বৈজ্ঞানিক – হেমন্ত কাকতি

 

প্ৰাইমাৰী স্কুলৰ কথা নকওঁ! হাইস্কুল আৰম্ভ হোৱা দিনৰে পৰা এটা প্ৰশ্নই পিচ নেৰা হৈছিল৷ সেইটো আছিল- “মোৰ জীৱনৰ লক্ষ্য“৷ আচলতে মই কি হম উৱাদিহ পোৱা নাছিলো৷ পৃথিৱীৰ সকলো ’ভাল’ মানুহ বোৰ যেন ময়েই হম তেনেকুৱা কিবা এটা আৰু! কেইদিন মান পাইলট হম, কেইদিন মান ডাক্টৰ হম এনেকে গৈ গৈ এদিন কোনে জানো আইডিয়াটো সুমুৱাই দিলে – “বিজ্ঞানী“ হম বুলি ক!

বচ, সেই দিনাৰ পৰাই এই ’ক্ৰেজ’ টো আৰম্ভ যি হ’ল আৰু হ’লেই! ঘৰলৈ কোনোবা আলহী আহিলেই “ডাঙৰ হৈ কি কৰিবা“ বুলি সুধিলেই “মই বিজ্ঞানী হম“ বুলি উত্তৰ টো জিভাৰ আগত সাজু কৰিয়েই ৰাখিছিলো৷ সেই সময়ত মা ৰ মুখত এক বুজাব নোৱাৰা আত্মসন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠা লক্ষ্য কৰিছিলো৷

মই পিচে অকণো পাট্টা পোৱা নাছিলো যে এই বিজ্ঞানীটো নো হয় কি! লগৰ কোনো কোনোয়ে কৈছিল যে
-ইহঁতে কি কৰে নাজানো কিন্তু ইহতৰ দাড়ি আৰু চুলিবোৰ বহুত দীঘল দীঘল থাকে৷
-পৰীক্ষাগাৰত সোমাই থাকি থাকি কিবা কিবি মিলাই চাই আৰু ডাঙৰ ডাঙৰ বিজ্ঞানৰ কথাবোৰ আবিষ্কাৰ কৰি পেলায়!
-তাৰ কাৰণে বহুত কথা ভাবি থাকিব লাগে জান? কিছুমানতো পাগলৰ দৰেও হৈ যায়৷
-ছাৰ আইজাক নিউটনে হেনো তেওৰ মহিলা বান্ধৱীক হাতত ধৰি প্ৰ’প’জ কৰিব ওলাওতেই হঠাৎ গভীৰ সূত্ৰ এটা মনত পৰাত মনৰ কথা কবলৈ পাহৰিয়েই গৈছিল৷ গতিকে তেওৰ বিয়াই ন’হল৷

এইবোৰ শুনি শুনি বৈজ্ঞানিকৰ প্ৰতি এক অনীহা ভাৱ এটা আহিলেও আইনষ্টাইন, নিউটন অথবা আৰ্যভট্ট, ছাৰ চি ভি ৰমন, ডঃ হোমি ভাবা আদি ভাৰতীয় বৈজ্ঞানিক সকলৰ যি এক ছবি মানস পটত গঢ় লৈ উঠিছিল তাক গুচাব পৰা নাছিলো৷

লাহে লাহে গম পালো যে বিজ্ঞানী হবলৈ হলে অংক আৰু বিজ্ঞান ভালকৈ পঢ়িব লাগে৷ মেট্ৰিক দিয়া লৈকে অংক আৰু বিজ্ঞানত ঠিক ঠাকেই আছিলো৷ পিচে কলেজত ভৰি দিহে গম পালো যে মই ভৱা ধৰণে এই অংকৰ খেলবোৰ ইমান সহজ নহয়৷ তথাপিও টানি মানি গৈ আছিলো দুদিন মান৷ প্ৰথম ঢকাটো আৰম্ভ হ’ল ’কেলকুলাচ’ৰ ক্লাচত৷ ’লিমিট’ নামৰ ’চেপটাৰ’ টো ভালকৈ নুবুজা কৈয়ে কেলকুলাচৰ জালত ভৰি দিলো৷

কলেজত অংক পঢ়া সকলে জানিব যে যেতিয়া x->0 কিন্তুু 0 নহয়, (যেতিয়া x টো শূন্যৰ ওচৰ ছাপে কিন্তুু শূন্য নহয়) ধৰণৰ কনচেপ্ত টো বুজাবলৈ যাওতে কিমান সময় লাগে৷ দুদিন ধৰি নুবুজা বাবে মাষ্টৰে মোক বেৰ খনৰ ওচৰলৈ টানি লৈ গ’ল আৰু কলে গৈ থাক কিন্তু বেৰত লাগি নধৰিবি৷ লাগো লাগো হওতে পিচফালে স্কেল এপাত সুমুৱাই দি ঠাই অকন খালী কৰি বুজোৱাত লাগিল যে সেয়াই লিমিট৷ এজনে টপককৈ কৈ উঠিল বোলে ছাৰ আৰু অলপ পিচুৱাবলৈ ঠাই থাকি গ’ল৷ মাষ্টৰেও ’চাবাচী’ দি কৈ উঠিল বোলে সেয়াই লিমিট৷ মোৰ কুমলীয়া মাথাত একো নোসোমাল৷ যিদিনা দুবাৰ মান দম খাই অৱশেষত নুবুজিও বুজাৰ ভাও ধৰিছিলো সেইদিনাই বৈজ্ঞানিক হোৱাৰ আশা প্ৰায় বাদ দিছিলো৷ ঠিক তাৰ কিছুদিন পিচতেই, কাল্পনিক সংখ্যা, ত্ৰিকোনমিতি, ’ডিফাৰেন্সিয়েল’ আৰু ’ইণ্টিগ্ৰেল কেলকুলাচ’ ইত্যাদিয়ে ভূতৰ ওপৰত দানহ পৰাদি পৰিছিল৷ লগৰ কেইজন মানে যেতিয়া “লেপলাচ ট্ৰান্সফৰ্মচ্“, “ফৰিয়াৰ ট্ৰান্সফৰ্মচ্“ আৰু “ডিগ্ৰী অৱ ডিফাৰেন্সিয়েল ইকুৱেচন“ ৰ আলোচনা আৰম্ভ কৰে মই এক কৰুণ অভিব্যক্তিৰে লাহে লাহে সেই ল’ৰাবোৰৰ সংগ ত্যাগ কৰা আৰম্ভ কৰিছিলো৷ কিন্তু তাহাতৰ সংগ ত্যাগ কৰিলেও এই সমস্যা বোৰে মোৰ সংগ ত্যাগ কৰা নাছিল৷ “ষ্টেটিকচ্ আৰু ডাইনেমিকচ্“ ৰ ক্লাচত “ফৰ্চ“ আৰু “ৰিজাল্টেণ্ট“ বুজাই বুজাই ভাগৰি গৈছিল প্ৰফেচাৰ৷ মোৰ দুৰাৱস্থা দেখি উপায়ন্তৰ হৈ দুয়ো হাত মেলি বুজোৱাত লাগিল! হাত দুখন মেলি কলে বোলে এটা ফৰ্চ যদি এই ফালেদি যায় আৰু অন্যটো যদি সেই ফালেদি যায় (হাত দুখনলৈ চকু টোৱাই ) তেতিয়া হলে “ৰিজাল্টেণ্ট ফ’ৰ্চ“ টো কোনপিনে যাব? ভেৱা লাগি চাই থকা দেখি ছাৰে নিজৰেই মুৰটো দুপিয়াই দেখাইছিল বোলে এইফালেদি যাব ঐ গাধ!

সময় মতে গণিত, ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানৰ বিশাল ক’ৰ্চ শেষ কৰিব নোৱাৰি শেষৰ ফালে এটা এটা “চেপটাৰ“ এদিনতে শেষ কৰিব ললে৷ “ইলেকট্ৰিচিটি আৰু মেগনেটিজিম“ পঢ়াও তে সময়ৰ অভাৱত ৰুমৰ ফেনৰ চুইচটো দুবাৰ মান অন অফ কৰি কৈছিল “এই যে ফেন ঘূৰি আছে, সেয়ে ইলেকট্ৰিচিটী! বাকী ঘৰত পঢ়ি লবা “গতিকে এই হেন মাষ্টৰৰ ছাত্ৰ হৈ সঁচাসঁচিকে বিজ্ঞানী হোৱাহেঁতেন কি আৱিষ্কাৰ কৰি উলিয়ালো হেতেন ভগৱন্তই হে জানিলেহেঁতেন!

মোৰ মতি-গতি দেখি মায়ে এটা ’টিউটৰিয়েল হোম’তো নাম লগাই দিছিল ল’ৰাটো বিজ্ঞানী হওক বুলি! তাত ঠায়ে ঠায়ে প্লেকাৰ্ড কিছুমান লগাই থোৱা আছিল৷ এখনত লিখা আছিল “Maths is fun“ বুলি৷ কেইদিন মান পিচত মই গৈ তলত লিখি আহিছিলো “History is funner“৷ মাষ্টৰে গালি দিয়ক চাৰি হাঁহি হাঁহি সুধিছিল-এই কামটো কোনে কৰিলে বুলি! অৱশ্যে বন্ধুত্বৰ খাতিৰত কোনেও মোৰ নাম লোৱা নাছিল৷ লগৰ লৰাবোৰে এদিন চাৰক কলে -“চাৰ কেলকুলেটৰ আছেই যেতিয়া অংক কৰিনো কিডাল হব নো, সবটো কেলকুলেট হৈয়ে যায় এইটোৰে!

মাষ্টৰে ওলোটাই সুধিলে -“হেৰৌ গাধহঁত! নাও আছে বুলিয়েই সাঁতুৰিব নিশিকিবি নে? “সেইজন মাষ্টৰৰ শিকনিতে অঙ্ক আৰু বিজ্ঞান লাহে লাহে “Fun“ লৈ পৰিবৰ্তন হব ধৰিছিল৷

কথাতে কয় বোলে মাষ্টৰ চাইহে বিদ্যা৷ অৱশ্যে ঘৰুৱা পৰিবেশ আৰু ছাত্ৰ-ছাত্ৰীৰ ভাললগা নলগাৰ ওপৰতো শিকাখিনি নিৰ্ভৰ কৰে৷ এই খিনিতে সৰু ঘটনা এটা উল্লেখ কৰো৷ এবাৰ ’ক’ মানত নাম লগোৱা সৰু লৰা এটাৰ সংখ্যাৰ জ্ঞান দেখি হেনো মাষ্টৰে তবধ মানিলে৷ ল’ৰাটোক পৰীক্ষা লবলৈ সুধিছিল
-তিনিৰ পিচত কি আহে কোৱাচোন?
লৰাজনে তপক কৈ কলে -চাৰি!
-সাতৰ পিচত?
-আঠ!
-ন’ ৰ পিচত কি আহে
-দহ!
এইবাৰ মাষ্টৰ অতিশয় আনন্দিত হৈ সুধিলে,
-আৰু দহৰ পিচত?
-দহৰ পিচত “গোলাম“ আকৌ! !
গতিকে বুজিছেই চাগৈ৷

যি নহওক, পদাৰ্থ বিজ্ঞানৰ স্নাতক হওঁ মানে শৈশৱত বিজ্ঞানৰ বহু নুবুজা সাঁথৰ অনুধাৱন কৰিবলৈ সক্ষম হৈছিলো৷ আৰু এনেদৰেই পাৰ হৈছিল স্কুল কলেজৰ এক দীঘলীয়া ইতিহাস৷ সময়ৰ সোঁতৰ লগে লগে বুজি উঠিছিলো বিজ্ঞান আৰু গণিতৰ সমন্বয় আৰু ব্যৱহাৰিকতাৰ প্ৰয়োজনীয়তা৷ বৰ্তমান দৈনন্দিন আমাৰ চাৰিওফালে লাইট, ফেন, এচি, টিভি, কমপিউটাৰ আৰু মবাইল ফোনৰ পৰা ইণ্টাৰনেটলৈ আধুনিক বিজ্ঞানৰ চমকপ্ৰদ আবিষ্কাৰ বোৰে আগুৰি ৰাখিছে৷ কেতিয়াবা এইবোৰ দেখি ভাবো যে পৃথিবীত ইতিমধ্যে ইমান বস্তু আবিষ্কাৰ হৈয়ে গ’ল যেতিয়া মোৰ এনেও কৰিবলৈ একোই নাথাকিলহেঁতেন!

পিচে বৈজ্ঞানিক নহলেওঁ এতিয়া মোৰ আলু পিয়াজৰ লগতে গেলামালৰ দোকান খন ভালেই চলি আছে৷ বস্তুবোৰ ৰাখিবলৈ ঠাইৰ যথেষ্ট অভাৱ৷ অংকৰ ডাঙৰ ডাঙৰ এলগৰিথিম বোৰ কামত নেলাগিলেও মাজে মাজে মই “প্ৰবেবিলিটি আৰু ষ্টেটিষ্টিক্স্“ ৰ সূত্ৰবোৰ কামত লগাই কোনটো বস্তুৰ গ্ৰাহক বেছি আৰু কিমান সঘনাই তাৰ বিক্ৰি হয় সেইবোৰ মিলাই থাকো! শতকৰা লাভ লোকচানৰ অংক কৰো৷ কিমান হাৰত ক’ত ক’ত মোৰ GST লাগিল, তাৰে কিমান ভাগ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ যাব, কিমান এলক’হলৰ লগত কিমান বৰফ বা H2O লগালে মিশ্ৰণটো সঠিক হয় তাৰে পৰীক্ষা নীৰিক্ষাও কৰিব পাৰো৷ মুঠতে জীৱনৰ অংকবোৰ নিমিলিলেও হিচাব নিকাচ কৰিয়েই থাকো৷
পিচে এদিন মোৰ বৈজ্ঞানিক নোহোৱাৰ দুখটোও পাতলিল যিদিনা বন্ধু এজনে আহি কলে বোলে তইতো ডাঙৰ বৈজ্ঞানিক হলি! মই বোলো -ক’ চোন কেনেকে!
-আৰে ভাই, দিনটো অক্সিজেন, হাইড্ৰোজেন, নাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বন সোপা যে সুমুৱাই আছ সেইসোপা চোন বহি বহি কাৰ্বন ডাই অক্সাইড্, ইউৰিয়া আৰু হাইড্ৰ’জেন ছালফাইড্ বনায়েই আছ, আৰু কি লাগে?
কথাষাৰ স্বৰ্গীয় মাৰ আত্মাই জানিলে হয়তো সামান্য সুখ পালে হেতেন! ■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দেৱজিৎ শইকীয়া
3 years ago

বৰ ভাল লাগিল ৷ আল্টিমেটলি আমি বৈজ্ঞানিক বনি গ’লো ৷ হাঃ হাঃ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক