"বোজা" (দেবীকা ঠাকুৰীয়া)

“বোজা “

নাই তাই অবিনাশক ভাল পাব নোৱাৰে। তাই তাৰ ভালপোৱাৰ প্ৰস্তাৱক সঁহাৰি জনায় তাৰ প্ৰতি অন্যায় কৰিব নোৱাৰে। সি নাজানে তাইৰ অতীতৰ কথা , নাজানে হাঁহি থকা তাই জনীৰ বুকুৰ ভিতৰৰ জুইকুৰাৰ কথা। পুৰুষ নামৰ জাতিটোৰ প্ৰতি তাইৰ বুকুত ভৰি থকা ঘৃণাৰ কথা।
পুৰুষ …!
তাই ৰৈ গ’ল ….
পুৰুষ টো অবিনাশো… !
তেন্তে তাৰ সান্নিধ্য পালে কিয় তাইৰ পুৰুষ বিদ্ৰোহী মনতো কুচি-মুচি হৈ লুকাই যায় , কিয় তাই নিজকে সুৰক্ষিত যেন অনুভৱ কৰে তাৰ সান্নিধ্যত ? তাৰ মৰমবোৰক তাক নেদেখুৱাকে তাই কিয় দিয়ে মনে মনে প্ৰশ্ৰয় ? উচুপি উঠে,তাক হেৰুৱাৰ ভয়ত, নিৰৱ চকু পানীবোৰৰ সাক্ষী হৈ ৰয় তাইৰ শেতেলীৰ গাৰু … কিন্তু আজি সি নিজে তাইক আহি প্ৰেমৰ প্ৰস্তাৱ দিছে। অথচ তাই তাক একে আষাৰে নাকচ কৰিছে।
অবিনাশে বেয়া নাপায়। আন ল’ৰাৰ দৰে সি নকয় নাৰীৰ মন দেৱতাইও ধৰিব নোৱাৰে আমি কেনেকৈ পাৰিম বুলি। কাৰণ সি জানে , বুজে আৰু বুজিব চেষ্টা কৰে তাইৰ হাঁহি থকা মুখখনৰ প্ৰতিটো ৰং।সেয়ে আজি চতুৰ্থ বাৰলৈ তাইক প্ৰেমৰ প্ৰস্তাৱ দিছে। কাৰণ সি তাইক ভালপায়। তাইৰ কোমল নিষ্পাপ মনটোক ভাল পায় সি।সি বিচাৰে তাই তাইৰ সজল চকুজুৰিৰ আঁৰত থকা জীৱনৰ সকলো চকুলো উজাৰি দিয়ক তাৰ আগত এদিন আৰু তাই সিদিনাখনৰ পৰা হাঁহক আৰু তাইৰ সজল চকু দুটিত মুকুতাৰ দৰে জিলিকি ৰওক তাইৰ আনন্দৰ চকুলো।ওৰেতো জীৱন সি ৰ’বলৈ সাজু তাইৰ বাবে।
আন কেইবাৰৰ দৰে অনামিকাই আজিও আওৰাই গ’ল মনতে তাইৰ শৈশৱ। জিতুল খুৰাৰ কথা। মৰমৰ নামত তাইৰ ওপৰত চলোৱা নিৰ্লজ যৌন শোষণৰ কথা। তেতিয়াটো তাই তেনেই অকণমানি। তাই বুজা নাছিল তাইলৈ যাচা মৰমবোৰৰ আঁৰত তেঁওৰ কু-অভিপ্ৰায় সিদ্ধি কৰাৰ বাবে পুহি ৰখা বাসনাৰ কথা। তাইৰ ফুলকুমলীয়া ৯বছৰীয়া মনটোৱে চোন একোকে বুজা নাছিল। বৰ মৰম আকলুৱা আছিল তাই। কিন্তু অলপ ডাঙৰ হোৱাত তাই যেন কিবা বুজিব লৈছিল , তাই যেন বৰ অসুৰক্ষিত যেন অনুভৱ কৰিছিল নিজকে তেঁওৰ সান্নিধ্যত। আৰু সেই নিশাটোৱে যেন প্ৰমাণ কৰি থৈ গ’ল তাইৰ মনত উদয় হোৱা ভাৱবোৰৰ সত্যতা। তাইৰ কণমানি হাতখনে সিদিনা ক’ব নোৱাৰাকৈয়ে জিতুল খুৰাৰ গালত সোধাইছিল এটা চৰ। তথাপি যেন তেঁও নিলৰ্জ এটি মাংসপিণ্ড ! তাই গাভৰু হ’ল, কিন্তু অইনৰ দৰে তাই যেন হাঁহিব ভয় কৰে, কথা পাতিব ভয় কৰে , কিজানিবা আকৌ লগ পায় আন এজন জিতুল খুৰাক ! তাই বুজি নাপায় কিয় তাই মনে মনে আছিল , কিয় ক’ব পৰা নাছিল সকলো খুলি মাকহঁতক। জিতুল খুৰাৰ ওপৰত ঘৰখনৰ থকা অগাধ বিশ্বাসে যেন তাইক দূৰ্বলকৰি তুলিছিল। সেয়ে তাৰপিছতো তাই ভালদৰেই মাতবোল কৰিছিল জিতুল খুৰাক। কাৰণ তাই নিজেওটো বহুত ভাল পায় তাইৰ মৰমৰ জিতুল খুৰাক। সেয়ে তাই মাথোঁ উচুপিছিল নিৰৱে।
সেইদিনা জিতুল খুৰাৰ জোৰোণ। মাকহঁত সকলো জোৰোণলৈ গৈছিল।তাইক জিতুল খুৰাৰ ঘৰত ইবিধ সিবিধ কৰিবলৈ মাকে থৈ গৈছিল। দুপৰীয়া অলপ জিৰণি লৈ বিচনাতে বাগৰিছিল পেহীৰ কোঠাতে। চিলমিল টোপনি আহিছিল মাত্ৰ, বুকুৰ ওপৰত কাৰোবাৰ স্পৰ্শ পাই উচপ খাই উঠিল তাই।
জিতুল খুৰা !
তাই আৰু এখন্তেকো তাত নাথাকি দৌৰি আহিল নিজৰ ঘৰলৈ। তাইৰ সৰ্বশৰীৰ মাথোঁ কপিছে   , তাই নিজক চম্ভালিব পৰা নাই। ক’ব নোৱাৰাকৈয়ে বৈ গৈছে দুধাৰি তপত চকুলো। তাইৰ ঘৃণা উপজিল নিজৰ ওপৰতে।
জিতুল খুৰাই আজিৰ দিনাখনো …
ছি: …
তাইৰ নিজকে কিবা মহাপাপী যেন অনুভৱ হ’ল।
সেইদিন ধৰি তাই জিতুল খুৰাৰ চোতালত ভৰি থোৱা নাই। মনতে থিৰাং কৰিলে কোনো জিতুল খুৰাৰ তাই জন্ম হ’ব আৰু নিদিয়ে। তাইৰ অনুভৱ হ’ল তাই যেন নিজকে হেৰুৱাই পেলালে…!
কিন্তু তাই যে নিজৰ পৃথিৱীখনতে বিচৰণ কৰি ফূৰিছিল অতদিনে। তাই বাহিৰৰ পৃথিৱীখন ভুমুকি মাৰি সুন্দৰ যেনেই অনুভৱ কৰি আছিল। পাহৰি পেলাইছিল হোষ্টেলীয়া জীৱনৰ ধেমালীবোৰৰ মাজত শৈশৱৰ সকলো তিতা -কেঁহা। পৃথিৱীখনক সুন্দৰকৈ চাবলৈ শিকিছিল। কিন্তু তাইৰ হিয়াখনে পুনৰবাৰ হাহাকাৰ কৰি উঠিছিল, পুনৰবাৰ তাই মাথোঁ কঁপিছিল , তাই ৰখাব পৰা নাছিল তাইৰ চকুৰে বৈ যোৱা দুধাৰী তপত চকুলোক যিদিনাখন উৰ্মীয়ে তাইক কৈছিল এটা অভাৱনীয় সত্য ! সেই মৰমলগা হাঁহিমুখীয়া উৰ্মী জনীয়েও এনে এটা বোজা কঢ়িয়াই লৈ ফুৰিছে বুলি তাই সপোনতো ভবা নাছিল।যোৱা তিনিটা বছৰৰ পৰাই জানে তাই উৰ্মীক। কিন্তু সিদিনাখনৰ উৰ্মী জনীক যেন আগতে তাইৰ কাহানিও দেখা মনত নপৰে ইমান বিদ্ৰোহী চকুদুটি যেন জ্বলন্ত শিখা এই শেষ কৰি দিব সকলো জ্বলাই !
উৰ্মীয়ে কৈ গৈছিল কেনেকৈ ফেকুৰি কান্দিছিল তাইৰ পেহীয়েকৰ ছোৱালী ৰীমাই তাইৰ আগত। সান্তনা তাই নিজক দিব নে ৰীমাক দিব নিজেই ধৰিব পৰা নাছিল। আৰু উৰ্মীয়ে ভাবিপোৱা নাছিল কিমান দিনলৈ কঢ়িয়াব এই বোজা তাই। তাই যে দেউতাকক বহুত ভাল পায়। তাইৰ পৃথিৱীখনৰপৰা পলাই যাবলৈ মন গৈছিল যেতিয়া ৰীমাই কৈ গৈছিল কেনেকৈ উৰ্মীৰ মাক নথকা অবস্হাত তাইৰ দেউতাকে ৰীমাৰ ওপৰত শাৰীৰিক শোষণ চলাবৰ চেষ্টা চলাইছিল। তাই জানে, ৰীমাই  তাইক মিছা নকয়। কিন্তু তাই যেন ৰীমাক চিঞৰি-চিঞৰি ক’ব ৰীমাই কোৱা এই সকলোবোৰ মিছা কথা। তুমি মোক মিছা মাতিছা। কিন্তু উৰ্মীয়ে বুজি পায় এজনী নাৰীয়ে বহুত কষ্টত হে নিজৰ সমস্ত আবেগ ঢালি দিয়ে অন্য এক নাৰীৰ আগত। অন্যথা নিৰৱ চকুলোৱে নাৰীৰ একান্ত লগৰী। তাই সিদিনা মাথোঁ এটি উজাগৰী নিশা কটাইছিল। মনত বহুতো প্ৰশ্ন। তাই বাৰু মাকক ক’ব নে নাই ? মাকে বাৰু কি ক’ব ? যিগৰাকী মানুহে দেৱতাক পূজা দি পূজে তাইৰ দেউতাকক, তেঁওৰ পূজাৰ কি এইয়াই ফল নেকি ?
উৰ্মীক বুকুৰ মাজত সুমুৱাই অনামিকাই যেন সিদিনাখন বিচাৰি পোৱা নাছিল কোনো ভাষা উৰ্মীক শান্তনা দিবলৈ … মাথোঁ পাৰ হৈছিল কেইবাটিও নিস্তব্ধ মুহূৰ্ত …! অনামিকাই চাৰিওফালে মাথোঁ দেখিছিল চকুত লালসাৰ চাৱনি লৈ দাঁত নিকটাই থকা বহুতো জিতুল খুৰাক… !
কোনোবাই হোষ্টেলৰ কৰিড’ৰটোৰে চিঞৰি থৈ গ’ল ,” অনামিকা ভিজিটৰ … ”
অনামিকা যেন আজি বহুত দুৰ্বল হৈ পৰিছে তাইৰ বুকুৰ বোজাবোৰৰে সৈতে।তাইৰ যেন মন গৈছে সকলো বোজাৰ পৰা আজি মুক্ত হ’বলৈ আজি যেন চিঞৰি-চিঞৰি কান্দিব তাই! তাই যেন পৃথিৱীখনক ক’ব মই আৰু কোনো জিতুল খুৰাক লগ পাব নিবিচাৰো !
অবিনাশৰ মেচেজ আহিল , “মই ৰৈ আছো, আহা সোনকালে…”
তাই ওলাই গ’ল আজি তাৰ লগত। নিজৰ বিদ্ৰোহী মনটোক তাইৰ কোঠাত এৰি থৈ। তাই আজি নিজেই ক’লে ফেন্সী বজাৰৰ ঘাটত থকা ফেৰীঘাটলৈ যোৱাৰ কথা। অচল ফেৰীখনত বহি ব্ৰহ্মপুত্ৰৰ বোৱতী সোঁতত তাই আজি তাইৰ নিজৰ বোজাবোৰেও উটুৱাই দিলে। তাই আৰু  নোৱাৰে। অৱশ হৈ পৰিছে তাই। নদীখনৰ পিনে চাই কৈ গ’ল সকলো অবিনাশক। আজি তাইৰ চকুজোৰ সেমেকি উঠা নাই।তাই মাথোঁ কৈ গৈছে সকলো… আজি তাই মুক্ত হ’ব বিচাৰে … তাই আৰু নোৱাৰে নিৰৱে চকুলো টুকিব …
অবিনাশৰ হাতৰ স্পৰ্শত তাই অবিনাশলৈ ঘূৰি চালে , তাৰ চকু দুটাত যেন কোনো পাথৰ্ক্য দেখা নাপালে তাই। মাথোঁ অলপ আৰু উজ্বল হৈ উঠিছিল তাৰ চকুদুটি হয়তো কোণত অকণমান পানীও জমা হৈছিল যাক লুকুৱাৰ সি বৃথা চেষ্টা চলাইছিল।
অবিনাশে কৈ গ’ল ,” আজিৰ এই দিনটোলৈকে মই অপেক্ষা কৰি আছিলোঁ। মই জানো হাঁহি থকা তুমি জনীৰ আঁৰত যে বহুতো কথা লুকাই আছে।হাঁহি থকা তুমিজনী যেতিয়া হঠাৎ সেমেকি উঠা মোৰ বুকুখনে হাহাকাৰ কৰি উঠে। তোমাৰ অন্তৰৰ সকলো বোজা উফৰাই দলিয়াই পেলাবৰ মন যায় ! তোমাক মই তুমি হিচাপেই বিচাৰো। আজিৰপৰা তুমি মাথোঁ হাঁহিবা আৰু তোমাৰ হাঁহিৰেই সিঁচিব খোজো মই মোৰ মনৰ পথাৰত সেউজীয়াবোৰ … ”
অনামিকাই মাথোঁ দেখিলে জিতুল খুৰাৰ খোজবোৰৰ এখোজ -দুখোজকৈ পিছুৱাই গৈ তাইৰ চকুৰ আঁতৰ হৈ গ’ল। মনতো পাতল যেন লাগিল তাইৰ … দুচকুৱেদি বৈ গ’ল দুধাৰি চকুলো …
আজি চকুলোবোৰ তপত নাছিল …

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
tumar presesta bhalagil Debika
7 years ago

Bhal lagil Debika !!

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক