বৰবৰুৱাৰ মহাভাৰতৰ পাতনি (-লক্ষ্মীনাথ বেজবৰুৱা)

চন্দ্ৰ সূৰ্য্যই আজিকালি কলিযুগত পৃথিৱীত পোহৰ বিলায়; কিন্তু আগৰ সত্য ত্ৰেতা আৰু দ্বাপৰ যুগত তেওঁলোকৰ দুয়ো এই কামৰ উপৰিও পৃথিৱীত আৰু এটা কাম কৰিছিল, যাৰ নাম বংশবৃদ্ধি। দুটা ডাঙৰ ক্ষেত্ৰিয় বংশৰ গুৰি, চন্দ্ৰ আৰু সূৰ্য্য। দুখন ডাঙৰ পুৰাণৰ গুৰি তেওঁলোক দুইৰো পো-নাতিসকল।

যাৰ নাম লৈ ভাৰতবৰ্ষৰ নাম, যাৰ যহ লৈ ভাৰতবাসীৰ যহ, যাৰ ‘খোচনাম’ কৰিবৰ মনেৰে দক্ষিণৰ সাগৰখনে নিজকে ভাৰতৰ সাগৰ বুলিলে, যাৰ লোণ খাই গুণ গাবৰ মনেৰে উত্তৰৰ হিমালয় পৰ্ব্বতটো মূৰ দাঙি ওখ হ’ল, সেই ভৰত ৰজাৰ আদি পুৰুষজনৰ নাম যযাতি। যযাতিৰ পাঁচজন কোৱঁৰ আছিল; নাম যদু, তুৰ্ব্বসু, দ্ৰুহু্য, অনু, পুৰু। যযাতি শুক্ৰৰ শাপত পৰি, অৰ্থাৎ আচলতে নিৰ শৰীৰৰ ওপৰত নথৈ অত্যাচাৰ কৰি অকালত বুঢ়া হল। কিন্তু হলে কি হব, তেওঁৰ ডেকালি কাল ফুৰিবৰ হেপাহ নপলাল। সেইদেখি তেওঁ আপোনপেটীয়াভাবে তেওঁৰ জাৰৰ হলৌ-চোলাটো সোলোকাই পুতেকহঁতৰ গাত পিন্ধাই দি, পুতেকহঁতৰ ডেকা-মিৰ্জাইচোলাটো পিন্ধিবলৈ মন কৰি, প্ৰথমতে বৰ পুতেক যদুৰ আগত সেই প্ৰস্তাৱ কৰিলে। যদুৱে বুঢ়া বাপেকৰ অসঙ্গত কথাটো শুনি উৰাই দিলত বাপেকে যদুক শাও দি এৰি মাজুটোক, তাৰ পিছত বৰ মাজুটোক তাৰ পিছত সৰু মাজুটোক সেই প্ৰস্তাৱ কৰিলে। তেওঁলোক কেউজনে “বৰ ভাই যেনি যায়, সৰু ভাই তেনি গৈ” সেই অন্যায় কথাত অমান্তি হোৱাত, তেওঁলোকক বুঢ়াই শাওঁ দি এৰি পেট-মোছা পুৰুষৰ কাষ চাপিল। ভোদা পুৰুক তেওঁ মূৰে গালে হাত ফুৰাই ভুলাই তেওঁৰ প্ৰস্তাৱত মান্তি কৰালে। আজলা পুৰুৱে বুঢ়াৰ জৰাৰ জলমটোৰ সৈতে নিজৰ যৌৱন-বুকু-চোলাটো সলাই অকালত অকাৰণত নিজে লপা বুঢ়া হৈ বাপেকক কঁ:কঁহীয়া ডেকা পাতিলে। সেইদেখি বাপেকে পুৰুৰ ওপৰত “খুচী” হৈ পুৰুক তেওঁৰ পাছত ভাৰতবৰ্ষৰ ৰজা মনোনীত কৰি গ’ল।[i]

বৰপুতেক যদু বাপেকৰ কোপত আৰু শাপত পৰি ৰাজ্যচ্যুত আৰু ক্ষত্ৰিয়কুলচ্যুত হৈও যে বৰ চেপেটা লাগিল এনে নাভাবিবা। বৰং তেওঁ বিখ্যাত যদুবংশৰ সংস্থাপক হৈ ভোজ, বৃঞ্চি, অন্ধক প্ৰভৃতি বীৰসকলক সেই কুলত জনম লবলৈ সুচল কৰি দি, আৰু শেহত শ্ৰীকৃষ্ণক সেই বংশৰ কিৰিটি কৰি হোৰ তুলি দিলে।

পুৰুৰ বংশতেই ভৰত ৰজা হৈছিল। ভৰতেই ইণ্ডিয়াৰ নাম সলাই ভাৰতবৰষ দিলে। এই বংশতে কুৰু ৰজা হৈ নিজ বংশৰ নাম কৌৰৱ কৰিলে।

দ্বাপৰ যুগৰ শেহ ডোখৰত কুৰুবংশৰ এজন ৰজা হৈছিল, তেওঁৰ নাম শান্তনু। পুতেক শান্তনু ডেকা হ;ত বাপেক প্ৰতীপ ৰজা বুঢ়া হ’ল। প্ৰতীপে এদিন নিজৰ “চেহেৰাৰে” সৈতে পুতেকৰ “চেহেৰাটো” ভালকৈ ৰিজাই চাই বুজিলে যে তেওঁ পুতেকক “গদি” এৰি দি বনলৈ যাবৰ কাল পালেহি; নতুবা তেতিয়াও চিকৰাটোৰ দৰে ৰাজপাটখনত তেওঁ কামুৰি ধৰি থাকিলে, কেতিয়াবা চিকৰাটোৰ দৰে বা জপাটখনত তেওঁ কামুৰি থাকিলে, কেতিয়াবা অথন্তৰ মিলিবৰ সম্ভৱ। শান্তনুৱে ৰাজ্য শাসনতকৈ বাঘ ঘোং পহুক ভালকৈ শাসন কৰিব পাৰিছিল। পোনাই কলে তেওঁ ৰাজ্য শাসনৰ কাম মন্ত্ৰীৰ হাতত পেলাই থৈ, বনে জঙ্ঘলে ঘাইকৈ জন্তু আৰু চুৰ্চুৰীয়াকৈ মানুহ চিকাৰ কৰি ফুৰিছিল। এদিন তেওঁ মৃগয়া কৰি ফুৰোঁতে গঙ্গাৰ পাৰত এডোখৰ নিজান হাবিৰ কাষত এজনী ৰূপহী ডেকেৰী ছোৱালী দেখিবলৈ পালে। ছোৱালীজনী দেখিয়েই তেওঁ মোহ গ’ল, আৰু তেওঁৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে; হাত ভৰি থৰক-বৰক লাগিল। চুছৰি-বাগৰি শান্তনুৱে ছোৱালীজনীৰ কাষ চাপি আঠুকাঢ়ি পৰি তাইক ক’লে “মই তোমাক বিয়া কৰিম।” ছোৱালীজনীয়ে উত্তৰ দিলে, “মই নকৰোঁ।” কিন্তু চেলাপটি জোক লগাদি শান্তনু ছোৱালীজনীৰ গাত লাগিলত, অন্তত তাই কোনোমতে এৰাব নোৱাৰি সন্মত হল। তাই কিন্তু সন্মত হোৱাৰ আগেয়ে ৰজাক এইটো কথা সৈ কঢ়াই ললে যে ভালেই হওক বা বেয়াই হওক, তাই যেতিয়াই যি মন যায় তাকে কৰিব পাৰিব, তাত ৰজাই কেতিয়াও হকা-বধা কৰিব নোৱাৰিব। আৰু এই স্বৰ্ত্তৰ এখুদমানো লৰ-চৰ হলেই সেই মুহুৰ্ত্ততে তাই ৰজাক এৰি গুচি যাব।

ৰজাৰ প্ৰেম জ্বৰৰ “টেম্পৰেচাৰ” অৰ্থাৎ তাপ তেতিয়া ১০৬ ডিগ্ৰি; গতিকে, “ডিলিৰিয়ম” অৰ্থাৎ বিকাৰ অৱস্থা। সেই অৱস্থাত এইটোহে নালাগে যদি ছোৱালীয়ে তেওঁক ঘোৰা নাইবা ভুচুং-পহু হবলৈ কৈ নিজে তেওঁৰ পিঠিত আৰোহণ কৰিবলৈ প্ৰস্তাৱ কৰিলেহেঁতেন তেন্তে তাতো ৰজা মান্তি নহৈ নাথাকিলহেঁতেন। বনৰীয়া চৰাইৰ জন্ম গছৰ গুটি খাই বনে বনে ফুৰিবলৈ, ৰজাৰ কাৰেঙত থাকি সোণৰ সজাৰ ভিতৰত গাখীৰ ভাত খাবলৈ নহয়। সেইদেখি ছোৱালীজনীয়ে এই “একতৰফা” বন্দৱস্ত কৰি ললে।

কিছুমান দিনৰ মূৰত এই ৰাণীৰ গৰ্ভত ৰজাৰ এটি লৰা উপজিল। লৰাটি ওপজা মাত্ৰকতে বনৰীয়া ৰাণীয়ে তাক লৈ গৈ গঙ্গাত পেলাই দিলে। আৰু ৰজা “ভেবা গঙ্গাৰাম” হৈ অবাক হৈ চাই ৰল। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা; তেওঁ কৰে কি? গতিকে তেওঁ মুখ ফুটাই একো নামাতি ৰাণীয়ে নুশুনাকৈ মনে মনে কিজানি এই শ্লোক মাতিলে, “Marry in haste repent at Leisure।” এইদৰে এটাৰ পিছত এটাকৈ সাতোটা লৰা ৰাণীয়ে গঙ্গাৰ বুকুত দিলে, আৰু সাতবাৰ শান্তনুৱে ভয়ত “ভেবা গঙ্গাৰামৰ” ভাও দিলে। ৰাণীৰ অষ্টমটো লৰা গৰ্ভত। ৰজাই ভাবিলে, সাতবাৰে নিবাৰ, ই কথাই কথা নহয়, এইবাৰ মই মুখ বজাম, তাইক আৰু মোৰ লৰা মাৰিবলৈ নিদিওঁ, তেহেলৈ যি থাকে কপালত, তাই যাওকেই বা থাককেই। এইদৰে ৰজাই দহমাহ মনতে গুণি-গাঁঠি সাহ গোটাই আছিল। লৰা উপজিলত ৰাণীয়ে তাক গঙ্গাত পেলাবলৈ যাবলৈ উদ্যোগ কৰা ৰজাই দেখি; তেওঁৰ ইমান দিনৰ পৰা সাঁচি থোৱা সাহৰ ভাপবোৰ চোঁ-চোঁ কৰে মনৰ পৰা উৰি পলাই গুচি গল। সি যি হওন, ৰজাই কিন্ৰু এইবাৰ ডাঙৰ কাম এটা কৰিলে; যথা, তেওঁ ৰাণীৰ পাছ নেৰিলে। সেই বাবে এইটো লাভ হল যে, তেওঁ বাটত যাওঁতে যাওঁতে তেওঁৰ মৰা সাহটোৰ হাড়ত বতাহ লাগি সি জী উঠিল; আৰু ৰাণীয়ে লৰাটো পানীত পেলাব খোজোতেই, “হে হে কি কৰা” বুলি তেওঁ ৰাণীৰ হাতত ধৰিলে। ৰাণীয়ে বিফল মনোৰথ হৈ ৰজাক আগৰ প্ৰতিজ্ঞা সোঁৱৰাই কলে যে “মই আৰু তোমাৰ লগত নাথাকো; এইটো লৰা তুমি পাবা, কিন্তু মোক আৰু নোপোৱা। লৰাটো এতিয়া তোমাক নিদিও, ডাঙৰ-দীঘল কৰিহে দিম।” এই বুলি বনৰীয়া ছোৱালী পট-কৰে কেনিবা বনৰ ভিতৰৰ শিয়ালৰ গাতত সোমাই নাইকিয়া হল, ৰজাই ভেলেঙা লাগি চাই থাকোঁতেই গল। যাবৰ সময়ত ৰাণীয়ে নিজৰ চিনাকী দি গল, যে তেওঁ হেনো জুহ্নু মুনিৰ জীয়েক আৰু তেওঁৰ গৰ্ভত ওপজা লৰা কেইটা বশিষ্ঠ-ঋষিৰ শাপত পৰা অষ্টবসু। বসু মহাশয়সকলে তেওঁক তেওঁলোকৰ মাক হৈ সোনকালে তেওঁলোককে উদ্ধাৰ কৰিবলৈ খাটিছিল দেখি, তেওঁলোকক তেওঁ সেইদৰে মাৰি লৰালৰিকৈ শাপৰপৰা মুক্ত কৰিছিল। এতিয়া যিটি লৰা নমৰাকৈ ৰল, তেওঁ সেই বসু মহাশয়হঁতৰ ভিতৰৰে এজন।

কিছুমান বছৰৰ মূৰত জাহ্নৱীয়ে লৰাটো ডাঙৰ দীঘল কৰি শান্তনুক সোধাই দি নি লেঠা হল। সেই লৰাটোৰে নাম দেৱব্ৰত, যাক পিছত ভীষ্ম বোলা হৈছিল।

শান্তনু কিন্তু কাঠীয়ক লোক। তেওঁ বহি থাকিব নোৱাৰিছিল। ‘চিকাৰ, চিকাৰ’ তেওঁ খালি চিকাৰ। তলৌ-তলৌকৈ ফুৰি থকাটোৱেই তেওঁৰ ৰাজকাৰ্য্য। তেওঁ এইদৰে ফুৰি থাকোঁতে আকৌ এদিন মানুহ চিকাৰ কৰিলে। যমুনা নৈৰ ঘাটত নদীয়ালৰ ছোৱালী এজনীয়ে নাৱেৰে মানুহ পাৰ কৰিছিল। ছোৱালীজনী হৃষ্ট-পুষ্ট ডেকেৰী; আৰু তাৰ ওপৰত দেখিবলৈ ভাল। আৰু কি লাগিছে? লোভত শান্তনুৰ মুখত পানী ওলাল, আৰু পূৰ্ব্বাপৰ তেওঁৰ প্ৰচলিত প্ৰথা অনুযায়ী গাত জ্বৰ উঠিল। তেওঁ ছোৱালীজনীৰ কাষ চাপি আবল-তাবল বলকিবলৈ ধৰিলে। তাই ঘাটৈৰ জীয়ৰী বুলি শুনিয়েই তেওঁ ঘাটৈৰ ওচৰ পালেগৈ। ঘটীয়া শিঙৰা ঘাটৈয়ে ৰজাৰ চকুলৈ চায়েই বুজিব পাৰিলে যে চিটিকাত কুকুহা চৰাই লাগিছে। ঘাটৈয়ে মনৰ অসীম আনন্দ মনতে লুকাই থৈ এঙাই ৰজাক কলে, “মোৰ জীক ৰাণী হবলৈ দিব পাৰো, কিন্তু মহাৰাজে আগেয়ে সৈ কাঢ়িব লাগিব যে মোৰ জীৰ লৰা হলে সেই লৰাক মহাৰাজে মহাৰাজৰ অবৰ্ত্তমানে ৰজা হবলৈ দিব লাগিব।” খলুৱা ঘাটৈৰ কথা শুনি শান্তনু সোত-মোত খাই পৰিল; কাৰণ দেৱব্ৰতক তেওঁ কৰে কি? মুচৰি আমাৰ কোনোটো খালৈত সুমায়? বুঢ়া ঘাটৈ সাত বিহুৰ সৈয়া কণি, তাৰ মূৰত কেইখুন্দা মন যায় মাৰা, কিন্তু তোমাৰ হাঁহ-কণিৰ মূৰটোহে ভাগিব, তাৰ নাভাগে। ৰজাই একো উপায় নাপাই ঘৰলৈ উভতি আহি মুখখন ওলোমাই আমনজিমনকৈ ৰল। তেওঁৰ মুখত ভাত নুৰুচে, পানী নুৰুচে, মাত নোলায়, হাঁহি নোলায়; অথচ কি হৈছে শুধিলেও তেওঁ একো নকয়। দেৱব্ৰতে বাপেকৰ নৰীয়াটো ধৰি পেলাবলৈ সৰহ পলম নালাগিল। তেওঁ পুং বিআৰি বিচাৰি ঘাটৈৰ কাষ পাই সকলো কথাৰ আতি-গুৰি লৈ তেতিয়াই ঘাটৈক কলে যে “বিষয়া কাই! তুমি বোপাইলৈ ছোৱালীজনী বিয়া দিয়া। মই শপত খাই কৈছোঁ যে মই কেতিয়াও ৰজা নহও, আৰু বিয়াও নকৰাও, যাতে মোৰ লৰাই আগলৈ তোমাৰ নাতিয়াৰ সৈতে দন্দ কৰি তোমাৰ নাতিয়াক ৰজা হবলৈ দিয়া কাৰ্য্যত প্ৰতিবন্ধকতা কৰিব নোৱাৰে।” দেৱব্ৰতৰ প্ৰতিজ্ঞা কি বস্তু ঘাটৈয়ে জানে, গতিকে সত্যৱতীক দেৱব্ৰতৰ লগত ৰজালৈ পঠিয়াই দিলে। ৰজাই নদীয়াল নন্দিনী শুৱনী সত্যৱতীক পাই পুলকতি হৈ পুতেক দেৱব্ৰতক মন মুকলি কৰি এই বৰ দিলে, যে দেৱব্ৰতৰ ইচ্ছামৃত্যু হব। অৰ্থাৎ দেৱব্ৰত যেতিয়াই মন যায় তেতিয়াই মৰিব পাৰিব, কাৰণ দেৱব্ৰতে যেতিয়া ৰাজপাটৰ “দাবি” এৰিলে, আৰু বিয়া নকৰাই ভৱিষ্যতে পুতেকৰ দাবিৰো বাট মাৰি দিলে, তেতিয়া দেৱব্ৰত জীয়াই থাককেই বা মৰক তাত তেওঁৰ আৰু তেওঁৰ পিছত নদীয়াল নন্দিনী ৰাণীৰ লৰাৰ ভয়ৰ কোনো কাৰণ নাই।

সত্যৱতীৰ গৰ্ভত শান্তনুৰ দুজন লৰা হৈছিল, এজনৰ নাম চিত্ৰাঙ্গদ, আন জনৰ নাম বিচিত্ৰবীৰ্য্য। ঘাটৈ বিষয়াই নাতিয়েকহঁতক চাবলৈ আহিছিল নে নাই, আৰু আহোঁতে নাতিয়েকহঁতে “সাৰেলেই” ৰৌ মাছ আনিছিল নে নাই, সেই কথা মহাভাৰতত লেখা নাই; সেইদেখি বৰবৰুৱাই সেই বিষয়ে একো কব নোৱাৰিলে।

এইখন লীলাখেলা কৰি থাকোঁতেই এদিন যম ৰজাই টেকেলা পঠিয়াই দি শান্তনুক ধৰাই নিয়ালে; আৰু বিচাৰত তেওঁৰ প্ৰাণদণ্ড হল। ভীষ্মই চিত্ৰাঙ্গদক ৰজা পাতি বাপেকৰ সিংহাসনত বহুৱালে। কিন্তু বাঘ-তেল খোৱা চিত্ৰাঙ্গদে এদিন গন্ধৰ্ব্ব্ এজনৰ সৈতে যুঁজিবলৈ গৈ, ঘাটৈ ককাকৰ মূৰত এক প্ৰকাৰে টাঙোন মাৰি মৰি থাকিল। চিত্ৰাঙ্গদ মৰিলত ভীষ্মই ভায়েক বিচিত্ৰবীৰ্য্যক ৰজা পাতিলে। ৰাণীৰ খচখচনিত থাকিব নোৱাৰি ভীষ্মই গজীয়া ডেকা বিচিত্ৰবীৰ্য্যক অলপ বয়সতে বিয়া কৰাই দিলে,—দুজনী! দুয়োজনী কাশীৰ ৰজাৰ জীয়েক, নাম অম্বিকা আৰু অম্বালিকা। লাভত ভিতৰত আগ পাছ যি হয় সেয়ে হ’ল—বিচিত্ৰবীৰ্য্য “কন্‌জম্‌চনত” অৰ্থাৎ যক্ষ্মা ৰোগত মৰিল। এইবাৰ ঘাটৈৰ জীয়ৰী বান্ধৈ সত্যৱতী ঠেকত পৰিল। লৰা অপুত্ৰক হৈ মৰিল, ৰাজবংশ ৰক্ষাৰ ভিকাচনেই ভাগিল। সত্যৱতীয়ে অনেক ভাবি চিন্তি লাজকাজ কাটিকৈ থৈ ভীষ্মক মাতি আনি, তেওঁৰ আগৰ ডোখৰ কালৰ জীৱন-চৰিত্ৰৰ পাত এটা মেলি দেখুৱাই দিলে। মাহীয়েকে ভীষ্মক কলে—”বোপা, তোমাৰ বাপেৰাৰ সৈতে মোৰ বিয়া হোৱাৰ আগেয়ে অৰ্থাৎ মই যমুনাৰ ঘাটত মানুহ পাৰ কৰি থকা মোৰ অবিয়ৈ কালতে এদিন বুঢ়া বাপু এজনক নাৱেৰে নৈ পাৰ কৰিছিলো। তেওঁৰ নাম মহাঋষি পৰাশৰ! তেওঁ মোৰ প্ৰতি প্ৰসন্ন হৈ, যমুনা নৈৰ মাজৰ অকলশৰীয়া মাজুলি এটাত মোৰ সৈতে গৃহবাস কৰি মোক এটি সন্তান দান কৰিলে। আমি মাছৰ ব্যৱসায় কৰা মানুহ, চিনে ৰাতিয়ে মাছ কাটি থকা বাবে মোৰ গাত মাছৰ কেচেমাকেচেম গোন্ধ আছিল দেখি, ঋষিয়ে মোৰ গাটো ভালকৈ ধুৱাই-পখলাই তাত পদুমফুলৰ “এচেন্‌স” ঘঁহি দি তাৰ গোন্ধেৰে মাছৰ গোন্ধৰ মাৰি লৈছিল, আৰু মোৰ মৎস্যগন্ধা গেন্ধেলী নামটৌ সলাই সত্যৱতী নাম দিলে। মোৰ লৰাটোৰ নাম দ্বৈপায়ন। তাৰ বৰণ কলা দেখি তাক কৃষ্ণদ্বৈপায়নও বোলে। সি স্বভাৱতে বৰ চোকা বুদ্ধিৰ গুণে বাপেকৰ শিকনিত পঢ়ি শুনি বৰ পণ্ডিত হৈ উঠিল। সি এতিয়া চাৰিখন বেদৰ বিভাগ কৰি বেদব্যাস নাম পাইছে। মোক যেতিয়া তোমাৰ দেউতাৰাই বিয়া কৰাই আনিলে, দ্বৈপায়নে মোক মনে মনে কৈছিল ‘আই, কেতিয়াবা তুমি দুখত পৰিলে, মোক মাতিবা।’ এতিয়া মই তাক মাতি বুদ্ধি সোধো বুলিছো, তুমি কি বোলা? ইমান দিনে এই লাজ লগা কথা মই কাকো কোৱা নাছিলো, আজি তোমাক কলো।”

ভীষ্মই মাহীমাকৰ গুপ্ত কথা শুনি একো আচৰিত নামানিলে; কাৰণ তেওঁক যি শ্ৰেণীৰ পৰা অনা হৈছিল তাত তেনে ঘটনাৰ আটক নথকাটো তেওঁৰ জনা আছিল। তেওঁ ৰাণীক উত্তৰ দিলে, “মাহী, ব্যাসক মতাটো বেয়া নহয়, মাতা।” ভীষ্মৰ কথাত সাহ পাই, তেওঁ পুতেক ব্যাসক মতাই আনি আলচ কৰি বুদ্ধি উলিয়ালে যে ভাই-বোৱাৰী অম্বিকা আৰু অম্বালিকাক ব্যাসে পুত্ৰ দান কৰিব। বাপৰ বেটা ব্যাসেও বাপেক পৰাশৰৰ দৰে দাতা। এই বন্দবস্ত থিৰ হলত, প্ৰথমতে শাহুৱেক সত্যৱতীয়ে অম্বিকাক বুজাই বঢ়াই ব্যাসৰ ওচৰলৈ পঠিয়াই দিলে। ব্যাসৰ “চেহেৰা”টো অতি মনোৰম আছিল নহয়, গতিকে অম্বিকাই জটীয়া গুফীয়া দঢ়ীয়া আৰু কেতোৰ কলা “একটিং” দৰাক দেখিয়েই ভয়ত চকু মুদিলে; সেই বাবে লৰা হল কণা আৰু তাৰ নাম হল ধৃতৰাষ্ট্ৰ। এই অনা ডেলে দেখি সত্যৱতীয়ে আকৌ একনা খোলাত দিলে। এইবাৰ অম্বিকাক এৰি, নানা বুজনি-বাজনি দি অম্বালিকাক ব্যাসৰ ওচৰলৈ পঠিয়াই দিলে। অম্বালিকাই টাপি-টুপি কোনোমতে মনটো ডাঠ কৰি লৈ যদিও ব্যাসৰ কাষ চাপিছিল, কিন্তু ভয়ত শেঁতা পৰি বৰণ নসলাই নেথাকিলে। ফলত, তেজ-কুৰ নথকা শেঁতা লৰা হল পাণ্ডু। এই অনাও ডেলে দেখি সত্যৱতী বিমোৰ হল। তিনিবাৰে নিবাৰ ভাবি আকৌ তেওঁ বৰবোৱাৰীয়েক অম্বিকাক নকৈ বুজনি দি আকৌ এবাৰ ব্যাসৰ ওচৰলৈ যাবলৈ কেৰ্‌ জেৰ্‌কৈ ধৰিলে। কিন্তু তেওঁ এইবাৰ টেঙৰালি কৰি বুদ্ধি সাজি নিজৰ বান্দী এজনীক নিজৰ ৰিহা মেখেলা কেৰুমণি পিন্ধাই সজাই-পৰাই ব্যাসৰ চকুত ধূলি মাৰিবৰ মনেৰে পঠিয়াই দিলে। অম্বাই কৰা সেই “জাল” ব্যাসে যে বুজিব নোৱাৰিছিল এনে নহয়, কাৰণ তেওঁ অম্বাক আগেয়ে এবাৰ দেখিছিল বাবে চিনে। তথাপি “গাখীৰৰ নামে পানীকে খাবা, দোলাৰ নামে শিকিয়াতে যাবা” ভাবি তেওঁ আপত্তি নকৰিলে। এইবাৰৰ ফল বিদুৰ। বান্দীক নিজৰ ব্যৱসায় সেৱা শুশ্ৰুষাত কোনে পেলায়? গতিকে তাই ঋষিক নথৈ সেৱা কৰিলে। সেইদেখি বিদুৰৰ স্বভাৱ “ঠাণ্ডা” আৰু নম্ৰ হল। কিন্তু অম্বাৰ এই জুৱাচুৰি ধৰা পৰিলত সত্যৱতীৰ উদ্দেশ্য মাটি হল; কাৰণ বান্দীৰ লৰা ৰজা হব নোৱাৰে।

—-x——


[i] বৰবৰুৱাই অনুমান কৰে, দ্ৰুহু্য ভাৰতৰপৰা ওলাই গৈ (অথবা পাৰস্যদেশো ভাৰতৰ সীমাৰ ভিতৰতে তেতিয়া পৰিছিল) পাৰস্য দেশৰ ৰজা হৈ মহাপ্ৰতাপেৰে সেই ৰাজ্য শাসন কৰিছিল। গ্ৰীক আৰু পাৰস্যীয় মানুহৰ মুখত পৰি দ্ৰুহু্য ডেৰায়চ হৈছিল। পিছত গ্ৰীচৰ ৰজা আলেকজেণ্ডাৰৰ হাতত তেওঁ হাৰি মৃত্যুৰ মুখত পৰিল, আৰু পাৰস্য আলেকজেণ্ডাৰৰ মুঠিলৈ আহিল। আলেকজেণ্ডাৰে ডেৰায়চক হৰুৱাই পাৰস্য জয় কৰি তাৰ পিছত ভাৰতবৰ্ষলৈ আহি পুৰুকো (Porus) ৰণত হৰুৱালে। কিন্তু আলেকজেণ্ডাৰে পৰম উদাৰতা দেখুৱাই, তেওঁৰ আগলৈ বন্দী কৰা অনা পুৰুক মুকলি কৰি দি আকৌ পুৰুক আগৰ দৰে ৰাজ্য শাসন কৰিবলৈ দিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments