ব্যক্তিত্বৰ ভিন্নতা আৰু মগজুৰ কিছু কথা – মীনাক্ষী বৰুৱা

মনটোক মনে মনে মন কৰি থাকোঁ মই৷ কেৱল ময়েই নহয়, পৃথিৱীৰ প্ৰতিজন সুস্থ মানুহেই আপোন মনৰ দাপোণত ভূমুকি মাৰি নিজকে পৰীক্ষা কৰাৰ চেষ্টা চলায়৷ মনোবিজ্ঞানৰ ভাষাত ইয়াক কয় অন্তঃপ্ৰক্ষণ অথবা অন্তৰ্দৰ্শন৷ মানুহৰ সকলো প্ৰকাৰৰ উন্নত আৱিষ্কাৰ আৰু সৃজনীমূলক কাম এই অন্তৰ্দৰ্শন পদ্ধতিৰ দ্বাৰাই সম্ভৱ হয়৷ স্বাধীনচিতীয়াকৈ কাম কৰি থকাৰ সময়ত মানুহৰ মনৰ ভিতৰত অলেখ বিষয়ে ক্ৰিয়া কৰি থাকে৷ চীনা সাহিত্যিক লিন য়ুটাঙৰ মতে, নিৰ্জনতা আৰু চিন্তাৰ মোল বুজা মানুহে অবাবতে শেতেলীত বাগৰি থাকিও সমাজহিতৈষী কামৰ পৰিকল্পনা কৰিব পাৰে৷ পৃথিৱীৰ মহৎ সৃষ্টিৰ ভিতৰত মনটোৱেই অন্যতম৷

The mind in the making নামৰ গ্ৰন্থখনত জেমছ হাৰ্ভে ৰবিনছনে আমাৰ মনটো চাৰিটা মূলগত স্তৰৰ পৰা বিবৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে৷ এইকেইটা হৈছে -১) পাশৱ মন ২) বৰ্বৰ মন ৩) চপল মন আৰু ৪) সভ্য মন৷ জ্ঞান, পৰিৱেশ-পৰিস্থিতি, অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ দ্বাৰা মানুহে মনটোৰ ৰূপান্তৰ সাধন কৰিব পাৰে৷ এইখিনিতে মনত প্ৰশ্ন জাগে, ব্যক্তিভেদে আচাৰ-আচৰণ, চিন্তা-যুক্তি আদি ভিন্ন হোৱাৰ কাৰণনো কি? একেখন ঘৰতে, একেটা পৰিৱেশতে একে পিতৃ-মাতৃৰ সন্তানৰ মনৰো ভিন্নতা দেখা যায়৷ পৰিৱেশ, বংশগতি, দৈহিক-মানসিক পৰিপুষ্টি সকলো একে হোৱাৰ পিছতো মানুহৰ মন অভিন্ন নহয় কিয়? ইয়াৰ কাৰণ, ব্যক্তিত্ব সম্পূৰ্ণ মৌলিক বিষয়৷ পিতৃ-মাতৃৰ ৪৬ টা ক্ৰ’ম’জমৰ ভিতৰত প্ৰায় ত্ৰিশ হাজাৰ জিন থাকে৷ এই জিনসমূহ বংশানুক্ৰমিক আৰু মৌলিক৷ জিনৰ পৰিমাণৰ কোনো অনুপাত নাই৷ প্ৰতিটো জিনেই দৈনিক-মানসিক গুণাৱলীৰ বীজ বহনকাৰী৷ এই জিনসমূহৰ মৌলিকতাৰ বাবেই ককাই-ভাই, বাই-ভনীৰ মাজতো ভিন্ন স্বভাৱ গঢ়ি উঠা দেখা যায়৷ এই ভিন্নতাই প্ৰত্যেক মানুহকে স্বকীয়তা প্ৰদান কৰে৷ বাহ্যিক চেহেৰাতকৈ মনটোৰে মানুহ অধিক আকৰ্ষণীয় হৈ উঠে৷ আবেগ-অনুভূতি, দয়া-মায়া, কৰুণাৰে উদ্বেলিত এখন অন্তৰ বা এটা মন সততে বাল্যকালতেই গঢ় লৈ উঠে৷ সেয়েহে ক’ব পাৰি বাল্যকালতেই ’মানুহ হোৱাৰ’ মূল ভেটিটো তৈয়াৰ হৈ যায়৷ বংশানুক্ৰমিক জিন, পাৰিবাৰিক আৰু সামাজিক পৰিৱেশৰ ওপৰতে এটি শিশুৰ মনৰ সুস্থতা নিৰ্ভৰ কৰে৷ পৰৱৰ্তী পৰ্যায়ত অৱশ্যে বয়স, জ্ঞান আৰু অভিজ্ঞতাই বহু ন ন চিন্তাৰ উন্মেষ ঘটায়৷ মানসিক শৃংখলাৰ বাবে সুস্থবোধ একান্তই প্ৰয়োজন৷

মানুহৰ মগজুৰ ভিতৰত ৬০ প্ৰকাৰৰ ৰসায়ন বিদ্যমান৷ ইয়াক সন্মিলিতভাৱে নিউৰ’পেপটাইডছ বুলি কোৱা হয়৷ মানুহৰ সমস্ত মানসিক অভিব্যক্তিৰ মূল কেন্দ্ৰ হৈছে মগজ৷ বুদ্ধিৰ তাৰতম্যৰ বাবে মানুহৰ মাজত ব্যক্তিত্বৰ পাৰ্থক্য দৃষ্টিগোচৰ হয়৷ মগজুত প্ৰায় এক লাখ কোটিমান নিউৰণ লৈ এটি শিশুৰ জন্ম হয়৷ জন্মৰ সময়ত নিউৰণবোৰ বহু দূৰে দূৰে থাকে৷ পিছলৈ হাড়ৰ সংখ্যা কমি যোৱাৰ দৰে নিউৰণৰ সংখ্যাও কমিবলৈ ধৰে আৰু নিউৰণসমূহৰ মাজত সংযোগ সাধন হৈ কথাবোৰ চিন্তা কৰিবলৈ শিকে৷ নখ কাটিলে আকৌ বঢ়াৰ দৰে, চুলি সৰিলে আকৌ গজাৰ দৰে নিউৰণৰো হানি-বিঘিণি ঘটে আৰু লগে লগে সৃষ্টিও হৈ থাকে৷ আমাৰ মগজুটোৰ অভাৱনীয় সামৰ্থ আছে৷ আমি অতদিনে বিশ্বাস কৰি আহিছিলোঁ যে মগজুটোৰ কেৱল সামান্য এটা অংশইহে আমাৰ দৈনন্দিন কামকাজবোৰ পৰিচালিত কৰি থাকে! পিছে এই মতবাদটো সাম্প্ৰতিক গৱেষনাই মিছা বুলি প্ৰমাণ কৰিছে৷ বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ মগজুৰ কেৱল ১০ শতাংশহে ব্যৱহাৰ হৈছিল বুলি আমি বিভিন্ন কিতাপ আলোচনীত পঢ়িবলৈ পাওঁ৷ শেহতীয়া গৱেষনাই এই জনশ্ৰুতিক খণ্ডণ কৰি নতুন তথ্য উদ্ঘাটন কৰিছে৷ স্নায়ুতত্ত্ববিদ Barry Gordon আৰু Barry Beyerstein ৰ মতে আমি মগজুৰ প্ৰতিটো অংশ বিভিন্ন চিন্তাত ব্যৱহাৰ কৰিব লগা হয়৷ আনহে নালাগে নিদ্ৰাৰত অৱস্থাটো মগজুৰ সকলো অংশ শুই নপৰে৷ এটা পৰ্যায়লৈকে এই অংশসমূহ সক্ৰিয় হৈ থাকে৷ কেৱল দুৰ্ঘটনা, জন্মগত বিসংগতি আৰু অসুখ-বিসুখৰ ক্ষেত্ৰতহে মগজুৰ কোষ ধ্বংস হোৱাৰ সম্ভাৱনা থাকে৷ মগজুৰ বিভাগসমূহৰ ব্যৱহাৰৰ ওপৰতে ইয়াৰ সক্ৰিয়তাৰ পৰিমাণো নিৰ্ভৰ কৰে৷ PET (Positron Emission Tromography), fMRI ( functional Magnetic Resonance Imaging) আদি পদ্ধতিৰদ্বাৰা মানুহৰ মগজুৰ দক্ষতা পৰীক্ষা কৰি বহু কথাই জানিব পৰা হৈছে৷ অৱশ্যে আৰু বহু কথাই এতিয়াও ৰহস্যৰ আৱৰ্তত বুলি মনস্তত্ত্ববিদ আৰু বিজ্ঞানীসকলে স্বীকাৰ কৰিছে৷

সত্যনাথ বৰাই ‘সাৰথি’ত লিখিছে- “চিন্তা মনৰ জেউতি৷” এই জেউতি উদ্ভাসিত হোৱাৰ অন্তৰালত শৰীৰৰ আন অংগৰ অৰিহণা নাই নেকি? আমি জানো যে শৰীৰ অবিহনে মন এটাই খোপনি পুতিব নোৱাৰে৷ গতিকে মনৰ সৈতে শৰীৰৰ সম্পৰ্ক অনস্বীকাৰ্য্য৷ মগজুটোক সহায় কৰিবলৈ শৰীৰৰ ইন্দ্ৰিয়সমূহৰ প্ৰয়োজন৷ মগজুটোৱে ইন্দ্ৰিয়সমূহৰ জৰিয়তে বাহ্যিক জগতৰ সৈতে সমন্বয় ৰক্ষা কৰে৷ ইন্দ্ৰিয়সমূহৰ গ্ৰহণযোগ্যতা আৰু স্নায়ুসমূহৰ পৰা পোৱা সংকেতৰ ওপৰত ভিত্তি কৰিয়েই চিন্তা এটিৰ জন্ম হয়৷ স্নায়ুতন্ত্ৰৰ মান জিন-নিৰ্ভৰশীল৷ ই মানুহৰ জৈৱ ৰাসায়নিক ভাৰসাম্য ৰক্ষা কৰে৷ জিনৰ মাজতে ব্যক্তিত্বৰ বীজ প্ৰোথিত হৈ থাকে৷ এই ক্ষেত্ৰত পেশী আৰু গ্ৰন্থিসমূহৰ ভূমিকাও উল্লেখনীয়৷ অনালী গ্ৰন্থিসমূহে হৰমন নিসৃত কৰি দেহৰ ৰক্তসঞ্চালনত মিলিত হয়৷ আমাৰ দেহ-মানসিক বিকাশ আৰু ক্ৰিয়া পৰিচালনাত এই হৰমনৰ যথেষ্ট ভূমিকা আছে৷

মানুহৰ মস্তিষ্কত থকা ড’পামিন আৰু ষ্ট্ৰায়াটাম নামৰ ৰসায়ন দুবিধৰ প্ৰভাৱৰ ফলত মানুহৰ আচৰণ আৰু বিশ্বাসৰ সালসলনি হয়৷ কোনো কোনো লোকৰ চিন্তা-চেতনা অত্যন্ত উচ্চমানৰ হোৱাৰ কাৰণ হিচাপে গৱেষনাই মগজুৰ ভিতৰত বিভিন্ন স্তৰৰ সন্ধান পাইছে৷ ৰিচাৰ্ড বাৰেটৰ মতে, মানুহৰ চেতনাত সাতটা স্তৰ আছে৷ মানসিক উত্তৰণ ঘটাই নিজকে চেতনাৰ উচ্চ পৰ্যায়ত অধিষ্ঠিত কৰিবলৈ কঠোৰ মানসিক শ্ৰমৰ দৰকাৰ৷ ইন্দ্ৰিয়ৰ যোগেদি পোৱা সংবেদন, সংবোধন, সংপ্ৰত্যক্ষ – এই তিনিটা পৰ্যায়ৰ জৰিয়তেহে বাহ্যিক জগতৰ সৈতে মনৰ যোগসূত্ৰ সম্ভৱ হয়৷ সংবেদন মনৰ নিষ্ক্ৰীয় অৱস্থা৷ সংবোধন সক্ৰিয় অৱস্থা আৰু সংপ্ৰত্যক্ষ হৈছে মনৰ অৰ্থপূৰ্ণ অৱস্থা৷ এই অৰ্থপূৰ্ণ অৱস্থাৰ সুসংগঠিত ৰূপটোৰ নাম সংপ্ৰত্যয়ণ বা Conception৷ পৰ্য্যবেক্ষণ, বিশ্লেষণ, সংশ্লেষণ, তুলনা আদি প্ৰণালীৱদ্ধ ক্ৰিয়াসমূহ এই পৰ্যায়ৰ সৈতে জড়িত৷

মানুহৰ মনটো সুখ-দুখ, উৎসাহ-আনন্দ-নিৰানন্দ, ক্লান্তি, ঈৰ্ষা, পাপবোধ, কাম-ক্ৰোধ, উদ্দীপনা, বিষণ্ণতা, আতংক, স্মৃতি-বিস্মৃতি, মনোযোগ-আগ্ৰহ, চিন্তা-যুক্তি-বুদ্ধি ইত্যাদি নানান কাৰকেৰে ভৰপূৰ৷ এনে বহু কাৰকৰ ভিত্তিত এজন লোকৰ ব্যক্তিত্বই গঢ় লৈ উঠে৷ ব্যক্তিত্ব ব্যক্তি বিশেষে ভিন্ন৷ এজন লোকে পৰিস্থিতি সাপেক্ষে কেনে আচৰণ প্ৰকাশ কৰে তাৰ ওপৰত ভিত্তি কৰিয়েই তেওঁৰ ব্যক্তিত্বৰ এটি আভাস পোৱা যায়৷ এজনৰ বাবে অসহনীয় বিষয় এটা বিষয়টোৰ সৈতে সম্পৰ্কিত আন এজনে কেনেকৈ নিৰৱে সহিব পাৰে? জৈৱিক সহজাত প্ৰবৃত্তি, প্ৰেৰণা, প্ৰৱণতা, হেঁপাহ আৰু অৰ্জিত জ্ঞান অভিজ্ঞতাই এই পাৰ্থক্যৰ মূল কাৰণ নহয়নে? অভিজ্ঞতা আৰু জ্ঞানে দুজন মানুহৰ মনত বেলেগ বেলেগ বোধৰ জন্ম দিব পাৰে৷ এই বোধৰ ভিত্তিতে প্ৰতিক্ৰিয়াৰ প্ৰকাশ হয় লগতে ব্যক্তিত্বৰো আত্মপ্ৰকাশ হয়৷ মানুহৰ আচৰণ আৰু ব্যৱহাৰত মনৰ তিনিটা অহং অৱস্থা নিহিত হৈ থাকে৷ প্ৰাপ্তবয়স্ক অহং (adult ego), পিতৃবৎ অহং (parent ego) আৰু শিশুসুলভ অহং (child ego)৷ প্ৰাপ্তবয়স্ক অহংসম্পন্ন ব্যক্তিসকল সাধাৰণতে সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী, সংযত, ভাবুক, নিজ সামৰ্থৰ ওপৰত বিশ্বাসী, দায়িত্বশীল আৰু ধৈৰ্য্যশীল হয়৷ তেওঁলোকে আনৰ কথা গুৰুত্বসহকাৰে শুনে৷ পিতৃবৎ অহংসম্পন্ন ব্যক্তিয়ে বংশানুক্ৰমিক আচৰণ, বিশ্বাস আৰু চিন্তাধাৰাকে খামোচ মাৰি ধৰি থাকে৷ অভিজ্ঞতা, অৰ্জিত শিক্ষা বা অইন পৰিৱেশে এই বিশ্বাসক শিথিল কৰিব নোৱাৰে৷ শিশুসুলভ অহংসম্পন্ন ব্যক্তি সাধাৰণতে আত্মকেন্দ্ৰিক হয়৷ আবেগ অনিয়ন্ত্ৰিত হয় আৰু সিদ্ধান্তৰ ক্ষেত্ৰত পিছ হুহকি ৰয়৷

ব্যক্তিৰ চেতন আৰু অচেতন মন ওচৰা-ওচৰি ৷ মনোবিজ্ঞানী ইয়ুঙৰ মতে, সকলো ধৰণৰ চিন্তা, অনুভূতি সচেতন বা অচেতন আচৰণৰ অবাধ লীলাভূমি৷ অহং হৈছে সচেতন মনৰ প্ৰহৰী৷ এনে অগণন কাৰকৰ ওপৰত ভিত্তি কৰি এজন মানুহ বদমেজাজী হ’ব নে গম্ভীৰ, নিৰ্লিপ্ত বা ৰঙীয়াল হ’ব সেই কথা নিৰ্ভৰ কৰিব৷ ঈৰ্ষা, ঘৃণা, হীনমন্যতা এইবোৰ বাল্যকালৰ পৰিৱেশৰ ফল৷ অৱশ্যে শিক্ষাৰ দ্বাৰা ইয়াৰ শুধৰণি সম্ভৱ৷

মুঠতে মন এক বিস্ময়৷ ইয়াৰ পৰিধি ইমানেই বিস্তৃত যে সাধাৰণ লেখা এটিৰ যোগেদি ইয়াৰ সমস্ত দিশ সামৰি ল’ব নোৱাৰি৷ মনস্তত্ত্ববিদসকলে মনৰ ন ন তথ্য নিতৌ আৱিষ্কাৰ কৰিব লাগিছে৷ সিদ্ধান্তৰ ক্ষেত্ৰতো অৱশ্যে বহু মতভেদৰ সৃষ্টি হৈছে৷ আখৰোট আকৃতিৰ মানুহৰ মগজুটোৰ ভৰ প্ৰায় ১৪০০ গ্ৰাম৷ এই ১৪০০ গ্ৰাম বা ১.৪ কিলোগ্ৰাম ওজনৰ মগজুটোত লুকাই থকা অপাৰ বিস্ময় ভেদিবলৈ মনোবিদসকল সক্ষম হ’বনে নহয় সেয়াও আমাৰ বাবে পৰম কৌতূহলৰ বিষয়৷ আমি আশা কৰিম পৃথিৱীৰ প্ৰত্যেকজন মানুহে মগজুৰ সুপ্ৰয়োগৰ দ্বাৰা এই ধুনীয়া পৃথিৱীখনৰ হিংস্ৰতা নিৰ্মূল কৰিবলৈ সক্ষম হ’ব৷

(বি: দ্ৰ: লেখাটো প্ৰস্তুত কৰোঁতে কেইবাখনো গ্ৰন্থ, আলোচনী আৰু ইণ্টাৰনেটৰ সহায় লোৱা হৈছে৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments