ব্যক্তি তথা সমাজ গঠনত মাতৃৰ প্ৰভাৱ (নিবেদিতা হাজৰিকা)

এখন সমাজ যিবোৰ নীতিৰ দ্বাৰা পৰিচালিত হয় তাৰ মূল উৎস হয় ঘৰখন  আৰু এই ঘৰখনৰ মূল চালিকা শক্তি হ’ল নাৰীগৰাকী। এটি শিশুৰ চৰিত্ৰ গঠনত অৱদান আগবঢ়োৱা প্ৰথম ব্যক্তি গৰাকী হ’ল মাতৃ অৰ্থাত এগৰাকী নাৰী।

মাতৃৰ মৰম বা মাতৃস্নেহ হ’ল এক দৃশ্যমান ভগৱান স্বৰূপ।ইয়াৰ প্ৰভাৱ স্থায়ী আৰু সৰ্বব্যাপি। প্ৰতিগৰাকী উপযুক্ত মাতৃৰেই নিজৰ সন্তানৰ ওপৰত শক্তিশালী প্ৰভাৱ পৰে। বাল্যকালত সন্তানৰ মনত সুমুৱাই দিয়া সজ চিন্তাবোৰ পিছৰ জীৱনত তেওঁলোকৰ কাৰ্যত প্ৰতিফলিত হয়। সন্তানৰ প্ৰথম শিক্ষাদান কৰোতা গৰাকী হ’ল মাতৃ। এই শিক্ষাৰ পৰা যি চাৰিত্ৰিক বৈশিষ্ট গঢ় লয় সেইয়া কোনো পুথিগত বিদ্যাই দিব নোৱাৰে। সাধাৰণতে এটি শিশুৱে দেউতাকতকৈ মাকৰ সান্নিধ্য বেছি লাভ কৰে। সেই কাৰণেই হয়তো শিশুৰ আচৰণ আৰু কাৰ্যৰ ওপৰত মাতৃ গৰাকীৰ প্ৰভাৱ বেছি হয়। নিজৰ অজ্ঞাতেই তেওঁলোকে মাকক অনুসৰণ কৰিবলৈ ধৰে।

পৃথিৱীৰ সকলো ঠাইতে নাৰীৰ প্ৰভাৱ একে। সকলো দেশতে মানুহৰ নীতি-নিষ্ঠা,আচৰণ আৰু চৰিত্ৰ নাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ উদাহৰণ অনেক পোৱা যায়। এই ক্ষেত্ৰত নেপোলিয়ন বোনাপাৰ্টে কোৱা এষাৰ কথা মনত পেলাব পাৰি। তেওঁ কৈছিল –তেওঁৰ জীৱনৰ সফলতাৰ চাবি-কাঠি আছিল তেওঁৰ মাতৃ। কিয়নো তেওঁ বিশ্বাস কৰিছিল যে, তেওঁৰ জীৱনৰ চমকপ্ৰদ সাফল্য সমুহৰ মূলতে আছিল বাল্যকালতে মাকৰ পোৱা শিক্ষা। মাকে তেওঁৰ ইচ্ছা শক্তিক প্ৰভাৱিত কৰিছিল,কৰ্ম শক্তিক দৃঢ় কৰিছিল। পৃথিৱীত আৰু এনেকুৱা বহু সফল ব্যক্তিৰ উদাহৰণ আছে যি সকলে এগৰাকী সৎ আদৰ্শ মাতৃৰ সান্নিধ্য লাভ কৰিছিল আৰু মাতৃ গৰাকীৰ সফলতাক গৌৰৱেৰে স্মৰণ কৰিছিল।

এইখিনিতে আৰু এটা কথা অপ্ৰিয় হ’লেও ক’ব লাগিব যে –যেনেকৈ এগৰাকী মাতৃয়ে সন্তানক ভালৰ পিনে পোনাব পাৰে ঠিক তেনেকৈ বেয়াৰ ফালেও ঢাল খুৱাব পাৰে। কিয়নো এগৰাকী অস্থিৰ চৰিত্ৰৰ,উগ্ৰ-স্বভাৱী বা আঁকোৰগোজ স্বভাৱৰ মাতৃয়ে নিজৰ প্ৰতিভাশালী সন্তানৰ মনত কিছু বিৰূপ ভাৱ,চিন্তা সুমুৱাই দি সন্তানৰ ভৱিষ্যত নষ্ট কৰি পেলোৱাৰ উদাহৰণো এই পৃথিৱীত নোহোৱা নহয়।

সাংসাৰিক দায়িত্ব পালনৰ বাবে বিচক্ষণতা গুণ বা ব্যৱহাৰিক জ্ঞান পুৰুষৰ সমানে নাৰীৰো প্ৰয়োজন। ইয়াৰ উদ্ভৱ হয় পৰিশীলিত বিচাৰ বুদ্ধিৰ পৰা। কোনো কাম কৰাৰ আগতে উচিত-অনুচিত ভাবি-চিন্তি কাৰ্য সাধনৰ উপায়,ক্ৰম,উপযুক্ত সময়,পদ্ধতি আদি নিৰ্ণয় কৰা উচিত। এইখিনি কৰিবলৈ যাওঁতে বহু সময়ত নাৰীয়ে কৰ্মশক্তি আৰু উদ্দেশ্যৰ দৃঢ়তাৰ ক্ষেত্ৰত অধিক সজাগ হ’ব লগা হয়। এখন সংসাৰ সূচাৰুৰূপে চলাবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ জ্ঞান,শ্ৰম,সু-শৃঙ্খলা,মিতব্যয়িতা,কৰ্ত্তব্যপৰায়ণতা,সাংগঠনিক শক্তি আদি অনেক গুণৰ প্ৰয়োজন হয়।

শিক্ষা-দীক্ষা,জীৱিকা,শিল্প-কলা,ৰাজনীতি,সমাজসেৱা আদি কোনো ক্ষেত্ৰতে নাৰী পিছ পৰি থকা নাই। কিন্তু এই সকলোবোৰৰ ওপৰত থকা এগৰাকী মাতৃৰ দায়িত্ব নাৰীয়ে কেতিয়াও পাহৰি যোৱা নাই বা পাহৰি যোৱা উচিত নহয়। ল’ৰা-ছোৱালী দুয়োৰে চৰিত্ৰ গঠনত মা-দেউতকা দুয়োৰে  ভূমিকা থাকিলেও কিন্তু এই ক্ষেত্ৰত মাতৃ গৰাকীকহে অধিক সজাগ হোৱা দেখা যায়। বহু সময়ত তেওঁলোকৰ এই প্ৰভাৱ কিন্তু চকুত নপৰাকৈয়ে ৰৈ যায়। তেওঁলোকৰ এই কামবোৰ ব্যক্তিগত বা পৰিয়াল সংক্ৰান্তীয় হোৱা বাবে এগৰাকী গৃহিনী হিচাপে পৰিয়ালৰ বাবে কৰা চমৎকাৰ সফলতা সমূহো কেতিয়াবা লেখত নপৰাকৈয়ে ৰৈ যায়। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ কোনো আক্ষেপ নাথাকে বা তাৰ বাবে নিজৰ কৰ্ত্তব্যৰ প্ৰতিও অৱহেলা কৰা দেখা নাযায়। জীৱনৰ বিভিন্ন ক্ষেত্ৰত সকলো ধৰণৰ সফলতা পালেও প্ৰতি গৰাকী সৎ নাৰীয়ে সন্তানক প্ৰকৃত ৰূপত মানুহ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত সফল হ’ব পাৰিলেহে আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰে।

এটা জাতি হ’ল কিছুমান পৰিয়ালৰ সমষ্টি। এই পৰিয়ালবোৰ হ’ল এগৰাকী মাতৃৰ সৃষ্টি আৰু মাতৃ গৰাকীয়ে প্ৰেমেৰে এই পৰিয়ালবোৰ শাসন কৰে। গতিকে এগৰাকী নাৰীয়ে এটা পৰিয়াল সজ আদৰ্শৰে,সুস্থ চিন্তাধাৰাৰে পৰিচালিত কৰি এটা সুস্থ,সৎ পৰিয়াল গঢ়ি তোলা মানে পৰোক্ষভাৱে এটা জাতিৰ,এখন সমাজৰ,এখন দেশৰ উন্নতি সাধন কৰা নহয়জানো ? যিখন ঘৰত ব্যক্তি সকলৰ মাজত প্ৰেম আৰু কৰ্ত্তব্যবোধ বিৰাজমান সেইখন ঘৰৰ পৰা সমাজে সুস্থ ৰুচিবোধসম্পন্ন নাগৰিক আশা কৰিব পাৰে। এইখিনিতে আহি পৰে মাতৃ হিচাপে নাৰী গৰাকীৰ গধুৰ দায়িত্ব। যিয়েই এই দায়িত্ববোধৰ প্ৰতি অধিক সজাগ হয় তেঁৱেই এগৰাকী সফল মাতৃ হ’ব পাৰে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments