ব্যঙ্গৰ চলেৰে (দিগন্ত বৰা)

(১)

চোতালৰ আগত বেলপুলি এটা ৰোৱক। পুলিটো যেতিয়া লহপহকৈ বাঢ়িব তেতিয়া এদিন ৰাতি মনে মনে বেলজোপাৰ তলত দুফুটীয়া গাত এটা খান্দি ১০ কেজিমান শুকান মটৰ ঢালি দিয়ক।ওপৰত কাপোৰ এখন দি সৰু শিৱৰ মূর্তি এটা বহুৱাই দিয়ক। তাৰ পাছত পাতলকৈ মাটি দি পুতি দিয়ক।দৈনিক এগিলাচকৈ পানী ঢালক।এনেকৈ পাঁচ ছদিন পানী ঢালোঁতে ঢালোঁতে পানীত কুমলি কুমলি গোটেই মটৰবোৰ যেতিয়া ফুলি উঠিব সিহতৰ সন্মিলিত শক্তিয়ে মূর্তিটো মাটি ফুটাই ওপৰলৈ উঠাই আনিব।লগে লগে ওচৰ-চুবুৰীয়াক মাতি হুলস্থুল কৰি দিয়ক। মুহূৰ্ততে আপোনাৰ ঘৰত শিৱৰ আবিৰ্ভাৱ হোৱাৰ খবৰটো বতাহে সকলোকে দিব। নিজে অলপ চালু হৈ কামটোত আগভাগ লওক। উৰহীৰ ওৰটো আনক জানিবলৈ দি পিঠিটো বহল নকৰিব।লগে লগে মূর্তিটো বেৰি দিয়ক। পাছদিনাৰ পৰাই মানুহ তো আহিবই। মন্দিৰৰ বাবে দান পাত্ৰ এটা বহুৱাই দিয়ক। শিৱ লিংগ এটা স্থাপন কৰি দিয়ক। পাৰিলে লিংগটোৰ তলত গোপন পাইপ এডাল দি মাটিৰ তলেৰে পাকঘৰলৈ লৈ আহক। শিৱলিংগত ভেজাল গাখীৰ কোনেও নাঢালে। গাখীৰে গা ধুব পাৰিব। ভকতক শুশ্ৰুষা কৰক। গেদাৰিং বঢ়াওক যেনেতেনে। মাজে মাজে ৰিউমাৰ একোটাও উলিয়াই দিয়ক ফেটী সাপ এডাল আছে বুলি।মন্দিৰৰ বাবে চৰকাৰৰ পৰা অনুদানো পাই যাব। কেলেই চাকৰি লাগিছে হে টেকনিক জানিলে!

(২)

পৰহি আমাৰ গাঁৱত ভাওনা আছিল।ভাওনাৰ পৰা আধাতে ঘৰলৈ গুছি আহিলোঁ।মাৰ চাদৰ মেখেলা যোৰ আৰু ব্লাউজটো পিন্ধি উৰণিৰে মূখখন ঢাকি গাৱঁৰ মাজেৰে এক পাক দি দিলোঁ। প্ৰথমে বুঢ়া মানুহ এজন পালো। বুঢ়াজনে মোক খেদি আহিল।মই খোজটো খৰ কৰাত মোক ধৰিব নোৱাৰিলে। তাৰ পাছত গাৱঁৰে বৰমূৰীয়া ভদ্ৰলোক এজন পালোঁ। ভদ্ৰলোকজনে মোৰ চাদৰখন টানি ধৰিলে। লেং এটা মাৰি তেখেতৰ হাতৰ পৰা চাদৰখন টানি আনোতে বিশেষ কষ্ট কৰিব লগা নহ’ল। গৈ আছোঁ, গৈ আছোঁ।এইবাৰ মদপী ডেকালৰা দুজন পালোঁ।মদপী দুটাই মোলৈ তধা লাগি চাই কলেঃ হেৰি খুৰীদেউ, আপোনাৰ হাতত দিয়াশলাই আছেনেকি? মহিলাৰ মাত এটা উলিয়াই মই “দিয়াশলাই লবলৈ মই বিড়ি চিগাৰেট নাখাও নহয়” বুলি কৈ সিহতক অতিক্ৰম কৰি আহিলোঁ। আন্ধাৰ টাৰনিঙটো পাৰ হওঁতেই কোনোবাই মোক পাছফালৰপৰা মুখত সোপা দিয়া যেন লাগিল। ভয়ো লাগিল অলপ। দত বা ভূত হলে মৰিলো আৰু! মোতকৈও বলী আছিল মানুহজন। গতিকে মোক কাবু কৰিবলৈ তেখেতৰ বেছি সময় নালাগিল। মানুহজনে মোক চোঁচৰাই খেৰৰ মেজী এটাৰ ফালে লৈ গ’ল। খেৰৰ মেজীটোত মোক আউজাই তেখেতে মোৰ কাপোৰবোৰ টনা-টনি কৰিবলৈ ধৰিলে। আন্ধাৰতে মানুহজনক চিনি পালোঁ।গতিকে মোক সাৱটি ধৰিব খোজোতেই মই কলোঁ – “হেৰা গাঁওবুঢ়া দাইটি, মই দিগন্তহে”।
দাইটি থিতাতে মূছকঁছ্‌ গ’ল।

(৩)

কিছুমান ব্যক্তিয়ে মাছ নাখায় জিজি খায়। মোৰ পুৰণা ভেছপাখন কিনিবলৈ অহা মানুহজনৰ সতে দৰ-দাম কৰি থকাৰ মাজতে মা আহি ওলোৱাত মানুহজনে মাক পানী এগিলাচ বিছাৰিলে।মায়ে পানী গিলাচ আনি দিলে। মানুহজনে ক’ৰ পানী সুধিলে। মায়ে কলেঃ ফিল্টাৰৰ পানী। মানুহজনে তেতিয়া ঘৰত একুৱাগার্ড নাইনেকি সুধিলে। মোৰ আজলী মায়ে কতনো একুৱাগার্ডৰ নাম শুনিছে। গতিকে একুৱাগার্ডটো মায়ে কেঁকোৰা গাঁত বুলিহে বুজিলে। মই মাক ইংগিত দিয়াৰ পূর্বেই মায়ে কৈয়ে দিলেঃ কেঁকোৰাগাঁতৰ পানী খাবলৈ তোমাৰ কিবা অসুখ হৈছে নেকি বোপা?

মাৰ কথাত মানুহজনে খঙেৰে যিটোহে চাৱনি দিলে যে সঁচা কৈছোঁ মোৰ পথৰুৱা ঘামেৰে তলৰ গেঞ্জী তিতি গল। মানুহজনক কেনেকৈ ব’ল্ড কৰিব পাৰি তাকে চিন্তা কৰি থাকোতেই তেখেতে টকাৰ নুৰা এটা উলিয়াই আঙুলিত মুখৰ থু লগাই লগাই গন্তি কৰি থকা দেখি ৰৈয়েই নাথাকিলোঁ। মই কলো “হেৰি ডাঙৰীয়া, আপুনি এই পুৰণা নোটবোৰ কিয় চেলেকিছে?”
আচৰিত হৈ মানুহজনে ক’লে, “গন্তি কৰিছো আকৌ।”
মইঃ গন্তি কৰিছেনে চেলেকিছে?
তেখেতঃ এনেকৈয়েতো গন্তি কৰে।
মইঃ এনেকৈ গন্তি কৰোতে পুৰণা নোটখনত থকা বীজাণুবোৰ আপোনাৰ পেটলৈ নাযায়, অথচ দুখীয়াৰ ঘৰৰ ফিল্টাৰৰ পানী গিলাচ খালে পেটলৈ বীজাণু যায়!
মানুহজন ভিজা মেকুৰীটোৰ দৰে হৈ পৰিল।

(৪)

এক্স প্ৰেছিডেন্ট মানে যদি আগৰ প্ৰেছিডেন্টজন হয় এক্সপর্ট মানে প্ৰাচীন কালত ব্যৱহৃত বন্দৰ বা পর্টবোৰক বুজাব লাগিছিল। কিন্তু নুবুজালে। পাঠ বা LESSON বোৰ পঢ়িলেই মাক-দেউতাকৰ SON বোৰ কমি বা LESS হৈ যাব লাগিছিল। কিন্তু নগ’ল। জোতাৰ লেচডাল আনিবলৈ আনলেচ UNLESS বুলি চিঞৰিব লাগিছিল। বলে নোৱাৰা ভাৰখন নিবলৈ নে ভাৰ NEVER বুলি চিঞৰিব লাগিছিল। নিচিঞৰিলে। ফুলবোৰক ইউজ কৰাৰ বাবেহে ইউজফুলটো ব্যৱহৃত হব লাগিছিল। আকৌ ফুলপাহ ব্যৱহাৰ কৰি থেংক দিয়াৰ বাবে থেংকফুল ইউজ কৰিব লাগিছিল। তাকো নকৰিলে। ট্ৰীখিনিক কোনোবাই কাউন্ট কৰিব খুজিলে কাউন্ট্ৰি বুলি কব লাগিছিল। তাকো নকৰিলে। পার্টনাৰ কেইজনমান মিলি SHIP কিনা কাৰ্য্যটোক PARTNERSHIP কব লাগিছিল। সেইটোও নকৰিলে।ডিচ এখন কিনি ঘৰত এন্ট্ৰি কৰা কার্য্যটোক ডিচেন্ট্ৰি বুলি কব লাগিছিল। তেতিয়াহলে ডিচেন্ট্ৰি হৈ মানুহে বাথৰুমলৈ অহা-যোৱা কৰি থাকিব নালাগিলহেঁতেন! AGE থকা ফুটা বা LEAK বোৰকহে লিকেজ বুলি কব লাগিছিল। AGE নথকা LEAK বোৰে তেতিয়া পানী নোলালেহেঁতেন। ফেকচাৰ হোৱা মানুহক মেনুফেকচাৰ কব লাগিছিল। এইটোও কোৱা নহল। মুঠতে ইংৰাজী চাবজেক্টটো মই বৰ ওলোটা-ওভোটা পাইছোঁ বুজিছেনে!

(৫)

কালি আঠুৱা (NET)ইমানেই বেয়া যে ৰেখাৰ ওপৰত(ONLINE) মই উঠিবই নোৱাৰিলোঁ। ৰাতিপূৱা ভাঙি বেগাই(BREAK FAST) খাই থাকোতে আঠুৱাখন(NET) ভাল হোৱা দেখি ৰেখাৰ ওপৰত উঠি(ONLINE) মুখৰ কিতাপখন(FACE BOOK) খুলিলোঁ। খুলিয়েই জাননীকর্তাৰ (NOTIFICATION) জাননীবোৰ চালোঁ। তেতিয়াই তুমি তোমাৰ মৰ্য্যাদা  (STATUS) নবীকৰণ (UPDATE) কৰা দেখা পালোঁ।
তুমি তোমাৰ মৰ্য্যাদা যেতিয়াই নবীকৰণ (STATUS UPDATE) কৰা তেতিয়াই ইমানেই ভাল (LIKE) পোৱা যে আচৰিত হৈ যাওঁ।
মোৰ লেপ ওপৰ (LAP TOP) ও নাই মেজ ওপৰ (DESK TOP) ও নাই। বায়ু তেল (AIRTEL) ৰ ভাম্যমান (MOBILE)টোতে আঠুৱা (NET) খোলোঁ।

(৬)

শহুৰৰ ঘৰৰ মানুহখিনি বৰ আহি থাকে বুজিছেনে! প্ৰতি শনিবাৰে শহুৰো ওলায়হি। ওলালেই টেনচন। মোনা এখন হাতত দি এওঁ কবঃ হেৰা, মাছ মাংস অকন আনাগৈ। দেউতাই শুদা ভাত খাবনেকি?
মাথাটো গৰম হৈ যায়। বেগটো লৈ ওলাই যোৱা মানেই তিনিশ চাৰিশ টকা উৰি যায়।
এদিন ছেগ বুজি এওঁক কলোঁ: দেউতা যিহেতু প্ৰতি শনিবাৰে ইয়ালৈ আহেই সেয়ে এইবাৰৰ পৰা টকা এশ এশ দি পঠাবা।
এওঁ সুধিলেঃকিয়?
মই বোলোঃ আমাৰ ঘৰলৈ আহোতে তেখেতেতো নগৰখনৰ মাজেৰেই আহে।
এওঁ কলেঃআহেতো।
মই বোলোঃ তেনেহলে আমাৰ ঘৰলৈ আহোতে তেখেতেই দেখোন মাছ বা মাংস অকন লৈ আহিব পাৰে? সেয়ে টকা এশ দি দি পঠাবা।
মোৰ আচল টেকনিকটো এওঁ নুবুজিলে। কিন্তু পচন্দ নকৰাকৈ নোৱাৰিলে।
সেয়ে সেইবাৰৰ পৰা দেউতাক আহিলে টকা এশ দি পঠাব ধৰিলে।
দেউতাকে সোধেঃ কিয় দিছ?
এওঁ কয়ঃ অহা শনিবাৰে মাছ বা মাংস অকন তয়েই লৈ আহিবি। এওঁৰ সময় একেবাৰে নাই অ।
বিশ বাইছ হাজাৰ পেন্সন পোৱা দেউতাকে জীয়েকৰ পৰা এশ টকীয়া নোটখন কিদৰে লব বাৰু? ইজ্জত বুলি কথা এটাও আছে নহয়।
টেকনিকটোৱে ইমানেই কামত দিলে যে পাছৰটো শনিবাৰৰ পৰা আমাৰ ঘৰলৈ আহোতে তেখেতেই মাছো আনে, মাংস অকনো আনে, আৰু আন কিবা কিবিও আনে।
প্ৰতি সপ্তাহত অবাবত খৰছ হোৱা তিনি চাৰিশ টকা কেনেকৈ বাছি গ’ল দেখিলেনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments