ব্ৰেণ্ডে’ড -(দীপাংকৰ বুবু নাথ)

ব্ৰেণ্ডে’ড
-দীপাংকৰ বুবু নাথ

কলেজীয়া দিনতে লগৰবোৰৰ দুভৰিত দেখি দেখি দামী ব্ৰেণ্ডেড জোতা পিন্ধাৰ আশা এটা লাহে লাহে বুকুত বাঢ়ি আহিবলৈ ধৰিলে! যদিও এযোৰ ব্ৰেণ্ডেড জোতাৰ দাম আমাৰ ঘৰৰ প্ৰায় এমাহৰ উপাৰ্জনৰ সমান, তথাপিও সপোনৰ পৰিধি থাকে জানো? মনতে ভাবিলোঁ এনেকুৱা এযোৰ দামী জোতা ল’মেই ল’ম, উডলেণ্ড!
মামা মামী পেহা পেহীয়ে কেতিয়াবা মোলৈ পুতৌ জন্মি দিয়া কেইটামান টকা আৰু নিজেও কিবা কিবি কৰি পোৱা কেইটামান টকা যোগাৰ কৰি এযোৰ জোতাৰ দাম জমা কৰিলোঁ! নিজৰ হাৱাই পিন্ধা ভৰিলৈ চাই মনতে ভাবিলো, “ৰহ তহঁতৰ ৰেহ-ৰূপ বদলি কৰি দিম৷” লগৰ বন্ধু এজনক ক’লোঁ, জোতা কিনাৰ কথা আৰু সিও পলম নকৰি তাৰ বাইকত বহুৱাই শ্ব’ৰূম পোৱালেগৈ আৰু ক’লে আহোঁতে মামাৰ ঘৰত সোমাই আহিম৷ মই ক’লোঁ, হ’ব!
শ্ব’ৰূমলৈ বুকু ফিন্দাই সোমাই গ’লোঁ যদিও দুভৰিত মোৰ মটী হাৱাই দেখি দোকানীয়ে মোক গুৰুত্বই নিদিয়ে৷ পচন্দৰ এযোৰ জোতা ললো, হেঁপাহৰ জোতা, উডলেণ্ড, ৩৮০০ টকাত!
এযোৰ জোতাৰ দামত ইমান পইচা দিওতে বুকুৰ ক’ৰবাত বিষাইছিল, দোকানতে উডলেণ্ড দুভৰিত ভৰাই পুৰণা মটী বেগত লৈ দুভৰি জোখতকৈ বেছি মেলি খোজ কাঢ়িলোঁ৷ ইফালে সিফালে চাওঁ- কোনোবাই চাইছে নেকি? ভাবিলোঁ, কোনেনো চাব এযোৰ জোতা পিন্ধিলে! তথাপিও আমাৰ দৰে সৰু মানুহৰ আশা বোৰেই সৰু যে, এয়াই বিলাস আমাৰ পৃথিৱীত, এনেকৈয়ে ভাবোঁ!
বাৰে বাৰে জোতাযোৰলৈ চাইছোঁ, ইমান দাম? আচল চামৰা যে! এযোৰ জোতাৰ দাম ইমান, আমাৰ গাঁৱত চোন এটা গৰুৱেই পায় আচল চামৰাৰ সমান দামত! ধেৎ, কি যে ভাবিছোঁ!
জোতাযোৰে দুভৰি শুৱনি কৰিলে সচাঁ কিন্তুু অ’ল্ড টাইপৰ চোলা আৰু লংপেণ্টৰ লগত সাংঘাতিক কিবা এটা মিলা নাই৷ ভাবিলোঁ, হ’ব দে, যি নহওক, এযোৰ ব্ৰেণ্ডেড জোতা!
বন্ধুৰ লগত পালোঁহি মামাকৰ ঘৰ, নতুন জোতা হ’লেও ভিতৰলৈ সুমুৱাই নিনিলোঁ, টাইলছ দিয়া মসৃণ মজিয়া বাবে৷ সকলোৱে দেখাকৈ খুলি থৈ আহিলোঁ বাৰান্দাত, কোনোবাই সুধিলেও সোধক জোতাযোৰৰ কথা৷ নাই কোনেও নোসোধে৷
বন্ধুৰ মামাকৰ ঘৰৰ পৰা যাবলৈ ওলাই আহি বাৰান্দাত জোতা পিন্ধিবলৈ লওঁতেই মোৰ সৰ্বশৰীৰ কঁপি উঠিল, এপাত জোতা চোন নাই, ইফালে সিফালে বিচাৰিছোঁ, ক’তো নাই৷ গৃহস্থই সুধিলে, “কি হ’ল তোমাৰ? “ মই ক’লো, “জোতা এপাত নাই“৷
গৃহস্থই ক’লে, “অ… সৰ্বনাশ“
মই কলো, কি?
গৃহস্থই ক’লে, কজলাই নিলে
মই সুধিলো, কোন কজলা?
গৃহস্থই ক’লে, আমাৰ কুকুৰটো, সি নিলে যদি পোৱাৰ আশা নাই৷
কথা শুনি মোৰ কাণ মোৰ গৰম হৈ গ’ল৷ চিঞৰি চিঞৰি কান্দি দিবৰ মন গৈছিল, কোনোমতে ধৈৰ্য্য ধৰি ৰ’লোঁ!
মোৰ দুখত দুখী হৈ সকলোৱে সহানুভূতি জনালে, বেগৰ পৰা মটী হাৱাই উলিয়াই পিন্ধি ল’লোঁ পুনৰ৷ এপাত জোতাকে লৈ আহিলোঁ, সিপাত পালে বাৰু খবৰ দিম বুলি কোৱা কথাষাৰতো আশা এটা এৰি৷ বন্ধুৰ বাইকত বহি ল’লোঁ দুভৰি কোঁচাই, বুকুত সাৱটি আছোঁ সেই উডলেণ্ডৰ মোৰ সপোনৰ এপাত জোতা৷ অজানিতে চকুলো বাগৰি আহিছে দুগালেৰে, কিয় নাজানো। মনতে ভাবিলো, কুকুৰেও সহ্য নকৰে আমাৰ দৰে দুখীয়াই দুভৰিত ব্ৰেণ্ডেড জোতা পিন্ধাটো! কিবা এক অভিমান আৰু জেদত বুকুত সাৱটি অনা হেঁপাহৰ আনপাত জোতাও দলিয়াই দিলোঁ বাটৰ কাষত ঘূৰি ফুৰা কুকুৰ এটালৈ, যাঃ! !
বন্ধুক ক’লোঁ, ব’ল বেগেতে, পঢ়িবলৈ আছে বহুত, পৰীক্ষা পালেহিয়েই৷ এটা ভাল ৰিজাল্টৰ মোক বৰ প্ৰয়োজন৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments