ব্যঞ্জন (প্ৰাঞ্জল দাস)

ব্যঞ্জন

লৰালৰিকৈ গাটো ধুই গোঁসাইঘৰত মূৰটো দোঁৱাই মধুমিতা ওলাই আহিল। পাকঘৰৰ এটা চুকত বেৰ দি সৰুকৈ তাই কোঠা এটা সাজি লৈছে। সেইখনেই তাইৰ গোঁসাইঘৰ। তাতে তাই লক্ষ্মী-বিষ্ণু আৰু মাক-দেউতাকৰ ফটো দুখন ৰাখিছে। সদায় ৰাতিপুৱা গা-পা ধুই আহি সেই ফটোদুখনত সেৱা এটা কৰাতো তাইৰ নিত্য-নৈমিত্তিক কাম। অইনদিনাখন হোৱা হ’লে ইমান সময় তাইৰ ভাত-পানী ৰান্ধি স্কুললৈ যাবলৈ খৰখেদা লাগিলহেতেন। আজি পিছে তাইৰ সেইবোৰ লেঠা নাই। বাৰটামান বজালৈকে সময়ৰ হিচাপ এটা কৰি তাই এফালৰপৰা কামবোৰৰ সূচী এখন মনৰ ভিতৰতে তৈয়াৰ কৰি ল’লে। চাহৰ বাচনটো জুইত তুলি দি তাই চ’ৰাঘৰলৈ আহিল। চ’ৰাঘৰৰ চোফাকেইখনত ধূলিয়ে পাতল চামনি পেলাইছে। তাই ফটাকানি এখন আনি এফালৰ পৰা চোফাকেইখনত কোব এটা এটা মাৰি গ’ল। কোঠাটোৰ সোঁমাজতে থকা টেবুলখনত বাতৰি কাকত কেইখনমান সিঁচৰতি হৈ আছে। সেইকেইখন ঠিক ঠাক কৰি তাই ওলাই আহিল। চিলিংখনত মকৰাজাল অলপ বান্ধিছে। পিছে এতিয়া সেইবোৰ চাফ কৰি থাকিলে নচলিব। চাহকাপ খাই তাই বজাৰলৈ বুলি সাজু হ’ল।
বিপুলে ৰাতিপুৱাতে তাইলৈ ফোন কৰিছিল। তাৰ লগত হোষ্টেলত একেলগে থকা লগৰ দুজন  হেনো কিবা কামত আজি তাহাঁতৰ এইফালে আহিব। চিনাকি ঠাইত সুবিধা হ’ব বুলি সিহঁতে বিপুলকো লগ ধৰিছে। গতিকে বিপুলো লগত আহিব। দুপৰীয়া মানলৈ সিহঁত আহি পাবহি। আগবেলাৰ ভিতৰতে কামটো শেষ কৰি তাৰ পিছত সিহঁতক লৈ বিপুল ঘৰত সোমাবও পাৰে।
-“সোমাবও পাৰো মানে? দুপৰীয়াখন নাখাই-নবৈ তহঁত যাবি ক’লৈ? আৰু ইমান দূৰ অহাৰ পিছত ঘৰলৈ নামাতিলে সিহঁতেনো ভাবিব কি বুলি!”
-“এহহ নালাগে থক নেকি” বিপুলে থেৰোগেৰো কৰিছিল।
-“তই সেইবোৰ চিন্তা কৰিব নালাগে। মই জা-যোগাৰ কৰিম নহয়। মুঠতে তই সিহঁত দুটাক লৈ ইয়ালৈকে গুচি আহিবি।” তাই বিপুলক ধমকি দিছিল। তাৰ পিছতে তাই থিক কৰিলে- তাই আজি স্কুললৈ নাযায়। বজাৰলৈ গৈ মাংস অলপ আনিব লাগিব। হ’ল বুলি সিহঁতকেইটাক শুদা ভাতকেইটাতো বাঢ়ি দিব নোৱাৰি।
তীখামোখৰা ৰ’দে গোটেইখন দহি নিছে। ৰাষ্টাত মানুহ এজনো দেখিবলৈ নাই। ৰিক্সা এখন দেখে নেকি তাই এনেয়ে এবাৰ ইফালে-সিফালে ঘূৰি চালে। নাই। তাই ছাতিটো মেলি ল’লে। বজাৰখন ভালদৰে বহা নাই। শাক-পাচলি বেচা বেপাৰীকেইটা অহায়ে নাই। মাংসৰ বেপাৰীকেইজনহে ৰাতিপুৱাতে হাঁহ-কুকুৰাকেইটামান কাটি-কুটি লৈ বহি আছে। তাই মাংস অলপৰ সৈতে মা-মচলা দুপেকেট মান লৈ ঘৰলৈ উভটিল। শাক-পাচলি অলপমান আগৰে কিনি থোৱা আছেই। আধা ৰাষ্টাতহে তাইৰ মনলৈ আহিল- চাহৰ লগত দিবলৈ ঘৰত বিস্কুটকেইখনমানহে আছে। তাই আকৌ উলটি মিঠাইৰ দোকানলৈ বুলি বাট ল’লে।
এইকণ কষ্ট কৰিবলৈ মধুমিতাৰ এলাহ নালাগে। বিপুল আৰু ৰশ্মিৰ সাহসতেতো তাই অতদিন জীয়াই আছে। অতদিনৰ মূৰত বিপুলে লগৰ কাৰোবাক ঘৰলৈ আনিবলৈ ওলাইছে। বায়েক হিচাপে তাই এইখিনি কষ্ট কৰিব নোৱাৰিবনে!
মধুমিতা তেতিয়া বি.এ.ৰ লাষ্ট ইয়েৰত। বিহুৰ বজাৰ কৰোঁগৈ বুলি ওলাই যোৱা মাক-দেউতাক সেইদিনা ঘূৰি আহি ঘৰ নাপালেহি। ‘ইহঁত দুটাক অত তত ঘূৰি ফুৰিব নিদিবি, আমি সোনকালে পামহিয়ে’- বুলি ওলাই যোৱা মানুহহাল কোনোদিনে ঘূৰি আহিব নোৱাৰা বাটেৰে গুচি গৈছিল। ট্ৰাকৰ খুন্দাত স্কুটাৰৰ পৰা উফৰি পৰা মাক-দেউতাকৰ নিথৰ দেহ দুটালৈ চাই বিপুল-ৰশ্মিয়ে চিঞৰি চিঞৰি কান্দিছিল। কিন্তু মধুমিতাই কন্দা নাছিল। দুখতকৈয়ো তাইৰ বুকুখনত ভিৰ কৰিছিলহি প্ৰচণ্ড অভিমানে। মাক-দেউতাকে কিয় তাইক তেনেকুৱা অৱস্থাত এৰি থৈ গ’ল!
তাই কোনোফালে বাট নোপোৱা হৈছিল। বিপুল আৰু ৰশ্মিৰ মুখদুখনলৈ চাই চাই তাই সাহস গোটাইছিল। দেউতাকৰ সৈতে কাজিয়া লাগি কোনোদিনে দেখা নিদিয়া খুড়াকজন সেইবাৰ সিহঁতৰ ঘৰলৈ আহিছিল। নিঠৰুৱা ল’ৰা-ছোৱালীকেইটাৰ দায়িত্ব লোৱাৰ চেলু দেখুৱাই দেউতাকৰ চাকৰিটো তেওঁ কাঢ়ি লবলৈ চেষ্টা চলাইছিল। মধুমিতা মানুহজনী জিকাৰ খাই উঠিছিল। তাই চিঞৰি উঠিছিল- নালাগে। ভায়েকহঁতৰ দায়িত্ব তাই অকলে ল’ব পাৰিব । তাই দেউতাকৰ স্কুলখনত সোমাইছিল। সময়বোৰ পাৰ হৈছিল।
লাহে লাহে খবৰ ল’বলৈ অহা মানুহবোৰ কমি আহিছিল। ক’ৰবাত লগ পালে মানুহবোৰে মধুমিতাৰ আগত ইচ্-আচখন কৰে। তেওঁলোকৰ অকলশৰীয়া ল’ৰা ছোৱালী কেইটাক অশান্তি দিব যাবলৈ বেয়া লাগে। মধুমিতাৰ মনে মনে হাঁহি উঠে। অশান্তি দিবলৈ বেয়া লাগে নে সিহঁতৰ খবৰ লবলৈ আহি অশান্তি চপোৱাৰ ভয়ত মানুহবোৰ নাহে তাই বুজি পায়। তাইৰ দিগন্তলৈ মনত পৰিছিল। এসময়ত দিগন্তই তাইৰ সৈতে কেইবাজনীয়া সংসাৰ এখনৰ কল্পনা কৰিছিল। তাইৰ লাজ লাগিছিল আৰু ‘নিলাজটো’ বুলি উচাট মাৰি তাই তাৰ ওচৰৰ পৰা আঁতৰি আহিছিল। সেই দিগন্তয়ো পিছলৈ তাইৰ সৈতে ভায়েক ভনীয়েকৰ দায়িত্ব লোৱাৰ ভয়ত আঁতৰি ফুৰিছিল। মধুমিতাই এতিয়া এইবোৰ কথা নাভাবে। স্কুল আৰু ঘৰৰ ব্যস্ততাত তাই নিজকে হেৰুৱাই দিব বিচাৰে। মাক-দেউতাক ঢুকোৱাৰ দিনা লঘোণে থাকি ৰাতি ভোক লাগিছে বুলি কন্দা-কটা কৰা বিপুল আজি ইঞ্জিনিয়াৰিং পঢ়িব পৰা হ’ল! ‘আমিনো বা ভগৱানক কি দোষ কৰিছিলোঁ’ বুলি তাইৰ বুকুত সোমাই উচুপি উচুপি কন্দা ৰশ্মিজনী আজি ইউনিভাৰ্চিটিত পঢ়িব পৰা হ’ল! মধুমিতাৰ আচৰিত লাগে। ৰশ্মি-বিপুলৰ সেইকণ সুখ লৈয়ে তাই হাঁহিব বিচাৰে।
“কেনেকৈ যে ঘৰখন ধৰি ৰাখিলি তইহে জান আই! ইহঁত দুটায়ে কিবা ভাগ্যৰ বলতহে তোক বায়েক হিচাপে পালে চাগে’!” বহুতে তাইক কয়। তাই উত্তৰত কি ক’ব লাগে একো ভাবি নাপায়। এইবোৰ ভাবি থাকিলে তাইৰ খেলিমেলিখন লাগে। যেন কেইবাবছৰো কেইবাটাও জটিল বিষয়ৰ পৰীক্ষা দি দি তাই ডিগ্ৰী এটা পালে, এতিয়া কোনোবাই তাইক কোনো এটা বিশেষ পৰীক্ষাৰ কথা সুধিলে তাইৰ খেলিমেলি লাগে। তাইৰ একোৱেই মনত নপৰে।
আচলতে ভাবিব বিচাৰিলে এফালৰ পৰা লানি নিছিগা অলেখ ঘটনাই মধুমিতাৰ মনত শাৰী পাতেহি। বিপুলৰ জ্বৰ। তাক ঘৰত অকলে এৰি মধুমিতা স্কুললৈ যাব নোৱাৰে। ইফালে ছমহীয়া পৰীক্ষাৰ বহীৰ জাপে তাইৰ টেবুলত দম বান্ধে। পিছদিনাখন স্কুলত হেডমাষ্টৰে তাইক তাগিদা দিয়ে। ৰশ্মিক টিউচনলৈ যাওঁতে বাটত কোনোবাই জোকাই আমনি কৰে, গতিকে মধুমিতা তাইৰ লগত যাব লাগে, নহ’লে তাই টিউচনলৈ নাযায়। আদা-নহৰুকেইটা কাটি যোগাৰ কৰি মধুমিতাই পুৰণা কথাবোৰকে পাগুলি থাকিল। ভাতকেইটা ৰান্ধি উঠি তাই দাইল অলপ উঠাই দিছিল। কিবা এটা ভাবি তাই ৰৈ গ’ল। ফ্ৰিজটোতে কাজিনেমু দুটামান আছে। তাই সেইকেইটা পখালি লৈ কাটি সাজু কৰি থ’লে। গৰমখনত সিহঁতে চৰ্বত অলপ খাবলৈ পালেহে বেছি ভাল পাব চাগে’।
দুই বাজিল। বিপুলহঁতৰ একো খা-খবৰ নাই। গাজৰকেইটামানৰ বাকলি গুচাই লৈ তাই চালাড তৈয়াৰ কৰিবলৈ সাজু কৰি ল’লে। মধুমিতাৰ লাহে লাহে অশান্তি লাগিল। ফোনটো লগাও বুলি ভাবিও তাই ৰৈ গ’ল। সি বা কি কামত ব্যস্ত হৈ আছে! তাইৰ ভোক লাগিল। ভাত-ডাইলখিনি ৰান্ধি উঠি মাংসখিনি বিপুলহঁত আহি পোৱাৰ পিছত ৰান্ধিবলৈ তাই ৰৈ আছিল। পিছে এতিয়া তাইৰ ৰৈ থাকি আমনি লাগিল। মাংসখিনি কেৰাহীত উঠাই দি তাই ওলাই আহিল। বিপুলহঁত কোন পাকত পায়হি একো ঠিক নাই। তাই কাপোৰযোৰ সলাই চুলিখিনি আঁচুৰি নিজকে ঠিক কৰি ল’লে। মাংসখিনি হয় মানে তাই টিভিটো অন কৰি ল’লে। চেনেলবোৰ সলাই সলাই তাই বহি থাকিল।
গেটখন খোলাৰ শব্দত মধুমিতা উচপ্ খাই উঠিল। তাই আগফাললৈ ওলাই আহিল। অকল বিপুল আহিছে। পিছে পিছে ৰিক্সাত কোনোবা আহিছে নেকি তাই ডিঙি মেলি চালে। নাই। বিপুল গপগপাই সোমাই আহিল। আহিয়ে সি ‘চাহ একাপ বনাচোন’ বুলি কৈ কুঁৱাৰ পাৰ পালেগৈ। মধুমিতাই একো তৎ ধৰিব নোৱাৰিলে। পিছে পিছে তায়ো কুঁৱাৰ পাৰ পালেগৈ।
-“লগৰ দুজন?”-“নাই সিহঁত দুটাক পঠিয়াই দিলোঁ। ডেইলী বজাৰৰ ওচৰত যে নতুনকৈ ৰষ্টুৰেণ্ট এখন খুলিছে, দেখিছ? তাতে তিনিও লান্স কৰিলোঁ। ঘৰলৈ নানিলো আৰু। তই বা কি ৰান্ধ! সিহঁতে যদি খাই সিমান ভাল নাপায়!” বিপুলে একে উশাহতে কথাকেইটা কৈ হাত-ভৰি ধুৱাত লাগিল। মধুমিতা পাকঘৰলৈ সোমাই আহিল।
তাই আহি গেছটোৰ ওচৰতে থিয় হ’লহি। বিপুলৰ কথাকেইটা তাইৰ মনৰ ভিতৰখনত খুন্দিয়াই খুন্দিয়াই বহুত ভিতৰলৈ সোমাই গ’ল। মধুমিতাই মনটো জোকাৰি ভাববোৰ থিক থাক কৰি ল’লে। নাই তাই এইবোৰ ভাবি নাথাকে। ভাবিলেই তাইৰ খেলিমেলি লাগে। মাংস খিনি উতলিছে। তাই এনেয়ে অকণমান জোল হাতত লৈ মুখত দি চালে।
মধুমিতাৰ মুখখন তিতা তিতা লাগিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক