বৰদৈচিলাৰ বুকুত লিখি থ’লো_ অনিতা গগৈ

দিল্হী ঘাটত থৰ মন-পানচৈ
দঁতাল হাতীৰ সুঁৰত বন্দী সাত জলাহৰ জোনাক

কেতেকীৰ হিয়া-দহা মাতত ভাহে
পানীতো নুবুৰা জালিকটা নাহৰৰ পোহৰ

পাটকাইৰ বুকুৰে লোৰ কাটি
তুমি ৰিঙা ৰিঙা গগনাৰ দুপৰ

গৰা ভাঙি আঁহতৰ খোৰোঙত
কপৌ পাহি হৈ ফুলে কাৰ দুখনি দেওলগা হাত

ৰিহা খহা থিয় গৰাত আঙুলিবোৰ বিজুলী
থিয়ৈ থিয়ৈ চৰগ পৰা এই চহৰ

নিমিষতে পুৰি ছাই হয় বতাহ
বুকু খুঁচৰি উঠি আহে জেতুকাবুলীয়া জোন

উশাহৰ চিপত নাচে উলাহৰ উঘা চেৰেকী
গুটিফুলে গামোচাত সাঁচে বৰ বিহ

দলনি নলনি উৰি ঘূৰি নামৰূপ
বৰদৈচিলাৰ বুকুত লিখি থ’লো তোমাৰ নাম…।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments