ব্যংগ লেখা: দিগন্ত বৰা

নিজৰ সৌন্দৰ্য চৰ্চাৰ ওপৰত বিয়াৰ আগলৈকে মই পুৰামাত্ৰা সচেতন আছিলো৷ বৈবাহিক সূত্ৰে আমাৰ মালিকীস্বত্ব লাভ কৰাৰ পাছৰে পৰা সংসাৰৰ ব্যস্ততাত আইনাখনত মুখখন চোৱাৰ আহৰিকণও যেতিয়া লোপ পালে তেতিয়াৰেপৰা সেইবোৰ পাহৰি পেলালো৷ সিদিনা এটাই কাট মাৰি ক’লে: “তোৰ চুলিবোৰ সৰিলতো সৰিলেই আৰু থকা কেইডালো পকিলচোন“!
মই বোলো: “বৰগছৰ গুৰিত আন উদ্ভিদ নগজে! “
লাজ পাই সি আকৌ কলে: “থ থ তাকে নকৈনো কবি কি? “ মই বোলো: “উদ্ভিদ বাঢ়িবৰ বাবে কি লাগে? “ বেচেৰাই তপৰাই বোলে: “গোবৰ লাগে“! মই বোলো: “ঠিক কৈছ! তোৰ মুৰত গোবৰ অধিক মাত্ৰাত থকা বাবেই তোৰ মাথাৰ ডিব্ৰু চৈখোৱা অভয়াৰণ্য অৰ্থাৎ চুলি অধিক আছে! আৰু মোৰ মাথাত সেইবিধৰ অভাৱ সেয়ে চুলি নাই! “ ৰৈয়েই নাথাকিল বেচেৰাটো!
বাদ দিয়ক বাৰু সেইবোৰ কথালৈ৷ অ’ কি কৈছিলো মই! ছে: পাহৰিয়েই থাকিলো নহয়! আমাৰ এও অৰ্থাৎ মিচেছ অবামাই মোক এনেয়ে বুঢ়া বুলি নকয় বুজিছে! ষাঠী বছৰীয়া মেল হিউমেন টোৰ দৰে কথাবোৰ ফচককৰে পাহৰি যাও! সিদিনা এওঁৰ সৈতে বজাৰ কৰিবলৈ যাওঁতে মই এওঁ যে মোৰ সৈতে গৈছিল তাকেই পাহৰি বাইক লৈ ঘৰ পালোহি নহয়৷ বাটত হঠাৎ পাছলৈ ঘূৰি চাই পাছৰ চিটত এওঁক দেখা নাপাই মুচকচ গ’লো নহয় বাপেক্কে! মই বোলো: মানুহজনী ক’ৰবাত পৰি আহিল! আকৌ বাইক ঘূৰাই নগৰমুখী হ’ব খোজোতেই এওঁৰ ফোন আহিল: হৌৰা ক’ত গলা? মই বোলো: ঘৰ পালোহি আকৌ! এওঁ বোলে: তোমাৰ ফিলামেণ্ট ইমান ছিগি থাকেনে? মানুহজনী যে লগতে আহিছিল তাকো পাহৰি গ’লা! নাপাহৰিবানো কিয় নিজৰ পত্নীৰ প্ৰতি মনোযোগ থাকিলেহে! মই বোলো: নহয় হে৷ কিনো হ’ল নিজেই পাহৰিলো! তুমি বাইকত উঠিলা বুলিহে ভাৱিছিলো! ৰাষ্টাত মনত পৰাতহে ঘূৰি চাই তোমাক নেদেখাত পৰি আহিলা বুলি ভাবিলো! .. তেনেকৈয়ে সংসাৰ চলে! এই সংসাৰ নদীৰ চাকনৈয়াত চব ওলট পালট হৈ পৰে৷ মোৰ বিবাহ এক তিনিমহীয়া ডাণ্টে বিয়েট্ৰিছৰ প্ৰেমৰ দৰে গভীৰতাৰ অন্তিম বিন্দু আছিল৷ আগতে তেও মোৰ চকুত বংগোপ সাগৰৰ নীলাখিনি আছিল৷ নহ’লেনো সাগৰ পাৰত হনিমুন কৰাৰ কথা কওঁতে এও কয়নে: বংগোপ সাগৰখন তোমাৰ চকুতে পাওঁ দেখোন! এতিয়া ল’ৰা ছোৱালী হ’ল নহয়! এওঁ কেৱল মোৰ চকুলৈ চালে ফেচকুৰিখিনিহে দেখে!
আগতে এওঁ মোৰ মাথাত আইনষ্টাইনৰ ঘী খিনি উপলব্ধি কৰিছিল আৰূ এতিয়া এওঁ কেৱল কাজিৰঙাৰ পৰা উচ্ছেদিত পৰিয়ালবোৰৰ টকলা গাওঁ খনহে দেখা পায়! কপালখন পিটিকি পিটিকি আগতে এওঁ কৈছিল: কহুঁৱাৰ কোমলতাখিনি তোমাৰ কপালতে পাওঁ! আজিকালি এও কয়: ক্ৰিম চীম অকণ সানিবাচোন! তোমাৰ কপালখন চুলে কঠালটো চুই পকা নে কেঁচা তাৰ এলিজা test কৰা যেনহে লাগে! আগতে এদিনো যদি এওঁ মোৰ মাতটো নুশুনে তেতিয়া আক্ষেপতে কৈছিল: ইমান ক্ষুধাতুৰ হৈ থাকো তোমাৰ মাতটো এবাৰ শুনিবলৈ! এতিয়া এহাল তুলিলো নহয়! এতিয়া এওঁক বেছিকৈ মাতি থাকিলে কি কয় জানে? এওঁ কয়: কিনো কেটকেটাই থাকা হে! এই সকলোবোৰ ঘটনা পৰিঘটনাৰ পৰা এইটো বুজিলো যে মোৰ এই আগৰ ৰূপ আগৰ সৌন্দৰ্য কেতিয়াবাই সিপাৰ হ’লগৈ৷ সেয়ে আজিকালি সৌন্দৰ্য সচেতনতাৰ ওপৰত গুৰুত্ব দিবলৈ ললো! ফেচবুকৰ friend এগৰাকী যাৰ নিজৰ পাৰ্লাৰ এখন আছে তেওঁৰ লগতে ফেচবুকৰ inboxত চাটিং কৰি কৰি এটা কথাত দৃঢ় হলো যে মোৰ এতিয়াও the end হৈ যোৱা নাই! ইচ্চা কৰিলে এতিয়াও মই আগৰ ৰূপ ঘূৰাই আনিব পাৰো! গতিকে এদিন সেই পাৰ্লাৰৰ মালিকনীৰ ওচৰলৈ যোৱাটো খাটাং কৰি দিলো৷ গতিকে এদিন গৈ সেই পাৰ্লাৰখন পালোগৈ! বন্ধুগৰাকীক ক’লো: মোৰ গাটো এওঁ পিটিকিলে কঠাল বুলি কিয় জোকায় তাৰ clarification এটা মোক লাগে! তেওঁ বোলে: আপোনাৰ কামিজটো খুলি দিয়কচোন৷ লগে লগে কামিজ খুলি দিয়াত তেওঁ উচপ খাই উঠি কলে: এহ দাদা! আপোনাৰ গোটেই গাতে খহু দেখোন! মই বোলো: কিহৰ বিউটিচিয়ান অ’ তুমি? আমাৰ ঘৰৰ কাষতে এখন খজুৱতি নামৰ বিল আছে! তাত মাছ ধৰিবলৈ গলেই মোৰ এই বেমাৰটো হয়! লগে লগে টেঙা সানিব পৰাহলে এই ৰোগ নহলেহলে! এইটোক আমাৰ ভাষাত ওপৰচকুৱা বুলি কয়! দাদা, এইটো এক skin disease. আপোনাক এইবোৰ বুজাই লাভ নাই৷ মই এফ বি’ত সঘনাই আপডেট দিয়া এজনক কোনো কথাই কৈ নিজৰ মাথাটো গৰম কৰিব নোখোজো! চৰি চাৰ, আপোনাৰ বেমাৰটো এবাৰ skin specialist এজন দেখুৱাই চাওকচোন! কিমান specialistক দেখাম হে? এবাৰ এজনৰ ওচৰত যাওতে বোলে: আগ কামবোৰ কৰিলেনে? মই বোলো: কি আগ কাম? তেখেতে বোলে: আপোনাৰ এয়া বসন্ত! আইক মাননি দিলে নে? মই বোলো: আইক মাননি মানে? তেওঁ বোলে: আইৰ নামত কিবা কৰিলে নে? মই বোলো: পিতাইৰ ঢুকুৱাৰ পাছৰে পৰা মোৰ আইক সদায় দহ বিছ টকা নিদিয়াকৈ কেতিয়াও ওলাই নাহো! তেখেতৰ খং তুংগত তেতিয়া! টেবুলত ঘোঁচা এটা মাৰি কলে: stupid ৰোগী! গেট আউট! মোৰ কথাত বিউটি পাৰ্লাৰৰ গৰাকীয়েই নহয় বাকী কেইগৰাকীও হাঁহিত ভাগি পৰিল! আৰু হাঁহি হাঁহিয়েই মোক ক’লে: আপুনি যাওক দাদা৷ আপোনাৰ ৰোগ আমাৰ ইয়াতো আৰোগ্য নহয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক