বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলিত খেৰাই উৎসৱ—–কলচুম বিবি

অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি আৰু এই জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত সৃষ্টি হৈছে অসমীয়া জাতি। ইয়াৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত সংস্কৃতিৰ আদান-প্ৰদান ঘটিছে। ইয়াৰ ফলত অসমীয়া সংস্কৃতি সমন্বয় আৰু সমাহাৰৰ সংস্কৃতি হৈ পৰিছে। সমৃদ্ধ হৈ পৰিছে লোকসংস্কৃতিৰ পথাৰখন। অতীতৰে পৰা অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীৰ লোকসকলৰ ভিতৰত অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাণত মংগোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা গোষ্ঠীৰ লোকসকলৰ অৱদান উল্লেখযোগ্য। এই জনগোষ্ঠীক চাৰিটা শাখাত ভাগ কৰা হয়। সেয়া হ’ল—তিব্বতী, হিমালয়ী, উত্তৰ অসম আৰু অসম বৰ্মী। তিব্বতী আৰু হিমালয়ী শাখাৰ লোকৰ সংখ্যা অসমত তাকৰ। উত্তৰ অসম শাখাৰ– অঁকা(হ্ৰচু), ডফলা (নিচি), আবৰ (আদী), মিৰি(মিচিং) ইত্যাদি প্ৰধান। অসম-বৰ্মীৰ বড়ো-নগা আৰু কুঁকি-চীন দুটা শাখা। বড়োসকলৰ ভিতৰত বড়ো, কছাৰী, লালুং, তিৱা, মেচ, চুতীয়া, ৰাভা, গাৰো ইত্যাদি। ইয়াৰ ভিতৰত অসমীয়া ভাষী বৰ্ণ হিন্দু সমাজখনৰ সাংস্কৃতিক পৰিচয়ৰ লগত লীণ হৈ যোৱা ঐতিহাসিক স্বকীয় ভাষা হেৰুৱাই অসমীয়াভাষী হৈ পৰা মঙ্গোলীয় মূলৰ নৃগোষ্ঠীৰ ভিতৰত সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মৰাণ, মটক, আহোম, শৰণীয়া কছাৰী, কোচ-ৰাজবংশী আদিয়েই প্ৰধান। অসমীয়া সংস্কৃতিৰ সকলো ক্ষেত্ৰতে এই জনগোষ্ঠীৰ লোকসকলৰ যথেষ্ট প্ৰভাৱ দেখা যায়।
অসম-বৰ্মীৰ অন্তৰ্গত বড়োসকলে বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পূজা-উপাসনাৰ লগতে বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান পালন কৰে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল– গাৰ্জা পূজা, বাথৌ বা খেৰাই পূজা, ফুছ্লিহাৱা, মনসা পূজা, বিহু, আমতি আদি । বাথৌ বা খেৰাই পূজা আৰু গাৰ্জা পূজা বড়োসকলৰ প্ৰধান উৎসৱ। বাথৌ ধৰ্মালম্বী লোকসকলৰ পাঁচটা পৰ্ব আছে। এই পাঁচটা পৰ্বৰ লগত সংগতি ৰাখি খেৰাই পূজা বছৰত পাঁচবাৰ অনুষ্ঠিত কৰা হয়। সেইকেইটা হ’ল–

১। বৈছাগু, নতুন বছৰৰ আদৰণি, ৰংচালি, খেৰাই পৰ্ব,
২। আহাৰত আমতি আই বসুমতী বা আওসিয়া খেৰাই পৰ্ব
৩। কাতিত মাইনাও খেৰাই পৰ্ব
৪। আঘোণত ন-খোৱা খেৰাই পৰ্ব
৫। মাঘত মাগৌ বিহু খেৰাই পৰ্ব

বাথৌ পদটোৰ ব্যুৎপত্তিগত অৰ্থ হৈছে, বা= পাঁচ, থৌ= গভীৰ তত্ত্বযুক্ত। অৰ্থাৎ পঞ্চ গভীৰ তত্ত্বযুক্ত। এই পঞ্চ গভীৰ তত্ত্ব বুলিলে পৰম ব্ৰহ্ম পৰমেশ্বৰৰ অলৌকিক সৃষ্টি মাটি(হা), পানী(দৈ), বতাহ (বাৰ), অগ্নি(অৰ) আৰু আকাশ বা শূন্য(অখ্ৰাং) এই পাঁচটা তত্ত্ব গধুৰ মাহাত্ম্য পূৰ্ণ মৌলিক উপাদানকে বুজা যায় আৰু এই পঞ্চতত্ত্বযুক্ত দেৱতা গৰাকীয়ে হৈছে বাথৌ-শিব্ৰাই। পঞ্চসিৰযুক্ত সিজু পঞ্চ গভীৰ তত্ত্বযুক্ত বাথৌ- শিব্ৰাইৰ প্ৰতীক। বাথৌ বা খেৰাই পূজা ব্যক্তিগত আৰু সমূহীয়াভাৱে উদযাপন কৰা হয়। ‘খেৰাই’ শব্দটোৰ অৰ্থ হৈছে ‘হণ্ঠু খেৰাইনা ৰাইছাং’ অৰ্থাৎ আঁঠুকাঢ়ি দেৱতাৰ নাম লোৱা নাইবা প্ৰাৰ্থনা কৰা। কোনো কোনোৱে খেৰাই হ’ল ‘খাৰ’ + ‘আই’, অৰ্থাৎ “খাৰ” মানে হ’ল দৌৰা বা গতি কৰা আৰু “আই” মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্য। । কোনো কোনোৰ মতে আকৌ “খ”-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, “ৰা”-মানে সম্বোধন কৰা আৰু “ই”-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য। বাথৌ বা খেৰাই পূজাৰ অনুষংগত খেৰাই নৃত্য কৰা হয়। বড়োভাষাত খেৰাই নৃত্তক ‘খেৰাইমুচানায়’ বোলে। । সাধাৰণতে ব্যক্তিগতভাৱে উদযাপিত পূজাত খেৰাই নৃত্য অনুষ্ঠিত হোৱা দেখা নাযায়। সমূহীয়াকৈ অনুষ্ঠিত হোৱা পূজাতহে খেৰাই নৃত্য অনুষ্ঠিত হয়।
বাথৌ বা খেৰাই উৎসৱৰ জন্মকাহিনীৰ লগত পৌৰাণিক কাহিনী এটা জড়িত হৈ আছে। এই কাহিনী অনুসৰি আলাই নামৰ এজন সুন্দৰ সুঠাম যুৱকে এদিন খৰি কাটিবলৈ হাবিলৈ গৈছিল। খৰি বিচাৰি থাকোঁতে তেওঁৰ অত্যন্ত তৃষ্ণা অনুভব কৰে। পানীৰ বিচাৰি তেওঁ ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰে। এনেকৈ ঘূৰি ফুৰোতে তেওঁৰ ভাগৰ লগাত এঠাইত জিৰণি লবলৈ বহে। ক্লান্তি আৰু তৃষ্ণাত তেওঁৰ তাতে টোপনি আহে। নিদ্ৰাৰত অবস্থাতে তেওঁ এটা সপোন দেখে। সপোনত কোনোবাই পূব পিনে আগুৱাই গ’লে এজোপা গছ পাব আৰু সেই গছজোপাৰ গুৰিত পানী পোৱা যাব বুলি ক’লে। আলাই সাৰ পাই উঠি সেইমতে আগুৱাই গ’ল আৰু গছজোপা পাই হেঁপাহ পলুৱাই পানী খালে। সেইদিনা ঘৰতো ৰাতি শুই থাকোঁতে এটা সপোন দেখিলে। সপোনত স্বয়ং ভগৱানে যিজোপা গছৰ গুৰিত পানী পাইছিল সেইজোপা গছৰ ডাল এটা কাটি আনি গাঁৱৰ সাধু মানুহ এজনৰ ঘৰৰ চোতালত ৰোপণ কৰিবলৈ নিৰ্দেশ দিলে। সেইমতে নিৰ্দেশমতে ভাল দিন বাৰ চাই গছজোপাৰ ডাল এটি ৰোপণ কৰিলে। এই গছজোপাই হৈছে সিজু বা সিজৌ গছ। ভগৱানৰ নিৰ্দেশ অনুসৰি আলায়ে খাম, চিফুং, জথা আদি আবিষ্কাৰ কৰি খেৰাই পূজা সমাপন কৰে। এনেকৈ খেৰাই পূজা আৰম্ভ হয় বুলি কথিত আছে।
খেৰাই নৃত্য কেতিয়াৰ পৰা অনুষ্ঠিত হয় তাৰ কোনো সঠিক সময় নিৰূপণ কৰিব নোৱাৰি, যদিও বড়োসকলৰ বাথৌ পূজাৰ লগত এই নৃত্য জড়িত হোৱা বাবে অতি প্ৰাচীন কালৰে পৰা ইয়াৰ প্ৰচলন হৈ আহিছে বুলি ভাবিব পাৰি। ড৹ সুনীতি কুমাৰ চট্ট্যোপাধ্যায়ৰ মতে খ্ৰীষ্টপূৰ্ব এহাজাৰ বছৰ আগতে মংগোলীয়সকলৰ উত্তৰ-পূব ভাৰতলৈ আগমন ঘটিছিল। আন আন গৱেষকৰসকলৰ মতে খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আৰ্যসকলৰ আগমন ঘটিব ধৰিছিল। এই আৰ্যসকলৰ আগমনৰ বহু আগৰ পৰাই মংগোলীয় নৃগোষ্ঠীৰ লোকসকল এই অঞ্চলত বসবাস কৰি আহিছিল। এই কথাৰ পৰা আমি অনুমান কৰিব পাৰো যে মংগোলীয়সকল এই অঞ্চলৰ প্ৰাচীন জনগোষ্ঠী। সেইবাবে বড়ো জনগোষ্ঠীৰ মাজত প্ৰচলিত খেৰাই পূজা অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা বুলি কব পাৰি। খেৰাই পূজাৰ লগত জড়িত হোৱা বাবে খেৰাই নৃত্যও প্ৰাচীন কালৰে পৰা পম্পৰাগতভাৱে লোকসমাজত চলি অহা এবিধ লোকনৃত্য।
খেৰাই উৎসৱৰ লগত জড়িত দেওধনী বা দৌদিনী নৃত্যৰ উৎপত্তিৰ সৈতে জাৰাফাগ্লাৰ কাহিনী নামৰ এটা পৌৰাণিক কাহিনী জড়িত হৈ থকা দেখা যায়। জাৰাফাগ্লাই অন্তৰ্দ্ধান হোৱা নুমলীয়া বোৱাৰী মংলিক বিচাৰি উলিওৱাৰ বাবে বাথৌ(শিৱ)ৰ নিৰ্দেশমতে খেৰাই পূজা পাতে। এই খেৰাই পূজাত বোৱাৰী দেওধনী ৰূপত আত্মপ্ৰকাশ কৰি এবিধ বিশেষ নৃত্য পৰিৱেশন কৰে। দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে দেওধনীয়ে কেইবাবিধো নৃত্য প্ৰদৰ্শন কৰে। এই নৃত্যবোৰৰ সমষ্টিয়ে হৈছে খেৰাই নৃত্য। এই নাচৰ পৰাই ওঠৰ প্ৰকাৰৰ খেৰাই নৃত্যৰ সৃষ্টি হয় বুলি কোৱা হয়।
খেৰাই নৃত্যত দেওধনী বা দৌদিনীয়ে অন্যতম ভূমিকা পালন কৰে। দেওধনীৰ নৃত্যবোৰত মৃদু বা লাস্য চৰিত্ৰ ফুটি উঠে। এই লাস্য চৰিত্ৰ বৈশিষ্ট্যপূৰ্ণ হোৱা দেখা যায়। সেই বাবেই গৱেষকসকলে “ Kherai dance is the most gentle dance of the world” বুলি কৈছে। বাথৌ পূজাত অনুষ্ঠিত খেৰাই নৃত্যত পৰিৱেশন কৰা ১৮ বিধ নৃত্য হ’ল— বাথৌ স্থাপন নৃত্য, বাথৌ পৱিত্ৰকৰণ, আগলতি কলপাত স্থাপন নাচ, বাথৌ ঘূৰণ নাচ, বিপৰীত বাথৌ ঘূৰণ নাচ, খেৰাই দীৰ্ঘ নাচ, খেৰাই চুটি নাচ, সা গীলাউ নাচ, নৌকাচলন নাচ, ঘোঁৰা দৌৰ নাচ, চৰাই তেজ পি খোৱা নাচ, আমলি পোকে বাহ সজা নাচ, জিঁয়া কৰা নাচ, ঢাল- তৰোৱাল ঘূৰোৱা নাচ, ৰণচণ্ডী নাচ, জুই শিখা খোৱা নাচ, চোকা তৰোৱালৰ ওপৰত গচকা নাচ।
খেৰাই পূজাত অনুষ্ঠিত হোৱা খেৰাই বা দেওধনীৰ প্ৰতিটো নৃত্যৰ একোটা গূঢ়াৰ্থ থকা দেখা যায়। বাথৌ স্থাপন নৃত্যই বাথৌক পৱিত্ৰৰূপত স্থাপন কৰা বুজায়। বাথৌ পৱিত্ৰকৰণ নৃত্যই অন্তৰ পৱিত্ৰ কৰণ, আগলতি কলপাত স্থাপন নৃত্যই আত্মবলিদান, বাথৌ ঘূৰণ নাচে পাতন পৰিৱৰ্তন, বিপৰীত বাথৌ ঘূৰণ নাচে দেহৰ গতি, খেৰাই দীৰ্ঘ নাচে অনিত্য সেৱা, খেৰাই চুটি নাচে অনন্ত সেৱা, নৌকাচলন নাচে জীৱনৰ গতি, ঘোঁৰা দৌৰ নাচে আত্মাৰ গতি, চৰাই তেজ পি খোৱা নাচে আত্ম সংযম, আমলি পোকে বাহ সজা নাচে পৱিত্ৰতা আৰু সত্যতা প্ৰকাশ, জিঁয়া কৰা নাচে অবস্থাৰ পৰিৱৰ্তন, ঢাল-তৰোৱাল ঘূৰোৱা নাচে আত্মৰক্ষা কৰা, ৰণচণ্ডী নাচে পাপৰ পৰা মুক্ত হোৱা, জুই শিখা খোৱা নাচে ৰিপু দমন, চোকা তৰোবালৰ ওপৰত গচকা নাচে পবিত্ৰতা ও সত্যতা প্ৰকাশ কৰে।
সমূহীয়াকৈ পতা বাথৌ পূজাত একেটা শাৰীতে তিনিটা বেদী প্ৰস্তুত কৰা হয়। প্ৰতিটো বেদীৰ চাৰিওফালে এডাল জাতি বাঁহেৰে বনোৱা পাঁচযোৰ কামিৰে বেৰ দি প্ৰতিটো বেদীৰ ওপৰত গছৰ পাতেৰে একোটাকৈ বেই বা গম্বুজ নিৰ্মাণ কৰা হয়। এই পাঁচযোৰ কামিয়ে বাথৌ ধৰ্মত প্ৰচলিত পাঁচটা আচাৰ-নীতিক বুজায়। সেয়া হ’ল– স্থিতি, জন্ম, বিবাহ, মৃত্যু আৰু শ্ৰাদ্ধ। সোঁ-মাজৰটো বাথৌব্ৰাইৰ বেদী, তাত সিজু আৰু তুলসী গছৰ ডাল দুটা একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছতিওৱাৰ পিছত সেই ডাল দুটা বেদীৰ সোঁমাজত ৰোপণ কৰা হয়। বাথৌ ধৰ্মত সিজু বৃক্ষক অতি পৱিত্ৰ বৃক্ষ ৰূপে স্থান দিয়া হয়। এই ধৰ্মমতে সিজু বা সিজৌ গছ ঈশ্বৰৰ প্ৰথম সৃষ্টি। বেদীত সিজুৰ তলতে এটা ঘূৰণীয়া আকৃতিৰ শিল আৰু কুকুৰাৰ কণী পোতা হয়। সোঁহাতৰ বেদীটো শিবুঢ়ীৰ আৰু বাওঁহাতৰ বেদীটো মাইনাওশ্ৰী অৰ্থাৎ লক্ষ্মীদেৱীৰ। এই পূজাত দেওধনী, দৌৰী বা দেউৰী বা পুৰোহিত আৰু ওজাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। বাথৌ থাপনাৰ সন্মুখত সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি অঞ্চলবিশেষে কলপাতত বা গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। দৌৰিৰ মন্ত্ৰ আবৃত্তি আৰু চিফুঙত দিমপ্লাই সুৰ বাজি উঠাৰ লগে লগে দৌদিনীৰ গাত দেৱতাই লম্ভে বুলি কোৱা হয়। ইয়াৰ পিছত দেওধনীৰ সৰ্বশৰীৰত কঁপনি উঠে আৰু বিভিন্ন দেৱ-দেৱীৰ ভংগীমাত নৃত্য কৰিবলৈ ধৰে।
খেৰাই পূজাত শিব্ৰাই বা বাথৌব্ৰাইৰ লগতে আন আন দেৱ-দেৱীৰ আৰাধনা কৰি খেৰাই মন্ত্ৰ আৰু গীত পৰিবেশন কৰা হয়। খেৰাই পূজাত পৰিবেশন কৰা গীতসমূহ আধ্যাত্মিক ভাবসম্পন্ন গীত। এই গীতসমূহ পঞ্চস্বৰযুক্ত বা পাঁচটা ফুটা থকা বাঁহী(চিফুঙ)ৰ লগতে খাম, জথা আৰু ছেৰজাৰ সুৰৰ সৈতে সংগত কৰি গোৱা হয়। বাথৌ ধৰ্মমতে চিফুঙৰ পাঁচটা ফুটা ব্যক্তিৰ চকু, কাণ, নাক, প্ৰস্ৰাবদ্বাৰ আৰু শৌচদ্বাৰৰ প্ৰতীক। চিফুঙৰ ফুটাত ফুক নিদিলে ইয়াৰ মাত নোলায় এই কথাটোৱে মৃত্যুৰ পিছত মানবদেহৰ সকলো অংগ নিষ্ক্ৰিয় হৈ যোৱাটোকে বুজায়।
সমূহীয়াকৈ পতা বাথৌ বা খেৰাই পূজাত এজনী দেওধনী দেখা যায়। কিন্তু মঞ্চত অনুষ্ঠিত কৰা খেৰাই নৃত্যত ২৪জনী চিখলা বা গাভৰুই অংশগ্ৰহণ কৰে। অসমৰ বাহিৰতো এই নৃত্যই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আগতে খেৰাই পূজাত বলি-বিধানৰ ব্যৱস্থা আছিল। বৰ্তমান এই ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। জীৱ-জন্তু বলি দিয়া প্ৰথা ক্ৰমান্বয়ে লুপ্ত হৈ আহিব ধৰিছে।
অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ লোকাচাৰ, উৎসৱ-অনুষ্ঠান, নৃত্য-গীত আদি অসমৰ লোকসংস্কৃতিৰ প্ৰাণ। এই বিষয়ে বিশদভাৱে আলোচনা আৰু চৰ্চা হোৱাটো খুবেই প্ৰয়োজন। আনকি অসমৰ চুকে-কোণে থকা এনে জনপ্ৰিয় অনুষ্ঠানসমূহৰ বাবে গৱেষণাৰ বাবে নতুন প্ৰজন্মক উৎসাহ আৰু উদ্গনি যোগোৱাটো অতি প্ৰয়োজন। এনে পদক্ষেপৰ জৰিয়তে লোকসংস্কৃতিৰ লগত জড়িত অন্যান্য বহুতো দিশ উন্মোচিত হ’ব। যিয়ে আমাৰ এই আপুৰুগীয়া সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰ হোৱাত সহায় কৰিব।

সমলগ্ৰন্থ
১। শৰ্মা, নবীন চন্দ্ৰ : ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা৷
২। “খেৰাইসালি” ২০০৩ চনৰ দৰং জিলা আবচুৰ ২৮ তম কলাইগাঁও অধিবেশনৰ স্মৃতি গ্ৰন্থ
৩। বৰুৱা, প্ৰহ্লাদ কুমাৰ ( সম্পাদক): অসমীয়া লোকসাহিত্য৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bodofa
7 months ago

nice information

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক