বৰপেটাৰ মাঘ বিহু — ধ্ৰুৱজিৎ তহবিলদাৰ

অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। অসমৰ বিভিন্ন জাতি-জনজাতিৰ সাংস্কৃতিক উপাদানৰ সমন্বয়ত বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতি গঢ়ি উঠিছে। বিভিন্ন নদ-নদীৰ বোৱতী পানী লগ-লাগি সাগৰৰ পৰিচয় যিদৰে বাৰেবৰণীয়া, বাৰেৰহণীয়া হয়; সেইদৰে বিভিন্ন জাতি-জনজাতিৰ সাংস্কৃতিক উপকৰণ লগ লাগি বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰভেটিটো বাৰেবৰণীয়া, বাৰেৰহণীয়া হৈছে। তথাপি প্ৰতিটো জাতি-জনজাতি, প্ৰতিখন ঠাইৰ উচৱ-পাৰ্বনৰ আচাৰ-অনুষ্ঠান স্বকীয় বৈশিষ্ট্যৰে প্ৰোজ্জ্বল হ’ব পৰাকৈ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্যৰে সমৃদ্ধ।

অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত বিহু অন্যতম। ড° ভূপেন হাজৰিকাৰ মতে, “অসমীয়া জাতিৰ ই আয়ুস ৰেখা, জনজীৱনৰ ই সাহ।” অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ এই বিহু তিনিটা — ‘বহাগ বিহু’ বা ‘ৰঙালী বিহু’, ‘কাতি বিহু’ বা ‘কঙালী বিহু’ আৰু ‘মাঘ বিহু’ বা ‘ভোগালী বিহু’। এই তিনিওটা বিহুতে পালন কৰা আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিয়ে বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতিৰ বিভিন্ন দিশৰ পৰিচয় প্ৰদান কৰি আহিছে। সামগ্ৰিক দৃষ্টিত এই বিহু উৎসৱত পালন কৰা ৰীতি-নীতিসমূহ প্ৰায় একে যদিও আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি স্থানীয় শব্দ আদিৰ ক্ষেত্ৰত স্থান বিশেষে কিছু স্বকীয়তা দেখা যায়।

অসমৰ তিনিওটা বিহুৰ ভিতৰত ‘মাঘ বিহু’ অন্যতম। পুহ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুত ৰঙালীৰ দৰে ৰং-ৰহ‌ইচ প্ৰাচুৰ্য দেখা নাযায়, তাৰ বিপৰীতে ভোগ-বিলাসৰ প্ৰাচুৰ্যহে বেছি। সেয়েহে এই বিহু ‘মাঘ বিহু’ৰ পৰিৱৰ্তে ‘ভোগালী বিহু’ বুলিয়েই জনমানসত বেছি প্ৰচলিত। শাওণ-ভাদ মাহত কঠোৰ পৰিশ্ৰমেৰে ধান আৰু আন শস্যৰ সোনগুটিলৈ অপেক্ষা কৰা অসমীয়া কৃষিজীৱি সমাজখনে এই সময়ছোৱাত শস্য চপায়, ভঁৰাল উভৈনদী হয়। এই আনন্দতেই ভোগৰ উৎসৱ পাতে। অসমৰ উজনিৰ পৰা নামনিলৈকে এই বিহুৰ জনপ্ৰিয়তা, সাংস্কৃতিক বৈশিষ্ট্য প্ৰায় একেই যদিও অঞ্চলভেদে কিছু দিশত সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য‌ গা কৰি উঠা দেখা যায়। অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৰপেটাতো এনে স্বকীয় বৈশিষ্ট্য দেখা যায়।

অসমৰ সত্ৰীয়া সংস্কৃতিৰো এক প্ৰাণকেন্দ্ৰস্বৰূপ ‘বৰপেটাৰ সংস্কৃতি’। ‘বৰপেটাৰ সংস্কৃতি’ বুলি ক’লে বৰপেটা জিলাৰ সদৰ, বৰপেটা সত্ৰৰ দ্বাৰা প্ৰভাৱিত হাটী আৰু ওচৰ-পাঁজৰৰ গাঁওসমূহত গঢ়ি উঠা সংস্কৃতিকেই বুজা যায়। গুৰু শংকৰ-মাধৱ আৰু তেৰাসকলৰ শিষ্য-প্ৰশিষ্যসকলৰ পদৰেণুৰে ৰঞ্জিত এই পৱিত্ৰ ভূমি স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যৰে মহিমামণ্ডিত। অসমৰ আন অঞ্চলৰ পৰা বৰপেটাৰ সংস্কৃতি এই দিশতেই পৃথক যে বৰপেটা অঞ্চলৰ সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে সত্ৰৰ ভূমিকা অনস্বীকাৰ্য। আনকি বৰপেটীয়া মানুহে নিজৰ পৰিচয় বৰপেটাভিন্ন অইন মানুহৰ আগত দিবলৈ ‘বৰপেটাত ঘৰ’ বুলি কোৱাৰ সলনি ‘বৰপেটা সত্ৰত ঘৰ’ বুলি কৈহে আত্মিক সুখ অনুভৱ কৰে। এয়াও বৰপেটীয়া জনমানসত সত্ৰৰ প্ৰভাৱৰ নিদৰ্শন। অসমীয়াৰ প্ৰাণৰ উৎসৱ ‘মাঘ বিহু’ পালনৰ ক্ষেত্ৰতো বৰপেটীয়া জনমানসত সত্ৰৰ প্ৰভাৱ স্পষ্ট আৰু এই গুণেই বৰপেটাৰ মাঘ বিহু অসমৰ আন ঠাইৰ তুলনাত কিছু পৃথক আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত কৰিছে। অসমৰ সামগ্ৰিক পটভূমিত মাঘ বিহুৰ যি পৰম্পৰা, সেয়া বৰপেটাতো দেখা যায় যদিও ঐতিহ্যমণ্ডিত বৰপেটা অঞ্চলত পালিত মাঘ বিহুৰ কিছু স্বকীয় ৰীতি-নীতি, পৰম্পৰা আৰু লোকাচাৰ পৰিলক্ষিত হয়।

অসমৰ বিভিন্ন প্ৰান্তত ‘মাঘ বিহু’ক ‘মাঘ বিহু’, ‘ভোগালী বিহু’, ‘মাঘৰ দোমাহী’ আদি নামেৰে জনপ্ৰিয় হোৱাৰ পৰিৱৰ্তে বৰপেটাত ‘মাগোদ্দম্হি’ ৰূপেৰেহে জনমানসত প্ৰচলিত। এয়া উপভাষাৰ বৈশিষ্ট্য। ‘বৰপেটীয়া উপভাষা’ত অল্পপ্ৰাণীভৱনৰ ফলত ‘ঘ’টো ‘গ’ হয় (মাঘ>মাগ), আৰু উচ্চাৰণৰ ক্ষিপ্ৰতাৰ বাবে ‘মাঘৰ দম্হি’ > ‘মাগোদ্দম্হি’ হৈছে। বৰপেটাত এই মাগোদ্দম্হিৰ প্ৰধানতঃ দুটা ৰূপ – সত্ৰকেন্দ্ৰিক মাগোদ্দম্হি আৰু লোকজীৱনৰ মাগোদ্দম্হি। দুয়োটা ৰূপ যদিও কিছু পৃথক, তথাপি একে উদ্দেশ্য আৰু আন্তঃসম্পৰ্কৰে আৱদ্ধ।

(ক) সত্ৰকেন্দ্ৰিক মাঘৰ দোমাহী বা সত্ৰকেন্দ্ৰিক মাগোদ্দম্হি: বৰপেটা সদৰৰ মাজ মজিয়াতে বৰপেটা সত্ৰ প্ৰতিস্থিত। বৰপেটা সত্ৰক কেন্দ্ৰ কৰি যিদৰে বৰপেটাৰ মানুহ বসবাস কৰিছে, বৰপেটাৰ হাটীবোৰ গঢ়ি উঠিছে; সেইদৰে বৰপেটা সত্ৰৰ আদৰ্শ, সত্ৰত পালিত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰক কেন্দ্ৰ কৰি বৰপেটাৰ সংস্কৃতি গঢ়ি উঠিছে। বৰপেটাৰ মানুহৰ জীৱন-ধাৰণ, উৎসৱ-পাৰ্ৱণ, ৰীতি-নীতি ইত্যাদি সকলো দিশতে সত্ৰৰ ভূমিকা যথেষ্ট। বিহু উৎসৱ পালনৰ দিশতো জনমানসত সত্ৰৰ ভূমিকা এৰাব নোৱৰা। “মাঘ বিহু মূলতঃ কৃষিভিক্তিক উৎসৱ যদিও অসমত বৈষ্ণৱ ধৰ্মীয় পৰম্পৰা সমাজত প্ৰতিস্থিত হোৱাৰ লগে-লগে ‘লিটিল ট্ৰেডিচন’ আঁতৰি গৈ লাহে-লাহে তাৰ ঠাইত ‘গ্ৰেট ট্ৰেডিচনে’ ঠাই পাবলৈ ধৰিলে। ফলত সত্ৰকেন্দ্ৰিক সমাজখনে পালন কৰা বিহু ৰূপো কিছু সলনি হ’ল। “(বাবুল চন্দ্ৰ দাস, বৰপেটা সত্ৰ আৰু লোক জীৱনৰ উৎসৱ পাৰ্বণ, পৃঃ ৭২)
বৰপেটা সত্ৰত পুহ মাহৰ সংক্ৰান্তিৰ পৰা মাঘ মাহৰ চাৰি তাৰিখলৈ মাঘ বিহু পালন কৰা হয়। “অন্যান্য সত্ৰীয়া উৎসৱৰ দৰে মাঘৰ দোমাহীতো সংক্ৰান্তিৰ আগদিনা নিশা গুৰু ঘাঁত বজোৱা আৰু সমূহ ভকতৰ লগতে সত্ৰীয়া সাংস্কৃতিক গোটসমূহৰ আগত আগন্তুক উৎসৱৰ বিষয়ে ঘাই দেউৰীয়ে জনাই দিয়াটো এটা দস্তুৰ।” (উক্ত গ্ৰন্থ, পৃঃ ৭৩) মাঘৰ দোমাহীৰ লগত সংগতি ৰাখি সত্ৰৰ ভিতৰত নৈমিত্তিক প্ৰসংগ কৰা হয় আৰু লগতে ১ মাঘৰ পৰা ৪ মাঘলৈ সত্ৰৰ চৌহদৰ ভিতৰত বৈষ্ণৱ সন্ত-মহন্তৰ ‘চৰিত তোলা’ হয়। এইপ্ৰথা এতিয়াও চলি আছে। ভকতসকলে কীৰ্ত্তনঘৰৰ চৌপাশে ধৰ্মীয় বিশ্বাসেৰে বন্তি জ্বলায়। মাঘৰ প্ৰথম তিনিদিন ৰাতিপুৱা প্ৰসংগৰ পিছতেই আয়তীসকলে পথে-পথে গীত গাই বৃন্দাবনহাটী আৰু গলিয়াহাটীৰ সোঁ-মাজত থকা সত্ৰৰ সীমামূৰৰ ‘মিঠা আমৰ তল’ বা ‘কেতেকীবাৰী’ বা ‘বৰবাৰী’লৈ গৈ নাম গুণ গায় আৰু লগতে প্ৰথম বিহুৰ পৰা ইয়াত ‘চৰিত তোলা’ হয়।

(খ) লোকজীৱনত মাঘৰ দোমাহী বা মাগোদ্দম্হী: বৰপেটাৰ মাঘ বিহুৰ আনটো ৰূপ হ’ল লোকজীৱনৰ মাঘৰ বিহু বা লোকজীৱনৰ মাঘৰ দোমাহী। অসমৰ সামগ্ৰিক পটভূমিলৈ চালে দেখা যায় যে মাঘ বিহু মূলতঃ কৃষিকেন্দ্ৰিক উৎসৱ। মাঘ মাহত খেতিয়কৰ আশা আৰু প্ৰয়োজনৰ আহাৰ মুঠিৰে ভঁৰালঘৰ উভৈনদী হয়। এই আনন্দতেই খেতিয়কসকলে ভোগালীৰ উৎসৱ পাতে। সত্ৰকেন্দ্ৰিক বৰপেটীয়া সমাজখন প্ৰত্যক্ষভাৱে কৃষিকেন্দ্ৰিক নহয় যদিও কৃষিকেন্দ্ৰিক অঞ্চলৰ দৰে এই অঞ্চলতো মহা ধুম-ধামেৰে ভোগৰ উৎসৱ ভোগালীৰ আয়োজন চলে। ভোগালীৰ বিহুৰ উদ্দেশ্য, ৰীতি-নীতি, লোকাচাৰ প্ৰায় একে যদিও বৰপেটা অঞ্চলৰ কিছু স্বকীয় বৈশিষ্ট্য দেখা যায়। গোটেই অসমত পুহ-মাঘৰ সংক্ৰান্তিৰ আগদিনা উৰুকা আৰু সংক্ৰান্তিত ‘বৰদোমাহী’। কিন্তু বৰপেটাত সংক্ৰান্তিৰ দিনাহে উৰুকাৰ আয়োজন চলে। সেইদিনা ভোগপ্ৰেমী বৰপেটীয়া ৰাইজে মহা উলাহেৰে ঠলুৱা মাছ, মাংসৰে উৰুকাৰ ভোগ কৰে। হাটীয়ে হাটীয়ে ‘খানা’(লগ হৈ খোৱা)ৰ আয়োজন কৰে। সমূহীয়াভাৱে ‘আলু ভাজা’ খোৱা পৰম্পৰাটো বৰপেটীয়াৰ স্বকীয় বৈশিষ্ট্য, অসমৰ আন অঞ্চলত তেনে পৰম্পৰা দেখা নাযায়। আনকি, বিহুৰ সময়ত ঘৰলৈ যোৱা আলহীকো আলুভজাৰে আপ্যায়ন কৰে। উৰুকাৰ ৰাতি আনৰ ঘৰৰ পৰা জেওৰা, পিঠা-পনা, বাৰীৰ শাক-পাচলি চুৰ কৰি অনাটোও এটা নিয়মত পৰিণত হোৱা দেখা যায়। কিন্তু সেয়া এক আনন্দহে।

মাঘ বিহু বুলিলেই বিভিন্ন লোকাচাৰৰ ভিতৰত মনলৈ আহে মেজি, ভেলাঘৰ সজা, অগ্নি পূজাৰ কথা। বৰপেটাতো ডেকা ল’ৰাসকলে মাঘ বিহুৰ উৰুকাত মহা উলাহেৰে মেজি সাজে। অসমৰ অইন ঠাইৰ তুলনাত বৰপেটাৰ মেজিৰ পাৰ্থক্য এয়েই যে অসমৰ বেছিভাগ ঠাইৰ লোক-সমাজত নৰাৰে মেজি সাজে। কিন্তু বৰপেটাত উলু, খেৰ অথবা বিৰিণাৰেহে মেজি সাজে। দ্বিতীয়ত হ’ল সাম্প্ৰতিক সময়ত অসমৰ বহু ঠাইত মেজি সজাৰ নামত জাক-জমকতা, প্ৰতিযোগিতা দেখা যায়। কিন্তু বৰপেটাৰ মেজি তেনে আগ্ৰাসনৰ পৰা মুক্ত। ডেকা ল’ৰাবোৰে দলগতভাৱে খেৰ-বিৰিণা কাটিবলৈ পথাৰলৈ যায়, তাতো এক উৎসৱকেন্দ্ৰিক পৰিৱেশ সৃষ্টি হয়। পথাৰৰ পৰা চপাই অনা খেৰ, বিৰিণাবোৰেৰে দৌল আকৃতিত মেজিবোৰ সজায়। কিছুমান ঠাইত নামঘৰৰ চোতালত ওচৰা-উচৰিকৈ দুটা মেজি সজায়, এটা আনটোৰ তুলনাত কিছু ডাঙৰ। ডাঙৰটো পুৰুষ আৰু সৰুটো প্ৰকৃতি বুলি এটা জনবিশ্বাস আছে। উল্লেখযোগ্য যে অসমীয়া সংস্কৃতি উৰ্বৰা শক্তিত বিশ্বাসী, অসমীয়া জনমানসত প্ৰকৃতি-পুৰুষৰ মিলনৰ জৰিয়তে উৰ্বৰা শক্তি বৃদ্ধিত বিশ্বাস কৰে। মাঘ বিহুত এনে অঞ্চলসমূহত প্ৰকৃতি-পুৰুষৰ প্ৰতীকি ৰূপ হিচাপে দুটা মেজি সজোৱা হয়। দুয়োটা মেজিৰ ধোৱা আকাশত মিলিত হোৱাটোত প্ৰকৃতি-পুৰুষৰ মিলন আৰু উৰ্বৰা বৃদ্ধিৰ জনবিশ্বাস জড়িত হৈ আছে। মেজিৰ কাষতেই বৰ্গাকৃতিৰ ২/৩ ফুট দকৈ গাত খন্দা হয় আৰু তাত গছৰ ডাঙৰ টুকুৰা জ্বলাই গোতেই ৰাতি জুই পুৱাই পুহমহীয়া শীত আঁতৰ কৰে, ইয়াক বৰপেটীয়া জনসমাজত ‘গাতা ৰখা’ আৰু ‘ধুনি পুওৱা’ বুলি কোৱা হয়। ‘গাতা ৰখি’ আনন্দ কৰা লোকসকলে তাতেই ‘আলু ভাজি’ খায়। এই গাতাৰ আলু অতি সুস্বাদু। বৰপেটাৰ মাঘ বিহুৰ এয়াও এক পৰম্পৰাগত লোকাচাৰ। পিছদিনা বৰদোমাহী, বৰপেটাত ‘বৰদম্হি’। ৰাতিপুৱাতেই গা-পা ধুই সৰুৱে ডাঙৰক সেৱা জনায়, ডাঙৰে সৰুক শুভেচ্ছা আৰু আশীৰ্বাদ দিয়ে। তাৰ পাছতেই নামঘৰৰ চোতাল আৰু হাটীয়ে হাটীয়ে সজোৱা মেজিসমূহ জ্বলাই অগ্নিক সেৱা কৰে। মেজিৰ জুইত গা সেকিলে বছৰটোৰ বাবে ঠাণ্ডা আঁতৰ হয় বুলি জনবিশ্বাস আছে আৰু এই লোকবিশ্বাসৰ বাবেই ৰাইজ মেজি পুৱাবলৈ ঢাপলি মেলে।

অসমৰ লোক-সমাজত ভোগালীৰ যি আয়োজন, বৰপেটাতো অনুৰূপভাৱে অতি উলহ-মালহেৰে পিঠা-পনা, সান্দহ, চিৰা, লাৰু, কাঢ়ৈ আদিৰে উপচাই ৰাখিবলৈ বিহুলৈ দহ-বাৰদিন থকাৰ পৰাই জীয়ৰী-বোৱাৰীহঁত ব্যস্ত হৈ পৰে। বৰপেটা অঞ্চলৰ হীৰাসকলে মাটিৰ পাত্ৰ তৈয়াৰ কৰে আৰু সেই পাত্ৰতেই বিহুৰ পিঠা-পনা ভজা হয়। এই কামবোৰতো কিছুমান লোকাচাৰ আছে। কাঢ়ৈ মাটিৰ চৰুত ভাজে, ( কাঢ়ৈত তিল, বৰাচাউল, গোটা মগুমাহ, বুটমাহ, সোণ বৰণীয়া মগু বেলেগে বেলেগে শুকানকৈ ভাজি পিছত একেলগ কৰা হয়। আজিকালি কাঢ়ৈত চীনা বাদামো মিহলি কৰে, সোৱাদ বৃদ্ধি হ’বলৈ) আৰু প্ৰথম খলাটো জুইত অৰ্পণ কৰা হয়। সেইদৰে কাঢ়ৈ ভজা হোৱাৰ পাছত প্ৰথমতে মেজিৰ জুইলৈ চটিওৱা হয় তাৰ পাছতহে মানুহে খাব পাৰে বুলি এটা লোক-বিশ্বাস আছে। ভোগালীৰ কাঢ়ৈ বহাগ বিহুলৈ থোৱাতো এটা নিয়ম। বহাগ বিহুত সেই কাঢ়ৈ খালে দাঁত টান হয় বুলি লোক-বিশ্বাস আছে। বিহুৰ সময়ছোৱাত আলহী-অতিথিৰে ঘৰ ভৰি পৰে। ইজনে-আনজনক মৰম যাচে, সেৱা কৰে, বিহু খাৱলৈ মাতে।

সংস্কৃতি পৰিৱৰ্তনশীল। পৰিৱৰ্তন সংস্কৃতিৰ স্বাভাৱিক ধৰ্ম। গোলকীকৰণ তথা আন আন সংস্কৃতিক উপকৰণৰ আমদানিৰ প্ৰভাৱত বিশ্বৰ প্ৰতিটো জাতিৰ সংস্কৃতিলৈ স্বাভাৱিকতেই পৰিৱৰ্তন আহিছে। তথাপি প্ৰতিটো জাতিৰ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য ৰক্ষিত হৈ আহিছে যিয়ে জাতিটোক আনৰ আগত পৰিচিত কৰি আহিছে। বৰপেটাৰ সংস্কৃতিও এই দিশৰ পৰা ব্যতিক্ৰম নহয়। মানুহৰ সময়ৰ অভাৱ, গোলকীকৰণ বা বিশ্বায়ন আদিৰ প্ৰভাৱত বৰপেটাৰ সমগ্ৰ সংস্কৃতিৰ দৰে বৰপেটাৰ মাঘ বিহুলৈয়ো কিছু পৰিৱৰ্তন আহিছে যদিও এতিয়া বৰপেটাৰ মাঘ বিহুৱে সুকীয়া সাংস্কৃতিক বৈশিষ্ট্যৰে সমৃদ্ধ হৈ অসমৰ আন অঞ্চলৰ আগত বৰপেটাৰ পৰিচয় প্ৰদান কৰি আহিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments