বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰনগৰী মাজুলী দৰ্শন – বন্তি বৰঠাকুৰ বৰুৱা

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ চৈধ্য তাৰিখ বুধবাৰৰ দিনা মোৰ বাইদেউ আৰু মোৰ দাদাৰ সৰু পৰিয়ালটোৰ সৈতে মই মাজুলী দৰ্শনৰ বহুদিনীয়া হেপাঁহ পূৰণৰ উদ্দেশ্যে সত্ৰনগৰী খনলৈ বুলি ৰাওনা হওঁ । গুৱাহাটীৰ বাসিন্দা হিচাপে ইফালে সিফালে গ’লে বিশাল ব্ৰহ্মপুত্ৰখন সদায় দেখি আহিছো । এনে এখন নদীৰ মাজতযে ইমান ডাঙৰ ভূখণ্ড থাকিব পাৰে ই মোৰ বাবে সদায় এক সাঁথৰ হৈ আছিল । ২০১৭ বৰ্ষৰ অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাদেৱৰ “নামত মাজুলী কহয় সৱে” নামৰ উপন্যাসখন পঢ়াৰ পাছত মাজুলী দৰ্শনৰ হেপাঁহ দুগুণে বৃদ্ধি পায় ।

      উপন্যাসখনত বৰাদেৱে মাজুলীৰ  জন্মবৃতান্ত এনেদৰে বৰ্ণনা কৰিছে - "জিতাৰি বংশৰ ৰজা জোঙাল বলহুৰ আত্মজ আৰিমত্ত ৰজা হৈ থাকোতেই পিতৃ হত্যা পাপত লিপ্ত হৈ অনেক কু - কাৰ্য কৰি ৰাজ্যলৈ নমাই আনিছিল অমংগল, অশুভ অশান্তিৰ কু- ইতিহাস । জীৱনৰ শেষ সময়ত কৃতকৰ্মৰ ভুল বুজিব পাৰি আত্ম অনুশোচনাৰে দগ্ধ হৈ পাপ মোচনৰ অৰ্থে পাপ মোচনকাৰী ব্ৰহ্মপুত্ৰৰ বুকুত সোণ-ৰূপ- মণি- মুকুতা অৰ্পণ কৰিছিল ৰজা আৰিমত্তই । পিছে আৰিমত্তৰ দান ব্ৰহ্মপুত্ৰই গ্ৰহণ নকৰিলে । পাপৰ সামগ্ৰী গাত পৰা বাবে ব্ৰহ্মপুত্ৰই দুবাহু মেলি খঙত সেই ঠাইৰ পৰা আঁতৰি আহিল ‌। সেই যে দুবাহু মেলি দিলে, সেইখিনিতেই ব্ৰহ্মপুত্ৰৰ দুটা ভাগ হ'ল । খেৰকটামুখতেই ব্ৰহ্মপুত্ৰ দুভাগ হৈ এটা ভাগে 'লুইত' নাম ল'লে আৰু আনটো ভাগে ব্ৰহ্মপুত্ৰ নাম লৈয়ে বহুদূৰ আগুৱাই গ'ল । তাৰপিছত আকৌ লগ হ'ল ‌। এই যে ব্ৰহ্মপুত্ৰই দুবাহু মেলি এক বিশাল ভূ-খণ্ড আগুৰি ধৰি থাকিল, সেই বিস্তীৰ্ণ ভূমিয়েই হ'ল মাজুলী ।"

     এই মাজুলীখনেই সময়ত হৈ পৰিল পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ । মাজুলীৰে নামনিৰ ধোৱাহাট বেলগুৰিত জগতগুৰু শংকৰদেৱৰ তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱৰ লগত মণিকাঞ্চন সংযোগ ঘটিছিল  আৰু তাৰপাছতেই মাজুলীত একশৰণ বৈষ্ণৱ ধৰ্মৰ চৰ্চা আৰম্ভ হ'ল যি চৰ্চা মাজুলীত আজিও চলি আছে । সেই সময়তে স্থাপন হোৱা অসমৰ ৬৬৫ খন সত্ৰৰ ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হ'ল । বাণপানী আৰু প্ৰৱল গৰাখহনীয়া কবলত পৰি এই ৬৫খন সত্ৰৰ বৰ্তমান ৩৬ খনহে আছে । মাজুলীৰ মাটি কালিও পূৰ্বৰ ১২৬৫ বৰ্গ কিলোমিটাৰৰ ঠাইত এতিয়া মাত্ৰ ৫১৫ বৰ্গ কিলোমিটাৰ মানহে আছেগৈ । সত্ৰসমূহ ধৰ্মচৰ্চাৰ প্ৰাণকেন্দ্ৰ আৰু মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য আদিৰ চৰ্চা হোৱাৰ উপৰিও পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল । দৈনিক দেশ বিদেশৰ পৰা বহু পৰ্যটকে মাজুলীলৈ আহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে সত্ৰনগৰীখনৰ কৃষ্টি সংস্কৃতিৰ গৱেষণাও কৰিছে ।  ২০১৬ চনৰ ২৭ জুন তাৰিখে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীক জিলা হিচাপে ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল ।

         আমি চৈধ্য তাৰিখে ৰাতিপুৱা ৮:১৫ বজাত মোৰ বাইদেউৰ হাটবৰৰ ঘৰৰপৰা দাদাৰ i20 গাড়ীখনেৰে যাত্ৰা আৰম্ভ কৰো । ১০ বজাত বোকাখাত পাই তাৰ সুস্বাদু কলপাতত পৰিবেশন কৰা পুৰী চব্জী আৰু পেৰাৰে সৈতে একোকাপ গৰম চাহ খাই পুনৰ যাত্ৰা কৰি প্ৰায় বাৰ বজাত আমি নিমাতীঘাট পাওঁ । পিছে ১৪তাৰিখৰ এই দিনটোত উৎসৱ কেইবাটাও- শিৱৰাত্ৰি লগতে মিচিং সকলৰ হেপাঁহৰ "আলি আয়ে লৃগাং "।  সেয়ে সেইদিনা জাহাজ আৰু নাৱৰ সংখ্যা যথেষ্ট কম ‌। গাড়ীৰ দীঘলীয়া শাৰী হোৱা হেতুকে আৰু নাৱত এবাৰত মাত্ৰ তিনি খনকৈহে গাড়ী পাৰ কৰিব পাৰে বাবে আমাৰ সন্মুখেদিয়েই দুখন নাওঁ পাৰ হৈ যোৱাৰ পাছত তৃতীয় খনতহে ২:৩০ বজাত আমাৰ গাড়ী পাৰ কৰিব পাৰোঁ । নাওঁবিলাকত ওপৰে তলে মানুহৰ যথেষ্ঠ ভীৰ । তথাপি আমি দৌৰা দৌৰিকৈ ভালদৰে বহি লৈ ব্ৰহ্মপুত্ৰৰ অতুলনীয় সৌন্দৰ্য উপভোগ কৰি প্ৰায় ৩:১৫ মান বজাত সুকলমে পাৰ হওঁ ‌।

    পাৰ হৈ বালিৰ মাজেদিয়েই অস্থায়ী ভাবে বনাই দিয়া বাটেৰে আমাৰ গাড়ী আগবাঢ়িল । প্ৰায় এক কলোমিটাৰমান ধূলিয়ৰি ৰাস্তা পাৰ হৈ যোৱাৰ পাছত ৰিণিকি ৰিণিকি দূৰৈত সেউজীয়া ভূমি চকুত পৰিল । কিছুদূৰ আগবাঢ়ি গৈয়েই মাজুলীৰ আদৰণি তোৰণখন দেখা পোৱাৰ লগে লগে সকলোৰে উৎসুকতা বাঢ়ি গ'ল । গাড়ীৰে গৈ থাকোঁতে দেখা পালো শাৰী শাৰী চাংঘৰৰে মিচিং গাওঁবোৰ । গোটেই মাজুলীখন   ফাগুনৰ  বনৰীয়া ফুলে জকমকাই আছে । বিশেষকৈ বাটৰ কাষৰ শাৰী শাৰী ওখ শিমলু গছবিলাক ফুলেৰে ৰাঙলী হৈ আছে । 

         মাজুলীৰ ৩৬ খন সত্ৰৰ সকলোখিনি মাত্ৰ এটা দিনত চোৱা সম্ভৱ নহয় । সেয়ে আমি বাচি বাচি কেইখনমান সত্ৰ দৰ্শন কৰিবলৈ মনস্থ কৰিলো । প্ৰথম গৈয়েই আমি কমলাবাৰীৰ ব্ৰহ্মপুত্ৰ ল'জত উঠিলোগৈ আৰু মুখ হাত ধুই ওলাই সন্ধিয়া ডবা কোবোৱাৰ সময়ত গড়মূৰ সত্ৰ পাওগৈ ‌। গড়মূৰ ব্ৰহ্ম সংহতিৰ অন্তৰ্গত ৰজাঘৰীয়া সত্ৰ । ভিতৰলৈ সোমাই গৈ দেখো তাত সেইদিনা শিৱৰাত্ৰিৰ আয়োজন চলিছে । সত্ৰৰ পৰিবেশ দেখি এনে ভাব হয় যেন তাত কিছুদিন থাকিয়েই যাম । গড়মূৰৰপৰা বাহিৰে বাহিৰে আমি উত্তৰ কমলাবাৰী সত্ৰলৈ গৈ দেখা পাওঁ তাতো একেই সুন্দৰ পৰিবেশ । আমি যাওঁতে সন্ধিয়াৰ প্ৰসংগ সামৰি ভকতসৱে নিজ নিজ হাটীলৈ উভটি গৈছে । সত্ৰখন চাৰিওফালে ঘূৰি পকি চাই ৰাতি হোৱাত সেইদিনাৰ কাৰ্যসূচী সিমানতে সামৰি ল'জলৈ উভটি আহো ‌‌। 

    ল'জত ভাতৰ অৰ্ডাৰ দি থৈ যোৱাৰ বাবে ৯:১৫ত সকলোৱে নিৰামিষ ভাত খাই ৰাতিটো জিৰণি লওঁ । মাজৰাতি সপোন যেন এজাক বৰষুণত সাৰ পাই উঠো আৰু বহু দিনৰ মূৰত বৰষুণৰ শব্দ শুনি মনটো ভাল লাগি গ'ল  । ৰাতিপুৱা সোনকালে উঠি প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই গৈ সদ্যস্নাতা মাজুলীৰ ৰূপ দেখি অভিভূত হৈ পৰিলোঁ । পথৰ কাষে কাষে শাৰী শাৰীকৈ থকা অগনণ প্ৰকাণ্ড প্ৰকাণ্ড শিমলু গছৰপৰা ৰাতিৰ বতাহত শিমলু ফুলবোৰ সৰি পৰাৰ বাবে পথচোৱা এনে লাগিল যেন কোনোবাই ৰাতি ৰঙা দলিচাহে পাৰি থৈ গৈছে । আগদিনাৰ ধূলিয়ৰি মাজুলী আৰু পিছদিনাৰ সেমেকা মাজুলী দুয়োটা ৰূপেই আমি দেখা পালো । কথিত আছে, কুণ্ডিলৰপৰা ৰুক্মিণীক বিয়া কৰাই শ্ৰীকৃষ্ণই ৰথত আহি থাকোতে ভাগৰ লগাত আকাশ মাৰ্গৰপৰা শ্ৰীকৃষ্ণৰ ৰথ মাজুলীৰ ভূমিত নামিল । চৌদিশে পানীৰে আগুৰা মনোমোহা এই ভূমিকেই ৰুক্মিণীয়ে হেনো দ্বাৰকা বুলি ভাবিছিল । কাৰণ তেওঁ শুনিছিল চৌদিশে জলৰাশিৰে আগুৰা প্ৰকৃতিৰ মনোমোহা শোভা ধাৰণ কৰা দ্বাৰকাৰ ৰূপ এনেকুৱাই ।

      ১৫তাৰিখৰ দিনা প্ৰাতঃভ্ৰমণৰপৰা ঘূৰি আহিয়েই লৰালৰিকৈ গা-পা ধুই সাজু হৈ ৮ বজাৰ আগেয়েই আমি আউনীআটী সত্ৰত গৈ উপস্থিত হওঁ । এইখন অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ । আহোম ৰজা জয়ধ্বজ সিংহই ১৬৫৩ চনত আউনীআটী সত্ৰ নিৰ্মাণ কৰায় ।  ব্ৰহ্ম সংহতিৰ এই সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰ প্ৰভুজনা হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী । সত্ৰৰ বিশাল নামঘৰ আৰু তাৰ নিচেই কাষতে থকা সত্ৰাধিকাৰ প্ৰভুজনাৰ আৱাসগৃহ,মিউজিয়াম,ভকতৰ হাটী আৰু সত্ৰৰ বিশাল চৌহদৰ ভিতৰতে ভকতসৱে নিজ হাতে কৰা শাক পাচলিৰ খেতি সকলো ঘূৰি পকি চাই মনটো প্ৰশান্তিৰে ভৰি পৰিল । মাজুলীৰ প্ৰায়বোৰ সত্ৰৰে বৈষ্ণৱসকল শিল্পকৰ্ম আৰু ভাস্কৰ্যৰ সৈতে জড়িত । বহুতে নৌকা সজা কামতো সিদ্ধহস্ত ।

আউনীআটীৰপৰা বাহিৰে বাহিৰে আমি চামগুৰি সত্ৰলৈ যাওঁ আৰু তাৰ মুখাশিল্পসমূহ চাও ‌। তাতেই এইবছৰ দেশৰ ৰাজধানী দিল্লীত অনুস্থিত গণৰাজ্য দিৱসত দ্বিতীয় পুৰষ্কাৰ প্ৰাপ্ত শিল্পীসকলক লগ পাওঁ । সেই সময়ত সকলোৱে নিজা ঘৰৰ চোতালত পুৱাৰ ৰ’দ কাচলিত বহি মুখা তৈয়াৰ কৰাত ব্যস্ত আছিল । পুৰুষ অনুযায়ী শংকৰদেৱৰ জীয়ৰীৰ নাতি পুৰুষোত্তম ঠাকুৰ আৰু চতুৰ্ভুজ ঠাকুৰৰ ফালৰপৰা অহা চামগুৰি হৈছে পুৰুষ সংহতিৰ অন্তৰ্গত এখন সত্ৰ । এইবাৰ আমি একেটা ৰাস্তাদিয়েই যাব পৰা আন এখন ব্ৰহ্ম সংহতিৰ সত্ৰ দক্ষিণপাটলৈ বুলি ৰাওনা হওঁ । গছ গছনি,ডাঙৰ ডাঙৰ পুখুৰীৰে পৰিবেষ্টিত সত্ৰখন সঁচাকৈয়ে চাবলগীয়া । আটাইকেইখন সত্ৰৰে পৰিস্কাৰ পৰিচ্ছন্নতা দেখি তবধ মানিলো । প্ৰতিখন সত্ৰৰে বিশাল চৌহদত সুদা ভৰিৰে খোজ কাঢ়ি ঘূৰি ফুৰোতে এনে ভাব হয় যেন কোনোবা অদৃশ্য হাতৰ পৰশতহে তাৰ সকলো কাম পৰিচালিত হৈ আছে ।

     দক্ষিণপাট সত্ৰৰপৰা মহাপ্ৰভুৰ আশীষ লৈ  ১২ বজাত আহি ল'জ পাওঁ । তাতেই লোকেল ৰৌ মাছেৰে দুপৰীয়াৰ সাঁজ তৃপ্তিৰে খাই আমি উভটনি যাত্ৰা আৰম্ভ কৰো ।
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক