ব্যতিক্ৰমৰ অনুভৱ (অভিজিত মেধি)

byotikramar-anubhab_abhijit-medhi2

আজিকালিৰ কিছু যুৱক-যুৱতীয়ে, বিশেষকৈ নতুনকৈ উপাৰ্জন কৰিব লোৱা চামৰ দুই এজনে চখ বা ৰুচিৰ নামত বেলেগ একো কৰিব নোৱাৰিলে এটা দামী কেমেৰা কিনি ফটোগ্ৰাফাৰ হোৱাটোকে থিৰাং কৰে৷ মইয়ো ব্যতিক্ৰম নাছিলোঁ, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি কিনিলোঁ এটা, লগতে এখন জুম লেন্স৷ কথাটো হ’ল, বস্তুটো কিনিলোঁ হয়, কিন্তুু বান্দৰৰ হাতত নাৰিকল পৰা যেনহে হ’ল৷ তদুপৰি কেমেৰাটো লাগ বুলিলেই ইজনে সিজনে খুজি লৈ যাব ধৰাত মোৰ ফটোগ্ৰাফাৰ হোৱাৰ সপোন পূৰণ হোৱাৰ সলনি হৰণ হোৱাৰ উপক্ৰম হ’ল৷ এই কথাই কথা নহয় বুলি, গুগ’ল দেৱতাৰ চৰণত শৰণ ললোঁ কেইদিনমান৷ এটা দুটা কথা শিকিলোঁ যেতিয়া ফিল্ডত নামি প্ৰেক্টিচ কৰিবলৈহে দেৰি৷ পইচা ভাঙি হাবি-জংঘল গৈ ফটোগ্ৰাফাৰ ধৰণৰ অনুভৱ এটা লোৱাৰ মন আছিল, কিন্তুু খুচুৰা কেইটাও লুকাভাকু দি থকা দিনত ভাবি চিন্তি চিৰিয়াখানা যোৱাটোৱেই উচিত আৰু গ্ৰহণযোগ্য বিকল্প যেন বোধ হ’ল৷
সেই সময়ত মই বাস কৰা চেন্নাই চহৰৰ ভাণ্ডালুৰ চিৰিয়াখানা খন যথেষ্ট ডাঙৰ, জীৱ-জন্তুও আছে বহুত৷ সাজি-কাচি ওলালোঁ এদিন দেওবাৰ লৈ, মোৰ বৰ্তমানৰ সহকৰ্মী তথা ভৱিষ্যতৰ মহান ফটোগ্ৰাফাৰ কেইজনৰ দৰে হাফপেণ্ট পিন্ধি, ডিঙিত কেমেৰাটো ওলোমাই, এটা গহীন গহীন ভাৱ দি৷ ইপিনে ক্লিক-ক্লিক, সিপিনে ক্লিক-ক্লিক, পিছে এখনো ভাল ফটো নাহিল৷ মনতে ভাব হ’ল, জন্তুবোৰৰেই দোষ, বন্ধ অৱস্থাত থাকি ইহঁতৰ ফটোজেনিক গুণাগুণ নাইকিয়া হৈ গৈছে৷ চেন্নাইৰ গৰমত তিনি চাৰি ঘণ্টা ঘুৰ্মুটিয়াই থকাটো একাচেকা বিধৰ কাম নহয়৷ ফটোগ্ৰাফীৰ ভূত ঘাম হৈ বব ধৰিছে, পিন্ধি থকা টিচাৰ্টটোৱে আজি তোক এৰি নিদিওঁ বুলি পিঠিতে সাৱটি ধৰিছে৷ আঁঠুলৈ ভৰি দুখন বালিৰে পোত খাও খাও, চানবাৰ্ন আৰু ধূলিৰ উৎপাটত মাটি কটা মানুহৰ ভৰি যেন দেখা হৈছে৷ হাফপেণ্ট পিন্ধি ফটোগ্ৰাফাৰ হৈ ষ্টাইল নামাৰোঁ বুলি কাণত ধৰিলোঁ৷ ওভতাৰ প্ৰস্তুতি কৰিছিলোঁৱেই, তেনেতে ফলক এখনত দেখিলো হস্তী স্নান দেখা পোৱা যাব বিয়লি ৩ বজাৰ পৰা৷ যি হ’ল হ’লেইটো আৰু, নিজেই লাগিলে অলপ দেৰিকৈ গা ধুম, আগতে গজৰাজৰ স্নান চোৱা যাওক৷
সময়মতেই আৰম্ভ হ’ল হস্তী স্নান, চাৰ্কাচৰ হাতীৰ নিচিনাকৈ হাতীবোৰ নিজে নিজে শাৰী পাতি আহি আছে, শ্বাৱাৰৰ তলত যন্ত্ৰবৎ এক মিনিট থিয় দি প্ৰাণহীন ভাৱে আগবাঢ়ি গৈছে৷ প্ৰয়োজন হোৱা নাছিল যদিও প্ৰতিপালকাৰী কেইজনে ওচৰত থিয় দি দুই এটা হাতীক নাম কাঢ়ি আদেশ দিছে৷ এটা দৈনন্দিন কাৰ্য্যৰ নিৰস পুনৰাবৃত্তি; অলপতে অমুৱালে, মিছামিছি ৰখি আছিলোঁ যেন লাগিল৷ পিছে এনেতে চকুত পৰিল শাৰীৰ মাজত আহি থকা ব্যতিক্ৰম পোৱালি হাতী এটা৷ তেতিয়াও (কিজানি) ভালকৈ প্ৰশিক্ষণ সম্পূৰ্ণ নোহোৱা পোৱালিটোক প্ৰতিপালকাৰী কেইগৰাকীয়ে গা ধুৱাবলৈ আগবঢ়াই নিব পৰা নাই৷ পোৱালিয়ে দুষ্টামি কৰি দৌৰ মাৰি ইফালে সিফালে পলায়৷ গতানুগতিক কাৰ্যসূচী এটাৰ মাজত তাৰ শিশু সুলভ আচৰণবোৰ দৃষ্টি আকৰ্ষণীয় হৈ পৰিছিল৷ অৱশেষত যেনিবা টানি আজুৰি কোনোমতে তাক শ্বাৱাৰৰ তললৈ অনা হ’ল৷ এবাৰ শ্বাৱাৰৰ তল পোৱাৰ পিছত, চেন্নাইৰ জ্বলা জুই হেন গৰমত শীতল পানীৰ পৰশ পাই, ইমান দেৰি স্নান কৰিবলৈ অবাধ্য হৈ থকা পোৱালিটো পানীৰ লগত ফূৰ্তিৰে খেলিবলৈ ধৰিলে৷ প্ৰতিটো হাতীৰ কাৰণে নিৰ্ধাৰিত কৰি থোৱা নিৰ্দিষ্ট সময় সীমা পাৰ হৈ গ’ল, কিন্তুু পোৱালিয়ে কোনোপধ্যে পাল এৰি নিদিয়ে৷ ৪২ ডিগ্ৰী গৰমত ঠাণ্ডা পানী উপভোগ কৰিব নজনা অভিজ্ঞ মামা-মামী, খুড়া-খুড়ীহতক ৰখাই থৈ তাৰ শুৰ দাঙি দাঙি মনমোহা আনন্দৰ প্ৰকাশ; পানী পায় যেন প্ৰাণহে পাইছে কণমানিটোৱে৷ বেচেৰাটোক অৱশেষত মহিলা প্ৰতিপালকাৰী গৰাকীয়ে কাণমলা দি শ্বাৱাৰৰ পৰা টানি বাহিৰ কৰিলে৷
মোৰ সেইদিনাৰ ফটোগ্ৰাফী অভিযান হাতী পোৱালিটোৰ স্নানৰ সৈতেই সমাপ্ত হ’ল৷ পিছে এক মিনিট সময় লৈ এতিয়াও সেই দৃশ্যটোৰ কথা ভাবিলে মনত এটা প্ৰশ্নৰ উদয় হয়- দৈনন্দিন জীৱনত আমি বাৰু কোনবিধ হাতীৰ নিচিনা, ক্ষন্তেকীয়া সুখবোৰ উপভোগ কৰিব জনাবিধৰ নিচিনা নে নজনা বিধৰ নিচিনা? আপুনিও ভাবি চাবচোন, ভাবি উঠি ফটো দুখন চাবলৈ নাপাহৰিব, প্ৰথম ছবিত হাতী পোৱালিটোক টানি শ্বাৱাৰলৈ অনা দৃশ্য, দ্বিতীয় খনত কাণমলা দি শ্বাৱাৰৰ পৰা বাহিৰ কৰা দৃশ্য৷ কাণমলা খালেও বেচেৰাই দুই মিনিটৰ আনন্দ প্ৰাণভৰি উপভোগ কৰিলে, সৰু সৰু আনন্দই তাৰ সৰু জীৱনটো ৰসাল কৰি ৰাখিছে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments