বৰখেলীয়া পন্থৰ ৰাতিসেৱা অনুষ্ঠান আৰু চিয়াগীত-ধীৰেন শইকীয়া


শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আগৰপৰাই অসমত বৰখেলীয়া, পূৰ্ণধৰীয়া, পুথিনেছীয়া, কেউলীয়া, কৰণীপতা আদি কেইবাটাও আধ্যাত্মিক ধাৰা আছিল বুলি জনা যায়৷ কিন্তু এই ধৰ্মীয় ধাৰাসমূহৰ বিষয়ে আজিৰ প্ৰজন্মই বিশেষ একো নাজানে৷ চতুৰ্দশ শতিকাৰ পৰাই অসম, বিহাৰ আৰু পশ্চিমবংগৰ ঠাইবিশেষে বৌদ্ধ ধৰ্ম প্ৰভাৱিত এইবোৰ অৰীতিয়া পন্থা চলি আহিছে বুলি জনা যায়৷ আনহাতে বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱেও এই বৰখেলীয়া পন্থটোক ভালেখিনি প্ৰভাৱিত কৰিছে৷ ইয়াত শংকৰ-মাধৱৰ দুই এক সদাচাৰ গীত-পদৰ অন্তৰ্ভুক্তি দেখা যায়৷ সহজ ভাষাত ক’বলৈ হ’লে — বুদ্ধদেৱৰ মৃত্যুৰ পিছত বহু বৌদ্ধ ধৰ্মগুৰুৱে নিজৰ নিজৰ পদ্ধতিৰে হীনযান, সহজযান, মহাযান, বজ্ৰযান আদি অলেখ সহজীয়া পন্থৰ জন্ম দিছিল, আনকি এই ধৰ্মীয় ধাৰাটোত জনগোষ্ঠীয় মদ, মাংস, মাছ, কণী, পাৰ আদিও ভক্তি ভাবেৰে নিবেদন কৰা হয়৷ বহুতে বৰখেলীয়া পন্থাটো ভবানীপুৰীয়া গোপাল আতাৰ সৃষ্টি বুলি ইয়াক কালসংহতিৰ অন্তৰ্গত কৰিবলৈ চেষ্টাও কৰি আহিছে৷ আচলতে, বৰখেলীয়া পন্থৰ বন্তিগছিৰ শলিতাডাল বাৰ গুন সূতাৰে প্ৰস্তুত কৰা হয় বাবে বাৰশেলীয়া বা অপভ্ৰংশ ৰূপত বৰখেলীয়া বুলি কোৱা হ’ল৷ বহুতে কয় ভক্তি আন্দোলনৰ সময়ছোৱাত ভবানীপুৰীয়া গোপাল আতাই বহু জনগোষ্ঠীয় ৰাইজক পৰম্পৰাগতভাৱে ব্যৱহৃত মদ, মাংস, মাছ, নাৰী আদি ত্যাগ নকৰাকৈও আধ্যাত্ম চৰ্চাৰ নতুন পথ এটাৰ সৃষ্টি কৰিবলৈ যাওঁতেই বৰখেলীয়া মহন্তৰ এই পন্থটোৰ সৃষ্টি হয়৷ এইপন্থৰ অনুষ্ঠান ঘৰুৱাভাৱে পালিত হয়, পৰিয়াল একোটাই এবছৰ বা দুবছৰৰ অন্তৰে অন্তৰে ই আয়োজিত কৰে৷ ভিন্ন অনুষ্ঠানৰ মাজে মাজে ধৰ্মীয় সদাচাৰৰ লগতে এক বিশেষ ধৰণৰ দেহতত্ত্ব বিষয়ক গীতপদ গাই আধ্যাত্মিক পৰিৱেশ ৰচনা কৰে৷ সাধাৰণতে এই অনুষ্ঠান ৰাতিহে হয়, সন্ধিয়াৰ পৰা আয়োজিত অনুষ্ঠান ভাগি গোটেই ৰাতি চলে বাবে এই অনুষ্ঠানক বৰখেলীয়া মহন্তৰ ৰাতিসেৱা অনুষ্ঠান বোলে৷ মন্ত্ৰপুত পানীৰে মহন্তজনে গাহৰি, পাৰ, কুকুৰা আদি মাৰি খাদ্যৰ বাবে সাজু কৰে৷ সুকীয়া সুকীয়াকৈ থকা গীত পদেৰে(গুৰু চপা, জীৱ ধৰা, মূল মাননি পতা, সঙ্গ পাতা আদি) সমগ্ৰ অনুষ্ঠানটো চলে৷ সময়ৰ লগে লগে আৰু বৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰসাৰৰ বাবে বৰখেলীয়া মহন্তৰ ৰাতিসেৱা অনুষ্ঠানবোৰ ক্ৰমে হ্ৰাস হৈ আহিল৷ বৰখেলীয়া মহন্তৰ ৰাতিসেৱা অনুষ্ঠানত ব্যৱহৃত সামগ্ৰীসমূহ হ’ল— মাহপ্ৰসাদ, তামোল পান, পায়স, পিঠা লাড়ু, পাৰ, কণী, শল মাছ বা শাল মাছ, কুকুৰা, গাহৰি, জনগোষ্ঠীয় মদ, বিবিধ ফুল, কৰৈ, আখৈ, জালুকৰ গুৰি আদি৷

তথ্যমতে, বৰখেলীয়া মহন্ত পন্থাটোৰ ভকতসকলৰ স্তৰবোৰ এনে ধৰণৰ— শৰণীয়া বা পাচনেমীয়া, চতিয়াৰ, দুইযুৰীয়া, আসনুৱা, মহন্ত৷ একেদৰে বৰখেলীয়া পন্থৰ সেৱাসমূহ বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰি, যথা — কীৰ্তন, আইখান, ডাঙৰীয়া, পুৰুষ আৰু মেৰুসেৱা৷ বহুতে বৰখেলীয়া পন্থাটোক থেকেৰাবুলীয়া বুলিও কয়, থেকেৰাফুল যিদৰে সন্ধিয়া ফুলি নিশাৰ ভিতৰতে সৰি পৰে, ঠিক একেদৰে এই ভকতি পন্থাটোত সন্ধিয়াৰ পৰা শেষ নিশা পৰ্যন্ত চলে৷ বহুতে কয় এই ভকতি পন্থাটো ব্ৰহ্মানন্দই প্ৰথম নগাপৰ্বতৰ ডালিমচৈৰ পৰা গ্ৰহণ কৰিছিল৷ অৱশ্যে এই প্ৰসংগত ড. নিৰ্মলপ্ৰভা বৰদলৈৰ এষাৰ বাক্য স্মৰণযোগ্য— ‘‘ৰাতিসেৱা দৰ্শনৰ উৎস বিচাৰি ফুৰোতে বৌদ্ধধৰ্মৰ শাখা হীনযান, মহাযান, সহজযানৰ কথা নুই কৰিব নোৱাৰি৷ কোন সুঁতি ক’ত পৰি একাকাৰ হৈছে, কেতিয়া মূল সুঁতিৰ পৰা ফালৰি কাটি অন্য ধাৰাৰ ৰূপ লৈ অন্য উপাদানো সামৰিছে তাৰ ইতিহাস উলিওৱা অত্যন্ত দুৰূহ কাম৷কাৰণ এইবোৰৰ একো লিখিত ইতিহাস নাই৷’’ এই বিষয়ে বৰ্তমানলৈকে গভীৰ গৱেষণাৰ থল আছে৷

#চিয়াগীত#

দুৰ্গেশ্বৰ নাথ ওজাদেৱে তেওঁৰ ‘চিয়াগীত’ গ্ৰন্থতখনত উল্লেখ কৰি গৈছে যে, চিয়া শব্দৰ আভিধানিক অৰ্থ দুই প্ৰকাৰৰ—ইয়াৰ একপ্ৰকাৰৰ অৰ্থ কীৰ্তি বা যশ, আকৌ আন প্ৰকাৰৰ অৰ্থ হ’ল ঈশ্বৰ বা ধৰ্মৰ নাম স্মৰণ৷ পিছে এই গীতবোৰৰ বৈশিষ্ট্যলৈ চালে ইয়াত দুয়োটা অৰ্থই খাটে৷ কিয়নো; সচঙীয়া বা সৎসঙীয়া ভক্ত সম্প্ৰদায়ৰ গুৰু মহন্তসৱৰ যশ-কীৰ্তিয়েই এই গীতবোৰৰ মাজত প্ৰকাশ পায়৷ সহজভাষাত বৰখেলীয়া মহন্তৰ ৰাতিসেৱা অনুষ্ঠানত গোৱা বিশেষ ধৰণৰ আধ্যাত্মিক গীতকে চিয়াগীত বোলে৷ তেনে এটা চিয়াগীতৰ একাংশঃ
‘‘অ হৰি মোৰ কলৈ গৈছিলা প্ৰভু মোৰ ক’তে আছিলা/
বৈকুণ্ঠৰ গোঁসাই নাথ নাৰায়ণ ক’তে আছিলা হৰি/
তযু সেৱা বিনে এতিনি ভুৱনে নেদেখো আন উপায়/
আমাৰ গৃহক আহিল গুৰু বাপ দিবলৈ নাহিকে একো৷’’
একেদৰে বৰখেলীয়া মহন্তৰ ৰাতিসেৱা অনুষ্ঠানৰ পূজাৰ নৈবদ্য সাজু হ’লে গোৱা এটা সদাচাৰ হ’ল—‘‘নমো নাৰায়ণ প্ৰসন্ন হৈয়োক হৰি কৰিয়োক মায়াক নিৰ্যান, আপোনাৰ মহিমাক আপুনি বেকত কৰি জীৱক কৰিয়ো পৰিত্ৰাণ৷ আজি আমি কি স্বৰূপে বাক্য কৰিম, বাক্য নাহেই আমাৰ মুখত৷ আজুৰিলেও নাম নাহে আমাৰ মুখত৷ আমাৰ মাজত লোভ, মোহ, কাম, ক্ৰোধ, হিংসা ৰিপু আছে৷ আজি বাক্য কৰিবো কোনে…..৷’’ লোকসংস্কৃতিত চহকী দৰঙ জিলাত সত্তৰৰ দশকৰ পৰা চলি অহা চিয়াগীতসমূহ দৰঙৰ জনপ্ৰিয় শিল্পী ভদ্ৰকান্ত নাথ, তিলোত্তমা ডেকা আদিৰ কণ্ঠত আকাশবাণীটো প্ৰচাৰ হৈছিল৷ আন এক তথ্য মতে কলাইগাঁৱৰ সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকাৰ প্ৰচেষ্টাত এটি অডিঅ’ কেছেটো বাণীবদ্ধ হৈছিল৷ ভক্তিৰসৰ প্ৰবাহেৰে সিক্ত এই গীতবোৰ গাওঁতে পিছলৈ দগৰ, কৰতাল, খুঞ্জুৰী, একতাৰা, বাঁহী আদিও ব্যৱহাৰ কৰি ঈশ্বৰতত্ত্ব তথা দেহতত্ত্বৰ উল্লেখেৰে ধৰ্মীয় ভাব এটাকে লোকসমাজৰ মাজত প্ৰচাৰ কৰা হৈ আহিছে৷ সামগ্ৰিকভাৱে ক’ব পাৰি এই চিয়াগীতবোৰ দেহতত্ত্ব, জীৱতত্ত্বৰ অফুৰন্ত সমল৷ সচঙীয়া (সচঙ হ’ল বৰখেলীয়া মহন্তসকলৰ উপাসনা স্থলী) ভক্ত সম্প্ৰদায়ৰ ৰাতিসেৱা অনুষ্ঠানৰ গীতবোৰেই যে চিয়াগীত হিচাপে জনপ্ৰিয় হৈ আহিছে আজিৰ প্ৰজন্মৰ বহুতেই নাজানে৷


(লিখকৰ টোকা: এই প্ৰবন্ধ যুগুত কৰোঁতে দুৰ্গেশ্বৰ নাথ ওজাদেৱৰ ‘চিয়াগীত’, ড. বিজয় কুমাৰ শৰ্মাৰ ‘ৰাতিখোৱা সম্প্ৰদায়ৰ পৰিচয়’ গ্ৰন্থৰ লগতে কলাইগাঁৱৰ সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকাৰ সহায়ৰ কথা স্বীকাৰ কৰিবই লাগিব৷ তদুপৰি জনপ্ৰিয় ‘প্ৰান্তিক’ আলোচনীৰ কিছু প্ৰবন্ধৰ লগতে নিৰ্মল প্ৰভা বৰদলৈৰ ‘গোপন সাধনা ৰাতিসেৱা’গ্ৰন্থখনৰ লগতে আমি গাঁৱত থাকোঁতে দেখা তেনে বৰখেলীয়া পন্থৰ ৰাতিসেৱা অনুষ্ঠানৰ কথাকো স্মৃতিৰ পৰা পাঠকসকলক অৱগত কৰিব বিচাৰিছো৷ আজিৰ প্ৰজন্মৰ এই বৰখেলীয়া মহন্ত পন্থাৰ ঐতিহ্য আৰু পৰম্পৰাৰ লগত একেবাৰে চিনা পৰিচয় নাই বুলিয়েই ক’ব পাৰি৷ কেতিয়াবা পুৰণি অসমৰ ধৰ্মীয় ধাৰাৰ বিষয়ে গৱেষণা কৰিব বিচৰা দুই চাৰি গৱেষকে এই পন্থৰ দুই এটা ৰীতি নীতি বিচাৰি উলিয়াই আলোচনা কৰিলেও আজিৰ প্ৰজন্মৰ অধিকাংশই ঐতিহ্যশালী ধৰ্মীয় পন্থাটোৰ বিষয়ে বিশেষ একো নাজানে৷ ঐতিহ্যশালী ধৰ্মীয় পন্থাটোৰ লগত জড়িত আমি সৰুতে শুনা কেইজনমান বৰখেলীয়া মহন্তৰ নাম আজিও মনত পৰে, তেওঁলোক হ’ল ৰজনী মহন্ত, বালি মহন্ত, চিন্তা মহন্ত, বিপিন মহন্ত, মনেশ্বৰ মহন্ত, ঘটফুল মহন্ত আদি৷ আজিৰ প্ৰজন্মক এই বৰখেলীয়া মহন্ত পন্থাতোৰ ঐতিহ্য আৰু পৰম্পৰাৰ লগত অলপমান চমু পৰিচয় কৰি দিয়াই এই লেখাৰ
উদ্দেশ্য৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক