ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিবাহ পদ্ধতি ( বিজু সেনাপতি )

Brahmaputra Upottyokar Bibah Paddhati_Biju Xenapoti

 

 

 

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম জনগোষ্ঠী হৈছে কলিতাসকল৷ অসমীয়া সভ্যতা-সংস্কৃতি, ভাষা-সাহিত্য, ৰীতি-নীতি ঐতিহ্য পৰম্পৰাৰ আদিম ৰূপটো এই প্ৰাচীন জনগোষ্ঠীটোৰ মাজতেই উদ্ভৱ হৈছিল৷ পদ্মনাথ গোঁহাঞিবৰুৱা, কালিৰাম মেধি আদি লোকসকলে এইকথা স্পষ্টকৈ উল্লেখ কৰি গৈছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিবাহ পদ্ধতিৰ এক স্বক্ৰিয় বৈশিষ্ট্য আছে আৰু ই সমগ্ৰ সভ্যতাটোৰ এক উল্লেখযোগ্য অনুষ্ঠান হিচাপে বিবেচিত হৈ আহিছে৷ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিবাহ প্ৰণালীৰো ভিন্নতা দেখা যায়৷ আদিতে এই ভূখণ্ডৰ লোকসকলে সৰ্বভাৰতীয় হিন্দু বিবাহ পদ্ধতি পালন কৰিছিল যদিও নিজস্ব বৈশিষ্ট্য, পৰম্পৰা আৰু উপাদানেৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিবাহ পদ্ধতিয়ে এক সুকীয়া গতি লাভ কৰিলে৷ সময় আৰু ঠাইবিশেষে ইয়াৰ ৰীতি-নীতিৰো কিছু ভিন্নতা দেখা যায় আৰু বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ৰীতি-নীতিৰ বহু প্ৰভাৱ ইয়াত সংযোজিত হৈ ই এক বৰ্ণময় অনুষ্ঠান ৰূপ ল’লেগৈ৷ এই বিবাহ নীতিৰ মূল উদেশ্য হৈছে হোমৰ জুইক সাক্ষী কৰি বৰ (দৰা) আৰু কইনা দুয়োজনেই জীৱন সংগী হোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়৷ এই বিবাহ প্ৰণালীৰ লগত বিভিন্ন স্থানীয় বিশ্বাস আৰু ৰীতি-নীতিও জড়িত থাকে৷ বিবাহ হৈছে দুজন ব্যক্তি (নৰ-নাৰী), দুখন ঘৰ, দুখন সমাজ (গাঁও বা ঠাই)ৰ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেদি সম্পন্ন হোৱা এক মাংগলিক প্ৰক্ৰিয়া৷ দুয়োখন ঘৰৰ মানুহ অহা যোৱা, কথা বতৰা হোৱা, আৰু সমাজৰ গণ্য মান্য ব্যক্তিৰ দ্বাৰা বিবাহ কাৰ্য্যৰ সন্মতি দিয়াৰ পাছতহে মূল বিবাহৰ প্ৰক্ৰিয়ালৈ আগবঢ়া দেখা যায়৷ বিয়াৰ দিন-বাৰ, ৰাহি-যোৰা আৰু সময় পঞ্জীকা মতে চোৱাই, বিজ্ঞজনৰ পৰামৰ্শ লৈ ঠিক কৰা হয়৷ বিয়াৰ আগদিনাক অধিবাস বা গাঁঠিয়ণ বোলে৷ ঠাই বিশেষে ইয়াক মূৰত তেল দিয়া বুলিও কয়৷ বৰ্তমান ই জোঁৰোণ নামেৰেহে চৰ্চিত হ’বলৈ ধৰিছে৷ সেইদিনা বৰ আৰু কন্যাক নিজ নিজ ঘৰত মাহ-হালধিৰে গা ধুওৱাৰ পাছত জেষ্ঠ্যসকলে মূৰত তেল দি আশীৰ্বাদ দিয়ে৷ জোৰোণত সাৰৰ সাজ, মিঠাই, পেটপোৰা ভাৰ আদি নিয়া হয়৷ বিয়াৰ দিনা বৰ আৰু কন্যা উভয়কে পুৱাবেলাতে ব্ৰাহ্মণে পৰাচিত কৰে৷ ৰাইজ তথা সমাজক সাধ্যানুসাৰে আপ্যায়িত কৰা হয়৷ ৰাতিলৈ হোম যজ্ঞত ভাগ লোৱাৰ কাৰণে বৰ আৰু কন্যাই উপবাস পালন কৰে৷ বৰ আহি কন্যা ঘৰৰ পদুলি পোৱাৰ আগে পাছে শুৱাগুৰি তোলাৰ নিয়ম৷ কন্যাৰ মাক দেউতাক সহিতে নিকট সম্বন্ধীয়ই বৰ আৰু বৰযাত্ৰীক পদুলিমূখত বিশেষভাৱে আদৰে৷ বৰক সেইদিনা শিৱভগৱানৰ লগত তুলনা কৰা হয়৷ কন্যা আৰু বৰ, দুয়োপক্ষৰ পৰা দুখন তামোল পাণৰ শৰাই আগবঢ়াই ৰাইজৰ সেৱা লয়৷ বিয়াৰ ক্ষেত্ৰত পালন কৰা কেইটিমান উল্লেখযোগ্য নিয়ম হৈছে – জোৰোণ দিয়া: পুৰনি কালত মূল বিয়াৰ দুদিন বা তিনিদিনৰ আগতেই অথবা বিয়াৰ আগদিনা পঞ্জীকা মতে দিন বাৰ চাই জোৰোণ দিয়াৰ নিয়ম আছিল৷ দৰা ঘৰৰ পৰা জোৰোণ দিয়া এই কাৰ্য্যটো সময় আৰু সুবিধাৰ বাবে বহুলোকে আজিকালি বিয়াৰ লগত একেদিনাই সম্পাদন কৰা দেখা যায়৷ জোৰোণত দৰা ঘৰৰ পৰা কিছুমান বস্তু কন্যা ঘৰলৈ লৈ যোৱাৰ নিয়ম আছে৷ যেনে – তেল, মাহ, হালধি, গাঠিয়ণ, মাটিৰ চাকি, মিঠাতেল, কপাহ, ধূপ, তামোল পাণ, শৰাই, শৰাই ঢকা, কলপাত, পাটিদৈৰ পাটি, দলিচা, তামোল কটাৰি ইত্যাদি৷ বস্তুবোৰৰ প্ৰত্যেকটোৰে দুটাকৈ নিয়া হয়৷ এটা দৰাৰ বাবে আৰু আনটো কইনাৰ বাবে৷ ইয়াৰ উপৰিও মাটিৰ ঘট বা কাঁহৰ লোটা দুটাত মূখলৈকে চাউল ভৰাই তাৰ মূখত পাঁচটাকৈ পাত থকা আমৰ ঠাল গুজি দিয়া হয়৷ কলহ দুটাৰ ডিঙিত এঁৱাসূতা মেৰাই দিয়া হয়৷ অন্য দুটা টেকেলিত দৈ ভৰাই লোৱা হয়৷ প্ৰসাধন সামগ্ৰী যেনে তেল, ফণি আদি বস্তুবোৰো দুটা দুটাকৈ নিয়া হয়৷ তাৰে দৰাৰ বাবে ৰখা বস্তুবোৰ কইনাই হাতেৰে চুই দিয়াৰ নিয়ম৷ এটা লোটাৰ চাউল দুণৰীত বাকি দি তাত কইনাৰ ঘৰৰ চাউল ভৰাই অনা হয়৷ দৰাৰ ঘৰৰ পৰা নিয়া নাৰিকলৰ যোৰাটো কইনাৰ কোঁচত দি তাৰ পৰা এটা নাৰিকল খুলি অনা হয়৷ এনেধৰণৰ প্ৰতিটো মাংগলিক কামত আয়তীসকলে উৰুলি দিয়ে আৰু ৰজিতা খুৱাই বিয়ানাম পৰিবেশন কৰে৷ বিয়ানাম ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক উল্লেখযোগ্য সাংস্কৃতিক উপাদান৷ জোৰোণত ব্যৱহাৰ কৰা অন্যতম প্ৰধান বস্তু হৈছে সেন্দূৰ৷ সামৰ্থ্য অনুসৰি কইনাক আ-অলংকাৰ আৰু কাপোৰ দিয়া হয়৷ কইনাৰ মাকৰ বাবেও এজোৰ কাপোৰ দিয়া হয় যাক ‘সাৰ কাপোৰ’বোলে৷ সাৰ কাপোৰ যোৰৰ লগত এটা ‘পেটপোৰা ভাৰ’দিয়া হয়৷ তাত ইচ্ছানুসৰি চাউল, মিঠাতেল, হালধি, নিমখ, জালুক, নহৰু, কচু, মচুৰ দাইল, মাছ আদি দিয়া হয়৷ এয়া দৰাৰ মাকে কইনাৰ মাকক দিয়ে৷ এনেকুৱা কাৰ্য্যবোৰত দক্ষিণাসহ তামোল পাণৰ শৰাই আগবঢ়াই উপস্থিত ৰাইজৰ আশীৰ্বাদ লৈ সম্পাদন কৰা হয়৷ জোৰোণ আদৰোতে পালন কৰা নিয়মবোৰ এনেধৰণৰ – কইনাৰ মাকৰ মূখখন আয়তীসকলে এখন ফুলাম গামোচাৰে ঢকা বিচনীৰে ঢাকি ৰাখে; ধূপ, চাকি, তামোল পাণ থকা কাঁহি এখন দৰাৰ মাকৰ মূখৰ আগত ঘড়ীৰ কাঁটাৰ দিশত তিনিবাৰ ঘুৰাই; দুয়োগৰাকীয় তিনিবাৰ শৰাই সলাই, সাবতা সাবতি কৰে৷ দৰাৰ মাকক আঁচলত ধৰি ৰভাৰ তললৈ আগবঢ়াই নিয়া হয়৷ নোৱনি ঠাইত মৰল তৈয়াৰ কৰা হয়৷ মূৰত তেল দিয়া: দৰাৰ মাকে জোৰোণৰ আঙঠি এটা লৈ তামোলৰ তলত ৰাখে আৰু দুয়োটা বস্তু কইনাৰ শিৰত ৰাখে৷ সেই তামোলৰ মূৰত তেল ঢলা হয় আৰু কাকৈ ফণিৰে মূৰ আঁচোৰা হয়৷ ইয়াৰ পাচত আঙুঠিৰ বেৰটোৰে সেন্দূৰ লগাই কইনাৰ শিৰত সেন্দূৰ দিয়া হয় আৰু সোঁ হাতৰ অনামিকা আঙুলিৰে কপালত সেন্দূৰৰ ফোঁট দিয়ে৷ তাৰপাছত কাপোৰ, অলংকাৰ আদি পিন্ধোৱা হয়৷ তামোল কটাৰি যোৰা দৰা আৰু কইনাই খোবাখোবিৰ দিনালৈকে লগত ৰাখে৷ ইয়াৰ লগত তন্ত্ৰ-মন্ত্ৰ বিশ্বাস জড়িত হৈ আছে৷ সেই দিনটোৰ অন্য কেইটিমান নিয়ম হৈছে – গাঠিয়ণ খুন্দি ফোঁট দিয়া, জেষ্ঠ্যসকলক একোখনকৈ তামোল দি আশীৰ্বাদ লোৱা, মৰলৰ ওচৰত শোৱা, ৰাতি নৌ পূৱাঁওতেই দৈয়ন দিয়া, ‘চোৰ পানী’তোলা ইত্যাদি৷ বিবাহৰ পানী তোলাৰ ক্ষেত্ৰটো কিছুমান নিয়ম আছে; মৰলত সেৱা কৰিহে পানী তুলিবলৈ যায়; পুস্পিতা নোহোৱা ছোৱালী এজনীয়ে দুনৰী নিয়ে, তামোল পাণ আগবঢ়াই জলদেৱতাক স্তুতি কৰিহে পানী তোলে৷ লোটাত লৈ যোৱা পানীখিনি নদীত পেলাই দি কটাৰীৰে পানী কাটি তিনিবাৰ পানীখিনি কলহেৰে লৰাই পানী ভৰাই৷ দৰা বা কইনাক গা ধুৱাবলৈ বেই সজা হয়৷ বেই হ’ল চাৰিটা কলপুলি চাৰিওফালে পুতি মাজত কলপটুৱাৰ এখন ঢৰা বৈ তলত পাৰি দিয়ে৷ ইয়াৰ তলত এটা হাঁহ কণী পুতি দিয়ে৷ ওপৰত এখন তামূলী পিৰা পাৰি তাত গা ধুৱাই৷ কলপুলি চাৰিটাত আমদালি গাঁঠি দিয়া হয় আৰু দৰা বা কইনাৰ ভৰি থবৰ বাবে আগলি কলপাত পাৰি দিয়া হয়৷ পানী ঢালি গা ধুওৱাৰ বাবেও বহুতো নিয়ম পালন কৰা হয়৷ গা ধোৱাৰ পাছত ‘খাৰ নোৱন’কৰা হয়; খাৰ নোৱনত ‘আম শা’, ‘চাকি শা’আদি বহুটো নিয়ম আছে৷ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ বিবাহ পদ্ধতিত ইবোৰৰ উপৰিও দৰাক দুৱাৰ ধৰা, বাতি সলোৱা আদি বিশেষ নিয়ম কিছুমান আছে৷ প্ৰতিটো নিয়মৰ লগত ইয়াৰ তাৎপৰ্য্য আৰু বিশ্বাস জড়িত হৈ আছে৷ হোম যজ্ঞ সম্পাদন কৰাটোৱেই এই বিবাহৰ মূখ্য নিয়ম৷ ইয়াৰ বাবে প্ৰয়োজনীয় কিছুমান বস্তু কইনা ঘৰৰ পৰা যোগান ধৰা হয়, যেনে – মাহ প্ৰসাদ, ফল্-মূল, বামুন বৰণৰ সাজ, পৰিচায়কৰ সাজ, দৰাবৰণৰ সাজ, তামোল পাণ, অৰিহণা, এজোৰ কাঁহি-বাতি, এটা কাঁহৰ চৰিয়া, এটি ঘটি, এটা গিলাচ, হোমৰ বাবে আখৈ, পিঠাগুড়ি, সাতখিলা পান, পতাগুটি, কুলা, গৰু ঘী, বাকলি গুচুৱা আমখৰি ইত্যাদি৷ বাকীবোৰ বস্তু দৰাৰ ঘৰৰ পৰা লৈ অনা হয়, যেনে – থোক তামোল, শৰাই, শৰাই ঢকা, গৰু ঘী, চাউল চৰু, গাখীৰ, চেনী, পাণ তামোল, শুকান শিলিখা, পাঁচডাল আম খৰি, ছাতি, দলিচা আদি৷ কাপোৰৰ ভিতৰত আছে কইনাদাতাৰ সাজ, বামুন বৰন, মোমাই বৰন, ভাই বৰন, লগুণ গাঁঠিৰ কাপোৰ, গুৰু ঘৰিয়া চেলেং, মান ধৰা চেলেং, আঁৰ কাপোৰৰ বাবে চেলেং, কুশব্ৰাহ্মণ গামোচা, কনাই গামোচা, হোমৰ গামোচা, হাত মোছা গামোচা ইত্যাদি৷ বাহী বিয়াৰ দিনা দৰাৰ ঘৰত কইনা আদৰাৰ নিয়ম৷ বিয়াৰ তৃতীয় দিনা খোবা-খোবী অনুষ্ঠান পতা হয়৷ বিয়াৰ আঠ নম্বৰ দিনটোত দৰা কইনা কইনাৰ ঘৰলৈ যায়৷ ইয়াক ‘আঠ মংগলা’বোলা হয়৷ ওপৰোক্ত নিয়ম আৰু পৰম্পৰা বোৰৰ উপৰিও এই ভূখণ্ডৰ বিবাহ পদ্ধতিত আৰু বহুতো নিয়ম আৰু পৰম্পৰা পালন কৰা হয়৷ প্ৰতিটো পৰম্পৰা পালন কৰোতে বিশেষ বস্তু আৰু প্ৰথা ব্যৱহাৰ কৰা হয়৷ ঠাই বিশেষে ইবোৰৰ নাম আৰু পালন কৰা পদ্ধতিসমূহৰো কিছু পাৰ্থক্য দেখা যায়৷ বৰ্তমান সময়ত সমগ্ৰ পক্ৰিয়াটোৰ আধুনিকিকৰণ হৈছে আৰু বহুতো নিয়ম আজিকালি পালন নকৰাৰ ফলত হেৰাই যাবলৈ ধৰিছে৷ অন্য কিছুমান নিয়ম অনান্য জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ পৰা সংযোগ কৰা হৈছে তথা বিশ্বায়নৰ প্ৰভাৱো পৰিছে৷ বহু সাল-সলনি ঘটিছে আৰু এনে হোৱাই স্বাভাৱিক৷ তথাপি এচাম লোকে এই পৰম্পৰাবোৰ যিমান দূৰ সম্ভৱ জীয়াই ৰাখিবলৈ আজিৰ তাৰিখটো চেষ্টা চলাই আছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিবাহ পদ্ধতিৰ ওপৰত গৱেষণাৰ যথেষ্ট থল আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments