বয়স, সুখ আদি – সোমেশ্বৰ বৰা

কি আখ্যা দিম বাৰু বয়স আৰু বয়সৰ দ্ৰুতবেগী দৌৰক! ! ! ! কেৱল বাঢ়িবলৈহে যেন হামখুৰী খাই প্ৰতিযোগিতাত নামিছে, কাহানিও পোহৰ বিলাই ভাগৰি নপৰা সুৰুজটোৰ সতে৷

সুৰুজে কাহানিও কোৱা নাই, মোৰ পোহৰত নুমলিবি বুলি৷ ঠিক সেইদৰেই বয়সেও নকয় তই নুমলিবি, নেখেলিবি, নেখাবি, নকৰিবি বুলি৷ বয়স যে বাঢ়িছে তাৰো উমান নিদিয়ে বয়সে৷ বয়সে নামানে কাৰো নিৰ্দেশ৷ শৈশৱ, কৈশোৰ, যৌৱন, বৃদ্ধ এই সকলোতে অহংকাৰী বয়সৰ নিৰ্মোঘ নিৰ্দেশ৷

কৈশোৰত উমলি ফুৰোঁতেই সংগোপনে আহে যৌৱন৷ সেয়াও বয়সৰে বদনাম৷

দুষ্ট বয়স,
নষ্ট বয়স৷
উদভ্ৰান্ত প্ৰেমিক হৈ
বয়সত উতনুৱা মন৷
বয়সৰ আছে স্বকীয় ৰং৷
বয়সৰ বুকুতে খেপিয়াই চাঁও
হৃদয়ৰ গান, সৃষ্টিৰ মৌ-কোঁহ৷

ঋতুৱে পলাশ, শিমলু ফুলুৱাৰ দৰেই বয়সে জুই দিয়ে যৌৱনৰ আখলত৷ যৌৱনেও ন-সাঁজ পিন্ধে৷

বয়সে গৰকা জীৱন নৈৰ বুকুত উটিলো যেতিয়া মোহনালৈ নো কিমান বাকী৷ দিনবোৰ সলনি হয় চক্ৰৱৎ৷ ন-বোৰ পুৰণি হৈ আউটডেটেড হয়৷ দেহত আছোঁৰে বয়সে৷ কঢ়িয়াই আনে শূন্যতা, ৰিক্ততা, উদাসীনতা৷
অতীতৰ ৰং বোৰত ৰিঙা ৰিঙা ভাব৷ বয়সেই লৈ আহে পৃথিৱীৰ সমস্ত উৰুঙা খিনি৷ মনটোক দিয়ে ভাবুক ৰূপ৷ সময়ে বান্ধি দিয়া নিয়মৰ গণ্ডীত সকলো মানি যোৱাৰ প্ৰতিজ্ঞা বয়সৰ৷

এৰা, এয়াই হ’ল প্ৰকৃতিৰ নিয়ম৷ হলেও মন চোন থমকি নৰয়৷ থমকণি মানেই যে পৰাজয়৷ মন আৰু বয়সৰ মাজত অঁৰিয়াঅঁৰিখন লাগে৷ মনে বিচাৰে, আধুনিকতাৰ ধামখুমীয়াত নিজকে উচ্চতাৰ শিখৰত উৎক্ষেপিত কৰিবলৈ৷ নহলে জানোচা উত্তৰ পুৰুষক কৈফিয়ৎ দিব লাগিব জীৱন ব্যৰ্থতাৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক