বৰপেটাৰ বিখ্যাত ‘জ্বাল’ – কমলা দাস

ব’হাগ বিহুত পৰম্পৰাগত ভাৱে খোৱা বৰপেটাৰ বিখ্যাত ’জ্বাল’খন

ব’হাগ বিহুত ব’হাগৰ এক তাৰিখে জ্বাল খোৱাটো বৰপেটাৰ এক পৰম্পৰা৷ বৰ দোমাহীৰ দিনাখন দিনত কোনেও ভাত নাখায়৷ ৰাতিৰ সাজৰ কাৰণে আবেলিৰ পৰাই জীয়ৰী বোৱাৰী সকলে যা- যোগাৰ কৰাত ব্যস্ত হৈ পৰে৷ বিধে বিধে আঞ্জা তৰকাৰী ৰান্ধে৷ তাৰ ভিতৰত জ্বালখন অন্যতম৷ বিবিধ বনৰীয়া আৰু ঘৰুৱা ঔষধি গুণ যুক্ত মা-মচলাৰে এই জ্বালখন ৰান্ধা হয়৷ বতৰ সলনি হোৱা এইখিনি সময়ত এই জ্বালৰ আঞ্জা খালে হেনো মানুহৰ দেহত হব পৰা বহুত বেমাৰৰ পৰা ৰক্ষা কৰে৷ প্ৰতি বাৰৰ নিচিনাকৈ এই বাৰো মই জ্বালখন ৰান্ধিছিলো৷ আজিকালি বহুত বস্তু পাবলৈয়ে নাইকিয়া হল৷ বস্তু বোৰ পাবলৈ নোহোৱা কাৰণে বহুত বস্তু অচিনাকিও হৈ গল৷ যিখিনি যোগাৰ কৰিব পাৰিছিলোঁ তাৰেই এই জ্বালখন ৰান্ধিছোঁ৷

উপকৰণ:
১. আপুনি মাছ, মাংস, কণী, আলু, নাইবা কঁঠালৰ মুচিও ল’ব পাৰে৷ সাধাৰণতে বেছি ভাগ আমি কণীৰেই জ্বাল বনাও৷ সেয়ে এইবাৰো কণী ললোঁ ছয়টা৷
কেঁচা হালধি, সৰু মানিমুনি, বৰ মানিমুনি, আদা, নহৰু, নলৰ গজালি, বেতৰ গজালি, গোন্ধ কচু, তৰাৰ গজালি, বাঁহৰ গাজ, কঁঠালৰ মুচি, পচতিয়া, কচাৰি মচলা, আমৰ কলি, জাবৰাং, হাবৰেং, নৰসিংহৰ পাত, ভেদাইলতা, জলকীয়া, জালুক, শুকান জলকীয়া, মান ধনীয়া, আদি আণ্ডাজ মতে সম পৰিমাণৰ৷ জলকীয়া অলপ বেছিকৈ দিছো৷ জ্বালখন জলা হব লাগিব নহয়! পিয়াঁজ এটাও লৈছো৷ বহুতে কিন্তু পিয়াঁজ নিদিয়ে৷

প্ৰণালী:
কণী কেইটা সিজাই লৈ বাকলি গুচাই দুফাল কৰি ললোঁ৷ মচলাখিনি ভাল দৰে চাফা কৰি মিহি কৈ পিচি লৈছোঁ৷ পিয়াঁজ কাটি থৈছোঁ৷ কেৰাহীত তেল গৰম কৰি নিমখ হালধি অকণ দি কণীখিনিত আচ্ মাৰি ভাজি লৈছোঁ৷ কণী ভাজি ৰৈ যোৱা তেল খিনিত পিয়াঁজখিনি ভাজি ৰঙচুৱা হোৱাত পিচি থোৱা মচলাখিনি পানী মিহলাই ঢালি দিলোঁ৷ আঞ্জাৰ আণ্ডাজ মতে আৰু কিছু পানী দিলোঁ৷ এতিয়া নিমখ হালধি দি কণীখিনিও দি দিলোঁ৷ ঢাকনি মাৰি উতলিব দিলোঁ৷ প্ৰায় দহ-পোন্ধৰ মিনিট মান উতলাৰ পাছত ঢাকনি গুচাই চালোঁ৷ আঞ্জাখন দেখিবলৈ থলথলীয়া হোৱাত নমাই থলোঁ৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক