বৈদিক সাহিত্যত অলংকাৰ – গায়ত্ৰী দেৱী বৰঠাকুৰ

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত আৱাহন কালৰে পৰা বেদ আৰু বৈদিক সাহিত্যৰ প্ৰভাৱ বিৰাজমান হৈ আহিছে। সমাজৰ ৰাতি-নীতি-পৰম্পৰা তত্কালীন সাহিত্যত প্ৰতিফলিত হয়। বৈদিক সংস্কৃতিৰ বিষয়ে জানিবলৈ বৈদিক সাহিত্যৰাজিৰ অধ্যয়নহে প্ৰধান আৰু প্ৰথম সম্বল। এই সাহিত্যৰাজিৰ অধ্যয়নৰ দ্বাৰাহে বৈদিক ভাৰতীয় সমাজৰ স্পষ্ট ৰূপ আমি লাভ কৰিব পাৰোঁ।
বেদৰ ভাগ চাৰিটা ।মন্ত্ৰ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ।
বেদৰ ব্ৰাহ্মণ আদি সাহিত্য অতি বিশাল। প্ৰত্যেক বেদৰেই নিজা-নিজা ব্ৰাহ্মণ, আৰণ্যক তথা উপনিষদ গ্ৰন্থ আছে। তদুপৰি আমি প্ৰায়ে ছয় বেদাঙ্গৰ উল্লেখ পাওঁ। শিক্ষা, কল্প, ব্যাকৰণ, নিৰুক্ত, ছন্দ আৰু জ্যোতিষ–এয়ে ছয় বেদাঙ্গ। কল্প নামৰ বেদাঙ্গ শ্ৰৌতসূত্ৰ, গৃহ্যসূত্ৰ, ধৰ্মসূত্ৰ আৰু শুল্বসূত্ৰ ভেদে আকৌ চাৰি ভাগত বিভক্ত। প্ৰত্যেক বেদৰেই ব্ৰাহ্মণ গ্ৰন্থসমূহৰ দৰেই কল্পসাহিত্যৰ চাৰিভাগতো ভিন্ন-ভিন্ন সূত্ৰগ্ৰন্থ পোৱা যায়।
অলংকাৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। বৰ্তমান সময়ত যেনেদৰে সৌন্দৰ্য চৰ্চাৰ বিভিন্ন সা-সামগ্ৰী, আ-অলংকাৰ পোৱা যায় তেনেদৰে বৈদিক যুগৰ ভাৰতীয়সকলেও প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন সামগ্ৰী আৰু ধাতুৰ নিৰ্মিত আ-অলংকাৰেৰে সৌন্দৰ্য চৰ্চাৰ দিশটো অব্যাহত ৰাখিছিল।
বৈদিক ভাৰতীয়সকল সৌন্দৰ্য-চৰ্চাৰ লগতে নানা ধৰণৰ আ-অলংকাৰ পৰিধান ক্ষেত্ৰত বাটকটীয়া আছিল। শৰীৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে সেইসকল ভাৰতীয়ই বিভিন্ন প্ৰকাৰৰ আভূষণ পৰিধান কৰিছিল। সেই যুগৰ ভাৰতীয়সকলে যশস্যাৰ বাবে বিবিধ আভৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। বৈদিক সাহিত্যত ব্ৰাহ্ম বিবাহত পিতৃয়ে কন্যাক বহুতো অলংকাৰেৰে সুসজ্জিত কৰি বিদায় দিয়াৰ প্ৰথাৰ উল্লেখ পোৱা যায়। বোধায়ন গৃহ্যসূত্ৰ মতে প্ৰত্যেক ঋতুৰ অলংকাৰসমূহ প্ৰত্যেক ঋতুৰ আৰম্ভণিতেই পৰিধান কৰা উচিত।
বিভিন্ন প্ৰকাৰৰ ধাতু নিৰ্মিত আ-অলংকাৰৰ ভিতৰত প্ৰধান স্থান লাভ কৰিছিল সোণেৰে নিৰ্মাণ কৰা আভূষণসমূহে। সাধাৰণতে সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলে ৰূপ, তাম বা অন্য ধাতুৰ অলংকাৰতকৈ সোণৰ অলংকাৰৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। নাৰী আৰু পুৰুষৰ উভয়েই সোণ আৰু অন্যান্য ধাতুৰে তৈয়াৰ কৰা আভৰন পৰিধান কৰিছিল। সোণৰ বাবে হিৰণ্য, সুৱৰ্ণম্ আদি শব্দৰ ব্যৱহাৰ কৰা হৈছিল। ঋকবেদৰ ব্ৰাহ্মণগ্ৰন্থ ঐতৰেয় ব্ৰাহ্মণত ‘ৰূপম্ হিৰণ্যম্’ আৰু ‘যশোবৈ হিৰণ্যম্’ বুলি সোণৰ উচ্চ স্থানৰ বিষয়ে ঘোষণা কৰা হৈছে। এই ব্ৰাহ্মণ গ্ৰন্থত সোণক ৰূপ আৰু যশৰ স্বৰূপ বুলি কোৱা হৈছে। সোণক সৌন্দৰ্য আৰু যশ বৃদ্ধিৰ হেতু বুলি স্বীকাৰ কৰি এই বেদৰেই আনখন ব্ৰাহ্মণ গ্ৰন্থ কৌষীতকি ব্ৰাহ্মণে সোণ পিন্ধাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। সত্য বাক্যৰ সমান স্থান প্ৰদান কৰা হৈছে সোণ আৰু সোণৰ নিৰ্মিত অলংকাৰক। ”সত্যমেৱ বদেত্ হিৰণ্যম্ চ বিভ্ৰিয়াত।” সোণক উচ্চ শ্ৰেণীৰ সাধাৰণতে ৰজাসকলৰ প্ৰতীক ৰূপে গণ্য কৰা হৈছিল। উচ্চ শ্ৰেণীৰ সম্ভ্ৰান্ত লোকসকলেহে সোণৰ অলংকাৰৰ অধিক ব্যৱহাৰ কৰা দেখা যায়। কৃষ্ণযজুৰ্বেদৰ ব্ৰাহ্মণ গ্ৰন্থ শতপথ ব্ৰাহ্মণত সোণক ক্ষত্ৰিয়ৰ স্বৰূপৰৃপে সন্মান প্ৰদান কৰা হৈছে। “ক্ষত্ৰিয়্যস্য এতদ্ ৰূপম্ যদ্ হিৰণ্যম্।” এই ব্ৰাহ্মণ গ্ৰন্থতেই অভিষিক্ত ৰজাৰ চাৰিওগৰাকী ৰাণীয়ে সোণৰ আ-অলংকাৰ, কণ্ঠহাৰ আদি পৰিধান কৰাৰ তথ্য পোৱা যায়। উৎসৱৰ সময়তো সোণৰে নিৰ্মিত অলংকাৰ পৰিধান কৰাটো মঙ্গলজনক বুলি বৈদিক ভাৰতীয়সকলে বিবেচনা কৰিছিল। শাংখায়ন গৃহ্যসূত্ৰত সীমান্তোন্নয়ন উৎসৱত সন্তানসম্ভৱা গৰাকীক সোণৰ বহুতো অলংকাৰ পৰিধান কৰিবলৈ উপদেশ প্ৰদান কৰা হৈছে।
বৈদিক সাহিত্যত উপলব্ধ কেইবিধমান বিশেষ অলংকাৰৰ ভিতৰত প্ৰথমতে নাম ল’ব লাগিব নিষ্ক নামৰ সোণৰ মুদ্ৰাৰে নিৰ্মাণ কৰা অলংকাৰৰ। নাৰী আৰু পুৰুষ উভয়েই এই বহুচৰ্চিত কণ্ঠহাৰ পৰিধান কৰিছিল। নিষ্কক সৌন্দৰ্য বৃদ্ধিৰ প্ৰধান আভূষণ হিচাপে গণ্য কৰা হৈছিল। শুক্লযজুৰ্বেদৰ ভাষ্যকাৰ মহীধৰৰ মতানুসৰি অশ্বমেধ যজ্ঞত অভিষিক্ত ৰজাক অধ্বৰ্য়ু নামৰ পুৰোহিত যজ্ঞৰ প্ৰাৰম্ভতেই ডিঙিত নিষ্ক পিন্ধাই দিয়াৰ এক প্ৰথা আছে। সেই সময়ত অলংকাৰৰ ক্ষেত্ৰত সোণৰ পিছতেই স্থান অধিকাৰ কৰিছিল ৰূপৰ অলংকাৰে। শতপথ ব্ৰাহ্মণত সোণ আৰু ৰূপৰ অলংকাৰৰ উল্লেখ পোৱা যায়। উচ্চ আৰু মধ্যবৰ্গৰ মহিলাসকলেও সোণৰ লগতে ৰূপৰ অলংকাৰ পৰিধান কৰিছিল। সামবেদৰ অন্যতম ব্ৰাহ্মণ গ্ৰন্থ পঞ্চবিংশ ব্ৰাহ্মণত ৰৃপেৰে তৈয়াৰী নিষ্ক বৰ্ণনাও পোৱা যায়। কাত্যায়ন শ্ৰৌতসূত্ৰ মতানুসৰি ব্ৰাত্যষ্টোমত গৃহপতি হোৱা ব্ৰাত্যজনে ৰূপৰ নিষ্ক পৰিধান কৰিব লাগে। শুক্লযজুৰ্বেদৰ অন্য এজন ভাষ্যকাৰ উবটে তেওঁৰ ভাষ্যত ‘দাক্ষায়ন’ নামেৰে অন্য এবিধ সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ কৰিছে। গৃহ্যসূত্ৰসমূহে মত পোষণ কৰে যে স্নাতকজনে সোণৰ অলংকাৰসমূহ পিন্ধা যুক্তিসংগত। পশুৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে সুৱৰ্ণেৰে পশুকো সজোৱা হৈছিল। সাধাৰণতে পশুৰ শিং আৰু ডিঙিত অলংকাৰ পিন্ধাই দিয়া হৈছিল।
বৈদিক সাহিত্যতেই উপলব্ধ আন এবিধ স্বৰ্ণাভূষণ হৈছে ৰুক্ম। ঘূৰণীয়া আকৃতিৰ এই অলংকাৰবিধ বক্ষৰ শোভা বৰ্ধনৰ বাবে ব্যৱহৃত হৈছিল। আপস্তম্ভ শ্ৰৌতসূত্ৰ আৰু বোধায়ন শ্ৰৌতসূত্ৰ সোণ আৰু ৰূপৰ ৰুক্মৰ উল্লেখ পোৱা যায়। সোণ আৰু ৰূপৰ মণিৰ সেই যুগত ব্যৱহাৰ হৈছিল। আপস্তম্ভ শ্ৰৌতসূত্ৰ হাজাৰ হাজাৰ সোণ আৰু ৰূপৰ মণিৰ বিষয়ে উল্লেখ কৰা হৈছে। তদুপৰি ৰক্ষাকৱচৰ নিৰ্মাণৰ বাবেও মণিৰ ব্যৱহাৰ কৰা হৈছিল। সমাৱৰ্তন সমাৰোহত স্নাতকজনে মণি পৰিধান কৰাৰ বৰ্ণনাও পোৱা যায়। গৃহ্যসূত্ৰসমূহৰ মতানুসৰি এই আভূষণ বাওঁকান্ধত অথবা ডিঙিত পিন্ধা হৈছিল।
বৈদিক কালত স্ৰজ অৰ্থাৎ মালা আছিল শৰীৰৰ সৌন্দৰ্য বৃদ্ধিকাৰী অন্যতম আভূষণ। কাত্যায়ন শ্ৰৌতসূত্ৰানুসাৰে বাজপেয় যজ্ঞত সোমৰস নিষ্কাষণৰ আগতে পুৰোহিত, যজমান আৰু তেওঁৰ পত্নীয়ে সোণৰ স্ৰজ পৰিধান কৰা উচিত। গোভিল গৃহ্যসূত্ৰৰ মতে এজন স্নাতকে গোন্ধহীন ফুলৰ মালা পিন্ধাতকৈ সোণৰ মালাহে পৰিধান কৰা উচিত।
ঐতৰেয় ব্ৰাহ্মণত বল, খালি, শৃংগ ইত্যাদি আভূষণৰ উল্লেখ পোৱা যায়। বল আৰু খালি বাহুৰ অলংকাৰ, তাৰ বিপৰীতে শৃংগ নামৰ আভূষণ মুকুটত ধাৰণ কৰা হৈছিল। তদুপৰি বিভিন্ন প্ৰকাৰৰ ৰত্নৰ বিষয়েও বৈদিক সাহিত্যৰ পৰা জ্ঞান লাভ কৰিব পাৰি। শতপথ ব্ৰাহ্মণত এশ এটা মুকুতাৰে তৈয়াৰ কৰা ডিঙিৰ হাৰৰ বিশেষ তথ্য পোৱা যায়। আপস্তম্ভ শ্ৰৌতসূত্ৰত অশ্বমেধ যজ্ঞৰ বৰ্ণনাৰ প্ৰসংগত হাজাৰ মুকুতাৰ উল্লেখ কৰা হৈছে। কাণৰ শোভা বৰ্ধনৰ বাবেও বৈদিক ভাৰতীয়সকলে বিভিন্ন কৰ্ণাভূষণৰ ব্যৱহাৰ কৰিছিল। গৃহ্যসূত্ৰ আৰু শ্ৰৌতসূত্ৰসমূহত ‘প্ৰৱৰত’ নামৰ কাণৰ অলংকাৰৰ উল্লেখ পোৱা যায়। একপ্ৰকাৰৰ শ্ৰৌতযজ্ঞত এই অলংকাৰ যজমানে পিন্ধাটো সেই সময়ত নিয়ম আছিল। সমাৱৰ্তন সমাৰোহত স্নাতকজনেও কৰ্ণাভূষণ পৰিধান কৰিছিল।
বৈদিক ভাৰতত বৰ্তমানৰ দৰেই ফুলে প্ৰসাধনত প্ৰধান ভূমিকা অধিকাৰ কৰিছিল। সেই যুগতো ফুলৰ আভূষণ তৈয়াৰ কৰি পৰিধান কৰাৰো এক প্ৰথা আছিল। মালা সাধাৰণতে পুৰুষসকলেহে পিন্ধিছিল। ঋকবেদৰ অশ্বিনীযুগলক পদুমৰ মালা পিন্ধাৰ বাবেই ‘পুষ্কৰস্ৰজ’ আখ্যা প্ৰদান কৰা হৈছে। সমাৱৰ্তন সমাৰোহত স্নাতকজনে ফুলৰ মালা পিন্ধাটো এক প্ৰকাৰৰ নিয়মেই আছিল। ফুলৰ মালা যজ্ঞত দক্ষিণাৰৃপেও প্ৰদান কৰা হৈছিল। বৈদিক সাহিত্যত বিশেষকৈ পদুমফুলৰ মালাৰ উল্লেখ পোৱা যায়। ঐতৰেয় ব্ৰাহ্মণ বৰ্ণনা অনুসৰি পশুৰ ডিঙিতো মালা পিন্ধোৱা হৈছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক