বোৱতী পানীৰ মাছ- (নয়নমণি হালৈ)

অৱশেষত উপাসনাৰ সৈতে যিটো দুৰ্ঘটনা ঘটিব বুলি মই শংকা কৰিছিলোঁ, সেয়াই ঘটিল৷

বাইকৰ পিছফালে তাইক বহুৱাই টলৌ-টলৌকৈ ঘূৰি ফুৰাৰ কথা আমাৰ বহু পুৰণি৷ তাই আৰু মই একেটা চুবুৰীৰে মানুহ, একেলগে ডাঙৰ হোৱা৷ মই যেতিয়া নতুন বাইকখন কিনি সিহতৰ চোতালত থিয় কৰাই ‘টেন..টে..না..’ বুলি চিনেমা ষ্টাইলত প’জ এটা দিলো, সেইদিনাৰ পৰাই দৰাচলতে আমাৰ চিনেমা আৰম্ভ হৈ গ’ল৷ তাই জেদ ধৰিলে মই তাইক বাইক চলাবলৈ শিকাবলৈ লাগে৷ আমি সৰু চহৰৰ মানুহ, মানুহৰ মনবোৰো বৰ সৰু সৰু৷ ৰাস্তাই ঘাটে তাইক বাইক শিকাই ফুৰিলে কোনোবাই ভাল বুলিবনে! কিন্তু তাই নাচোৰবান্দা৷ বেছি যুক্তি দিবলৈ গ’লে তাইৰ নাৰী অধিকাৰ, লিংগ বৈষম্য, ৰক্ষণশীলতা আদিৰ ওপৰত ভাষণ আৰম্ভ হৈ যায়৷ অতিপাত কিতাপ পঢ়া ছোৱালী তাই৷ কলেজত তৰ্ক, আবৃত্তি, কুইজ আদিত সদায়ে প্ৰথম পুৰস্কাৰ আজুৰি অনা ছোৱালী৷ গতিকে যুক্তিৰ পথাৰত তাইৰ ওচৰত মই তেনেই নিশকতীয়া৷
: হ’লেও মই তোক এইখন টাউনত বাইক চলাবলৈ দিব নোৱাৰো৷

: তেনেহলে টাউনৰ বাহিৰলৈ ব’ল৷

মোৰ মাথাত দুষ্টবুদ্ধিটোৱে তেতিয়াই উক দি উঠিল৷

: শুন, পাগলদিয়াৰ পাৰৰ মথাউৰিটোৰে গৈ থাকিলে এখন ধুনীয়া ঠাই পায়৷ মানুহ-দুনুহ নাই৷ নদীৰ পাৰৰ মুকলি পথাৰ৷ কেতিয়াবা অৱশ্যে সিপাৰৰ লৰাবোৰে ফুটবল খেলিবলৈ আহে৷

.. তাই উত্ৰাৱল হৈ উঠিল৷ পাগলদিয়াৰ চেঁচা বতাহে যেন তাইক মুহূৰ্ততে বাউলী কৰি থৈ গ’ল৷

অৱশেষত আমি ওলালো৷ মথাউৰিটোৱেই আগতে কটৰা, কটাহকুছি আদি গাৱলৈ যাতায়তৰ একমাত্ৰ পথ আছিল৷ কিন্তু কেইবছৰমান আগতে আন এটা দিশেৰে পকী ৰাস্তা নিৰ্মাণ হোৱাত মথাউৰিটো পৰিত্যক্ত প্ৰায় হৈ পৰিল৷ মানুহৰ আহ-যাহ নাই৷ দুয়োকাষৰ ঘাহ, বনবগৰীবোৰ বাঢ়ি আহি আহি যেন মথাউৰিটোক ঢাকি পেলোৱাৰ যো-জা চলাইছে৷ মাজৰ লিকটোৰে আমি গৈ থাকিলো৷ আহিন মাহ৷ ধূলিময় পথত অভ্যস্ত মোৰ দুচকীয়াখন দুয়োকাষৰ সেউজীয়া ফালি ফালি আগবাঢ়ি গৈ থাকিল৷ কৰবাত যদি অচিনাকি বনৰীয়া ফুলৰ গোন্ধ নাকত লাগিছে, কৰবাত ভমককৈ এজাক চৰাই মুৰৰ ওপৰেৰে উৰি গুচি গৈছে৷ প্ৰাচীন একোজোপা গছে কৰবাত যদি ধ্যানমগ্ন ঋষিৰ দৰে থিয় হৈ আছে, বনৰীয়া কাঠান্দা ফুল একোজোপাই হয়তো কৰবাত চঞ্চলা গাভৰু হৈ বতাহৰ সৈতে মিতিৰালি পাতিছে৷ মুঠতে প্ৰকৃতিয়ে নিজৰ সন্মোহনী শক্তিৰে যেন অচিন জগত এখনলৈহে আমাক আমন্ত্ৰণ দিছিল৷ ঘৰৰ চাৰিবেৰ আৰু কলেজ-ঘৰ কৰি থকা উপাসনাৰ প্ৰকৃতিৰ এনে অচিনা-অজানা ৰূপত যে মুখৰ মাত নহোৱা হৈ পৰিছিল, সেয়া মই বুজি পাইছিলো৷ অৱশেষত আমাৰ গন্তব্য মুকলি ঠাইডোখৰ পালো৷ বাইকখন ষ্টেণ্ড কৰি থবলৈহে পালো, উপাসনা যন্ত্ৰবত্‍ নৈখনৰ ফালে আগবাঢ়ি গ’ল৷ দুপৰীয়াৰ নিৰ্জনতা ভেদি অচিন চৰাইৰ কিচিৰ-মিচিৰ শব্দ সুৰীয়া গান এটা হৈ যেন বুকুলৈ উজাই আহিল৷ উপাসনাৰ চুলিবোৰ বতাহত ফিৰফিৰকৈ উৰি থাকিল সিপাৰৰ কঁহুৱাডৰাৰ দৰে৷ নিৰ্জনতাৰ মাজত নিঃসাৰ দি নৈখন বৈ আছে স্থিতপ্ৰজ্ঞ কোনো গাভৰুৰ দৰে৷ প্ৰকৃতিৰ এক আশ্চৰ্যকৰ শক্তিয়ে আমাক যেন মুহূৰ্তৰ বাবে বাকৰুদ্ধ কৰি পেলালে৷ উপাসনাই নৈখনৰ একেবাৰে গৰাত থিয় হৈ হাত দুখন মেলি দিলে৷ মোৰ তাইক ‘টাইটানিক’ৰ ৰোজৰ দৰে অনুভৱ হ’ল৷ তাই হয়তো প্ৰকৃতিৰ এই ৰূপ কাহানিও দেখা নাই৷ তাই হয়তো পাহৰি পেলাইছে আমি কি উদ্দেশ্যৰে ইয়ালৈ আহিছিলো৷ মই তাইৰ কাষ চাপি গলো৷ বনৰীয়া ফুলৰ গোন্ধ এটা মোৰ নাকত লাগি আছিল৷ ‘টাইটানিক’ৰ নায়কজন হৈ তাইৰ ককালত খামুচি ধৰাৰ উদগ্ৰ ইচ্ছা এটা মোৰ বুকুলৈ উজাই আহিল৷ হঠাত্‍ যেন নৈৰ মাজৰ পৰা পানীকাউৰী এটা চাতকৈ উৰি গুচি গ’ল৷ মই তাইক কলো: বাইক নচলাৱ!

তাইক বাইক চলাবলৈ মই শিকালোনে? শিকালো৷ তাইৰ হাতত মোৰ হাত, তাইৰ গাত মোৰ গা৷ : এইডাল ক্লাচ, লাহে-লাহে এৰি দিবি, গিয়াৰটো ভৰিৰে নিয়ন্ত্ৰণত ৰাখিবি .. তাই ক্লাচডাল লাহে-লাহে এৰি দিয়ে, লাহে লাহে মই তাইক এৰি দিও৷ তাই চিঞৰে ‘ধৰি থাক, ধৰি থাক, এৰি নিদিবি’৷ মোৰ ভিতৰত পাগলদিয়া ফেনে ফোটোকাৰে ওফন্দি উঠে৷ এই যেন মথাউৰি ভাঙো ভাঙো৷ হঠাত্‍ নিয়ন্ত্ৰণ হেৰাই যায়৷ অঘটনৰ সেয়াই আৰম্ভণি৷ তৰ্কিবই নোৱাৰিলো৷ গাড়ী মানুহ দুয়োটাই কৰ্ফাল খাই পৰিলো৷ ডাউক কেইটামানে আমাৰ ৰঙ চাই আছিল৷ ভয় খাই নে লাজতেই ঢেকীয়া বনবোৰৰ মাজত নোহোৱা হৈ গ’ল৷ তাইৰ ভৰিখন নিশ্চয় মোচোকা খালে, ময়ো দুখ পালো অলপ৷ কিন্তু মোৰ পৰাৰ ধৰণটো চাই কি জানো স্ফুৰ্তি পালে তাই! তাইৰ খিল-খিল হাহি যেন নৰবই৷ ঘাঁহনিত ওপৰমুৱাকৈ পৰি থাকি তাই কেৱল হাঁহি থাকিল৷ তাইৰ গাল দুখন শিমলুৰ দৰে ৰঙা, বুকুখনত যেন দুপাহ বনৰীয়া ফুল গজি উঠিছে৷ মোৰ নতুন গাড়ীখনৰ ঘটঘট শব্দৰ লগত তাল মিলাই উঠা-নমা কৰিছে সেই দুপাহ বনৰীয়া ফুল৷ এটা সময়ত গাড়ীখনৰ ইঞ্জিন বন্ধ হ’ল, বন্ধ নহল তাইৰ উঠানমা৷ জনশূন্য নৈৰ পাৰ৷ মানুহ নামৰ প্ৰাণী এটা ক’তো দেখিবলৈ নাই৷ হঠাত্‍ ভাৱ হ’ল পৃথিৱীৰ পৰা মানুহ নামৰ প্ৰাণীবিধ বিলুপ্ত হৈ পৰিছে৷ কোনো নাই, আছে কেৱল এগৰাকী নাৰী আৰু মই৷ মই তাইৰ আৰু কাষ চাপি গ’লো৷ হাতখন আগুৱালো৷ আঙুলিবোৰ কঁপিছে, তাই ধৰিব পৰা নাই৷ অনুভৱ কৰিলো ‘তাই ধুনীয়া’৷ তাই কেৱল হাহিছে৷ তাইৰ খিল খিল হাঁহিত চঞ্চল হৈ উঠিছে পাগলদিয়া৷ ঢৌবোৰে কোবাইছে নাম নজনা কোনোবা এটা গৰাত৷ দুৰ্বল গৰা, যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে৷ আৰু এটা অঘটন ঘটাৰ আশংকাত মই কপি উঠিলো৷ মই জাঁপ মাৰি থিয় হ’লো আৰু চিঞৰি উঠিলো: ‘তই ঘৰলৈ যাবিনে?’
তাৰপিছত বহুদিন ধৰি পাগলদিয়াই মোৰ টোপনি হৰিলে৷ খাওতে, শোওতে, উঠোতে, বহোতে পাগলদিয়াই মোৰ বুকুত হোন্দোলনি তুলে৷ বনৰীয়া ফুলৰ গোন্ধ এটা বুকুলৈ উজাই আহে৷ কিন্তু তাৰ সামান্যতম উমানো উপাসনাই নাপায়৷ অথচ তাইক প্ৰায় সদায়ে লগ পাওঁ, কিমান যে কথা পাতো; কাজিয়াৰো অন্ত নাই, কথাৰো অন্ত নাই৷ তাইক আকৌ পাগলদিয়াৰ পাৰলৈ যোৱাৰ কথা কওঁ, কিন্তু তাই ইচ্ছা নকৰে৷ কয়, মই হেনো তাইক ইচ্ছা কৰি পেলালো৷ মই বনৰীয়া ফুলবোৰৰ কথা কওঁ, কিন্তু তাই তাৰ গোন্ধ উজাই লব নোখোজে৷ ‘কিয়’ ইয়াৰ উত্তৰ মই বিচাৰি নাপাওঁ৷ ভৰা পাগলদিয়াত এবাৰ থিয়সাঁতোৰ দিবলৈ কিয় তাই ব্যগ্ৰ হৈ নুঠে! ফাগুনৰ বাউলী বতাহ এজাকত কিয় তাই বাট হেৰুৱাব নোখোজে! এই ‘কিয়’বোৰৰ উত্তৰ বিচাৰি মই হাবাথুৰি খাওঁ৷ অৱশেষত এটা দিন আহিল৷ মোৰ সমগ্ৰ প্ৰশ্ন, মোৰ সমগ্ৰ অস্থিৰতা নিবাৰণ কৰিবলৈ অৱশেষত সেই দিনটো আহিল৷
বাহিৰা কিতাপৰ আদান-প্ৰদান কৰাটো আমাৰ আছিল এক অন্যতম নিচা৷ কিতাপৰ মাজত সৰু সৰু টুকুৰা-টুকুৰ চিঠিবোৰে আমাৰ এই নিচাক কেইবাঢাপ ওপৰলৈ লৈ গৈছিল৷ চুবুৰীৰ লৰা এটাৰ হাতত দি পঠোৱা তেনে এখন কিতাপৰ মাজত এদিন লিখা আছিল – ‘চামতা হাইস্কুল পথাৰত থিয়েটাৰ চলি আছে৷ মাৰ পাৰমিচন লৈ থৈছো, তই জল্ডি আহ৷ ’ তলত বিশেষ ষ্টাইলেৰে লিখা তাইৰ নামটো – উপাসনা৷ বচ, মোক আৰু কোনে পায়! একেটা লাঠতে গাড়ী ষ্টাৰ্ট হ’ল, তাই পদূলিতে ৰৈ আছিল৷ থিযেটাৰ হ’লত ‘দুচকু মেলিবৰে পৰা তুমিয়ে দি আছা ধৰা’ সেই সময়ৰ এটা বৰ ৰোমাণ্টিক গান বাজি আছিল৷ আমি হাতত ধৰাধৰিকৈ ভিতৰ সোমালো৷ প্ৰেক্ষাগৃহ এন্ধাৰ হ’ল, সংগীত আৰু পোহৰৰ মায়াজাল আৰম্ভ হ’ল৷ কিন্তু তাইৰ হাতখন মোৰ হাতৰ মাজৰ পৰা কেতিয়াও আঁতৰি নগ’ল৷ মই তাইৰ হাতখন খামোচ মাৰি ধৰি থাকিলো৷ ইমান কোমল, ইমান মসৃণ তাইৰ হাতখন! নাটক কেতিয়া আৰম্ভ হ’ল, কেতিয়া শেষ হ’ল, মই গমকে নাপালো৷ মই কেৱল কেইটামান আঙুলি আৰু এখন হাতৰ অস্তিত্বকে অনুভৱ কৰি থকিলো৷
আৰু যেতিয়া নাটক শেষ হ’ল তেতিয়া আকাশত জমা হৈছিল মেঘ৷ এই যেন বৰষুণ এজাক নামি আহো আহো৷ এই যেন তিয়াই পেলাব মোৰ এটাও দাগ পৰিবলৈ নিদিয়া পৰিষ্কাৰ পোছাক৷ আৰু অঘটনৰ সন্মুখীন নহওতেই আমি ঘৰ পোৱাটো উচিত হব বুলি মই বিবেচনা কৰিলো৷ কিন্তু প্ৰকৃতিয়ে জানো কাৰোবাৰ আহ্বান শুনে! চামতা পাৰ হৈ বিহামপুৰ এৰিছো মাত্ৰ৷ ঘৰলৈ তেতিয়াও বহু দূৰ৷ আবতৰীয়া বৰষুণজাক হয়তো আমাৰ বাবেই ৰৈ আছিল৷ মেঘৰ গুমগুমনি শব্দ হঠাত্‍ কলহৰ কাণে ঢলা বৰষুণলৈ ৰূপান্তৰিত হৈ পৰিল৷ কি কৰো ক’ত সোমাও কৰি থাকোতে আমি প্ৰায় তিতি গলো৷ গোটেই ৰাস্তা জনশূন্য৷ অৱশেষত পথৰ কাষৰ এখন চালি চকুত পৰিল৷ স্থানীয় কোনো ক্লাৱে সজা সেইটো এটা জিৰণিঘৰ আছিল৷ জৰাজিৰ্ণ ঘৰটোৱে কোনোমতে ক্লাৱটোৰ অস্তিত্ব ঘোষণা কৰি আছিল৷ আমি তাতে সোমাই পৰিলো৷ উপাসনাই দোপাট্টাখন আগবঢ়াই দিলে৷ সেইখনেৰে মই মূৰটো মচি পেলালো৷ অনুভৱ কৰিলো তাই কঁপিছে৷ মই সেইখন তাইৰ গাত ঢাকি দিলো৷ মোৰ ভিতৰে বাহিৰে এজাক মুষলধাৰে বৰষুণ৷ মই তাইক কাষ চপাই আনিলো৷ ওঁঠত ওঁঠ, বুকুত বুকু৷ আঙুলিবোৰক হঠাত্‍ পৰুৱাই পালে৷ বাট বিচাৰি সিহত বগাই ফুৰিবলৈ ধৰিলে উপাসনাৰ দেহৰ যেনিয়ে-তেনিয়ে, অসমান ভাজে-ভাজে৷ তেজত দৌৰি থাকিল এজাক ৰণুৱা ঘোঁৰা৷ ঘড়ীৰ কাটা ঠিক সেইখিনিতে যেন ৰৈ গ’ল৷ কিমান সময়! কিমান সময়!

মাজৰাতি যেতিয়া মই সিহতৰ পদূলিত ৰলো তেতিয়া মেঘবোৰ আতৰি গৈছিল৷ ভিজা মাটিৰ গোন্ধ আৰু কাৰোবাৰ পদূলিত ফুলা তগৰ ফুলৰ গোন্ধ এটা মোৰ বুকুলৈ উজাই আহিছিল৷ শেতা জোন এটাই নিস্তেজ পোহৰবোৰ সিহতৰ পদূলিটোত ছটিয়াই দিছিল৷ কিন্তু ই কি? শেঁতা জোনৰ পোহৰতো মই স্পষ্ট দেখিলো উপাসনাৰ চকুত জুই৷ তাই ৰঙা হৈ পৰিছে আৰু মোক কৈছে- “মই ভবা নাছিলো যে মোক প্ৰথম স্পৰ্শ কৰা পুৰুষজন তয়ে হ’বি৷ আজি ৰাতিটোৰ বাবেই তই আমাৰ বন্ধুত্বক জীয়াই ৰাখিছিলি নেকি৷ তই আৰু কোনোদিনে আমাৰ ঘৰলৈ নাহিবি, আৰু কোনোদিনে মোৰ সন্মুখত নোলাবি৷” তাইৰ কঁপনি মাৰ যোৱা নাছিল৷ তাইৰ মাত থোকাথুকি হৈ পৰিছিল৷
উপাসনাই যেন সেইদিনা মোৰ বুকুত হাতুৰীৰ কোব এটাহে সোধাইছিল৷ উঃ কি যন্ত্ৰণাময় হৈ উঠিছিল সেই দিনবোৰ৷ ভুলশুদ্ধ, পাপপুণ্যৰ এখন মহাসাগৰত মই উটি গ’লো৷ অলেখ প্ৰশ্নৰ উত্তৰ বিচাৰি মই অকলশৰীয়া কোঠালীটোতে নিজক বন্দী কৰি পেলালো৷ আত্মগ্লানি আৰু অপৰাধবোধ, উপাসনাৰ প্ৰতি থকা মোৰ অব্যক্ত কথাবোৰে মোক উপহাৰ দিলে বহুকেইটা নিদ্ৰাবিহীন ৰাতি৷ আৰু এদিন খবৰ আহিল ‘উপাসনাৰ বিয়া’৷ গুৱাহাটীৰ ল’ৰা, চাকৰিয়াল৷ সম্পৰ্কীয় মোমায়েক এজনে হেনো সম্বন্ধটো আনিছে৷ মোৰ টোপনি নহা ৰাতিবোৰ এইবাৰ অনন্ত দীঘল ৰাতিলৈ পৰিৱৰ্তন হৈ পৰিল৷

বিয়ালৈ তিনিদিনমান আছিল৷ চুবুৰীৰ ল’ৰা এটাৰ হাতত এদিন এখন বাহিৰা কিতাপ আহিল৷ ভিতৰত এটা টুকুৰা৷ উপাসনাই লিখিছে – “পাঁচ-ছয় বছৰ ধৰি তোক মই কিমান যে কথা ক’লো, কিমান যে উপদেশ দিলো, কিন্তু তই একো নুশুনিলি, এদিন কেৱল মোৰ সন্মুখত নোলাবি বুলি কলো, সেয়া কিন্তু আখৰে আখৰে পালন কৰিলি৷ বিয়াৰ দুদিন আগৰ পৰা থাকিবি বুলি এতিয়া আৰু আশা নকৰো৷ মাত্ৰ মনত ৰাখিবি, বিয়াৰ দিনা যদি তোক দেখা নাপাওঁ, মই সেইদিনা চিধাই গৈ তহঁতৰ ঘৰ ওলামগৈ৷ মনত ৰাখিবি৷” মোৰ দুচকু তিতি গ’ল৷ কিন্তু বিয়ালৈ কোনোপধ্যে নাযাওঁ বুলি মন বান্ধিলো৷ কিন্তু বিয়াৰ দিনা.. পুৱা গ’ল, দুপৰীয়া গ’ল, সন্ধিয়া গ’ল৷ মই আৰু মন বান্ধিব নোৱাৰিলো৷ দৰা আহিবলৈ তেতিয়া অলপ সময়হে আছিল৷ মই বিয়াঘৰৰ চোতাল পালো৷ কইনাসাজত তাই বহি আছিল৷ তাইৰ চকুত মই সেইদিনা জুই নেদেখিলো৷ দেখিলো দুচপৰা মেঘ৷ এই যেন মুহূৰ্ততে বৰষুণ এজাকে তিয়াই পেলাব তাইৰ দুগাল৷ চৌপাশৰ মানুহবোৰৰ কথা আমি পাহৰি গলো৷ দুয়ো দুয়োৰে চকুলৈ চায় থাকিলো৷ ঘড়ীৰ কাটা আকৌ এবাৰ ৰৈ গ’ল৷ এইবাৰ মই তিতি গ’লো৷ বিয়াঘৰৰ পদূলি পাৰ হৈ আহিয়ে মই তিতি গ’লো দুচকুৰে নামি অহা ধাৰাষাৰ এজাক বৰষুণত৷

উপসংহাৰ:
কিমান বছৰ আগৰ কথা বাৰু এয়া! আঙুলিৰ মুৰত হিচাপ এটা কৰিলো৷ পূৰা এঘাৰ বছৰ৷ এই এঘাৰ বছৰে উপাসনা দুজনী ছোৱালীৰ মাক হোৱা খবৰ পাওঁ, আৰু একো নাজানো৷ উপাসনাৰ সোঁৱৰণিত পাহৰণিৰ শেলুৱৈ গজিল৷ দুবছৰ আগত মই বিয়া পাতিলো৷ এমাহ আগত ল’ৰা এটাৰ বাপেক হ’লো৷ চাকৰি, ঘৰ, সংসাৰ, ভনী দুজনীক বিয়া দিয়া, দেউতাৰ অসুখ দেখাবলৈ দুবাৰ বাহিৰলৈ লৈ যোৱা, মাৰ অন্তিম ইচ্ছা পূৰাবলৈ এবাৰ পুৰীলৈ নিয়া, ভাইটি এটাক নিগাজি ব্যৱসায় ঠিক কৰি দিয়া এইবোৰৰ মাজত উপাসনাৰ স্মৃতি বিস্মৃতিৰ অটল গৰ্ভত লীন হৈ যাবলৈ ৰৈ থাকিল৷ কেৱল মাজে মাজে এক ধৰণৰ গ্লানি আৰু বিষণ্ণতাৰ বতাহ এচাটিয়ে মোক চুই যায়৷ আৰু আজি কৰ্মস্থলীৰ পৰা ঘৰলৈ বাট বুলিছো৷ মাহত এবাৰ বা দুবাৰহে ঘৰলৈ অহা হয়৷ উপাসনাহতৰ পদূলিত বাঁহৰ বেৰাৰ ঠাইত এতিয়া পকী দেৱাল৷ দূৰৰ পৰাই দেখা পালো দেৱালত গা আউজি এক নাৰীমূৰ্তি৷ ওচৰ পোৱাত যেন মোৰ শৰীৰৰ মাজেৰে বিজুলী পাৰ হৈ গ’ল৷
: উপাসনা! .. তাইৰ শেঁতা শৰীৰ৷ বুকুত গজি উঠা বনৰীয়া ফুল দুপাহ যেন কোনোবাই মোহাৰি চিঙি পেলাইছে৷ দুগালৰ ৰঙাত চেকুৰা-চেকুৰ বয়সৰ আঁচোৰ৷ ৰূপোৱালী চুলি৷ ভালেখিনি পৰ আমি ঘৰুৱা খা-খবৰ, ইটো সিটো কথা পাতিলো৷ কিন্তু মই অনুভৱ কৰি থাকিলো যেন তাই মোক কিবা কব খুজিছে৷ অৱশেষত সেই ক্ষণ আহিল৷

অনুচ্ছ স্বৰেৰে তাই মোক সুধিলে – তোৰ বাৰু থিয়েটাৰ চাই ঘূৰি অহা সেই ৰাতিটোৰ কথা মনত আছেনে?

মই তাইলৈ চাই থাকিলো৷

: ‘তই মোক ভুল নুবুজিবি৷ তই সেইদিনা একো ভুল কৰা নাছিলি৷ তই তোৰ অন্তৰৰ আহ্বান শুনিছিলি৷ যিদৰে প্ৰকৃতিৰ আহ্বান কোনেও নেওচা দিব নোৱাৰে, তয়ো হয়তো নেওচা দিব নোৱাৰিলি৷ কিন্তু মই বহু পলম কৰিলো৷ মই মোৰ ভিতৰৰ মানুহটোৱে কি কয় সেয়া শুনিব নুখুজিলো৷ এতিয়া মোৰ সংসাৰত কেৱল ব্যস্ততা আৰু ব্যস্ততা৷ এই অন্তহীন ব্যস্ততাৰ মাজতো মোৰ সুখৰ সৰু এটা সোঁৱৰণি আছে৷ বিশ্বাস কৰ, সেই সোঁৱৰণি সেই ৰাতিটো৷ থিয়েটাৰ চাই ঘূৰি অহা সেই ৰাতিটো৷ সেই ৰাতিটোৱে এতিয়া মোৰ সকলো দুখ যন্ত্ৰণা পাহৰাৰ একমাত্ৰ ঔষধ৷ তই ভুল নুবুজিবি, তই মোক যিখিনি দিছিলি, মোৰ সুখ বুলিবলৈ এতিয়া সেইখিনিয়েই৷ ’ .. উপাসনাৰ মাতটো এইবাৰ কঁপি উঠিল৷

মই অনুভৱ কৰিলো মোৰ মুৰৰ পৰা এটা শিল যেন আঁতৰি গৈছে৷ মোৰ সমগ্ৰ পথৰ ধূলি যেন উৰি গৈছে৷ কাৰোবাৰ পদূলিত তগৰ ফুলিছে৷ তাৰ গোন্ধ মোৰ বুকুলৈ উজাই আহিছে৷ বহু দিনৰ পিছত .. বহু পলমকৈ তগৰৰ গোন্ধ আজি মোৰ বুকুলৈ উজাই আহিছে৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jugal
4 years ago

ভাল লাগিল পঢ়ি…