ব্যৰ্থতা (অমিতাভ মহন্ত)

byorthota amitabh mahanta

ৰাতিপুৱাই দৌৰা-দৌৰিকৈ স্কুললৈ ওলালোঁ৷ ইতিমধ্যেই পলম হৈছিল৷ কোনোমতে গৈ স্কুল বাছ ধৰিলোঁ৷ পিঠিত প্ৰকাণ্ড স্কুল বেগ, বেগত অসম্পূৰ্ণ হোমৱৰ্কৰ বহী৷ চাৰৰ শাস্তিৰ মৃদু ভয়৷ বগা চোলা, নীলা পেন্ট৷ টিফিনত ৰুটি তৰকাৰী, লগত এটা সৰু মিঠাই৷ লেজাৰত ৰাতুলহঁতৰ লগত ক্ৰিকেট৷ আৰু কত যে কি…..

সকলো ঠিকেই চলি আছিল৷ কেৱল ঘৰলৈ ঘুৰোঁতে স্কুল বাছত যোৱা নহ’ল৷ স্কুল বাছৰ বদলি আহিল এম্বুলেঞ্চ৷ অৱশ্যে এম্বুলেঞ্চত যোৱাৰ বিশেষ দৰকাৰ নাছিল৷ সপ্তম শ্ৰেণীৰ ছাত্ৰ যিমানেই টান নহওঁক, কপালৰ সোঁমাজত গুলী খাই সাধাৰণতেই এম্বুলেঞ্চত গৈ হস্পিটালত চিকিৎসা কৰিবলগীয়া বিশেষ একো বাকী নাথাকে৷

এই কেইদিন তাকেই ভাবি আছোঁ৷ এনেকুৱা ঘটনা কিবা কাৰণত মোৰ বা আমাৰ ক্ষেত্ৰত হ’লে কি হ’লহেঁতেন বাৰু৷ দেউতাই বাৰু কি কৰিলেহেঁতেন? দেউতা মানসিকভাৱে যথেষ্ট শক্তিশালী৷ আজিলৈ দেউতাই কন্দা দেখা নাই৷ হয়তো কিছুসময়ৰ বাবে মাততো থোকাথুকি হ’লহেঁতেন৷ কিন্তু মই দেউতাক ভালকৈ জানো৷ মুহূৰ্ততে তেওঁ নিজকে চম্ভালি ল’লেহেঁতেন৷ কিন্তু গাৰ ভিতৰত গৰম লোহা সুমুৱাই দিলে যেনেকুৱা লাগিব, সেই অনুভৱ দেউতাই পুৰা মাত্ৰাই কৰিলেহেঁতেন৷

এনেই ধৰি ল’লোঁ মই তেতিয়া ক্লাছ চেভেনত৷ তাৰ মানে তেতিয়া দেউতাৰ বয়স মোটামুটি ৪১৷ এই ঘটনাটোৰ পিছত বুকুত যন্ত্ৰণা লৈ দেউতা মোটামুটি আৰু ত্ৰিশ- চল্লিশ বছৰ থাকিব লাগিলহেঁতেন৷ হয়তো আৰু বেছি৷ দেউতা অন্তৰ্মুখী স্বভাৱৰ মানুহ৷ তেওঁ এই যন্ত্ৰণা অন্তৰৰ মাজতে লৈ তিল-তিলকৈ সদায় মৰিলেহেঁতেন৷ দেউতাক মই বৰ ভয় কৰোঁ৷ কিন্তু সেইদিনৰ পৰা দেউতাই মোক ভয় কৰিলেহেঁতেন৷ মোৰ স্মৃতি জড়িত বস্তু, ঠাই আদিৰ পৰা দূৰত থকা আৰম্ভ কৰিলেহেঁতেন চাগৈ৷

কিন্তু দেউতা পলাব কলৈ?? দেউতাৰ চাৰিওফালে যে মোৰেই স্মৃতি৷ মোৰ জোতা, ক্ৰিকেট বেটখন, জন্মদিনত দিয়া হিৰ’ ইমপেক্ট চাইকেলখন৷ কোনেও নেদেখাকৈ হয়তো মোৰ বাহিৰা বহীখন বুকুত সাবটি লৈ ৰাতি চটফটাই থাকিলেহেঁতেন৷ দেউতাৰ চাৰিওফালে যে মোৰেই স্মৃতি। দেউতাৰ সপোন, সঞ্চয়, ভৱিষ্যতৰ প্লেনিং…. সকলোৱেইতো কমি গ’লহেঁতেন৷ দেউতা চাগৈ শেষ হৈ গ’লহেঁতেন৷ কেৱল শৰীৰটো টানি লৈ ফুৰাটোকেইতো জীয়াই থকা নোবোলে৷

মাৰ কিন্তু ইমান কষ্ট নহ’লহেঁতেন৷ শিলৰ হেনো কষ্ট নহয়৷ সেইদিনৰ পৰাই মা হয়তো এক শিললৈ পৰিণত হ’লহেঁতেন৷ এই ঘটনাৰ পিছত মাক কোনোৱেই বিচাৰি নাপালেহেঁতেন৷ ৰাতিপুৱা মোক নিজ হাতে খুৱাই-বুৱাই স্কুললৈ পঠিয়াইছিল৷ গতিকে মই ঘুৰি আহিমেই৷ নহাৰ কোনো কথাই নাই৷ পূজাৰ বন্ধত আমি কলিকতা ফুৰিবলৈ যোৱাৰ কথা, মই নাহিলে কেনেকৈ হ’ব? মাৰ চকু নিশ্চল। মাৰ মুখখন মোৰ গুলী খোৱা কপালখনতকৈও বেছি মৃত৷

মা-দেউতাৰ বুকুত চুৰী বহুৱাই নিয়াৰ সহজ উপায় হৈছে নখ কাটোঁতে মোৰ আঙুলি অকণমান কটা যোৱাটো৷ মোৰ কপালৰ সেই গুলীয়ে সৃষ্টি কৰা গভীৰ দাগটোৱে তেওঁলোকৰ বুকুৰ কিমান গভীৰলৈ দাগ বহুৱালেহেঁতেন সেয়া ঠাৱৰ কৰাৰ সাহস মোৰ নাই৷ ওপৰৰ এই ভাৱবোৰ কেৱল মোৰ অনুমান৷

এই কেইদিন তেওঁলোকে টিভিত পেশ্বোৱাৰৰ ঘটনাবোৰ চাই আছে৷ তালিবান, জেহাদ, ধৰ্ম এইবোৰ শব্দ তেওঁলোকে যৌৱন-কালত ইমান সঘনাই নুশুনিছিল৷ এতিয়াও শুনিবলৈ মন নকৰে৷ আমিও শুনাটো নিবিচাৰে৷ কেৱল এই ভাবি শিয়ৰি উঠিছে যে আমিও পেশ্বোৱাৰ, ধেমাজিৰ দৰে ক’ৰবাত থাকিব পাৰিলোঁহেঁতেন৷ সম্ভাৱনা এতিয়াও শেষ হৈ যোৱা নাই৷

আজি আমি সকলো ব্যৰ্থ৷ এয়া কেৱল পাকিস্থানৰ ব্যৰ্থতা নহয়৷ আপুনি,মই, পাকিস্থান, আমেৰিকা, কেনিয়া, বুদ্ধ, মহাদেৱ, গেলিলিও, নিউটন, মাৰ্টিন লুথাৰ; সকলো আজি ব্যৰ্থ৷

আমাৰ প্ৰতিটো আৱিষ্কাৰ, নীল আৰ্মষ্ট্ৰঙৰ অভিযান, ভূপেনদাৰ গান সকলো ব্যৰ্থ৷ ইমান উন্নতি কৰিও আমি সেই কণমানি কেইটাক জীয়াই থকাৰ নিশ্চয়তা দিব নোৱাৰিলোঁ৷ পাকিস্থান কিয়, কোনোৱেই গম নোপোৱাকৈ আফ্ৰিকাৰ কোনো জংঘলতো যদি এটা শিশু, কেৱল শিশুৱেই কিয়… কোনোৱেই যদি এনেদৰে মৃত্যুমুখত পৰে, সেয়া সমস্ত মানৱজাতিৰ ব্যৰ্থতা, ইতিহাসৰ ব্যৰ্থতা৷

(বন্ধু তন্ময়ৰ ভাৱৰ বুৰবুৰণি)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments