ব্যক্তিগত অনুভৱ: এখন কিতাপ প্ৰকাশৰ আঁৰৰ কথা -(ড° অঞ্জল বৰা)

ব্যক্তিগত অনুভৱ: এখন কিতাপ প্ৰকাশৰ আঁৰৰ কথা

-ড° অঞ্জল বৰা

২০০৯-১০ চন মানৰ শেষৰফালে নিজৰ ইতিমধ্যে প্ৰকাশিত বেজবৰুৱা বিষয়ক কেইটামান প্ৰবন্ধ গোটাই এখন কিতাপ প্ৰকাশ কৰাৰ কথা মনতে ভাবিলোঁ৷ দুজনমান প্ৰকাশকৰ ওচৰলৈ পাণ্ডুলিপিটো লৈ যোৱাৰ পিছত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠীৰ চিনাকি দাদাজনে চাইয়েই প্ৰকাশ কৰিম বুলি কথা দিলে৷ লগতে পাতনি আদি লিখাৰ কথাও আলোচনা কৰিলে৷ তেওঁৰ কথা মতেই মই ডঃ নগেন শইকীয়া চাৰক পুৰণি চিনাকি সূত্ৰে ফোন কৰি মোৰ নতুন কিতাপখনৰ বাবে এটা পাতনি লিখি দিবলৈ অনুৰোধ কৰিলোঁ৷ চাৰেও মোৰ কথা ৰাখি লেখাখিনি পঠিয়াই দিবলৈ ক’লে৷ মই ইন্দ’ৰৰ পৰা চাৰলৈ কুৰিয়াৰ কৰি লেখাসমূহ পঠিয়াই দিলোঁ আৰু প্ৰায় দুমাহমানৰ পিছত চাৰে এটা পাতনি লিখি দিলে৷ মই গুৱাহাটীলৈ আহি চাৰৰ পৰা পাতনিসহ লেখাখিনি সংগ্ৰহ কৰি বাহিৰে বাহিৰে প্ৰকাশকজনক লেখাখিনি দি থৈ আহিলোঁ৷ মই বাহিৰত থকা বাবে ফোনেৰেই খা-খবৰ লৈ থাকিলোঁ৷ কিন্তু দুৰ্ভাগ্যৰ কথা যে প্ৰকাশকজনে কৰিম কৰিম বুলি এবছৰমান তেনেদৰেই পাণ্ডুলিপিটো পেলাই থ’লে৷ পিছলৈ মই লেখাখিনি লৈ আহিম বুলি ভাবি ক’বলৈ এৰি দিলোঁ৷ কিন্তু যোৱা বছৰ গুৱাহাটীলৈ আহি পুনৰ কিতাপখনৰ কথা তেওঁৰ লগত আলোচনা কৰিলোঁ৷ তেওঁ জনালে যে কিছু আৰ্থিক অসুবিধাৰ বাবে কামটো কৰিব পৰা নাই৷ মই তেতিয়া তেওঁক কিছু আৰ্থিক সহায় কৰাৰ কথা ক’লোঁ৷ তেওঁ লেখকৰ পৰা পইচা লৈ কিতাপ প্ৰকাশ নকৰে বুলি কোৱাত মই পইচাৰ কথাটো আমাৰ দুজনৰ মাজতে থাকিব বুলি ক’লোঁ৷ কিতাপখন প্ৰকাশ কৰাটো মোৰ এটা সপোন আছিল৷ তাতে শইকীয়া চাৰৰ দৰে ব্যক্তিয়ে মোৰ এটা অনুৰোধতে মূল্যবান সময় খৰছ কৰি পাতনি লিখি দিছিল৷ তেওঁ প্ৰকাশ কৰিম বুলি পুনৰ কথা দিলে৷ কিন্তু তেওঁ এটা জাতীয় সংগঠনৰ নেতা হোৱা বাবে গ্ৰন্থ প্ৰকাশত মনোযোগ দিয়া দেখা নাপালোঁ আৰু এদিন মোলৈ এটা মেচেজৰ সহায়ত পাণ্ডুলিপিটো বিচাৰি পোৱা নাই বুলি জনালে৷ মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে তেওঁৰ কিতাপখন প্ৰকাশ কৰাৰ কোনো সদিচ্ছা নাই৷

২০১০ চনৰ পৰা চাৰি বছৰ এনেদৰেই পাৰ হৈ গ’ল৷ লেখাখিনি বহু সম্পাদনা কৰি পুনৰ দুই এখন আলোচনীত প্ৰকাশ কৰা হ’ল৷ তাৰ মাজতে কেইবাটাও নতুন লেখা প্ৰকাশ পালে৷ ইতিমধ্যে গৱেষণা ডিগ্ৰীও লাভ কৰিলোঁ৷ আগৰ তুলনাত লেখাবোৰ নতুন দৃষ্টিভঙ্গীৰে চাবলৈও সময় পালোঁ৷ গতিকে মনতে ভাবিলোঁ ভালেই হ’ল৷ এতিয়া নতুনকৈ কাৰোবাক দিব পাৰিম৷ এনেদৰে ভাবি থাকোঁতেই ১৪-০৯-২০১৩ তাৰিখে বুলজিতদাই নিজৰ ফে’চবুক ৱালত তেওঁ ধেমাজিৰ ‘কিৰণ’ প্ৰকাশনত বহি থকাৰ এখন ফটোৰে সৈতে এটা আপডেট দিলে৷ লগে লগে মই কিৰণ প্ৰকাশনে বেজবৰুৱা বিষয়ক কিতাপ প্ৰকাশৰ আগ্ৰহী নেকি সুধিবলৈ বুলজিতদালৈ এটা মেচেজ দিলোঁ৷ বুলজিতদাই মেচেজ লাভ কৰিয়েই মোলৈ ফোন কৰি কিৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী শ্ৰী নৱ কলিতাদাৰ লগত কথা পতাই দিলে৷ নৱদাই বিশেষ কথা নুসুধি দুই এটা পৰামৰ্শ দি লেখাখিনি পঠিয়াই দিবলৈ ক’লে৷ মই কাকো ধন্যবাদ দিয়াৰ সময়েই নাপালোঁ৷ তাৰ কেইদিনমানৰ পিছতে মই লেখাসমূহ ঠিক ঠাক কৰি নৱদালৈ কুৰিয়াৰ কৰি পঠিয়াই দিলোঁ৷ শেষত দুই এবাৰ ফোনত কথা পতাৰ পিছত যোৱা মাহত নৱদাই খবৰ দিলে ‘তোমাৰ কিতাপখন প্ৰকাশ হ’ল’৷ বুলজিতদা আৰু নৱদাক কিদৰে ধন্যবাদ জনাম তাৰ ভাষা বিচাৰি পোৱা নাই৷ মাত্ৰ এটা কথাই মনলৈ আহি আছে বুলজিতদাৰ ফে’চবুকৰ সেই দৈনন্দিন আপডেটবোৰেই মোৰ জীৱনলৈ এনে এটা সুযোগ আনি দিলে৷ বুলজিতদাৰ নিস্বাৰ্থ সহায় আৰু সহযোগৰ বাবে পুনৰ কৃতজ্ঞতা যাচিলোঁ৷ জীৱনৰ প্ৰথমখন কিতাপ হিচাপে অনেক ভুল-ত্ৰুটি সম্ভৱ ৰৈ গৈছে৷ কিন্তু এই প্ৰথম প্ৰকাশৰ অভিজ্ঞতা আৰু অনুভৱে মোক নিশ্চয়কৈ অনেক শিক্ষা প্ৰদান কৰিলে৷

মোৰ কিতাপখনৰ বিষয়ে:

নাম : লক্ষ্মীনাথ বেজবৰুৱা জীৱন আৰু সাহিত্য

প্ৰকাশক : নৱ কলিতা, কিৰণ প্ৰকাশন, ধেমাজি৷

প্ৰথম প্ৰকাশ : ২০১৪

মূল্য : ১০০.০০ টকা (পৃষ্ঠা সংখ্যা : ১৫০)

ISBN : 978-93-82746-23-2

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক