বৰফৰ ঘৰ (উজ্জল ফুকন)

 
গহীন গহীন খোজেৰে আগবাঢ়ি গৈছে তিনিওজনী । গৰ্ব প্ৰতি খোজত। গৰ্ব চকু মুখত। ভ্ৰূক্ষেপ কৰা নাই সিহঁতক চাই থকা এজাক চকুক।ৰাজৰ এনে লাগিল যেন এয়া সুস্মিতা, ঐশ্বৰ্যা আৰু দিয়া মিৰ্জা একেলগে ৰেম্পত আগবাঢ়িছে।
“হৰ্ণ নবজাব। স্বৰ্গদেউৰ ঠাই তাতে আকৌ ৰজা ঘৰৰ হাঁহ মানে ৰাজহাঁহ। ” এজন যাত্ৰীয়ে ধেমেলীয়া সুৰত ক’লে।
“তেওঁলোক পাৰ হ’ল। এতিয়া পিছে পিছে পাটমাদৈ কেইগৰাকীমানহে গৈছে মানে পাতিহাঁহ কেইজনীমান। পিছফালে তেলৰ টেংকি এটা এটা লৈ আগবাঢ়িছে। হাঁহে-কোমোৰাই ধ্বংসি নিয়া আৰু।” হেন্দিমেন পিছুৱে সিহঁতক চাই চাই ক’লে।
“অই কি মূৰটো কৰি আছ’। জাঁজীৰ কোনোবা আছে নেকি চা। নমাই দিওঁ ইয়াতে।” ড্ৰাইভাৰে বলেনে ধমক দি ক’লে।
পিছুৱে চাধা অকণমান টিপিককৈ ওঠৰ ফাঁকত ভৰাই এজনৰ ফালে চাই ক’লে “দাদা, জাঁজী পালোহি। নামিব পাৰে।”
“হেৰৌ দলংখনতো পাৰ হ’বলৈ দে।” যাত্ৰীজনে ক’লে।
“দাদা আপোনাক দলঙৰ মাজত মানে যোৰহাট শিৱসাগৰ জিলাৰ একেবাৰে মাজত নমাইছোঁ। এটা ভৰি যোৰহাটত থ’ব পাৰে আৰু আনটো ভৰি শিৱসাগৰ জিলাত ৰাখিব পাৰে। আৰু তেনেকৈ অলপ সময় ৰৈ থাকিলে কিবা ৰেকৰ্ড – চেকৰ্ড হৈ যাব পাৰে। আমাৰ বৰুৱা নে কি সেইজনক মইয়েই খবৰ দি দিম। কি কয় বলেন দা ?”
পিছুৱে বলেন ড্ৰাইভাৰে শুনাকৈ হাঁহি হাঁহি ক’লে।
“ঢেঙৰ, পাতিহাঁহৰ কাৰণে গাড়ী ৰখাব পাৰ’। গাড়ী পদুলিৰ মুখত নৰখালে একেপাট চৰতে ৩০ টা দাঁত সৰোৱাৰ ৰেকৰ্ড কৰিব পাৰোঁ মই।” যাত্ৰীৰ লোকেল লোকেল ভাৱটো কৰবাৰ পৰা উৰি আহিল।
কাষতে বহি থকা এজনে লাহেকৈ মাত লগালে “দাদা ৩০ টা নহয় ৩২ টা দাঁত সৰোৱাই দিয়ক ইয়াৰ।”
যাত্ৰীজনে এইবাৰ পিছুৱে শুনাকৈয়ে ক’লে “ইয়াৰ দুটা দাঁত মই বহুদিনৰ আগতেই সৰাই থৈছো।”
পিছুৱে তেতিয়াহে মানুহজনক ভালকৈ চালে। মনত পৰি গ’ল সেই চৰটো। হাতখন তাৰ মুখখনৰ সমানেই হ’ব। বৰহিলৰ স্বৰ্গদেউৰ ভৰিৰ চাবটো যিদৰে এতিয়াও আছে ঠিক সেইদৰে সেই চৰৰ প্ৰকোপ পিছুৱে এতিয়াও মাজে মাজে অনুভৱ কৰে। কি যে চুট্খৰে খাইছিল জিভাখনৰ সেইদিনা ! ‘ভাড়া দিয়ক দাদা’ৰ সলনি ‘ভাড়া দিয়ক — ” ওলাই আহিছিল তাৰ মুখৰ পৰা। সেই এটা বেয়া মাতে তাৰ কিমান দিন যে বেয়া কৰি পেলালে হিচাপ নাই। তাৰপিছত অৱশ্যে তাৰ ছাগলী জিভাখন অলপ ঠিক হ’ল। গালৰ পিছফালে বৰগছৰ দৰে দুটা গুৰি দাঁত সেই ধুমুহাত বাগৰি পৰিছিল। দাঁত দুটা এখন হাতত আৰু মুখৰ পৰা ওলাই অহা ৰঙানদীখন আনখন হাতেৰে বন্ধ কৰি একেলৰে সি বলেন ড্ৰাইভাৰৰ পিছফালে লুকাইছিল। বলেনৰ কৃপাতে সেইদিনা সি আৰু মাৰ খোৱাৰ পৰা বাচিছিল।
“অ’ দাদা, ক্ষমা কৰিব। ভালনে আপোনাৰ।” পিছুৱে নিৰাপদ দূৰত্বত অৱস্থান কৰি এখন হাত গালত থৈ শেঁতা হাঁহি এটাৰে সুধিলে যাত্ৰীক।
“আগৰ পানদোকানৰ কাষত ৰখাবি গাড়ী।” যাত্ৰীজনে কঠোৰভাৱে ক’লে।
“হ’ব দাদা। বলেন দা, দাদা আমাৰ পুৰণা চিনাকি । গাড়ীখন আগৰ পানদোকানখনৰ আগত ৰখাই দিব।” পিছুৱে চিঞৰি বলেনক ক’লে।
কথাটো কৈ পিছু দৌৰি গৈ কেবিনত সোমাল। তাৰ দৌৰ দেখি ৰাজৰ এনে লাগিল যেন ন-কইনাই কিবা এটা কথাত লাজ পাই খৰ খোজেৰে নতুন পৰিয়ালটোৰ মানুহজাকৰ পৰা আতৰি গৈছে।
“মতলীয়া বতাহে —–” জুবিনৰ মাতটো ভাহি আহিল। পিছুৱে মন ভুলাবলৈ কেবিনৰ পৰা দিজে’ৰ কাম আৰম্ভ কৰিছে। ৰাজে গানটো শুনি ক’ব নোৱাৰাকৈয়ে খিৰিকীখন খুলি দিলে। শীতল বতাহ এছাটিয়ে তাৰ মুখত চুমা সানি যেন ঘৰৰ কাষ চাপি অহাৰ বতৰা দিলে।
গৌৰীসাগৰ পাৰ হৈছে গাড়ীখন। কেবিনৰ পৰা হীৰু দা- জুবিনৰ আন এটা দেহা শাঁত পেলাই নিয়া গীত ভাহি আহিল “গানে কি আনে ——– সৌ পথাৰৰ–”
খিৰিকীৰ সিপাৰে আঘোনৰ পথাৰখনেও যেন গানটোৰ সমৰ্থনত নাচি উঠিছে।
বাচখন জয়সাগাৰৰ পিনে যোৱা বাটটোত সোমাই দিওঁতে ৰাজৰ মনটো ভাল লাগি গ’ল। এইটো একালৰ তাৰ কলেজলৈ অহা যোৱা কৰা বাট। ৰংঘৰটো দেখি হাজাৰবাৰ চাইকেল মাৰি এই বাটেৰে পাৰ হোৱা দিনবোৰ দৌৰি পাৰ হৈ যোৱা যেন লাগিল । পাৰ হৈ গ’ল ৰাহুল, পৰশ , মুক্তাৱ আৰু এজাক চিনাকি মুখ।
“ক’ৰ পৰা আহি আছা?” কাষতে বহা আদহীয়া মানুহজনে সুধিলে।
মানুহজন বোকাখাটত উঠিছিল। “মই গুৱাহাটীৰ পৰা আহিছোঁ। আচলতে বাঙ্গালোৰৰ পৰা আহি আছোঁ। কালি গুৱাহাটীত থাকি আজি ঘৰলৈ আহি আছোঁ।” ৰাজে ক’লে।
“অ’ বাঙ্গালোৰত থাকা। পঢ়ি আছা? পৰীক্ষাৰ পিছৰ বন্ধ নেকি?” মানুহজনে আকৌ সুধিলে।
ৰাজৰ মুখখন এইবাৰ উজ্জ্বল হৈ গ’ল। অলপ ওলাই অহা পেটটো ক’ব নোৱাৰাকৈয়ে সোমাই গ’ল। দুদিন আগতে কানাড়া পোৱালি এটাই ৰাজৰ ফালে যোৱা সিহতঁৰ খেলা বলটো দেখুৱাই কৈছিল “আঙ্কল, বল প্লিজ” ।
ৰাজে মুখেৰে একো নকৈ তাক ক্ৰিকেট বলটো দলিয়াই দিছিল। সি আকৌ খৰ টুকুৰাত নিমখ ছটিয়াই কৈছিল “থেঙ্ক ইউ, আঙ্ক্ল।”
এতিয়া মানুহজনৰ কথা শুনি কানাড়া পোৱালিটোৰ জপৰা মূৰটো জোকাৰি কবলৈ মন গৈছিল “খুড়া তোৰ শহুৰ আৰু বুঢ়া তোৰ বাপেৰ” ।
“নে বেলেগ কিবা কামত গৈছিলা বাঙ্গালোৰলৈ।” বহুসময় উত্তৰ নোপোৱাত মানুহজনে আকৌ সুধিলে।
“অ’ মই বাঙ্গালোৰত চাকৰি কৰি আছোঁ। তাত থকা হ’ল কেইবছৰ মান।” ৰাজে ক’লে।
“ভাল ভাল। মানে তুমি পঢ়ি থকা নাই। চাকৰি কৰি আছা। তথাপিও কথাটো একেই নহয় জানো। পঢ়ি থাকিলে পৰীক্ষাৰ পিছৰ বন্ধত আহে নহ’লে গৰমৰ বন্ধত আহে। মানে এবাৰ বা খুব বেছি দুবাৰ। আৰু চাকৰি কৰা কেইটাও বিহু নহ’লে পূজাত আহে। আন সময়ত আহিলে বুজিবা হয় বিয়া, নহ’লে ঘৰত কিবা বিপদ হৈছে। তুমি পিছে এই সময়ত কিয় আহিলা? বছৰত কেইবাৰ অহা হয় ঘৰলৈ? তুমি বুলিয়েই কৈছোঁ। বয়সত মোৰ ল’ৰাৰ লগৰ হ’বা। তুমিও মোক খুড়া বুলিব পাৰা” মানুহজনে মিচিকিয়া হাঁহিৰে ক’লে।
“জেঠেৰিৰ বিয়া খাবলৈ আহিছোঁ খুড়া। আপুনি ঠিকেই ধৰিছে। বছৰত দুবাৰ আহিবলৈ চেষ্টা কৰোঁ। মিলাব নোৱাৰিলে কেতিয়াবা এবাৰ হে অহা হয়।” ৰাজে উত্তৰ দি মনে মনে ভাবিলে “মানুহজনে বেয়া ঠাইত হেঁচি ধৰিছে”।
“মানে এইকেইদিন স্কুলীয়া দিনৰ সেই গৰমৰ বন্ধৰ ছুটিৰ দৰে। পঢ়া শুনা একো নাই। স্কুলো বন্ধ। কোনো চিন্তা নাই। মোমাইৰ ঘৰলৈ ফুৰিবলৈ যোৱা। অ’ তুমি বিয়া পাতিলা যেতিয়া শহুৰৰ ঘৰে মোমাইৰ ঘৰটো দূৰলৈ লৈ যাব। তাতে আকৌ এইবাৰ জেঠেৰিৰ বিয়া। ক’ত সময় পাবা” মানুহজনে হাঁহি হাঁহি ক’লে।
ৰাজেও হাঁহিলে। বাচখন এতিমধ্যে দিখৌ দলং পাৰ হৈ ৰখাইছে।”
“তুমি খিৰিকীখন খুলি বতাহ লওঁতেই মই বুজি পাইছিলোঁ তোমাৰ ভিতৰৰ সৰু ল’ৰাটো ক’ৰবাৰপৰা উৰি আহিছে বুলি। মোৰ ল’ৰাটো আমেৰিকাত থাকে। প্ৰথমবাৰ সি যাওঁতে আমি খুব ভাল পাইছিলোঁ। বিয়াৰ বাবে সি এবছৰৰ মূৰত আহিছিল। তাৰপিছত আৰু যোৱা পাচঁবছৰে অহা নাই। ফ’নত ভাল বেয়া সোধে। মাকে সদায় ‘ভালেই’ বুলি কয়। মোৰ খবৰ বাতৰি আজিকালি নলয়। এদিন কেনেকুৱা খবৰ সোধোতে ক’লো ‘বেয়া। তই কি কৰিবি? আহিবি নেকি ভাল কৰিবলৈ। আমাৰ ঘৰৰ কাষৰ পান দোকানখনৰ বিহাৰীটোও বছৰত এবাৰ দোকান বন্ধ কৰি ঘৰলৈ যায়। তই —‘ মোৰ বাক্যটো শেষ নহ’ল বুজিছা। সি ফ’নটো কাটি দিলে। মাজে মাজে ঘৰলৈ আহিবা। তোমালোকৰ লগত কথা পাতিবলৈ পালে আমাৰো বয়স অলপ কমি যায়।” কথাৰ মাজতে মানুহজনে বিদায় জনাই কালীপ্ৰসাদ চাৰিআলিত নামি গ’ল।
মানুহজন যোৱাৰ ফালে চাই থাকোতে ৰাজৰ লাইব্ৰেৰীটোত চকু পৰিল। বাহিৰৰ পৰা একেই আছে। একালত ৰাজৰ খুড়াক ইয়াতে লাইব্ৰেৰীয়ান আছিল। শনিবাৰৰ আবেলি ৰাজ ৩ টা বজাত হাজিৰ হ’ব লাগে লাইব্ৰেৰীত। খুড়াকে তিনিখনমান কিতাপ দিয়ে সপ্তাহটোৰ বাবে। পঢ়ি শেষ কৰি মূলভাৱটো লিখি পিছৰ শনিবাৰে খুড়াকক দেখুৱাব লাগে। তেতিয়া সেইবোৰ অত্যাচাৰ বুলি ভাবিছিল সি। কিন্তু এতিয়া লাগে খুড়াকৰ জহতে বহুত কিতাপ পঢ়াৰ সুযোগ পাইছিল। এবাৰ ভুলতে লাইব্ৰেৰীলৈ সি দীপ আৰু পৰশক লৈ গৈছিল। তিনিওটাৰ পঢ়াৰ নামত ফুচফুচ আড্ডা শুনি খুড়াকে সিহঁতৰ ফালে চাই কৈছিল “তহঁতে জাননে খুচুৰা পইচাবোৰে কিয় শব্দ বেছিকৈ কৰে। কাৰণ সিহঁতৰ মূল্য কম। আৰু দহ টকীয়া নোটখন বা বিছ টকীয়া নোটখনে কিয় শব্দ নকৰে। কাৰণ সিহঁতৰ মুল্য বেছি। কথা নাপাতিবি। পঢ়া শুনা কৰ। তহঁতৰ যেতিয়া জ্ঞান বাঢ়িব, তেতিয়া মূল্যও বাঢ়িব। কোনে কৈছিল জান’নে এই কথা ? শ্যেকস্পীয়েৰে কৈছিল।”
তিনিওটাই মূৰ উঠা নমা কৰি হয়ভৰ দিলে।
“কি বুজিলি?” খুড়াকে তিনিওটালৈ চাই সুধিছিল।
“খুচুৰা পইচা দি আমি এটা তেঁতেলি পেকেট হে কিনিব পাৰিম। কিন্তু দহ টকাৰে এটা ডাঙৰ চকলেট কিনিব পাৰিম। দহ টকাটো পাবলৈ আমি পঢ়িব লাগিব।” পৰশে অলপ ভাবি ক’লে।
“কিকিকিমান খিনি পঢ়ি শেষ হ’লে চকলেটটো পাম, সোধছোন।তেতেতেঁতেলি এপেকেটৰ সমান চাগৈ মই পঢ়িলোঁৱেই।” দীপে লাহেকৈ ৰাজক সুধিলে।
খুড়াকে সিহঁতৰ উত্তৰ শুনি লাহে লাহে অহা বাটে ঘূৰি গ’ল।
গাড়ীখন বাচষ্টেণ্ড পালেহি। বাচৰ পৰা নমাৰ লগে লগে এখন ৰিক্সা আহি হাজিৰ। কিন্তু কাষতে অলপ বেলেগ ধৰণৰ ৰিক্সা এখনো ৰ’লহি। বায়েকে ৰাজক কৈছিল “বেটাৰিত চলোৱা ৰিক্সা চলিছে শিৱসাগৰত। উঠি চাবি।”
ৰাজ গৈ বেটাৰি ৰিক্সাত উঠিল। পেদেলমৰা ৰিক্সাৰ চালকজনৰ কৰুণ চাৱনিৰে ৰাজৰ ফালে চালে। বাটৰ কাষৰ পাচলি দোকানখন পাৰ হৈ বিগ বাজাৰৰ পৰা পাচলি কিনি ঘুৰাৰ পথত পাচলি দোকানী চাৱনিৰ লগত সেই ৰিক্সা চালকৰ চাৱনি মিলি গ’ল।
ৰাজে বুজিলে ইহঁতৰ মাজতো প্ৰতিযোগিতা আৰম্ভ হৈছে। জোৰ যাৰ মূলক তাৰ। উপায় নাই।
“কাপাড়া হাম কাল আবেলি কৌ লেকে জায়েগা” কোনোবা হিন্দী বিশাৰদ অসমীয়া এজনে ধোবা দোকানীক ৰাস্তাৰপৰাই চিঞৰি কৈছে। চকামকাকৈ ধোবা দোকানীটো দেখিলে ৰাজে। সৰুতে দেখা ধোবাটোৱেই। সি এতিয়ালৈ অসমীয়া শিকা নাই বা আমাৰ মানুহজাকে তাক অসমীয়া কবলৈ দিয়া নাই।
ওলোটাই আমাৰজাকে তাৰ পৰা হিন্দী শিকিছে। দিল্লীৰ টানটো আখৈফুটিয়াৰ এঠা দৈৰ নিচিনা। সহজে নেৰে। “অনা-অসমীয়াই কিয় অসমীয়া নকয়” বুলি চিঞৰি থকাতকৈ সাহিত্য সভাৰ দৰে অনুস্থানে অসমীয়া ভাষাৰ প্ৰসাৰৰ বাবে সৰু সৰু কৰ্মশালা পাতিবৰ হ’ল। কিন্তু সাহিত্য সভাৰ যি ৰূপ দেখিছোঁ হিন্দীৰ বতাহজাকে তেওঁলোকক ‘চাহিত্য চভা’ নকৰিলেই ৰক্ষা” ৰাজে মনে মনে ভাবিলে।
গৰিলাকো দেখা যেন লাগিল। সি পাচলি দোকান খন ডাঙৰ কৰিলে। নেমু কঠাল এইবোৰ চাগৈ সি এতিয়াও বেচে। সৰুতে ৰাজহতৰ পুৰণা ঘৰৰ লেট্ৰিনৰ পিছপিনে এজোপা প্ৰকাণ্ড নেমুগছ আছিল। কিন্তু লেট্ৰিনৰ কাষৰ বাবে সেইকেইটা নেমু ঘৰত নাখাইছিল। ৰাজৰ ককায়েক ৰূপমে সেইকেইটা নেমুকে গৰিলাৰ দোকানত ৰাতিপুৱা স্কুললৈ যাওঁতে বেচি দিয়ে আৰু ৰাজৰ দেউতাক বা বৰদেউতাকে সেইকেইটাকে সন্ধিয়া ঘৰলৈ কিনি আনে। ভাতৰ পাতত যেতিয়া কোনোবাই কয় “নেমুৰ গোন্ধটো ভাল লাগিছে”, তেতিয়া দুয়োটাই ইটোৱে সিটোৰ ফালে চাই হাঁহি হাঁহি ভাবে “নেমুৰসৰ আচল উৎসটো গম পালে আৰু ভাল পাবা”। অকল নেমুৱেই নহয় পিছপিনৰ বিলৰ পাৰৰ কঠালেও ককায়েকৰ জহত গৰিলাৰ দোকানত শোভা পাইছিল।
“স্কুলৰ কাষতে ৰখাই দিয়া ” ৰাজে এতিয়াৰ ঘৰটো পাৰ হৈ পুৰণা ঘৰৰ কাষতে নামিল।
এটা সময়ত ২৫-৩০টা মানুহে গিজগিজাই থকা ঘৰখনত সি এক অস্বাভাৱিক নিৰৱতা অনুভৱ কৰিলে । মনে মনে ভাবিলে “এতিয়াৰ চাৰিটা মানুহেনো কি হুলস্থুল কৰিব। তিনিজন খুড়াক আৰু আইতাক ঢুকোৱা কেইবাবছৰো হ’ল। ছোৱালীবোৰৰো বিয়া হৈ গ’ল। ল’ৰাবোৰৰ বাহিৰত চাকৰি। আগৰদৰে পৰিৱেশ ক’ত থকিব। সি তাৰ পুৰণা কোঠা, ককায়েক, বায়েক আৰু আইতাকৰ কোঠাত ভুমুকি এটা মাৰি আগবাঢ়িল। দস্যু ভাস্কৰ মানে আন এজন খুড়াকৰ কোঠাৰ খিৰিকীৰে জুমি কিতাপৰ আলমাৰিটো চালে। খুড়াক ঢুকোৱা বহু বছৰ হ’ল। সিয়েই ৰাজহতক দস্যু ভাস্কৰ, পা-ফু , পৱন , জেছন , টাৰ্জান আদিৰ লগত চিনাকি কৰি দিছিল। এতিয়াও চাগৈ আলমাৰিৰ ভিতৰত এই নায়ককেইজনে ইজনে সিজনৰ লগত আড্ডা মাৰি বহি আছে। পাকঘৰটো পাৰ হওঁতে তাৰ ঘণ্টাটো মনত পৰিল। নাই ঘণ্টাটো নাই এতিয়া। সৰুতে ঘৰত ভাত খোৱাৰ সময়ত ঘণ্টা বজাই সংকেত দিছিল। একালৰ সিহঁতৰ লৰালিৰ ৰাজ কাৰেঙটো এতিয়া সময়ৰ বৰফে নিৰৱ আৰু শীতল কৰি পেলাইছে। অদ্ভুত ঠাণ্ডা পৰিৱেশটো সি খৰখোজেৰে শেষ কৰিবলৈ বিচাৰিলে। এই ঘৰ আৰু সেই লৰালিৰ ঘৰ নহয়। ই যেন এক নি:শব্দ নিৰৱ ঘৰ। এটা বৰফৰ ঘৰ।”
**********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments