৈলাশ সত্যাথীয়ে যেতিয়া শান্তিৰ নোবেল বঁটা পাইছিল তেতিয়া গোটেই দেশে তেওঁ কোন জানিবলৈ গুগলৰ সহায় ল’বলগীয়া হৈছিল। ইয়ে প্ৰমাণ নকৰেনে যে আমাৰ দেশত কিবা সাংঘাতিক ভুল হৈ আছে?

ভাৰতত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ পৰিবেশৰ প্ৰচলন তথা জনপ্ৰিয়কৰণ কৰাৰ প্ৰধান দায়িত্ব যুৱচামৰ। যদি পথত আমাৰ সন্মুখেৰে এটা ক’লা মেকুৰী পাৰ হৈ যাওঁতেই আমি প্ৰত্যেকবাৰ ৰৈ দিওঁ, তেন্তে ই অকল আমি সংবিধানৰ “বৈজ্ঞানিক মানসিকতা গ্ৰহণ কৰা” নীতিকে উপলুঙা কৰা নহ’ব; বৰং ই আমাৰ দেশখন বিজ্ঞানৰ ক্ষেত্ৰত পিছপৰি ৰোৱাত আমি গোপনে সহায় কৰাৰ এটা কাৰণহে হ’ব। বিজ্ঞানৰ গৌৰৱোজ্জল দিনবোৰ ম্লান পৰি অহাৰ ক্ষেত্ৰত আমাৰ ৰাজনীতিকৰো কিছু হাত আছে। কিছুমান বেয়া ৰাজনৈতিক সিদ্ধান্তই আমাৰ অতীতত বেয়াকৈ প্ৰভাৱ পেলাইছে। আৰু বৰ্তমান তথা ভৱিষ্যতলৈকো ই চলি থাকিব। ১২ খন আই.আই.টি. আৰু তাতকৈ বেছি এন.আই.টি থকাৰ পিছতো প্ৰযুক্তিৰ কাৰণে আমি এতিয়াও আন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এনে বহুসংখ্যাক প্ৰতিষ্ঠান গঢ়াতকৈ অক্সফ’ড অথবা প্ৰিন্সটন অথবা প্ৰাচীন নালন্দাৰ দৰে একোখন সৰ্বাঙ্গসুন্দৰ ভাৰতীয় বিশ্ববিদ্যালয় গঢ়ি তোলাতো বেছি মনোকাম্য নহয়নে?

ভাৰতীয় বিজ্ঞান তথা বিজ্ঞানীসকলক গুৰুত্ব নিদিলে আন ৰাষ্ট্ৰই এই দিশত আমাক পিছ পেলাবলৈ বেছি সময় নালাগিব। এইয়া বুজাৰ এইটোৱেই সময় যে আমাৰ প্ৰকৃত ৰকষ্টাৰ, ছুপাৰষ্টাৰবোৰ হ’ল সেইসকল ব্যক্তি— যি সফলতাৰে আন এটা গ্ৰহলৈ কেৱল মহাকাশ যান উদক্ষেপণ কৰাই নহয়, বৰঞ্চ প্ৰথম প্ৰচেষ্টাতে সফলতাৰে সেয়া কৰিবলৈ সক্ষম হোৱা বিশ্বৰ প্ৰথমখন দেশ ভাৰতবৰ্ষ হোৱাৰো সুনাম কঢ়িয়াই আনিছে। তেওঁলোকেহে দেশলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিব, যদি তেওঁলোকৰ সপোনবোৰক উৰিবলৈ ডেউকা দিয়া হয়। কিয়নো, ২০২০ ৰ ভিতৰত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সপোন আমি এতিয়াও এৰি দিয়া নাই।

[এই প্ৰবন্ধটি তেজপুৰ বিশ্ববিদ্যালয়ৰ বাৰ্ষিক বিজ্ঞানউৎসৱ ইনছিগনিছৰ স্মৰণিকাত প্ৰকাশ কৰিবলৈ সম্পাদকদ্বয়ে যুগুতাই উলিয়াইছিল। এই প্ৰবন্ধটি গণিত চৰাত (http://gonitsora.com) ইংৰাজীত প্ৰকাশ হৈছিল আৰু ইয়াক অসমীয়ালৈ অনুবাদ কৰিছে ৰুপালিম হাজৰিকাই। লেখাটো অসমীয়াত টাইপ কৰি সহায় কৰি দিয়া বাবে ৰিতু দত্তক প্ৰবন্ধটিৰ লেখকে ধন্যবাদ জনাইছে।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments